Assam TET (Teacher Eligibility Test) for LP, UP and Secondary TET – অসমীয়া সাহিত্য

Assam TET (Teacher Eligibility Test) for LP, UP and Secondary TET – অসমীয়া সাহিত্য

 

(অসমীয়া সাহিত্যৰ ভঁৰাল টনকিয়াল কৰিবলৈ প্ৰাচীন কালৰে পৰাই গুণী জ্ঞানী ব্যক্তি সকলে সাহিত্য চৰ্চা কৰি আহিছে। যাৰ ফলস্বৰুপে আজি অসমীয়া সাহিত্যই আজিৰ ৰূপ পাইছে। বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত ইয়াৰ ওপৰত বহুতো প্ৰশ্ন অহা দেখা যায়। ইয়াৰে প্ৰতি লক্ষ্য ৰাখি তলত কিছুমান অতি গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰৰ লগতে সাহিত্য বিষয়ক দৰকাৰী তথ্য লিপিৱদ্ধ কৰা হৈছে। ইয়াৰ দ্বাৰা প্ৰতিযোগিতামূলক পৰীক্ষাত বহিব বিচৰা  (Assam TET, LP and UP TET, Secondary TET, BTC TET, APSC) ছাত্ৰ ছাত্ৰীৰ উপকাৰ হব বুলি আশা কৰা হৈছে। ভুল ভ্ৰান্তি দৃষ্টিগোচৰ হলে আঙুলিয়াই দিলে পৰৱৰ্তী সময়ত শুধৰোৱাৰ ব্যৱস্থা কৰা হব। তদুপৰি ছাত্ৰ ছাত্ৰী সকলে কোনো অমিল দেখা পালে সদায় সংশ্লিষ্ট বিষয়ৰ মূল ধাৰাৰ পাঠ্যপুথি অধ্যয়ন কৰিলে বেছি উপকৃত হব।)

 

1। শঙ্কৰদেৱৰ জন্ম কেতিয়া হৈছিল?

উত্তৰ। 1449 চনত।

 

2। প্ৰথম অসমীয়া ছপা পুথি কি?

উত্তৰ। ধৰ্ম পুস্তক।

 

3। প্ৰথম অসমীয়া ইংৰাজী কাকত কি?

উত্তৰ। টাইমছ অফ আছাম।

 

4। ঔপন্যাসিক সম্ৰাট বুলিলে কোন জন সাহিত্যিকক বুজাই?

উত্তৰ। ৰজনীকান্ত বৰদলৈ।

 

5। অগ্নিকবি বুলিলে কাক বুজায়?

উত্তৰ। কমলাকান্ত ভট্টাচাৰ্য্য।

 

6। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় কত অৱস্থিত?

উত্তৰ। যোৰহাট।

 

7। অসম সাহিত্য সভাৰ প্ৰথম অধিবেশন কত অনুষ্ঠিত হৈছিল?

উত্তৰ। শিৱসাগৰত।

 

8। শঙ্কৰদেৱৰ দ্বাৰা ৰচিত আটাইতকৈ সৰু গ্ৰন্থ কি?

উত্তৰ। গুণমালা।

 

9। অসমৰ প্ৰথম গৰাকী চৰকাৰী চাকৰি কোন আছিল?

উত্তৰ। আনন্দৰাম বৰুৱা।

 

10। কি ভাষাত প্ৰথম অসম বুৰঞ্জী সংকলন হৈছিল?

উত্তৰ। টাই ভাষাত।

 

11। ভট্টদেৱৰ আন এটা নাম কি?

উত্তৰ। বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য্য।

 

12। মাধৱদেৱে কিমানটা গীত ৰচনা কৰিছিল?

