বৰগীত (শ্ৰীশ্ৰী মাধৱদেৱ)- দশম শ্ৰেণী অসমীয়া (অধ্যায় ১)- Class 10 Important Question Answers

বৰগীত

দশম শ্ৰেণী অসমীয়া : অধ্যায় ১ – বৰগীত (শ্ৰীশ্ৰী মাধৱদেৱ)


পাঠৰ সাৰাংশ:


মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ ৰচিত এই বৰগীতটি ‘বসন্ত ৰাগ’ত বন্ধা। ইয়াত কবিয়ে ভগৱান হৰি (শ্ৰীকৃষ্ণ)ৰ প্ৰতি গভীৰ দাস্যভক্তি প্ৰকাশ কৰিছে। কবিয়ে জীৱন-মৃত্যুত নিজকে ভগৱানৰ চৰণত সমৰ্পণ কৰি, সংসাৰিক মায়া-মোহৰ পৰা মুক্তি প্ৰাৰ্থনা কৰিছে। এই গীতত ভক্তিৰস প্ৰধান আৰু অলংকাৰসমূহ যেনে- উপমা, উৎপ্ৰেক্ষা, পুনৰুক্তি আদি ব্যৱহাৰ হৈছে।


পাঠভিত্তিক অনুশীলনীৰ প্ৰশ্নোত্তৰ (‘ক’ — ভাব-বিষয়ক)


১। চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া:


(ক) “….. নেৰিবা বান্ধৱ মোক জীৱনে মৰণে।” —কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে?
উত্তৰ: কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে ভগৱানক অনুৰোধ কৰিছে।


(খ) ‘সনক সনন্দ যোগী যাহাকু ধিয়ায়।’ —সনক, সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে?
উত্তৰ: সনক, সনন্দ আদি যোগীসকলে মহাপ্রভু শ্ৰীকৃষ্ণ ভগৱানক ধ্যান কৰে বুলি কৈছে।


(গ) কবি কিহত আতুৰ হোৱা বুলি কৈছে?

উত্তৰ: কবি সাংসাৰিক দুখ আৰু বিষয়-বাসনাত আতুৰ হোৱা বুলি কৈছে।


(ঘ) বৰগীতটি কোনে ৰচনা কৰা?
উত্তৰ: বৰগীতটি ভক্তকবি শ্ৰীশ্ৰীমাধৱদেৱে ৰচনা কৰা।


(ঙ) বৰগীতটি কি ৰাগত বন্ধা আছে?

উত্তৰ: বৰগীতটি ‘বসন্ত ৰাগত’ বন্ধা আছে।


(চ) কবিয়ে ‘বান্ধৱ’ বুলি কাক সম্বোধন কৰিছে?

উত্তৰ: কবিয়ে শ্ৰীকৃষ্ণ ভগৱানক ‘বান্ধৱ’ বুলি সম্বোধন কৰিছে।


(ছ) ‘মোহ-পাশ’ মানে কি?
উত্তৰ: ‘মোহ-পাশ’ মানে মায়াৰ বন্ধন।


২। বৰগীতটিৰ মূলভাৱ লিখা।
উত্তৰ: হে পৰম পিতা ভগৱান মই আপোনাৰ চৰণত শৰণ লৈছোঁ, জীৱনে-মৰণে মোক নেৰিবা প্ৰভু। সনক সনন্দ আদি যোগী সিদ্ধ পুৰুষসকলে যাক ধ্যান কৰে, নিগম শাস্ত্ৰও যাক বিচাৰি নাপায়, হাজাৰ মুখে যাৰ সীমা নাপায়, সেইজনৰ মহিমা এই অধমে কেনেকৈ বুজিম? সংসাৰৰ বিষয়-বাসনাত, দুখ-যন্ত্ৰণাত পীড়িত অনুতপ্ত হৈ পৰিছোঁ; তোমাৰ চৰণ-কমলত ঠাই দি মোক উদ্ধাৰ কৰা প্ৰভু।

তোমাৰ দুখানি চৰণেই মোৰ মহা ধন-সম্পদ, ভক্ত সকলৰ তুমিয়েই জীৱন। হে কৰুণা সাগৰ, তোমাৰ চৰণত কাতৰে শৰণ লৈছোঁ, অনুগ্ৰহ কৰি এবাৰ মোক কৃপা কৰা। শ্ৰীকৃষ্ণ মহাপ্ৰভুৰ দাসৰো দাস (ভৃত্যৰো ভৃত্য) মাধৱদেৱে ভক্তসকলক মায়াৰ বান্ধোনৰ পৰা মুক্ত কৰিবলৈ নাৰায়ণ শ্ৰীকৃষ্ণ মহাপ্ৰভুৱে কৃপা কৰক বুলি কাতৰ অনুৰোধ জনাইছে।


