Reproduction in Organisms (জীৱৰ প্ৰজনন): Class 12 Biology High Scoring Questions Free

Reproduction in Organism| Class 12 Biology | জীৱৰ প্ৰজনন | AHSEC | প্ৰজননৰ প্রকাৰসমূহ | অযৌন প্ৰজনন (Asexual Reproduction) | যৌন প্ৰজনন (Sexual Reproduction) | Characteristics of Reproduction | Importance of Reproduction | Methods of Asexual Reproduction

Reproduction in Organisms

Introduction:

আজিকালি চৰকাৰৰ লগতে অভিভাৱক সকলেও online শিক্ষাৰ প্ৰতি ভালেখিনি গুৰুত্ব আৰোপ কৰা দেখা যায়। বিদ্যালয় সমূহত বিভিন্ন ধৰণৰ Smart Class ৰ ব্যৱস্থা কৰি ছাত্ৰ ছাত্ৰী সকলক শিক্ষাৰ ক্ষেত্ৰত Digital মাধ্যমৰ ব্যৱহাৰৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ যত্নপৰ হৈছে। বৰ্তমান যুগত প্ৰতিজন ছাত্ৰ ছাত্ৰী তথা ব্যক্তিৰ লগতে মোবাইল ফোন আছে আৰু ইয়াৰ দ্বাৰা বিভিন্ন ধৰণৰ উপকাৰ হোৱা দেখা যায়। মোবাইল ফোনৰ ভাল আৰু বেয়া দুয়োটা দিশ আছে। ছাত্ৰ ছাত্ৰী সকলে সদায় Positive দিশটো আঁকোৱালি লোৱাৰ চেষ্টা কৰিব লাগে।

ইয়াত ছাত্ৰ ছাত্ৰী সকলে দ্বাদশ শ্ৰেণীৰ জীৱবিজ্ঞানৰ প্ৰথম অধ্যায়ৰ “জীৱৰ প্ৰজনন”  নামৰ পাঠটোৰ দৰকাৰী প্ৰশ্নোত্তৰসমূহ পাব। আশা কৰোঁ ছাত্ৰ ছাত্ৰী সকল ইয়াৰ দ্বাৰা উপকৃত হব।

REPRODUCTION IN ORGANISMS (জীৱৰ প্ৰজনন)

 প্ৰজনন (Reproduction) হৈছে এটা মৌলিক জৈৱিক প্ৰক্ৰিয়া যাৰ দ্বাৰা জীৱই নিজৰ প্ৰজাতিৰ ধাৰাবাহিকতা বজাই ৰাখিবলৈ সন্তান জন্ম দিয়ে। দ্বাদশ শ্ৰেণীৰ জীৱবিজ্ঞানত প্ৰজননক জীৱনৰ এক গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়া হিচাপে অধ্যয়ন কৰা হয়, যিয়ে জিনীয় ধাৰাবাহিকতা আৰু প্ৰজাতিৰ বিলুপ্তি ৰোধ কৰে। ইয়াক মুখ্যতঃ দুটা ভাগত ভাগ কৰা হয়: অযৌন প্ৰজনন (Asexual Reproduction)আৰু যৌন প্ৰজনন (Sexual Reproduction)

অযৌন প্ৰজনন (Asexual Reproduction):

ইয়াত এজন মাত্ৰ জননক জড়িত থাকে আৰু জিনীয়ভাৱে একে সন্তান উৎপন্ন হয়, যেনে বাইনাৰী বিভাজন, কলিকা উৎপত্তি, খণ্ডীকৰণ বা উদ্ভিদজননৰ দ্বাৰা। এইটো এককোষী জীৱ আৰু কিছুমান উদ্ভিদ তথা প্ৰাণীত সাধাৰণ, যিয়ে স্থিৰ পৰিৱেশত দ্ৰুত প্ৰজননৰ সুবিধা প্ৰদান কৰে।

যৌন প্ৰজনন (Sexual Reproduction):

ইয়াত দুজন জননকৰ পৰা জননকোষ (শুক্ৰাণু আৰু ডিম্বাণু)ৰ অৱদানৰ দ্বাৰা জিনীয়ভাৱে বৈচিত্ৰময় সন্তান উৎপন্ন হয়। এই প্ৰক্ৰিয়াত জননকোষ গঠন, সংনিষেক আৰু ভ্ৰূণৰ বিকাশ জড়িত থাকে, যি মানুহ, প্ৰাণী আৰু ফুলৰ উদ্ভিদৰ দৰে উচ্চ জীৱত প্ৰচলিত।

REPRODUCTION IN ORGANISMS (জীৱৰ প্ৰজনন):

অতি চমু প্ৰশ্নোত্তৰ

1. প্ৰজনন (Reproduction)কাক বোলে?
উত্তৰ: যি প্ৰক্ৰিয়াৰ দ্বাৰা জীৱই বংশ বিস্তাৰ কৰে তাক প্ৰজনন বোলে।