উত্তৰ। 157 টা।

 

 

সাহিত্যিক

ছদ্মনাম

অগ্নিকবিকমলাকান্ত ভট্টাচাৰ্য্য
অসম কেশৰীঅম্বিকাগিৰী ৰায়চৌধুৰী
অতিন্দ্ৰীয়বাদী কবিনলিনীবালা দেৱী
উপন্যাস সম্ৰাটৰজনীকান্ত বৰদলৈ
কৰ্মবীৰনবীন চন্দ্ৰ বৰদলৈ
কলাগুৰুবিষ্ণুপ্ৰসাদ ৰাভা
গীতিকবিপাৰ্বতীপ্ৰসাদ বৰুৱা
জ্ঞানমালিনী কবি মফিজুদ্দিন আহমদ হাজৰিকা
ত্যাগবীৰহেমচন্দ্ৰ বৰুৱা
দেশভক্ততৰুণৰাম ফুকন
দেশপ্ৰাণলক্ষীধৰ শৰ্মা
নটসূৰ্যফণী শৰ্মা
ধ্বনি কবিবিনন্দ চন্দ্ৰ বৰুৱা
নিজৰাৰ কবিশৈলধৰ ৰাজখোৱা
পাপৰিৰ কবিগণেশ চন্দ্ৰ গগৈ
প্ৰতিমাৰ খনিকৰচন্দ্ৰ কুমাৰ আগৰৱালা
কথাশিল্পীআব্দুল মালিক
মৰমী কবিদুৰ্গেশ্বৰ বৰুৱা
গণশিল্পীউপেন কাকতি
সেউজ কোঁৱৰপৰাগধৰ চলিহা
 ফুলনিৰ কবিপদ্মধৰ চলিহা
সুগন্ধি পখিলাৰ কবিহীৰেন ভট্টাচাৰ্য
বুৰঞ্জীবিধবেণুধৰ শৰ্মা
ভাষাতত্ত্ববিধবাণীকান্ত কাকতি
সঙ্গীত সম্ৰাট বা সুধাকণ্ঠভূপেন হাজৰিকা
কবিৰত্নভট্টদেৱ

 

13।  প্ৰাক শংকৰী যুগৰ কোন জন কবিক শঙ্কৰদেৱে অপ্ৰমাদী কবি বুলি অভিহিত কৰিছিল?

উত্তৰ। মাধৱ কন্দলী।

 

14। নামঘোষা কোনে ৰচনা কৰিছিল?

উত্তৰ। মাধৱদেৱ।

 

15। মাধৱদেৱৰ জন্ম কেতিয়া হৈছিল?

উত্তৰ। 1489 চনত, উত্তৰ লক্ষীমপুৰৰ নাৰায়ণপুৰত।

 

16। অসমীয়া চুটিগল্পৰ জনক কোন?

উত্তৰ। লক্ষ্মীনাথ বেজবৰুৱা।

 

17। প্ৰথম অসমীয়া চুটিগল্পৰ নাম কি?

উত্তৰ। সেউতী।

 

18। হেম সৰস্বতী কাৰ পৃষ্ঠপোষকতাত সাহিত্য চৰ্চা কৰিছিল?

উত্তৰ। দুৰ্লভনাৰয়ণৰ।

 

19। অসমীয়া সাহিত্যত উপন্যাস সম্ৰাট বুলিলে কাক বুজায়?

উত্তৰ। ৰজনীকান্ত বৰদলৈ।

 

20। মৃত্যুঞ্জয় কোনে ৰচনা কৰিছিল?

উত্তৰ। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।

 

21। ‘আধা লিখা দস্তাবেজ’ কাৰ আত্মজীৱনী?

উত্তৰ। মামণি ৰইছম গোস্বামী।

 

22। ইন্দ্ৰমালতী চলচ্চিত্ৰ কোনে কেতিয়া নিৰ্মাণ কৰিছিল?

উত্তৰ। 1939 চনত, জ্যোতিপ্ৰসাদ আগৰৱালা।

 

23। প্ৰথম অসমীয়া মাহেকীয়া আলোচনী কি?

উত্তৰ। অৰুণোদয় (1846)।

 

Get Important Questions and Answers for RRB NTPC, Assam TET, SSC, APSC and many more….

You Tube Link (Indian History): https://youtu.be/gP1jjkr5of0

Assam History: https://youtu.be/Kx5UuVrYLbQ