HUMAN HEALTH AND DISEASE (মানুহৰ স্বাস্থ্য আৰু ৰোগ): Class 12 Biology

Human Health And Disease (মানুহৰ স্বাস্থ্য আৰু ৰোগ):

সুস্থ শৰীৰ আৰু সুস্থ মনৰ অৱস্থাক স্বাস্থ্য বোলে। একেদৰে দেহ আৰু মনৰ অস্বাভাৱিক অৱস্থাক ৰোগ বোলে। জীৱন জীয়াই থাকিবলৈ সুস্থ শৰীৰ আৰু সুস্থ মানসিক অৱস্থাৰ প্ৰয়োজন আছে। ৰুগীয়া শৰীৰে জীৱন জীয়াই থকাৰ হেঁপাহ হ্ৰাস কৰে। ই এক ব্যধি। বিভিন্ন ধৰণৰ কাৰক যেনে – ভাইৰাছ, বেক্টেৰিয়া, ভেঁকুৰ, আদ্যপ্ৰাণী আদিয়ে আমাৰ শৰীৰত ৰোগৰ সৃষ্টি কৰে। আমাৰ শৰীৰত থকা অসংক্ৰা তন্ত্ৰই অহৰহ এনেবোৰ বেমাৰৰ বীজাণুৰ বিৰুদ্ধে যুঁজ কৰি আছে। এই অধ্যায়ত বিভিন্ন ধৰণৰ বেমাৰ যেনে – কলেৰা, টাইফয়ড, মেলেৰিয়া, কেন্সাৰ, AIDS আদিৰ কাৰক বীজাণুৰ নাম আৰু লগতে বেমাৰৰ লক্ষণসমূহ আলোচনা কৰা হৈছে। তদুপৰি আমাৰ শৰীৰত থকা অসংক্ৰাম্য তন্ত্ৰৰ বিভিন্ন উপাদান সমূহৰ বিষয়ে জানিব পাৰিবা।

Short questions with answers (চমু প্ৰশ্নোত্তৰ)

1. স্বাস্থ্য (Health) ৰ সংজ্ঞা দিয়া।

উত্তৰ: সুস্থ শাৰীৰিক, মানসিক আৰু সামাজিক অৱস্থাকে স্বাস্থ্য বোলে।

2. ৰোগ (Disease) ৰ সংজ্ঞা দিয়া।

উত্তৰ: দেহ (body) আৰু মনৰ অস্বাভাৱিক অৱস্থাক ৰোগ বোলে।

3. ৰোগোৎপাদক (Pathogen) কাক বোলে?

উত্তৰ: মানুহৰ দেহত ৰোগ সৃষ্টিকাৰী কাৰকসমূহক ৰোগোৎপাদক (Pathogen) বোলে। এইবোৰ ভাইৰাছ (virus), বেক্টেৰিয়া ( bacteria), ভেঁকুৰ (fungus), অন্তঃপৰজীৱী (endoparasite) বা অন্যান্য যিকোনো বস্তু হ’ব পাৰে যিবোৰে ৰোগ সৃষ্টি কৰে।

4. টাইফইড (Typhoid) বেমাৰ ধৰা পেলাবলৈ কি পৰীক্ষা কৰা হয়?

উত্তৰ: ৱাইডল পৰীক্ষা (Widal Test)।

5. টাইফইড (Typhoid) বেমাৰৰ লক্ষণসমূহ কি কি?

উত্তৰ: টাইফইড (Typhoid) বেমাৰৰ লক্ষণসমূহ হ’ল – তীব্ৰ জ্বৰ, পেটৰ বিষ, দুৰ্বলতা (weakness), মূৰৰ বিষ, খোৱা লোৱাৰ প্ৰতি অনিহা আদি। অধিক সংক্ৰমণ হলে অন্ত্ৰৰ বেৰত ফুটা বা ছিদ্ৰ হৈ ৰোগী মৃত্যুমুখত পৰে।

6. টাইফইড (Typhoid) বেমাৰৰ কাৰক বীজাণুৰ নাম কি?

উত্তৰ: চালম’নেলা টাইফি (Salmonella typhi)

7. নিউম’নিয়া (Pneumonia) বেমাৰৰ কাৰক বীজাণু কি? ইয়াৰ লক্ষণসমূহ কি কি?

