
Table of Contents
পৰাগযোগ কি? (What is Pollination?)
-পৰাগযোগ হৈছে ফুলৰ পুংকেশৰৰ পৰা পৰাগৰেণু স্ত্ৰীকেশৰৰ গৰ্ভমুণ্ডলৈ স্থানান্তৰিত হোৱা প্ৰক্ৰিয়া। ই উদ্ভিদৰ প্ৰজননৰ বাবে অতি দৰকাৰী প্ৰক্ৰিয়া। সপুষ্পক উদ্ভিদত পৰাগযোগ প্ৰক্ৰিয়াৰ সহায়ত নিষেচন সম্পন্ন হয়। পৰাগযোগ অবিহনে উদ্ভিদৰ বংশবিস্তাৰ সম্ভৱ নহয়।
পৰাগযোগৰ প্ৰকাৰসমূহ (Types of Pollination):
১. স্ব-পৰাগযোগ (Self-Pollination):
একেটা ফুলৰ পুংকেশৰৰ পৰাগৰেণু একেটা ফুলৰ স্ত্ৰীকেশৰলৈ স্থানান্তৰিত হয়।
২. ইতৰ-পৰাগযোগ (Cross-Pollination):
এটা উদ্ভিদৰ ফুলৰ পৰাগৰেণু ভিন্ন উদ্ভিদৰ (একেটা প্ৰজাতিৰ) ফুলৰ স্ত্ৰীকেশৰলৈ স্থানান্তৰিত হয়।
পৰাগযোগৰ এজেন্টসমূহ (Agents of Pollination):
পৰাগযোগৰ বাবে বিভিন্ন প্ৰাকৃতিক এজেন্টে সহায় কৰে। এইবোৰক মূলতঃ দুটা ভাগত ভগোৱা হয়: জৈৱিক এজেন্ট (Biotic Agents) আৰু অজৈৱিক এজেন্ট (Abiotic Agents)।
১. জৈৱিক এজেন্ট (Biotic Agents):
এইবোৰ জীৱিত জীৱৰ দ্বাৰা সঞ্চালিত হয়।
- পতঙ্গ (Insects): মৌমাখি, পখিলা, ভেকুলী আদিয়ে ফুলৰ ৰস চোষাৰ সময়ত পৰাগৰেণু শৰীৰত লাগি আন ফুললৈ কঢ়িয়াই নিয়ে।
- চৰাই (Birds): সূৰ্য্যপক্ষী (Sunbird), হামিংবাৰ্ড (Hummingbird) আদিয়ে ৰঙা বা উজ্জ্বল ফুলৰ ৰস খাই পৰাগযোগত সহায় কৰে।
- বাদুলি (Bats): ৰাতি ফুল ফুলা গছ (যেনে—কদম, কলগছ)ৰ পৰাগযোগ বাদুলিয়ে কৰে।
- অন্যান্য প্ৰাণী (Other Animals): শহাপতঙ্গ, শামুক, কেঁচো আদিয়েও কেতবোৰ ক্ষেত্ৰত পৰাগযোগত সহায় কৰে।
২. অজৈৱিক এজেন্ট (Abiotic Agents):
এইবোৰ প্ৰাকৃতিক উপাদানৰ দ্বাৰা সঞ্চালিত হয়।
- বায়ু (Wind): বায়ুৰ দ্বাৰা পৰাগৰেণু এটা ফুলৰ পৰা আন ফুললৈ উৰি যায়। (যেনে—ঘেঁহু, ধান, মাকৈ আদিৰ পৰাগযোগ)
- পানী (Water): জলজ উদ্ভিদত (যেনে—হাইড্ৰিলা) পানীৰ সোঁতত পৰাগৰেণু স্থানান্তৰিত হয়।
স্ব-পৰাগযোগ (Self-Pollination) আৰু ইতৰ-পৰাগযোগ (Cross-Pollination)-ৰ বিভিন্ন কৌশল বা উপায়:
উদ্ভিদৰ স্ব-পৰাগযোগ (Self-Pollination) আৰু ইতৰ-পৰাগযোগ (Cross-Pollination)-ৰ বিভিন্ন কৌশল বা উপায়ৰ বিষয়ে আলোচনা কৰা হৈছে।
স্ব-পৰাগযোগৰ কৌশল (Contrivances for Self-Pollination):
