অসমৰ সত্ৰ সমূহ (Satras in Assam)- ইয়াৰ লগত জড়িত কলা শিল্প

অসমৰ সত্ৰসমূহ (Satras of Assam):

মাজুলী হৈছে পৃথিৱীৰ ভিতৰতেই একমাত্ৰ জনৱসতি থকা আৰু আটাইতকৈ ডাঙৰ নদীদ্বীপ য’ত ভৰি আছে অসংখ্য সত্ৰ, বৈষ্ণৱ ধৰ্মীয় উপাসনাস্থলী যি ১৬ শ শতিকাৰ পৰাই বৰ্তি আছে। অসমীয়া সংস্কৃতিৰ পিতৃস্বৰূপ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্ট এই সত্ৰসমূহ হৈছে বৈষ্ণৱধৰ্মীয় বৈশিষ্টৰ এক অনবদ্য অনুষ্ঠান। সত্ৰ সমূহ কেৱল উপাসনাৰ স্থলেই নহয়, ই পৰম্পৰাগত কলা প্ৰদৰ্শনৰো এক কেন্দ্ৰ স্বৰূপ।

১৫শ শতিকাত মাজুলিত প্ৰথমখন সত্ৰ স্থাপন কৰা হৈছিল। তেতিয়াৰ পৰা তাত নীতি শিক্ষাৰ লগতে সামাজিক তথা সাংস্কৃতিক আদৰ্শৰ প্ৰচাৰৰ বাবে ৬৫খন সত্ৰৰ সৃষ্টি হৈছে। কিন্তু মাজুলীত বৰ্তমান ২২খন সত্ৰহে আছে। বাকী সত্ৰ সমূহে বান আৰু গৰাখহনীয়াই চলোৱা তাণ্ডবৰ বাবে আন আন সুৰক্ষিত ঠাইলৈ স্থানান্তৰিত হৈছে।

সত্ৰসমূহত মনিকুটৰ ফালে মূখ কৰি এটা সভাগৃহ তথা প্ৰাৰ্থনা স্থলী থাকে আৰু ইয়াৰ চাৰিওফালে ভকত সকলৰ বাবে থাকে সমূহীয়া শোৱনি কোঠা কোঠা, স্নানাগাৰ ইত্যাদি।

সত্ৰসমূহে অতিথি তথা দৰ্শনাৰ্থী সকলৰ বাবে থকা-শুৱা ব্যৱস্থাৰ লগতে তেঁওলোকে নাম-প্ৰসংগ তথা বিষ্ণু আৰু কৃষ্ঞ উপাসনাত ভাগ লোৱাৰ উপৰিও ভাওনা আদি উপভোগ কৰাৰো সুবিধা প্ৰদান কৰে। ইয়াৰ অবিবাহিত কেৱলিয়া ভকত সকল হৈছে একোজন একোজন উত্তম শিল্পী যি নানা ৰকমৰ মূখা, ধৰ্মীয় বাদ্য-যন্ত্ৰ, হাত-বিচনী আৰু দুৱাৰৰ আকৃতি তৈয়াৰ কৰে। এই সমূহ সত্ৰৰ ভিতৰত দৰ্শন কৰিবলগীয়া কেইখনমা গুৰুত্বপূৰ্ণ সত্ৰ হৈছে আউনি আটী, কমলাবাৰী, দক্ষিণপাত, গঢ়মূৰ, চামাগুৰি, বেঙেনা-আটি আৰু নতুন কমলাবাৰী সত্ৰ।

অসমৰ সত্ৰসমূহ (Satras In Assam):

1. আউনি-আটী সত্ৰ:

নিৰঞ্জন পাঠকদেৱে প্ৰতিষ্ঠা কৰা এই সত্ৰ ইয়াৰ পালনাম আৰু অপেস্বৰী নৃত্যৰ বাবে বিখ্যাত। ইয়াৰ প্ৰাচীন কলাকৃতিৰ বিচিত্ৰ ভাণ্ডাৰ, পূৰণিকলিয়া অসমীয়া বাচন-বৰ্তন, গহনা আৰু হস্তশিল্পৰ বাবেও এই সত্ৰ খ্যাত।

2. দক্ষিণপাত সত্ৰ:

বণমালীদেৱে প্ৰতিষ্ঠা কৰা এই সত্ৰ হৈছে ৰাসলীলাৰ প্ৰতিপাদক যি ৰাসলীলা বৰ্তমান সময়ত অসমত এক প্ৰধান উত্সব হিচাপে উদযাপন কৰা হয়। ৰাসৰ সময়ত বহু হাজাৰ হাজাৰ দৰ্শনাৰ্থীয়ে এই সত্ৰত বছৰি ভিৰ কৰেহি।

