পুতিজল (Sewage) কি? জীৱাণু ব্যৱহাৰ কৰি পুতিজল পৰিষ্কাৰ (Sewage Treatment) কৰা পদ্ধতিৰ বিষয়ে আলোচনা কৰা। Class 12 Biology

পুতিজল

পুতিজলৰ সংজ্ঞা (Definition):

পুতিজল (Sewage) কাক বোলে ?
– নগৰ-চহৰত থকা ঘৰ, কাৰখানা, বজাৰ আদিৰ পৰা নিৰ্গত হোৱা বৰ্জিত পদাৰ্থ, মানুহৰ মল-মূত্ৰ আৰু আৱৰ্জনা মিহলি হৈ থকা দূষিত পানী নলা-নৰ্দমাত জমা হয়। এই পানী অৱশেষত গৈ নদী বা পুখুৰীত মিলিত হয়। ইয়াক পুতিজল (Sewage) বোলে।

পুতিজলৰ বিষয়ে চমু বিৱৰণ:

ইয়াৰ বৈশিষ্ট্য
(i) এই পানীত গেলা-পচা বস্তু, জাবৰ-জোথৰ, পোক-পৰুৱা আৰু মানুহ তথা জীৱ-জন্তুৰ মল-মূত্ৰ আদি মিহলি হৈ থাকে বাবে ই অত্যন্ত দূষিত।
(ii) পুতিজলত অসংখ্য জীৱাণু থাকে, যাৰ ভিতৰত বহুতেই মানুহৰ বিভিন্ন বেমাৰৰ বীজাণু হ’ব পাৰে।
(iii) নলা-নৰ্দমাৰ মাজেৰে গৈ এই পানী শেষত নদী, পুখুৰী বা হ্ৰদত জমা হয়গৈ আৰু প্ৰাকৃতিক পানীৰ উৎস দূষিত কৰে।
(iv) অৱশ্যে, বিজ্ঞানসন্মতভাৱে কিছুমান উপকাৰী জীৱাণু ব্যৱহাৰ কৰি এই পানী পৰিষ্কাৰ বা শোধন কৰিব পাৰি।
(v) এই শোধন প্ৰক্ৰিয়া সাধাৰণতে কেইবাটাও স্তৰত সম্পন্ন কৰি পানী বিশুদ্ধ কৰা হয়।

জীৱাণু ব্যৱহাৰ কৰি পুতিজল পৰিষ্কাৰ কৰা পদ্ধতি (Use of microbes for sewage treatment):

জীৱাণু ব্যৱহাৰ কৰি পুতিজল পৰিষ্কাৰ কৰা প্ৰক্ৰিয়াটো সাধাৰণতে ‘জৈৱিক বিকাৰণ’ (Biological Treatment) বুলি কোৱা হয়। এই প্ৰক্ৰিয়াটো তলত উল্লেখ কৰা ধৰণে বৰ্ণনা কৰিব পাৰি:


১. প্ৰাথমিক বিকাৰণ (Primary Treatment):


এই স্তৰত প্ৰথমতে সৰু-ডাঙৰ জাবৰ সমূহ বাছি বাছি আঁতৰাই পেলোৱা হয় আৰু বোকা বা পচি যোৱা বস্তুবোৰ তলত জমা হ’বলৈ দিয়া হয় (অৱক্ষেপণ)। এই জমা হোৱা অৱক্ষেপ বা গেদক ‘প্ৰাথমিক গেদ’ (Primary Sludge) বোলে। ওপৰত থকা পানীখিনি দ্বিতীয় পৰ্যায়ৰ বাবে লৈ যোৱা হয়।


২. দ্বিতীয় পৰ্যায়ৰ বিকাৰণ বা জৈৱিক বিকাৰণ (Secondary Treatment):