উদ্ভিদে স্ব-পৰাগযোগ নিশ্চিত কৰিবলৈ ব্যৱহাৰ কৰা কেইটামান প্ৰধান কৌশল হ’ল:
অনুন্মিলন(Cleistogamy):
কিছুমান উদ্ভিদৰ ফুল (যেনে – কণাশিমলু, বালচাম) কেতিয়াও নুফুলে। এই বন্ধ ফুলবোৰৰ ভিতৰতে পৰাগধানী ফাটি গৰ্ভমুণ্ডত পৰাগৰেণু পৰে আৰু স্ব-পৰাগযোগ হয়।
সমপৰিপক্কতা (Homogamy):
যেতিয়া এডাল উভলিংগী ফুলৰ পৰাগধানী আৰু গৰ্ভমুণ্ড একে সময়তে পৈণত হয়, তেতিয়া স্ব-পৰাগযোগৰ সম্ভাৱনা বাঢ়ি যায়। উদাহৰণ – গধূলি গোপাল ফুল।
ইতৰ-পৰাগযোগ (Cross-Pollination):
যেতিয়া এটা ফুলৰ পৰাগৰেণু আন এটা ফুলৰ গৰ্ভমুণ্ডত পৰে, তাক ইতৰ-পৰাগযোগ বোলা হয়। ইয়াৰ বাবে কিছুমান মাধ্যমৰ প্ৰয়োজন হয়।
পৰাগযোগৰ মাধ্যমবোৰ (Mediums of Pollination) হৈছে-
অজৈৱিক (Abiotic):
বতাহ (Wind)
পানী (Water)
জৈৱিক (Biotic):
পতংগ (Insect)
চৰাই (Bird)
বাদুলি (Bat)
সৰীসৃপ (Reptiles)
এন্দুৰ আদি স্তন্যপায়ী (Rodents and other mammals)
ইতৰ-পৰাগযোগৰ কৌশল (Contrivances for Cross-Pollination):
উদ্ভিদে ইতৰ-পৰাগযোগ নিশ্চিত কৰিবলৈ ব্যৱহাৰ কৰা কৌশলসমূহ হ’ল:
একলিংগতা (Unisexuality):
যেতিয়া ফুলবোৰ একলিংগী হয় (অৰ্থাৎ কেৱল পুং বা কেৱল স্ত্ৰী জনন অংগ থাকে), তেতিয়া স্ব-পৰাগযোগ অসম্ভৱ হৈ পৰে। উদাহৰণ – মাকৈ, লাউ আৰু অমিতা ফুল।
স্ব-বন্ধ্যাত্ব (Self-sterility):
কিছুমান ফুলত, নিজৰ পৰাগৰেণুৱে সেই ফুলটোৰ গৰ্ভমুণ্ডত অংকুৰণ কৰিব নোৱাৰে, যাৰ ফলত ইতৰ-পৰাগযোগ অনিবাৰ্য হৈ পৰে।
উদাহৰণ – চাহ গছৰ ফুল, জনুকলতা ফুল।
ভিন্ন গৰ্ভদণ্ড (Heterostyly):
কেতিয়াবা দীঘল গৰ্ভদণ্ড আৰু চুটি গৰ্ভদণ্ড হোৱা বাবে অৰ্থাৎ গৰ্ভদণ্ড আৰু পুংকেশৰৰ দৈৰ্ঘ্য ভিন্ন হোৱাৰ বাবেও স্ব-পৰাগযোগত বাধা জন্মে।
উদাহৰণ – প্ৰীমৰুজ ফুল।
অসম পৰিণতি (Dichogany):
উভয়লিংগী ফুলত পুংকেশৰ আৰু স্ত্ৰীকেশৰ একে সময়ত পূৰঠ নহলে ইতৰ পৰাগযোগ হয়। যেনে – ভেণ্ডি, নাৰ্জী, কপাহ ফুল।
পৰাগযোগৰ উপকাৰিতা (Benefits of Pollination):
পৰাগযোগৰ বহুতো গুৰুত্বপূৰ্ণ উপকাৰিতা আছে, যি উদ্ভিদ জগত আৰু সমগ্ৰ পৰিস্থিতিতন্ত্ৰৰ বাবে অপৰিহাৰ্য।
পৰাগযোগৰ (Pollination) মুখ্য উপকাৰিতাসমূহ-
ফল আৰু বীজৰ সৃষ্টি:
পৰাগযোগৰ ফলতে উদ্ভিদৰ নিষিক্তকৰণ (fertilization) হয়, যাৰ ফলত ফল আৰু বীজৰ সৃষ্টি হয়। এই বীজবোৰৰ পৰাই নতুন উদ্ভিদৰ জন্ম হয়, যি উদ্ভিদৰ বংশবৃদ্ধি নিশ্চিত কৰে।
খাদ্য উৎপাদন:
মানুহ আৰু আন জীৱ-জন্তুৰ বাবে প্ৰয়োজনীয় বেছিভাগ খাদ্য শস্য, যেনে— ধান, ঘেঁহু, মাহ, ফল-মূল (আম, আপেল, কমলা) আৰু শাক-পাচলিৰ উৎপাদন সম্পূৰ্ণৰূপে পৰাগযোগৰ ওপৰত নিৰ্ভৰশীল।
জিনীয় ভিন্নতা (Genetic Variation):
বিশেষকৈ ইতৰ-পৰাগযোগ (Cross-pollination)-এ দুটা ভিন্ন উদ্ভিদৰ জিনীয় পদাৰ্থৰ সংমিশ্ৰণ ঘটায়। ইয়াৰ ফলত সৃষ্টি হোৱা নতুন উদ্ভিদবোৰ অধিক শক্তিশালী, পৰিৱৰ্তিত পৰিৱেশৰ লগত খাপ খাব পৰা আৰু ৰোগ প্ৰতিৰোধী হ’ব পাৰে।
পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্য ৰক্ষা:
পৰাগযোগৰ অবিহনে বহুতো উদ্ভিদ বিলুপ্ত হৈ যাব। ইয়াৰ ফলত সেইবোৰৰ ওপৰত নিৰ্ভৰশীল তৃণভোজী প্ৰাণীবোৰ খাদ্যৰ অভাৱত পৰিব। পৰাগযোগকাৰী যেনে— মৌমাখি, পখিলা, চৰাই আদিয়েও উদ্ভিদৰ পৰা খাদ্য আহৰণ কৰে। এনেদৰে ই সমগ্ৰ খাদ্য শৃংখল আৰু পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্য ৰক্ষা কৰে।
অৰ্থনৈতিক অৱদান:
কৃষি কাৰ্য সম্পূৰ্ণৰূপে পৰাগযোগৰ ওপৰত নিৰ্ভৰশীল। সফল পৰাগযোগৰ অবিহনে শস্যৰ উৎপাদন কমি যাব, যিয়ে বিশ্বৰ অৰ্থনীতিত বিৰূপ প্ৰভাৱ পেলাব
MOCK TEST SERIES
| Mock Test Series On General Science (TET/ADRE/RRB/SSC/APSC/Assam Police Written Exam Special) – Click Here | Click Here |
| Mock Test Series On Assam History (TET/ADRE/RRB/SSC/APSC/Assam Police Written Exam Special) – Click Here | Click Here |
| Mock Test Series On Indian History (TET/ADRE/RRB/SSC/APSC/Assam Police Written Exam Special) | Click Here |
| Mock Test Series On Assam Geography (TET/ADRE/RRB/SSC/APSC/Assam Police Written Exam Special) | Click Here |
| Mock Test Series On Assam Economy (TET/ADRE/RRB/SSC/APSC/Assam Police Written Exam Special) | Click Here |
| Mock Test Series On Movies & Awards (TET/ADRE/RRB/SSC/APSC/Assam Police Written Exam Special) | Click Here |