৩। বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া।

উত্তৰ: নৱবৈষ্ণৱ ধৰ্মৰ অন্যতম মহান প্ৰচাৰক শ্ৰীশ্ৰী মাধৱদেৱৰ জন্ম ১৪৮৯ চনত লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত হৈছিল। তেওঁৰ পিতৃ গোবিন্দগিৰি ভূঞা আৰু মাতৃ মনোৰমা। শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য হিচাপে তেওঁ গুৰুৰ আদৰ্শ অনুসৰণ কৰি বাৰাদি, গণককুচি, সুন্দৰীদিয়া, ভেলাডাংগা আদিত ধৰ্মপ্ৰচাৰ কৰে। তেওঁৰ প্ৰধান ৰচনা ‘নামঘোষা’ (হেজাৰী ঘোষা), ৰাজসূয় কাব্য, জন্মৰহস্য, অৰ্জুনভঞ্জন আদি। ১৫৯৬ চনত কোচবিহাৰত তেওঁৰ ইহলীলা সম্বৰণ হয়।


৪। ব্যাখ্যা কৰা:


(ক) সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা। অধমে জানিবো কেনে তোমাৰ মহিমা।।

উত্তৰ: এই পদখণ্ডত কবিয়ে ভগৱানৰ অপাৰ মহিমা বৰ্ণনা কৰিছে। হাজাৰ মুখেও (সহস্ৰ বয়নে) যাৰ সীমা নাপায়, তেনে মহিমা কবিৰ দৰে অধম জনৰ বাবে অজ্ঞেয়। ইয়াৰ দ্বাৰা কবি নিজৰ আত্মলঘিমা প্ৰকাশ কৰিছে আৰু ভগৱানৰ মহত্ত্বৰ স্বীকৃতি দিছে।
(খ) আতুৰ ভৈলোহো হৰি বিষয় বিকলে। কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে।।
উত্তৰ: এই পদখণ্ডত কবিয়ে সংসাৰিক বিষয়-বাসনাৰ (মায়া-মোহ) দুখত আতুৰ হৈ ভগৱানৰ চৰণকমলত আশ্ৰয় বিচাৰিছে। সংসাৰৰ দুখ-কষ্টৰ পৰা উদ্ধাৰৰ বাবে তেওঁ কৃপা প্ৰাৰ্থনা কৰিছে।
(গ) তোমাৰ চৰণ দুই মোৰ মহা ধন। ভকত জনেৰ নিজ তুমিসে জীৱন।।
উত্তৰ: এই পদখণ্ডত কবিয়ে ভগৱানৰ চৰণক নিজৰ সৰ্বশ্ৰেষ্ঠ ধন বুলি কৈছে। ভক্তসকলৰ বাবে ভগৱানেই জীৱনস্বৰূপ; তেওঁলোকৰ সকলো সম্পদ আৰু আশ্ৰয়। ইয়াৰ দ্বাৰা দাস্যভক্তিৰ গভীৰতা প্ৰকাশ পাইছে।
৫। ‘সনক সনন্দ যোগী যাহাকু ধিয়ায় সকল নিগমে যাক বিচাৰি নপায়।’ — তাৎপৰ্য বিচাৰ কৰা।
উত্তৰ: এই পদখণ্ডত কবিয়ে ভগৱানৰ অপৰিসীম মহিমাৰ কথা কৈছে। সনক-সনন্দৰ দৰে মহান যোগীসকলেও যাক ধ্যান কৰে, আৰু নিগম শাস্ত্ৰসমূহে (বেদ-পুৰাণ) বিচাৰিও যাৰ সীমা নাপায়। ইয়াৰ তাৎপৰ্য হৈছে ভগৱানৰ মহত্ত্ব অসীম; সাধাৰণ জ্ঞানে বা শাস্ত্ৰে ইয়াক সম্পূৰ্ণৰূপে বুজিব নোৱাৰি। কবিয়ে ইয়াৰ দ্বাৰা নিজৰ অক্ষমতা প্ৰকাশ কৰি ভক্তিৰ নম্ৰতা দেখুৱাইছে।


অতিৰিক্ত/গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ

  1. বৰগীতৰ লক্ষণসমূহ কি কি?
    উত্তৰ: বৰগীতসমূহ উচ্চমানৰ সাৱলীল ভাষাত স্তুতিমূলক, উপদেশমূলক, শাস্ত্ৰীয় ৰাগযুক্ত আৰু আধ্যাত্মিক ভাৱপূৰ্ণ। ই ব্ৰজাৱলী ভাষাত ৰচিত আৰু ভক্তিৰসপ্ৰধান।
  2. মাধৱদেৱৰ সাহিত্যিক কৰ্মকাৰ্যৰ ভাগসমূহ কি?
    উত্তৰ: আখ্যানমূলক (ৰাজসূয় কাব্য, আদিকাণ্ড ৰামায়ণ), তত্ত্বমূলক (জন্মৰহস্য, ভক্তিৰত্নাৱলী, নামমালিকা), নাটক (অৰ্জুনভঞ্জন), ঝুমুৰা (চোৰধৰা, পিম্পৰা গুচোৱা) আদি।