উত্তৰ: streptococcus pneumoniae আৰু Haemophilia influenza নামৰ বেক্টেৰিয়াৰ দ্বাৰা নিউম’নিয়া বেমাৰ হয়। ইয়াৰ লক্ষণসমূহ হ’ল –

আক্ৰান্ত ব্যক্তিৰ হাওঁফাওঁ (lungs) ৰ বায়ুকোষ (alveoli) বোৰ তৰল পদাৰ্থৰ ভৰি পৰে ফলত উশাহ লোৱাত কষ্ট হয়। তদুপৰি জ্বৰ, কাঁহ, মূৰৰ বিষ আদি লক্ষণে দেখা দিয়ে।

পৰিষ্কাৰ পৰিচ্ছনতা অৱলম্বন কৰিলে ইয়াৰ পৰা হাত সাৰি থাকিব পাৰি।

8. পানীলগা বেমাৰ (Common cold) ৰ লক্ষণ বোৰ কি কি?

উত্তৰ: এই ৰোগ ৰাইন’ ভাইৰাছ (Rhino virus) r দ্বাৰা হয়। ৰোগীৰ নাক জ্বলা পোৰা কৰা, ডিঙিৰ চৰচৰণি, কাহ, মূৰৰ বিষ, খোৱা লোৱাৰ প্ৰতি অনীহা সেঙুন ওলোৱা আদি লক্ষণে দেখা দিয়ে

9. এমীবীয় গ্ৰহণী (Amoebiasis) ৰোগৰ কাৰক বীজাণু কি? ইয়াৰ লক্ষণবোৰ কি কি? ৰোগ নিয়ন্ত্ৰনৰ উপায়বোৰ কি কি?

উত্তৰ: কাৰক বীজাণু হ’ল এন্টামিবা হিষ্ট’লাইটিকা (Entamoeba histolytica)

ইয়াৰ লক্ষণবোৰ হ’ল আক্ৰান্ত ব্যক্তিৰ শৌচৰ লগত তেজ আৰু শ্লেষ্মা ওলায়, ঘমে ঘনে শৌচ হয়, পেটৰ বিষ হয়।

ৰোগ নিয়ন্ত্ৰনৰ বাবে পৰিষ্কাৰ পৰিচ্ছন্নতা অতি দৰকাৰ। পানী বা গাখীৰ উতলাই খাবলৈ লগে। ফলমূল বা শাক-পাচলি পানীত ধুই ল’ব লাগে। আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শত আহিব নালাগে।

10.এছকাৰিয়াচিছ (Ascariasis) কি? ইয়াৰ লক্ষণবোৰ কি কি?

উত্তৰ: এছকাৰিয়াচিছ হ’ল এছকাৰিছ বা ঘূৰণীয়া কৃমিৰ দ্বাৰা হোৱা ৰোগ।

ইয়াৰ লক্ষণবোৰ হ’ল আক্ৰান্ত ব্যক্তিৰ অন্ত্ৰ (intestine) ত তেজ ক্ষৰণ হয়, মাংসপেশীৰ বিষ, জ্বৰ, ৰক্তহীনত, দুৰ্বলতা ইত্যাদি

খোৱা বস্তু ভালদৰে ধুই পৰিষ্কাৰ কৰি খাব লগে যাতে বেমাৰ সংক্ৰমণ হ’ব নোৱাৰে।

11. ফাইলেৰিয়াছিচ বা গোধ বেমাৰ (Elephantiasis or filariasis) কি? ইয়াৰ লক্ষণ বোৰ কি কি? ইয়াৰ প্ৰতিকাৰৰ উপায় লিখা।

উত্তৰ: Wachereria bancrofti আৰু W. malayi নামৰ কৃমি পৰজীৱীৰ দ্বাৰা এই বেমাৰ হয়।

মাইকী কিউলেক্স (Culex) মহে আক্ৰান্ত ব্যক্তিক কামুৰিলে পৰজীৱীবিধ মহৰ দেহত সোমায় আৰু এই মহে সুস্থ ব্যক্তিক কামুৰিলে মহৰ লালটিৰ লগত পৰজীৱীবিধ সুস্থ মানুহৰ দেহত প্ৰৱেশ কৰে। ই সাধাৰণতে লসিকা নলী (Lymphatic vessels) ত আক্ৰমণ কৰে। এই ৰোগৰ ফলত ৰোগীৰ ভৰি তথা যৌন অংগ ফুলি বিশাল আকৃতিৰ ধাৰণ কৰে।

ইয়াৰ পৰা বাচি থকাৰ উপায় হ’ল কিউলেক্স মহৰ বংশবৃদ্ধি ৰোধ কৰা, আঠুৱা ব্যৱহাৰ কৰা, নলা নৰ্দমাত পানী জমা হ’ব নিদিয়া, কীটনাশক ব্যৱহাৰ কৰি মহৰ বৃদ্ধি ৰোধ কৰা।