2. প্ৰজনন কেইপ্রকাৰৰ আৰু কি কি?
উত্তৰ: প্ৰজনন দুই প্ৰকাৰৰ।
১. অযৌন প্ৰজনন(Asexual Reproduction)আৰু   ২. যৌন প্ৰজনন (Sexual Reproduction)।

3. অযৌন প্ৰজনন কাক বোলে?
উত্তৰ: যি প্ৰজনন প্ৰক্ৰিয়াত কেৱল মাতৃ জীৱৰ পৰা নতুন অপত্য জীৱৰ সৃষ্টি হয় তাক অযৌন প্ৰজনন বোলে।

4. যৌন প্ৰজনন কাক বোলে?
উত্তৰ: যি প্ৰজনন প্ৰক্ৰিয়াত পিতৃ আৰু মাতৃ জীৱৰ মিলনৰ ফলত নতুন জীৱৰ সৃষ্টি হয় তাক যৌন প্ৰজনন বোলে।

5. অযৌন প্ৰজননৰ দ্বাৰা বংশবৃদ্ধি কৰা জীৱৰ উদাহৰণ দিয়া?
উত্তৰ: এমিবা, হাইড্ৰা, ইষ্ট, পেৰামাচিয়াম ইত্যাদি।

6. যোজন (Zygote) কোষ কি?
উত্তৰ: পুংজনন কোষ আৰু স্ত্ৰীজনন কোষৰ মিলনৰ ফলত সৃষ্টি হোৱা কোষটোক যোজন কোষ বোলে।

7. যোজন কোষত থকা ক্ৰমজম ৰ সংখ্যা কিমান?
উত্তৰ: দ্বিগুণ (2n)।

8. মানুহৰ দেহত থকা ক্ৰমজমৰ সংখ্যা কিমান?
উত্তৰ: 23 যোৰ (46 ডাল)।

9. ডিম্বজ (Oviparous) প্ৰাণী কি?

উত্তৰ: যিবোৰ প্ৰাণীৰ স্ত্ৰী ব্যক্তিয়ে কণী পাৰে কিন্তু পোৱালি জন্ম নিদিয়ে তেনেবোৰ প্ৰাণীক ডিম্বজ প্ৰাণী বোলে। উদাহৰণ – মাছ, ভেকুলী, সৰীসৃপ, চৰাই ইত্যাদি।

10. জৰায়ুজ (Viviparous) প্ৰাণী কি?

উত্তৰ: যিবোৰ প্ৰাণীৰ স্ত্ৰী ব্যক্তিয়ে কণী নাপাৰে, কিন্তু পোৱালি জন্ম দিয়ে আৰু পোৱালিয়ে মাকৰ গাখীৰ খাই ডাঙৰ দীঘল হয় তেনেবোৰ প্ৰাণীক জৰায়ুজ প্ৰাণী বোলে। উদাহৰণ – স্তন্যপায়ী প্ৰাণী।

11. দ্বিৰূপী যৌনতা (Sexual dimorphism) কি?

উত্তৰ: কোনো এক প্ৰজাতিৰ জীৱসমূহৰ পুৰুষ আৰু স্ত্ৰী প্ৰাণীৰ মাজত শাৰীৰিক গঠনৰ ভিন্নতা দেখা যায়। ইয়াক দ্বিৰূপী যৌনতা বোলে।

12. উভয়লিংগী ফুল (Bisexual flower) কি?

উত্তৰ: ফুল এপাহত যদি পুংকেশৰ আৰু স্ত্ৰীকেশৰ দুয়োবিধ একেলগে থাকে, তেতিয়া তেনেবোৰ ফুলক উভয়লিংগী ফুল বোলে।

13. একলিংগী ফুল (Unisexual flower) কি?

উত্তৰ: যেতিয়া কোনো ফুলত পুংকেশৰ আৰু স্ত্ৰীকেশৰৰ যিকোনো এটাহে থাকে, তেতিয়া তেনেবোৰ ফুলক একলিংগী ফুল বোলে।

14. উভয়লিংগী প্ৰাণীৰ উদাহৰণ দিয়া।

উত্তৰ: কেঁচু, জোক, ফিটাপেলু (Tape worm)।

15. মুকুলুদ্গম (Budding) ৰ দ্বাৰা বংশবিস্তাৰ কৰা এবিধ জীৱৰ নাম লিখা।

উত্তৰ: ইষ্ট (Yeast) নামৰ ভেঁকুৰ।

16. দ্বি-বিভাজনৰ (Binary fusion) ৰ দ্বাৰা বংশবিস্তাৰ কৰা এবিধ জীৱৰ নাম লিখা।

উত্তৰ: এমিবা।

17. জীৱন কাল (Life span) কাক বোলে?