3. গঢ়মূৰ সত্ৰ:

লক্ষ্মিকান্ত দেৱে প্ৰতিষ্ঠা কৰিছিল এই সত্ৰ। শৰত্ কালৰ শেষৰ ফালে ইয়াত পৰম্পৰাগত ৰাসলীলা অতি উলহ-মালহেৰে পালন কৰা হয়। যুদ্ধত ব্যৱহাৰ কৰা কিছু প্ৰাচীন অস্ত্ৰ যেনে বৰতোপ ইয়াত সংৰক্ষিত কৰি ৰখা হৈছে।

4. কমলাবাৰী সত্ৰ:

এই সত্ৰ প্ৰতিষ্ঠা কৰিছিল বেৰুলাপদ্ম আটাই আৰু ই হৈছে কলা, সংস্কৃতি, সাহিত্য আৰু শাস্ত্ৰীয় অধ্যয়নৰ কেন্দ্ৰ। নদিদ্বীপটোৰ আটাইতকৈ শ্ৰেষ্ঠতম নাঁও ইয়াতে নিৰ্মাণ কৰা হয়। ইয়াৰ শাখা উত্তৰ কমলাবাৰীয়ে সমগ্ৰ ভাৰতৰ লগতে বিদেশতো সত্ৰীয়া সংস্কৃতি প্ৰদৰ্শন কৰিছে।

5. বেঙেনা আটি সত্ৰ:

এই সত্ৰ হৈছে সংস্কৃতিক গুৰুত্ব থকা আপুৰুগীয়া সম্পদ সংৰক্ষণৰ লগতে কলা প্ৰদৰ্শনৰ উন্নত পৰ্য্যায়ৰ কেন্দ্ৰ স্বৰূপ। শ্ৰীমন্ত শংকৰদেৱৰ সতিয়া মাকৰ নাতি মূৰাৰীদেৱে এই সত্ৰ প্ৰতিষ্ঠা কৰিছিল। আহোম ৰজা গদাধৰ সিংহৰ ৰাজকীয়া বস্ত্ৰও ইয়াত সংৰক্ষিত কৰি ৰখা হৈছে। সংৰক্ষিত কৰি ৰখা ৰাজকীয় সোণৰ ছাটিও প্ৰদৰ্শিত অবস্থাত আছে এই সত্ৰত।

5. চামগুৰি সত্ৰ:

এই সত্ৰ ইয়াৰ বিশ্ববিখ্যাত মূখা শিল্পৰ বাবে খ্যাত।

 

সত্ৰ এক আপুৰুগীয়া সম্পদ:

সত্ৰ অসমীয়া জনজীৱনৰ এক আপুৰুগীয়া সম্পদ। বিভিন্ন সত্ৰত ভ্ৰমণ কৰিলে দেখা যায় যে নানা ধৰণৰ প্ৰাচীন কলা শিল্পৰে সত্ৰ সমূহ ভৰপূৰ। মাজুলী সত্ৰ ইয়াৰ ব্যতিক্ৰম নহয়। মাজুলী ভ্ৰমণৰ আটাইতকৈ উত্তম সময় হৈছে নৱেম্বৰ মাহৰ ৰাস মহোত্সৱৰ সময়ত। আউনি আটী সত্ৰ ইয়াৰ খ্যাত ইয়াৰ পালনাম আৰু অপেস্বৰী নৃত্যৰ বাবে যত আছে প্ৰাচীন কলাকৃতিৰ বিচিত্ৰ ভাণ্ডাৰ, পূৰণিকলীয়া বাচন-বৰ্তন, গহনা আৰু হস্তশিল্প। দক্ষিণপাত সত্ৰ যত ৰাসলীলাৰ বাবে বিখ্যাত চামাগুৰি সত্ৰও ইয়াৰ মূখাশিল্প নিৰ্মাণৰ বাবে খ্যাত। আনহাতে গঢ়মূৰ সত্ৰত সংৰক্ষিত হৈ আছে মধ্যযুগীয়া অস্ত্ৰ-সস্ত্ৰ যেনে বৰতোপ। কমলাবাৰী সত্ৰ খ্যাত শ্ৰেষ্ঠ নাঁও নিৰ্মাণৰ বাবে আৰু বেঙেনা আটী সত্ৰ আকৌ জনাজাত ইয়াৰ কলা প্ৰদৰ্শনৰ উত্তম কেন্দ্ৰ হিচাপে। বেঙেনা আটি সত্ৰত আকৌ সংৰক্ষিত কৰি ৰখা হৈছে ৰাজকীয় সোণৰ ছাটিৰ লগতে স্বৰ্গদেও গদাধৰ সিংহৰ সোণ সচিত ৰাজবস্ত্ৰও। বিভিন্ন শিল্পকলা শিকোৱাৰ উপৰিও মাজুলীত মহাপূৰুষ শ্ৰীমন্ত শংকৰদেৱে সৃষ্টি কৰা গীত-মাত-নৃত্য যেনে, বৰগীত, ভটিমা, ঝুমুৰা, চালি, পালনাম, নৌৱা, অপেস্বৰী, সত্ৰীয়া, কৃষ্ঞ ইত্যাদি শিকোৱাৰ লগতে প্ৰচাৰ কৰা হয় যি নদীদ্বীপটোক এক সুকীয়া মাত্ৰা প্ৰদান কৰে।