12. ৰিংৱৰ্ম বা খৰ (Ring worm) ৰোগৰ কাৰক বীজাণু কি? লক্ষণবোৰ কি কি? প্ৰতিকাৰৰ উপাই লিখা।

উত্তৰ: Micosporum, Trichophyton Epidermophyton আদি কেইবাটাও প্ৰজাতিৰ ভেঁকুৰৰ দ্বাৰা এই ৰোগ হয়।

ইয়াৰ দ্বাৰা নখ, ছাল আদি আক্ৰান্ত হয়। আক্ৰান্ত অঞ্চলত খজুৱতি হয় আৰু উখহী উঠে।

ইয়াৰ প্ৰতিকাৰ হ’ল আক্ৰান্ত ব্যক্তিৰ কাপোৰ বা আন আন বস্তু ব্যৱহাৰ কৰিব নালাগে। সদাই পৰিষ্কাৰ হৈ থাকিব লাগে।

13. কৰ্কট (Cancer) ৰোগ কি? ইয়াৰ কাৰণ কি কি?

উত্তৰ: আমাৰ দেহত কোষ সমূহ যেতিয়া নিজৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলাই অৰ্থাৎ অনিয়ন্ত্ৰিত ভাৱে বৃদ্ধি হৈ গৈ থাকে তেতিয়া তাক কৰ্কট ৰোগ বোলে। কৰ্কট ৰোগ হলে কোষ সমূহ অতি বৃদ্ধি হৈ টেমুনাৰ সৃষ্টি কৰে। ইয়াক টিউমাৰ (tumor) বোলে।

কৰ্কট ৰোগৰ কাৰণ সমূহ –

(i) মাদক দ্ৰব্য, ৰাসায়নিক বস্তু, ঔষধ, তেজস্ক্ৰিয় ৰশ্মিৰ প্ৰভাৱত কোষত থকা DNA ত উৎপৰিবৰ্ৱতন ঘটে ফলত কোষ নিয়ন্ত্ৰণ ক্ষমতা হেৰুৱাই পেলায়।

(ii) কিছুমান অংকুজেনিক ভাইৰাছ (Oncogenic virus) ৰ প্ৰভাৱত কৰ্কট ৰোগ হব পাৰে।

(iii) ধুমপান বেছিকৈ কৰিলে নিকটিনৰ (Nicotin) প্ৰভাৱত কৰ্কট ৰোগ হয়।

(iv) দূষিত বায়ু বা ধোঁৱা আদিৰ পৰা অথবা ধূলি মাকতি আদিৰ প্ৰভাৱত হাঁওফাঁওৰ কৰ্কট ৰোগ হয়।

14. AIDS কি? ইয়াৰ কাৰণসমূহ কি কি?

উত্তৰ: AIDS বা Acquired Immuno Deficiency Syndrome হল HIV ভাইৰাছৰ দ্বাৰা হোৱা এবিধ ৰোগ। এই ৰোগত মানুহৰ শ্বেত ৰক্ত কোষ সমূহ ধ্বংসপ্ৰাপ্ত হয় ফলত অসংক্ৰম্য তন্ত্ৰ দুৰ্বল হৈ পৰে। ইয়াৰ কাৰণ হল

(i) অনিয়ন্ত্ৰিত যৌন সম্পৰ্ক: অচিনাকি ব্যক্তিৰ লগত একাধিকবাৰ যৌন সম্পৰ্ক কৰাৰ ফলত আক্ৰান্ত ব্যক্তিৰ পৰা সুস্থ ব্যক্তিৰ দেহত এই ভাইৰাছ বিয়পায়।

(ii) ৰক্ত সঞ্চাৰণ: AIDS আক্ৰান্ত ব্যক্তিৰ পৰা তেজ সুস্থ ব্যক্তিৰ দেহত দিলে এই বীজাণু সঞ্চাৰিত হয়।

(iii) অংগ সংস্থাপনৰ দ্বাৰা: AIDS আক্ৰান্ত ব্যক্তিৰ পৰা অংগ সুস্থ ব্যক্তিৰ দেহত সংস্থাপনৰ কৰিলে এই বীজাণু সুস্থ ব্যক্তিৰ দেহত যায়।

15. কৰ্কট ৰোগ (Cancer) ধৰা পেলাবলৈ কি কি পৰীক্ষাত কৰা হয়?