Question Paper

HSLC Previous Year Question Papers in PDF FormatDownload PDF
HS Previous Year Question Papers in PDF FormatDownload PDF

Latest Posts:

  • Assam HS Result 2026: AHSEC Class 12 Result Date, Direct Link, and How to Check Online
    Result Link Below Assam HS Result 2026: AHSEC Class 12 Result Date, Direct Link, and How to Check Online (অসম উচ্চতৰ মাধ্যমিক ফলাফল ২০২৬: AHSEC দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণাৰ তাৰিখ আৰু পোনপটীয়া লিংক) The Assam State School Education Board (ASSEB), formerly known as AHSEC, is preparing to announce the Assam HS Result 2026. Following the…
  • পুতিজল (Sewage) কি? জীৱাণু ব্যৱহাৰ কৰি পুতিজল পৰিষ্কাৰ (Sewage Treatment) কৰা পদ্ধতিৰ বিষয়ে আলোচনা কৰা। Class 12 Biology
    পুতিজলৰ সংজ্ঞা (Definition): পুতিজল (Sewage) কাক বোলে ?– নগৰ-চহৰত থকা ঘৰ, কাৰখানা, বজাৰ আদিৰ পৰা নিৰ্গত হোৱা বৰ্জিত পদাৰ্থ, মানুহৰ মল-মূত্ৰ আৰু আৱৰ্জনা মিহলি হৈ থকা দূষিত পানী নলা-নৰ্দমাত জমা হয়। এই পানী অৱশেষত গৈ নদী বা পুখুৰীত মিলিত হয়। ইয়াক পুতিজল (Sewage) বোলে। পুতিজলৰ বিষয়ে চমু বিৱৰণ: ইয়াৰ বৈশিষ্ট্য(i) এই পানীত গেলা-পচা বস্তু, জাবৰ-জোথৰ,…
  • General Science (সাধাৰণ বিজ্ঞান) Class 10: Important MCQs with Answers From All Chapters Both in English And Assamese
    সাধাৰণ বিজ্ঞান (General Science) – দশম শ্ৰেণী SEBA/HSLC সাধাৰণ বিজ্ঞান হৈছে SEBA (Board of Secondary Education, Assam) দশম শ্ৰেণীৰ HSLC পৰীক্ষাৰ এক মুখ্য বিষয়। এই বিষয়টোৱে ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান আৰু ভৌতিক বিজ্ঞানৰ মৌলিক ধাৰণাসমূহ সামৰি লৈছে, যিয়ে ছাত্ৰ-ছাত্ৰীসকলক পৰিৱেশ, জীৱন প্ৰক্ৰিয়া আৰু প্ৰাকৃতিক নিয়মসমূহৰ বিজ্ঞানসন্মত বুজাবুজি প্ৰদান কৰে। NCERT ভিত্তিক এই পাঠ্যক্ৰমত মুঠ 16…
  • The Human Eye and the Colorful World (মানৱ চকু আৰু ৰঙীন জগত): High Scoring 20 MCQs for HSLC Exam
    The Human Eye and the Colourful World (মানৱ চকু আৰু ৰঙীন জগত): এই অধ্যায়ত আমি মানৱ চকুৰ গঠন, কাৰ্য্য, দৃষ্টিৰ ত্ৰুটি আৰু সংশোধন, পোহৰৰ বিচ্ছুৰণ (dispersion), বায়ুমণ্ডলীয় প্ৰতিফলন (atmospheric refraction), পোহৰৰ বিচ্ছুৰণ (scattering) আৰু প্ৰাকৃতিক ঘটনা যেনে ধুমুহাৰ ঝলকনি, সূৰ্য্যৰ ৰঙা ৰং, আকাশৰ নীলা ৰং আদিৰ বিষয়ে আলোচনা কৰা হয়। এইবোৰ NCERT/SEBA দশম শ্ৰেণীৰ বিজ্ঞান…
  • Life Processes (জীৱন প্ৰক্ৰিয়া): Class 10 Science- Important 20 MCQs
    Life Processes (জীৱন প্ৰক্ৰিয়া): জীৱন প্ৰক্ৰিয়া (Life Processes) জীৱন প্ৰক্ৰিয়া (Life Processes) হৈছে সকলো জীৱৰ দেহত অনবৰতে চলি থকা অতি প্ৰয়োজনীয় কাৰ্য্যসমূহ, যিয়ে জীৱটোক জীয়াই ৰাখে আৰু বৃদ্ধি, চলন আৰু প্ৰজননত সহায় কৰে। এই প্ৰক্ৰিয়াসমূহৰ ভিতৰত মুখ্য হৈছে পৰিপুষ্টি (Nutrition), শ্বসন (Respiration), পৰিবহন (Transportation), ৰেচন (Excretion) আদি। এইবোৰৰ জৰিয়তে জীৱই পৰিৱেশৰ পৰা পুষ্টি আৰু অক্সিজেন…