 

প্ৰশ্নসমূহ-

1. আউনিআটি সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল?
উত্তৰ: নিৰঞ্জন পাঠক দেৱে।

2. গড়মূৰ সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল?
উত্তৰ: লক্ষ্মীকান্ত দেৱে।

3. চামগুৰি সত্ৰ কিহৰ বাবে বিখ্যাত?
উত্তৰ: মূখা শিল্পৰ বাবে।

4. কোনখন সত্ৰত যুদ্ধত ব্যৱহাৰ কৰা বৰটোপ সংৰক্ষিত আছে?
উত্তৰ: গঢ়মূৰ সত্ৰ।

5. অসমৰ আটাইতকৈ ডাঙৰ সত্ৰ কি?
উত্তৰ: আউনি আটি সত্ৰ (মাজুলী, স্থাপিত 1663 চনত)

6. অসমৰ প্ৰথম সত্ৰ ক’ত স্থাপিত হৈছিল?
উত্তৰ: মাজুলীত (১৫ শ শতিকাত)।

7. অসমত প্ৰথম সত্ৰ কোনে স্থাপনা কৰিছিল?
উত্তৰ: শ্ৰীমন্ত শঙ্কৰদেৱে।

8. বৰপেটা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল?
উত্তৰ: মহাপুৰুষ মাধৱদেৱে।

9. মহাপুৰুষ শংকৰদেৱে কত প্ৰথমে সত্ৰ স্থাপন কৰিছিল?
উত্তৰ: বৰদোৱাত।

10. খাতাৰা সত্ৰ কত অৱস্থিত?
উত্তৰ: দৰং জিলাত।

11. অসমৰ সত্ৰ নগৰী কাক বোলে?
উত্তৰ: মাজুলী।

12. কোনখন ঠাইক সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ বোলে?
উত্তৰ: মাজুলী।

13. কমলাবাৰী সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল?
উত্তৰ: বদুলা আতাই (মাধৱদেৱৰ শিষ্য)।

14. কুৰুৱাবাহী সত্ৰ কত অৱস্থিত?
উত্তৰ: গোলাঘাট জিলা।

15. বেঙেনাআটী সত্ৰৰ প্ৰতিষ্ঠাপক কোন?
উত্তৰ: মুৰাৰিদেৱ। (মাজুলীত অৱস্থিত)

16. অসমৰ মুখা শিল্পৰ জনক কোন?
উত্তৰ: শ্ৰীমন্ত শংকৰদেৱ।

MOCK TEST SERIES

Mock Test Series On General Science (TET/ADRE/RRB/SSC/APSC/Assam Police Written Exam Special) – Click HereClick Here
Mock Test Series On Assam History (TET/ADRE/RRB/SSC/APSC/Assam Police Written Exam Special) – Click HereClick Here
Mock Test Series On Indian History (TET/ADRE/RRB/SSC/APSC/Assam Police Written Exam Special)Click Here
Mock Test Series On Assam Geography (TET/ADRE/RRB/SSC/APSC/Assam Police Written Exam Special)Click Here
Mock Test Series On Assam Economy (TET/ADRE/RRB/SSC/APSC/Assam Police Written Exam Special)Click Here
Mock Test Series On Movies & Awards (TET/ADRE/RRB/SSC/APSC/Assam Police Written Exam Special)Click Here