উত্তৰ: কৰ্কট ৰোগ ধৰা পেলাবলৈ বায়োপচি (Biopsy) কৰা হয়। ইয়াৰ উপৰিও CT scan, MRI আৰু X ray আদিৰ দ্বাৰাও কৰ্কট ৰোগ ধৰা পেলোৱা হয়।

16. কৰ্কট ৰোগৰ চিকিৎসা পদ্ধতি সমূহ কি কি?

উত্তৰ: কৰ্কট ৰোগ ধৰা পেলোৱাৰ পিছত তিনি ধৰণে ইয়াৰ চিকিৎসা কৰা হয়

(i) শল্য চিকিৎসা (Surgery): এই প্ৰক্ৰিয়াৰ দ্বাৰা কৰ্কট হোৱা স্থানৰ পৰা আক্ৰান্ত অংশ কাটি আঁতৰাই দিয়া হয়।

(ii) তেজস্ক্ৰিয় ৰশ্মিৰ ব্যৱহাৰ (Radiotherepy): ইয়াৰ দ্বাৰা আক্ৰান্ত অঞ্চল তেজস্ক্ৰিয় ৰশ্মি ব্যৱহাৰ কৰি পাৰি পেলোৱা হয়।

(iii) ঔষধৰ ব্যৱহাৰ (Chemotherapy): বিভিন্ন ধৰণৰ ঔষধ ব্যৱহাৰ কৰি আক্ৰান্ত অঞ্চললৈ ৰক্ত চলাচল বন্ধ কৰি দিয়া হয় যাতে কোষ সমূহ মৰি যায় আৰু ৰোগ বিস্তাৰ হব নোৱাৰে।

17. অসংক্ৰম্যতা (Immunity) কি? ই কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰ: আমাৰ শৰীৰত বেমাৰৰ বিৰুদ্ধে যুঁজ দিব পৰা ক্ষমতাক অসংক্ৰম্যতা বোলে। ইয়াৰ লগত জঢ়িত কলা আৰু অংগসমূহক একলগে অসংক্রাম্য তন্ত্ৰ বোলে। ই দুই প্ৰকাৰৰ –

(i) জন্মগত অসংক্ৰম্যতা (Innate Immunity): আমাৰ শৰীৰত জন্মৰ পৰা বিভিন্ন প্ৰকাৰৰ শ্বেত ৰক্ত কণিকা থাকে যিবোৰ বেমাৰৰ বিৰুদ্ধে যুঁজ দিয়ে। ইয়াৰ উপৰিও শাৰীৰিক প্ৰতিবন্ধক (ছাল), আভ্যন্তৰীণ প্ৰতিবন্ধক (উৎসেচক) আদিয়ে শৰীৰত বীজাণু সোমোৱাত বাধা দিয়ে।

(ii) আর্জিত অসংক্ৰম্যতা (Acquired Immunity): এনে অসংক্ৰম্যতা জন্মৰ পিছত পৰিৱেশৰ পৰা লাভ কৰে। আমাৰ শৰীৰত বীজাণু সোমালে দ্ৰুত গতিত এন্টিবডি (Antibody) সৃষ্টি হয় আৰু বীজাণু ধ্বংস কৰে।

Home work:

18. Antibody কি? ইয়াৰ গঠন বৰ্ণনা কৰা।

19. T Lymphocytes আৰু B Lymphocytes ৰ মাজত থকা পাৰ্থক্য লিখা।

20. ছিটা বা Vaccination কি? ইয়াৰ উপকাৰিতা সমূহ লিখা।

21. সক্ৰিয় আৰু নিস্ক্ৰিয় অসংক্ৰম্যত কি?

 

MOCK TEST SERIES

Mock Test Series On General Science (TET/ADRE/RRB/SSC/APSC/Assam Police Written Exam Special) – Click HereClick Here
Mock Test Series On Assam History (TET/ADRE/RRB/SSC/APSC/Assam Police Written Exam Special) – Click HereClick Here
Mock Test Series On Indian History (TET/ADRE/RRB/SSC/APSC/Assam Police Written Exam Special)Click Here
Mock Test Series On Assam Geography (TET/ADRE/RRB/SSC/APSC/Assam Police Written Exam Special)Click Here
Mock Test Series On Assam Economy (TET/ADRE/RRB/SSC/APSC/Assam Police Written Exam Special)Click Here
Mock Test Series On Movies & Awards (TET/ADRE/RRB/SSC/APSC/Assam Police Written Exam Special)Click Here

