8. HUMAN HEALTH AND DISEASE (মানুহৰ স্বাস্থ্য আৰু ৰোগ)

Short questions with answers (চুমু প্ৰশ্নোত্তৰ)

 

1. স্বাস্থ্য (Health) ৰ সংজ্ঞা দিয়া।

উত্তৰ: সুস্থ শাৰীৰিক, মানসিক আৰু সামাজিক অৱস্থাকে স্বাস্থ্য বোলে।

2. ৰোগ (Disease) ৰ সংজ্ঞা দিয়া।

উত্তৰ: দেহ (body) আৰু মনৰ অস্বাভাৱিক অৱস্থাক ৰোগ বোলে।

3. ৰোগোৎপাদক (Pathogen) কাক বোলে?

উত্তৰ: মানুহৰ দেহত ৰোগ সৃষ্টিকাৰী কাৰকসমূহক ৰোগোৎপাদক (Pathogen) বোলে। এইবোৰ ভাইৰাছ (virus), বেক্টেৰিয়া ( bacteria), ভেঁকুৰ (fungus), অন্তঃপৰজীৱী (endoparasite) বা অন্যান্য যিকোনো বস্তু হ’ব পাৰে যিবোৰে ৰোগ সৃষ্টি কৰে।

4. টাইফইড (Typhoid) বেমাৰ ধৰা পেলাবলৈ কি পৰীক্ষা কৰা হয়?

উত্তৰ: ৱাইডল পৰীক্ষা (Widal Test)।

5. টাইফইড (Typhoid) বেমাৰৰ লক্ষণসমূহ কি কি?

উত্তৰ: টাইফইড (Typhoid) বেমাৰৰ লক্ষণসমূহ হ’ল – তীব্ৰ জ্বৰ, পেটৰ বিষ, দুৰ্বলতা (weakness), মূৰৰ বিষ, খোৱা লোৱাৰ প্ৰতি অনিহা আদি। অধিক সংক্ৰমণ হলে অন্ত্ৰৰ বেৰত ফুটা বা ছিদ্ৰ হৈ ৰোগী মৃত্যুমুখত পৰে।

6. টাইফইড (Typhoid) বেমাৰৰ কাৰক বীজাণুৰ নাম কি?

উত্তৰ: চালম’নেলা টাইফি (Salmonella typhi)

7. নিউম’নিয়া (Pneumonia) বেমাৰৰ কাৰক বীজাণু কি? ইয়াৰ লক্ষণসমূহ কি কি?

উত্তৰ: streptococcus pneumoniae আৰু Haemophilia influenza নামৰ বেক্টেৰিয়াৰ দ্বাৰা নিউম’নিয়া বেমাৰ হয়। ইয়াৰ লক্ষণসমূহ হ’ল –

আক্ৰান্ত ব্যক্তিৰ হাওঁফাওঁ (lungs) ৰ বায়ুকোষ (alveoli) বোৰ তৰল পদাৰ্থৰ ভৰি পৰে ফলত উশাহ লোৱাত কষ্ট হয়। তদুপৰি জ্বৰ, কাঁহ, মূৰৰ বিষ আদি লক্ষণে দেখা দিয়ে।

পৰিষ্কাৰ পৰিচ্ছনতা অৱলম্বন কৰিলে ইয়াৰ পৰা হাত সাৰি থাকিব পাৰি।

8. পানীলগা বেমাৰ (Common cold) ৰ লক্ষণ বোৰ কি কি?

উত্তৰ: এই ৰোগ ৰাইন’ ভাইৰাছ (Rhino virus) r দ্বাৰা হয়। ৰোগীৰ নাক জ্বলা পোৰা কৰা, ডিঙিৰ চৰচৰণি, কাহ, মূৰৰ বিষ, খোৱা লোৱাৰ প্ৰতি অনীহা সেঙুন ওলোৱা আদি লক্ষণে দেখা দিয়ে

9. এমীবীয় গ্ৰহণী (Amoebiasis) ৰোগৰ কাৰক বীজাণু কি? ইয়াৰ লক্ষণবোৰ কি কি? ৰোগ নিয়ন্ত্ৰনৰ উপায়বোৰ কি কি?