Latest Posts

  • Assam HS Result 2026: AHSEC Class 12 Result Date, Direct Link, and How to Check Online
    Result Link Below Assam HS Result 2026: AHSEC Class 12 Result Date, Direct Link, and How to Check Online (অসম উচ্চতৰ মাধ্যমিক ফলাফল ২০২৬: AHSEC দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণাৰ তাৰিখ আৰু পোনপটীয়া লিংক) The Assam State School Education Board (ASSEB), formerly known as AHSEC, is preparing to announce the Assam HS Result 2026. Following the…
  • পুতিজল (Sewage) কি? জীৱাণু ব্যৱহাৰ কৰি পুতিজল পৰিষ্কাৰ (Sewage Treatment) কৰা পদ্ধতিৰ বিষয়ে আলোচনা কৰা। Class 12 Biology
    পুতিজলৰ সংজ্ঞা (Definition): পুতিজল (Sewage) কাক বোলে ?– নগৰ-চহৰত থকা ঘৰ, কাৰখানা, বজাৰ আদিৰ পৰা নিৰ্গত হোৱা বৰ্জিত পদাৰ্থ, মানুহৰ মল-মূত্ৰ আৰু আৱৰ্জনা মিহলি হৈ থকা দূষিত পানী নলা-নৰ্দমাত জমা হয়। এই পানী অৱশেষত গৈ নদী বা পুখুৰীত মিলিত হয়। ইয়াক পুতিজল (Sewage) বোলে। পুতিজলৰ বিষয়ে চমু বিৱৰণ: ইয়াৰ বৈশিষ্ট্য(i) এই পানীত গেলা-পচা বস্তু, জাবৰ-জোথৰ,…
  • General Science (সাধাৰণ বিজ্ঞান) Class 10: Important MCQs with Answers From All Chapters Both in English And Assamese
    সাধাৰণ বিজ্ঞান (General Science) – দশম শ্ৰেণী SEBA/HSLC সাধাৰণ বিজ্ঞান হৈছে SEBA (Board of Secondary Education, Assam) দশম শ্ৰেণীৰ HSLC পৰীক্ষাৰ এক মুখ্য বিষয়। এই বিষয়টোৱে ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান আৰু ভৌতিক বিজ্ঞানৰ মৌলিক ধাৰণাসমূহ সামৰি লৈছে, যিয়ে ছাত্ৰ-ছাত্ৰীসকলক পৰিৱেশ, জীৱন প্ৰক্ৰিয়া আৰু প্ৰাকৃতিক নিয়মসমূহৰ বিজ্ঞানসন্মত বুজাবুজি প্ৰদান কৰে। NCERT ভিত্তিক এই পাঠ্যক্ৰমত মুঠ 16…
  • The Human Eye and the Colorful World (মানৱ চকু আৰু ৰঙীন জগত): High Scoring 20 MCQs for HSLC Exam
    The Human Eye and the Colourful World (মানৱ চকু আৰু ৰঙীন জগত): এই অধ্যায়ত আমি মানৱ চকুৰ গঠন, কাৰ্য্য, দৃষ্টিৰ ত্ৰুটি আৰু সংশোধন, পোহৰৰ বিচ্ছুৰণ (dispersion), বায়ুমণ্ডলীয় প্ৰতিফলন (atmospheric refraction), পোহৰৰ বিচ্ছুৰণ (scattering) আৰু প্ৰাকৃতিক ঘটনা যেনে ধুমুহাৰ ঝলকনি, সূৰ্য্যৰ ৰঙা ৰং, আকাশৰ নীলা ৰং আদিৰ বিষয়ে আলোচনা কৰা হয়। এইবোৰ NCERT/SEBA দশম শ্ৰেণীৰ বিজ্ঞান…
  • Life Processes (জীৱন প্ৰক্ৰিয়া): Class 10 Science- Important 20 MCQs
    Life Processes (জীৱন প্ৰক্ৰিয়া): জীৱন প্ৰক্ৰিয়া (Life Processes) জীৱন প্ৰক্ৰিয়া (Life Processes) হৈছে সকলো জীৱৰ দেহত অনবৰতে চলি থকা অতি প্ৰয়োজনীয় কাৰ্য্যসমূহ, যিয়ে জীৱটোক জীয়াই ৰাখে আৰু বৃদ্ধি, চলন আৰু প্ৰজননত সহায় কৰে। এই প্ৰক্ৰিয়াসমূহৰ ভিতৰত মুখ্য হৈছে পৰিপুষ্টি (Nutrition), শ্বসন (Respiration), পৰিবহন (Transportation), ৰেচন (Excretion) আদি। এইবোৰৰ জৰিয়তে জীৱই পৰিৱেশৰ পৰা পুষ্টি আৰু অক্সিজেন…