Assam History
, ,

অসমৰ ইতিহাস (Assam History) – টেট আৰু তৃতীয় বৰ্গৰ পৰীক্ষাৰ বাবে দৰকাৰী প্ৰশ্নোত্তৰ

অসমৰ ইতিহাস (Assam History) – টেট আৰু তৃতীয় বৰ্গৰ পৰীক্ষাৰ বাবে দৰকাৰী প্ৰশ্নোত্তৰ।

বি. দ্ৰ.: অসমৰ ইতিহাসৰ বিভিন্ন দৰকাৰী প্ৰশ্নোত্তৰসমূহ ইয়াত যুগুত কৰা হৈছে। কিবা ভুল ভ্ৰান্তি দৃষ্টিগোচৰ হলে ইতিহাসৰ মূল সুঁতিৰ কিতাপৰ লগত মিলাই শুদ্ধটো অধ্যয়ন কৰিব। ইয়াৰ বাবে ৱেবচাইট কৰ্তৃপক্ষ দায়ী নহয়। অজানিতে হোৱা ভুলৰ বাবে ক্ষমাপ্ৰাৰ্থী।

অসমৰ ইতিহাস –

Assam History

1. আহোমৰ প্ৰথম ৰজা জন কোন আছিল?

উত্তৰ: চুকাফা।

2. ধোদৰ আলি কোন ৰজাই সজাইছিল?

উত্তৰ: গদাধৰ সিংহ।

3. ভগনীয়া ৰজা বুলিলে কোন জন ৰজাক বুজায়?

উত্তৰ: জয়ধ্বজ সিংহ।

4. আজান পীৰৰ দৰগাহ ক’ত অৱস্থিত?

উত্তৰ: শৰাগুৰি চাপৰিত।

5. আলাবৈৰ ৰণ কাৰ ৰাজত্ব কালত হৈছিল?

উত্তৰ: চক্ৰধ্বজ সিংহ।

6. কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰা ৰজা জন কোন?

উত্তৰ: কোচ ৰজা মহাৰাজ নৰনাৰায়ণ।

7. বৰ্মন বংশৰ প্ৰথম ৰজা জন কোন আছিল?

উত্তৰ: পুষ্য বৰ্মন।

8. কাৰ ৰাজত্ব কালত হিউ ৱেন চাং অসমলৈ আহিছিল?

উত্তৰ: ভাস্কৰ বৰ্মণৰ ৰাজত্ব কালত।

9. কোন জন আহোম ৰজাই প্ৰথমে শিঙৰী ঘৰত উঠা নিয়ম প্ৰচলন কৰিছিল?

উত্তৰ: চুদাংফা।

10. আহোম আৰু মোগলৰ লগত হোৱা শেষ যুদ্ধ কি?

উত্তৰ: ইটাখুলি ৰণ।

11. আহোম আৰু মোগলৰ লগত হোৱা শেষ যুদ্ধৰ সময়ত আহোম ৰজা কোন আছিল?

উত্তৰ: গদাধৰ সিংহ।

12. শঙ্কৰদেৱৰ দ্বিতীয় পত্নী কোন আছিল?

উত্তৰ: কালিন্দী আই।

13. সুকুমাৰ বৰকাইথে লিখা পুথি খনৰ নাম কি?

উত্তৰ: হস্থীবিদ্যাৰ্ণৱ।

14. শঙ্কৰদেৱৰ জন্ম কেতিয়া হৈছিল?

উত্তৰ: 1449 চনত।

15. ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰ হৈছিল?

উত্তৰ: 1826 চনত।

16: জয়সাগৰ পুখুৰী কোনে সজাইছিল?

উত্তৰ: ৰুদ্ৰ সিংহ।

17. দন্দুৱা দ্ৰোহৰ গুৰি ধৰোতা কোন আছিল?

উত্তৰ: হৰদত্ত আৰু বীৰদত্ত।

18. আজান ফকীৰৰ আন এটা নাম কি আছিল?

উত্তৰ: চৈয়দ চাহ মিলন।

19. নামদাঙৰ শিলৰ সাঁকো কোনে সজাইছিল?

উত্তৰ: ৰুদ্ৰ সিংহ।

 

More Questions: https://thestudytimes.com/mcqs-indian-economy/

 

20. নৱগ্ৰহ মন্দিৰ কাৰ ৰাজত্ব কালত নিৰ্মাণ কৰা হৈছিল?

উত্তৰ: ৰাজেশ্বৰ সিংহৰ দিনত।

21. অসমত নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক কোন আছিল?

উত্তৰ: মহাপুৰুষ শঙ্কৰদেৱ।

22. বীৰ চিলাৰায়ৰ আন এটা নাম কি?

উত্তৰ: শুক্লধ্বজ্ ।

23. গীয়াচুদ্দিন আউলিয়াৰ দৰগাহ কত আছে?

উত্তৰ: হাজোৰ  পোৱামক্কাত।

24. ডিমাপুৰ কোন জন ৰজাৰ ৰাজধানী আছিল?

উত্তৰ কছাৰী ৰজাৰ।

25. বৰপাত্ৰ গোঁহাই পদবী কোন আহোম ৰজাই সৃষ্টি কৰিছিল?

উত্তৰ: চুহুংমুং।

26. কুঞ্জন আহোম ৰজাক খোৰা ৰজা বোলে?

উত্তৰ: চুখ্ৰাংমফা।

27. মূলাগাভৰুৰ স্বামীৰ নাম কি?

উত্তৰ: ফ্ৰাচেনমুং।

28. কীৰ্তনঘোষা কোনে ৰচনা কৰিছিল?