উত্তৰ: কাৰক বীজাণু হ’ল এন্টামিবা হিষ্ট’লাইটিকা (Entamoeba histolytica)

ইয়াৰ লক্ষণবোৰ হ’ল আক্ৰান্ত ব্যক্তিৰ শৌচৰ লগত তেজ আৰু শ্লেষ্মা ওলায়, ঘমে ঘনে শৌচ হয়, পেটৰ বিষ হয়।

ৰোগ নিয়ন্ত্ৰনৰ বাবে পৰিষ্কাৰ পৰিচ্ছন্নতা অতি দৰকাৰ। পানী বা গাখীৰ উতলাই খাবলৈ লগে। ফলমূল বা শাক-পাচলি পানীত ধুই ল’ব লাগে। আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শত আহিব নালাগে।

10.এছকাৰিয়াচিছ (Ascariasis) কি? ইয়াৰ লক্ষণবোৰ কি কি?

উত্তৰ: এছকাৰিয়াচিছ হ’ল এছকাৰিছ বা ঘূৰণীয়া কৃমিৰ দ্বাৰা হোৱা ৰোগ।

ইয়াৰ লক্ষণবোৰ হ’ল আক্ৰান্ত ব্যক্তিৰ অন্ত্ৰ (intestine) ত তেজ ক্ষৰণ হয়, মাংসপেশীৰ বিষ, জ্বৰ, ৰক্তহীনত, দুৰ্বলতা ইত্যাদি

খোৱা বস্তু ভালদৰে ধুই পৰিষ্কাৰ কৰি খাব লগে যাতে বেমাৰ সংক্ৰমণ হ’ব নোৱাৰে।

11. ফাইলেৰিয়াছিচ বা গোধ বেমাৰ (Elephantiasis or filariasis) কি? ইয়াৰ লক্ষণ বোৰ কি কি? ইয়াৰ প্ৰতিকাৰৰ উপায় লিখা।

উত্তৰ: Wachereria bancrofti আৰু W. malayi নামৰ কৃমি পৰজীৱীৰ দ্বাৰা এই বেমাৰ হয়।

মাইকী কিউলেক্স (Culex) মহে আক্ৰান্ত ব্যক্তিক কামুৰিলে পৰজীৱীবিধ মহৰ দেহত সোমায় আৰু এই মহে সুস্থ ব্যক্তিক কামুৰিলে মহৰ লালটিৰ লগত পৰজীৱীবিধ সুস্থ মানুহৰ দেহত প্ৰৱেশ কৰে। ই সাধাৰণতে লসিকা নলী (Lymphatic vessels) ত আক্ৰমণ কৰে। এই ৰোগৰ ফলত ৰোগীৰ ভৰি তথা যৌন অংগ ফুলি বিশাল আকৃতিৰ ধাৰণ কৰে।

ইয়াৰ পৰা বাচি থকাৰ উপায় হ’ল কিউলেক্স মহৰ বংশবৃদ্ধি ৰোধ কৰা, আঠুৱা ব্যৱহাৰ কৰা, নলা নৰ্দমাত পানী জমা হ’ব নিদিয়া, কীটনাশক ব্যৱহাৰ কৰি মহৰ বৃদ্ধি ৰোধ কৰা।

12. ৰিংৱৰ্ম বা খৰ (Ring worm) ৰোগৰ কাৰক বীজাণু কি? লক্ষণবোৰ কি কি? প্ৰতিকাৰৰ উপাই লিখা।

উত্তৰ: Micosporum, Trichophyton Epidermophyton আদি কেইবাটাও প্ৰজাতিৰ ভেঁকুৰৰ দ্বাৰা এই ৰোগ হয়।

ইয়াৰ দ্বাৰা নখ, ছাল আদি আক্ৰান্ত হয়। আক্ৰান্ত অঞ্চলত খজুৱতি হয় আৰু উখহী উঠে।

ইয়াৰ প্ৰতিকাৰ হ’ল আক্ৰান্ত ব্যক্তিৰ কাপোৰ বা আন আন বস্তু ব্যৱহাৰ কৰিব নালাগে। সদাই পৰিষ্কাৰ হৈ থাকিব লাগে।

13.

 

 

 

Get HS and HSLC final year question paper in pdf.

X