Latest Posts

  • Assam HS Result 2026: AHSEC Class 12 Result Date, Direct Link, and How to Check Online
    Result Link Below Assam HS Result 2026: AHSEC Class 12 Result Date, Direct Link, and How to Check Online (অসম উচ্চতৰ মাধ্যমিক ফলাফল ২০২৬: AHSEC দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণাৰ তাৰিখ আৰু পোনপটীয়া লিংক) The Assam State School Education Board (ASSEB), formerly known as AHSEC, is preparing to announce the Assam HS Result 2026. Following the…
  • পুতিজল (Sewage) কি? জীৱাণু ব্যৱহাৰ কৰি পুতিজল পৰিষ্কাৰ (Sewage Treatment) কৰা পদ্ধতিৰ বিষয়ে আলোচনা কৰা। Class 12 Biology
    পুতিজলৰ সংজ্ঞা (Definition): পুতিজল (Sewage) কাক বোলে ?– নগৰ-চহৰত থকা ঘৰ, কাৰখানা, বজাৰ আদিৰ পৰা নিৰ্গত হোৱা বৰ্জিত পদাৰ্থ, মানুহৰ মল-মূত্ৰ আৰু আৱৰ্জনা মিহলি হৈ থকা দূষিত পানী নলা-নৰ্দমাত জমা হয়। এই পানী অৱশেষত গৈ নদী বা পুখুৰীত মিলিত হয়। ইয়াক পুতিজল (Sewage) বোলে। পুতিজলৰ বিষয়ে চমু বিৱৰণ: ইয়াৰ বৈশিষ্ট্য(i) এই পানীত গেলা-পচা বস্তু, জাবৰ-জোথৰ,…
  • General Science (সাধাৰণ বিজ্ঞান) Class 10: Important MCQs with Answers From All Chapters Both in English And Assamese
    সাধাৰণ বিজ্ঞান (General Science) – দশম শ্ৰেণী SEBA/HSLC সাধাৰণ বিজ্ঞান হৈছে SEBA (Board of Secondary Education, Assam) দশম শ্ৰেণীৰ HSLC পৰীক্ষাৰ এক মুখ্য বিষয়। এই বিষয়টোৱে ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান আৰু ভৌতিক বিজ্ঞানৰ মৌলিক ধাৰণাসমূহ সামৰি লৈছে, যিয়ে ছাত্ৰ-ছাত্ৰীসকলক পৰিৱেশ, জীৱন প্ৰক্ৰিয়া আৰু প্ৰাকৃতিক নিয়মসমূহৰ বিজ্ঞানসন্মত বুজাবুজি প্ৰদান কৰে। NCERT ভিত্তিক এই পাঠ্যক্ৰমত মুঠ 16…
  • The Human Eye and the Colorful World (মানৱ চকু আৰু ৰঙীন জগত): High Scoring 20 MCQs for HSLC Exam
    The Human Eye and the Colourful World (মানৱ চকু আৰু ৰঙীন জগত): এই অধ্যায়ত আমি মানৱ চকুৰ গঠন, কাৰ্য্য, দৃষ্টিৰ ত্ৰুটি আৰু সংশোধন, পোহৰৰ বিচ্ছুৰণ (dispersion), বায়ুমণ্ডলীয় প্ৰতিফলন (atmospheric refraction), পোহৰৰ বিচ্ছুৰণ (scattering) আৰু প্ৰাকৃতিক ঘটনা যেনে ধুমুহাৰ ঝলকনি, সূৰ্য্যৰ ৰঙা ৰং, আকাশৰ নীলা ৰং আদিৰ বিষয়ে আলোচনা কৰা হয়। এইবোৰ NCERT/SEBA দশম শ্ৰেণীৰ বিজ্ঞান…
  • Life Processes (জীৱন প্ৰক্ৰিয়া): Class 10 Science- Important 20 MCQs
    Life Processes (জীৱন প্ৰক্ৰিয়া): জীৱন প্ৰক্ৰিয়া (Life Processes) জীৱন প্ৰক্ৰিয়া (Life Processes) হৈছে সকলো জীৱৰ দেহত অনবৰতে চলি থকা অতি প্ৰয়োজনীয় কাৰ্য্যসমূহ, যিয়ে জীৱটোক জীয়াই ৰাখে আৰু বৃদ্ধি, চলন আৰু প্ৰজননত সহায় কৰে। এই প্ৰক্ৰিয়াসমূহৰ ভিতৰত মুখ্য হৈছে পৰিপুষ্টি (Nutrition), শ্বসন (Respiration), পৰিবহন (Transportation), ৰেচন (Excretion) আদি। এইবোৰৰ জৰিয়তে জীৱই পৰিৱেশৰ পৰা পুষ্টি আৰু অক্সিজেন…