উত্তৰ: শঙ্কৰদেৱ।

29. নামঘোষা কোনে ৰচনা কৰিছিল?

উত্তৰ: মাধৱদেৱ।

30. শঙ্কৰদেৱৰ প্ৰিয় শিষ্যৰ নাম কি আছিল?

উত্তৰ: মাধৱদেৱ।

31. ফাতিয়া ই ইব্ৰিয়া গ্ৰন্থৰ লেখক কোন?

উত্তৰ: চিহাবুদ্দিন তালিছ।

32. মোৱামৰীয়া বিদ্ৰোহ প্ৰথমে কাৰ ৰাজত্ব কালত আৰম্ভ হৈছিল?

উত্তৰ: লক্ষ্মী সিংহ।

33. চিলাৰায় ৰ পুতেকৰ নাম কি?

উত্তৰ: ৰঘুদেৱ।

34. কোচ ৰজাৰ মূদ্ৰাক কি নামেৰে জনা যায়?

উত্তৰ: নাৰায়ণী টকা।

35. হৰ্ষচৰিত কাৰ ৰচনা?

উত্তৰ: বাণভট্টৰ।

36. হিও ৱেন্ চাঙে অসমৰ বিষয়ে লিখা টোকাৰ নাম কি?

উত্তৰ: চি- ইউ- কি।

37. হিও ৱেন্ চাঙে ভাস্কৰ বৰ্মণক দিয়া উপাধি কি আছিল?

উত্তৰ: কুমাৰ ৰজা।

38. “জয়দ্ৰথ বধ” নামৰ কাব্যৰ ৰচক কোন আছিল?

উত্তৰ: কবিৰত্ন সৰস্বতী।

39. কুৰুক্ষেত্ৰ যুদ্ধত অংশ গ্ৰহণ কৰা নৰকাসুৰ পুত্ৰৰ নাম কি?

উত্তৰ: ভগদত্ত।

40. বৰ্মন বংশৰ শেষ ৰজা কোন আছিল?

উত্তৰ: পুষ্য বৰ্মন।

41. অসমৰ প্ৰথমখন সত্ৰ কোনে ক’ত প্ৰতিষ্ঠা কৰিছিল?

উত্তৰ: শঙ্কৰদেৱে 1849 বৰদোৱাত।

42. আহোম যুগৰ ৰংঘৰ কোন জন ৰজাই দুমহলীয়াকৈ সজাইছিল?

উত্তৰ: প্ৰমত্ত সিংহ।

43. ৰংপুৰৰ তলাতল ঘৰ কোনে সজাইছিল?

উত্তৰ: ৰাজেশ্বৰ সিংহ।

44. গড়গাঁৱৰ কাৰেংঘৰ কোনে সজাইছিল?

উত্তৰ: প্ৰমত্ত সিংহ।

45. চুকাফাই পাটকাই পৰ্বত অতিক্ৰম কৰি অসমলৈ অহা কথা কোন খন বুৰঞ্জীত উল্লেখ আছে?

উত্তৰ: দেওধাই অসম বুৰঞ্জীত।

46. পথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিল?

উত্তৰ: 1894 চনৰ 28 জানুৱাৰীত।

47. জোনাকী আলোচনী কেতিয়া প্ৰকাশ পায়?

উত্তৰ: 1889 চনত।

48. জোনাকী আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল?

উত্তৰ: চন্দ্ৰকুমাৰ আগৰৱালা।

49. বৃটিছৰ বিৰুদ্ধে যুদ্ধ কৰি গ্ৰেপ্তাৰ হোৱা প্ৰথমজন অসমীয়া কোন আছিল?

উত্তৰ: গোমধৰ কোঁৱৰ।

50. প্ৰহ্লাদ চৰিত কোনে ৰচনা কৰিছিল?

উত্তৰ: হেম সৰস্বতী।

51. কোন আহোম ৰজাই প্ৰথম জনসংখ্যা পিয়ল (Population Census) পদ্ধতি আৰম্ভ কৰিছিল?

উত্তৰ: চুহুংমুং।

52. অসমত আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন?

উত্তৰ: চুকাফা।

53. বীৰ চিলাৰায়ক বন্দী কৰা গৌড় ৰজা জন কোন?

উত্তৰ: চুলেইমান কৰ্ণানি।

54. মহাৰাজ নৰনাৰায়ণৰ প্ৰধান সেনাপতি কোন আছিল?

উত্তৰ: চিলাৰায়।

55. কোচ ৰাজবংশৰ প্ৰতিষ্ঠাতা কোন আছিল?

উত্তৰ: বিশ্বসিংহ।

56. আহোমসকলৰ শেষ ৰজাজন কোন আছিল?

উত্তৰ: যোগেশ্বৰ সিংহ।

57. বৰপাত্ৰ গোঁহাই পদ কোন ৰজাই সৃষ্টি কৰিছিল?

উত্তৰ: চুহুংমুং।

58. প্ৰথমজন বৰবৰুৱা কোন আছিল?

উত্তৰ: মোমাই তামুলী।

59. অসমৰ বিক্ৰমাদিত্যৰ কাক আখ্যা দিয়া হয়?

উত্তৰ: নৰনাৰায়ণক।

60. কোন আহোম ৰজাৰ দিনৰ পৰা আহোম ৰজাসকলৰ স্বৰ্গদেউ নামেৰে পৰিচিত হয়?

উত্তৰ:চুহুংমুং।

 

Get HS and HSLC final year question paper in pdf.

X