সবাত জীৱাণুৰ ক্ৰিয়া: প্ৰাথমিক পৰ্যায়ৰ পৰা অহা পানীখিনি এটা ডাঙৰ পকী পুখুৰীত ৰখা হয় আৰু তাত যন্ত্ৰৰ সহায়ত অনবৰতে বায়ু (অক্সিজেন) যোগান ধৰা হয়। ইয়াৰ ফলত তাত ‘সবাত’ (Aerobic) জীৱাণুবোৰৰ বৃদ্ধি ঘটে।
জৈৱিক পদাৰ্থৰ পচন: এই সবাত জীৱাণুবোৰে পানীত থকা জৈৱিক পদাৰ্থবোৰ পচন ঘটায় আৰু তাৰ পৰা খাদ্য গ্ৰহণ কৰে। ইয়াৰ ফলত পানীৰ প্ৰদূষণৰ মাত্ৰা বা ‘জৈৱিক অক্সিজেন চাহিদা’ (BOD – Biological Oxygen Demand) কমি যায়। BOD মানে হ’ল – এক লিটাৰ অপৰিষ্কাৰ পানীত থকা জৈৱিক বস্তুৰ পচন ঘটাবলৈ যিমানখিনি অক্সিজেন জীৱাণু সমূহে গ্ৰহণ কৰে, সেই অক্সিজেনৰ পৰিমাণক জৈৱিক অক্সিজেন চাহিদা বা BOD বোলে।


৩. সক্ৰিয় গেদ (Activated Sludge):


BOD কমি যোৱাৰ পাছত পানীখিনি আন এটা পুখুৰীলৈ নিয়া হয় য’ত গেদবোৰ তলত জমা হয়। এই গেদত অসংখ্য জীৱাণু থাকে বাবে ই্য়াক ‘সক্ৰিয় গেদ’ (Activated Sludge) বোলা হয়।
এই সক্ৰিয় গেদৰ কিছু অংশ পুনৰ আৰম্ভণিলৈ পঠোৱা হয় যাতে তাত জীৱাণুৰ বংশবৃদ্ধি দ্ৰুত হয়।


৪. অবাত পচন (Anaerobic Digestion):


বাকী থকা গেদখিনি এটা ডাঙৰ টেংকত বা পুখুৰীত ‘অবাত জীৱাণু’ৰ (Anaerobic microbes) সহায়ত পচন ঘটোৱা হয়। এই জীৱাণুবোৰে অক্সিজেন নোহোৱাকৈ গেদবোৰ পচাই পেলায়।
এই প্ৰক্ৰিয়াত মিথেনৰ দৰে গেছ নিৰ্গত হয়, যাক ‘জৈৱিক গেছ’ (Biogas) বোলে আৰু ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়।


৫. পানীৰ নিৰ্গমন:


এই গোটেই প্ৰক্ৰিয়াৰ অন্তত পৰিষ্কাৰ হোৱা পানীখিনি নদী বা আন জলাশয়ত এৰি দিয়া হয়।

পুতিজল পৰিষ্কাৰৰ সুবিধাসমূহ (Advantages of Sewage Treatment) –


১. পানী প্ৰদূষণ ৰোধ: এই প্ৰক্ৰিয়াৰ দ্বাৰা দূষিত পানী শোধন কৰি নদী, হ্ৰদত, বিল বা পুখুৰীত পেলোৱা হয়। ফলত প্ৰাকৃতিক পানীৰ উৎসসমূহ প্ৰদূষিত নহয় আৰু পৰিৱেশ সুৰক্ষিত থাকে।
২. জৈৱিক গেছ বা ইন্ধন উৎপাদন: পুতিজলৰ পৰা ওলোৱা গেদ (Sludge) অবাত জীৱাণুৰ দ্বাৰা পচন ঘটোৱাৰ ফলত মিথেন গেছ বা ‘জৈৱিক গেছ’ (Biogas) উৎপন্ন হয়। এই গেছ ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পাৰি।
৩. ৰোগৰ সংক্ৰমণ হ্ৰাস: পুতিজলত থকা মানুহৰ মল-মূত্ৰ আৰু ৰোগৰ বীজাণুবোৰ এই শোধন প্ৰক্ৰিয়াত ধ্বংস বা নিষ্ক্ৰিয় কৰা হয়, যাৰ ফলত বেমাৰ বিয়পোৱাৰ আশংকা বহু পৰিমাণে কমি যায়।
৪. জলজ পৰিৱেশৰ সুৰক্ষা: শোধন প্ৰক্ৰিয়াত পানীৰ ‘জৈৱিক অক্সিজেন চাহিদা’ (BOD) হ্ৰাস কৰা হয়। ইয়াৰ ফলত এই পানী নদী বা পুখুৰীত পেলালে তাত থকা মাছ আৰু অন্যান্য জলজ জীৱৰ ক্ষতি নহয়।
৫. নদী সংৰক্ষণ আঁচনিৰ সহায়ক: গংগা একশ্বন প্লেন (Ganga Action Plan) আৰু যমুনা একশ্বন প্লেনৰ (Yamuna Action Plan) দৰে চৰকাৰী আঁচনিসমূহ সফল কৰাত এই শোধন প্ৰক্ৰিয়াই গুৰুত্বপূৰ্ণ ভূমিকা লয়।

CHAPTERSঅধ্যায়LINKS
Chemical Reactions and Equationৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণClick Here
Acids, Bases and Saltsএছিড, ক্ষাৰক আৰু লৱণClick Here
Metals and Non Metalsধাতু আৰু অধাতুClick Here
Carbon and Its Compoundsকাৰ্বন আৰু তাৰ যৌগClick Here
Periodic Classification of Elementsমৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজনClick Here
Life Processesজীৱন প্ৰক্ৰিয়াClick Here
Control And Coordinationনিয়ন্ত্ৰণ আৰু সমন্বয়Click Here
How Do Organisms Reproduce?জীৱই কেনেকৈ বংশবিস্তাৰ কৰে?Click Here
Heredity and Evolutionবংশগতি আৰু ক্ৰমবিকাশClick Here
Reflection and Refractionপোহৰ – প্ৰতিফলন আৰু প্ৰতিসৰণClick Here
The Human Eye and the Colorful Worldমানৱ চকু আৰু বাৰেবৰণীয়া পৃথিৱী)Click Here
Electricityবিদ্যুৎClick Here
Magnetic Effects of Electric Currentবিদ্যুৎ প্ৰবাহৰ চুম্বকীয় প্ৰভাৱClick Here
Sources of Energyশক্তিৰ উৎসমূহClick Here
Our Environmentআমাৰ পৰিবেশClick Here
Management of Natural Resourcesপ্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনাClick Here

Latest Posts:

  • Assam HS Result 2026: AHSEC Class 12 Result Date, Direct Link, and How to Check Online
    Result Link Below Assam HS Result 2026: AHSEC Class 12 Result Date, Direct Link, and How to Check Online (অসম উচ্চতৰ মাধ্যমিক ফলাফল ২০২৬: AHSEC দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণাৰ তাৰিখ আৰু পোনপটীয়া লিংক) The Assam State School Education Board (ASSEB), formerly known as AHSEC, is preparing to announce the Assam HS Result 2026. Following the successful completion of the Higher Secondary exams in March, over 3.3…
  • পুতিজল (Sewage) কি? জীৱাণু ব্যৱহাৰ কৰি পুতিজল পৰিষ্কাৰ (Sewage Treatment) কৰা পদ্ধতিৰ বিষয়ে আলোচনা কৰা। Class 12 Biology
    পুতিজলৰ সংজ্ঞা (Definition): পুতিজল (Sewage) কাক বোলে ?– নগৰ-চহৰত থকা ঘৰ, কাৰখানা, বজাৰ আদিৰ পৰা নিৰ্গত হোৱা বৰ্জিত পদাৰ্থ, মানুহৰ মল-মূত্ৰ আৰু আৱৰ্জনা মিহলি হৈ থকা দূষিত পানী নলা-নৰ্দমাত জমা হয়। এই পানী অৱশেষত গৈ নদী বা পুখুৰীত মিলিত হয়। ইয়াক পুতিজল (Sewage) বোলে। পুতিজলৰ বিষয়ে চমু বিৱৰণ: ইয়াৰ বৈশিষ্ট্য(i) এই পানীত গেলা-পচা বস্তু, জাবৰ-জোথৰ, পোক-পৰুৱা আৰু মানুহ তথা জীৱ-জন্তুৰ মল-মূত্ৰ আদি মিহলি হৈ থাকে বাবে…
  • General Science (সাধাৰণ বিজ্ঞান) Class 10: Important MCQs with Answers From All Chapters Both in English And Assamese
    সাধাৰণ বিজ্ঞান (General Science) – দশম শ্ৰেণী SEBA/HSLC সাধাৰণ বিজ্ঞান হৈছে SEBA (Board of Secondary Education, Assam) দশম শ্ৰেণীৰ HSLC পৰীক্ষাৰ এক মুখ্য বিষয়। এই বিষয়টোৱে ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান আৰু ভৌতিক বিজ্ঞানৰ মৌলিক ধাৰণাসমূহ সামৰি লৈছে, যিয়ে ছাত্ৰ-ছাত্ৰীসকলক পৰিৱেশ, জীৱন প্ৰক্ৰিয়া আৰু প্ৰাকৃতিক নিয়মসমূহৰ বিজ্ঞানসন্মত বুজাবুজি প্ৰদান কৰে। NCERT ভিত্তিক এই পাঠ্যক্ৰমত মুঠ 16 টা অধ্যায় আছে । থিঅৰী পৰীক্ষা 90 নম্বৰৰ আৰু প্ৰেকটিকেল 10।…
  • The Human Eye and the Colorful World (মানৱ চকু আৰু ৰঙীন জগত): High Scoring 20 MCQs for HSLC Exam
    The Human Eye and the Colourful World (মানৱ চকু আৰু ৰঙীন জগত): এই অধ্যায়ত আমি মানৱ চকুৰ গঠন, কাৰ্য্য, দৃষ্টিৰ ত্ৰুটি আৰু সংশোধন, পোহৰৰ বিচ্ছুৰণ (dispersion), বায়ুমণ্ডলীয় প্ৰতিফলন (atmospheric refraction), পোহৰৰ বিচ্ছুৰণ (scattering) আৰু প্ৰাকৃতিক ঘটনা যেনে ধুমুহাৰ ঝলকনি, সূৰ্য্যৰ ৰঙা ৰং, আকাশৰ নীলা ৰং আদিৰ বিষয়ে আলোচনা কৰা হয়। এইবোৰ NCERT/SEBA দশম শ্ৰেণীৰ বিজ্ঞান পাঠ্যক্ৰমৰ মুখ্য বিষয়। Disclaimer: এই পোষ্টটো কেৱল শিক্ষামূলক উদ্দেশ্যেৰে প্ৰস্তুত কৰা…
  • Life Processes (জীৱন প্ৰক্ৰিয়া): Class 10 Science- Important 20 MCQs
    Life Processes (জীৱন প্ৰক্ৰিয়া): জীৱন প্ৰক্ৰিয়া (Life Processes) জীৱন প্ৰক্ৰিয়া (Life Processes) হৈছে সকলো জীৱৰ দেহত অনবৰতে চলি থকা অতি প্ৰয়োজনীয় কাৰ্য্যসমূহ, যিয়ে জীৱটোক জীয়াই ৰাখে আৰু বৃদ্ধি, চলন আৰু প্ৰজননত সহায় কৰে। এই প্ৰক্ৰিয়াসমূহৰ ভিতৰত মুখ্য হৈছে পৰিপুষ্টি (Nutrition), শ্বসন (Respiration), পৰিবহন (Transportation), ৰেচন (Excretion) আদি। এইবোৰৰ জৰিয়তে জীৱই পৰিৱেশৰ পৰা পুষ্টি আৰু অক্সিজেন গ্ৰহণ কৰি শক্তি উৎপাদন কৰে আৰু বর্জ্য পদাৰ্থ নিঃসৰণ কৰে। Disclaimer:…