উত্তৰ: জীৱৰ জন্মৰ পৰা প্ৰাকৃতিকভাৱে ঘটা মৃত্যুলৈকে এই সময়ছোৱাক জীৱন কাল বোলে।

18. ফল আৰু বীজ কিদৰে উৎপন্ন হয়?

উত্তৰ: সপুষ্পক উদ্ভিদৰ নিষেচনৰ পাছত গৰ্ভাশয় (ovary) ফললৈ আৰু ডিম্বক (ovule) বীজলৈ ৰূপান্তৰিত হয়।

19. সহযুগ্মন (syngamy) কাক বোলে?

উত্তৰ: পুংজনন কোষ আৰু স্ত্ৰীজনন কোষৰ মিলনক সহযুগ্মন বা নিষেচন বোলে।

20. অযৌন প্ৰজননৰ প্ৰাকৃতিক পদ্ধতিসমূহ (Natural methods) কি কি?

উত্তৰ: অযৌন প্ৰজননৰ প্ৰাকৃতিক পদ্ধতিসমূহ হ’ল –

(i) দ্বি-বিভাজন (Binary fusion): এই প্ৰক্ৰিয়াত মাতৃকোষ উপযুক্ত পৰিৱেশত মাইট’ছিছ (mitosis) বিভাজনৰ দ্বাৰা দুটা অপত্য কোষৰ সৃষ্টি কৰে। ই এক সৰল প্ৰক্ৰিয়া। উদাহৰণ – এমিবা, পেৰামেচিয়াম, ইউগ্লেনা আদিৰ দ্বি-বিভাজন।

(ii) বহুবিভাজন (Multiple fission): প্ৰতিকূল পাৰিপাৰ্শ্বিক অৱস্থাত কিছুমান প্ৰাণী যেনে এমিবা, প্লাজমডিয়াম আদিয়ে বহুবিভজন পদ্ধতিৰে বংশবৃদ্ধি কৰে। এই পদ্ধতিত মাতৃদেহৰ কোষকেন্দ্ৰটো মাইট’চিছ প্ৰক্ৰিয়াৰে বিভাজিত হৈ বহুতো অপত্য কোষকেন্দ্ৰৰ সৃষ্টি কৰে। পিছত চাইট’প্লাজমখিনি বিভক্ত হৈ বহুতো অপত্য কোষৰ সৃষ্টি কৰে। এই প্ৰক্ৰিয়াৰে এটা মাতৃদেহৰ পৰা বহুতো অপত্য কোষৰ সৃষ্টি হয়।

(iii) মুকুলুদ্গম (Budding): কিছুমান প্ৰাণী যেনে হাইড্ৰাৰ দেহৰ কোনো কোনো অংশ কোষবিভাজনৰ দ্বাৰা বৃদ্ধি হৈ মুকুল বা টেমুনাৰ সৃষ্টি কৰে। এই টেমুনা (bud) লাহে লাহে বৃদ্ধি হয় আৰু মাতৃদেহৰ পৰা বিচ্ছিন্ন হৈ নতুন হাইড্ৰাৰ সৃষ্টি কৰে।

(iv) পুনৰজনম (Regeneration): কিছুমান প্ৰাণীৰ দেহটো কিবা যান্ত্ৰিক কাৰণত টুকুৰা টুকুৰ হ’লে সেই প্ৰতিটো টুকুৰাৰ পৰা নতুন অপত্য প্ৰাণীৰ সৃষ্টি হয়। এই প্ৰক্ৰিয়াক পুনৰজনম (Regeneration) বোলে। উদাহৰণ : প্লনেৰিয়া।

21. যৌন প্ৰজননৰ তাৎপৰ্য বা গুৰুত্ব (Significance) বৰ্ণনা কৰা।

উত্তৰ: যি প্ৰজনন প্ৰক্ৰিয়াত মতা আৰু মাইকী জীৱ জড়িত থাকে তাক যৌন প্ৰজনন বোলে। ইয়াৰ গুৰুত্ব হ’ল

(i) যি প্ৰজনন প্ৰক্ৰিয়াত মতা আৰু মাইকী জীৱ জড়িত থাকে। এই পদ্ধতিত জনন কোষ গঠন হয়।

(ii) পুংজননকোষ আৰু স্ত্ৰীজননকোষৰ মাজত নিষেচন সম্পন্ন হয়। ফলস্বৰূপে দ্বিগুণ ক্ৰমজম যুক্ত যোজন কোষৰ সৃষ্টি হয়।

(iii) ই অতি জটিল পদ্ধতি আৰু প্ৰচুৰ সময়ৰ প্ৰয়োজন।

(iv) যৌন প্ৰজননৰ দ্বাৰা সৃষ্টি হোৱা অপত্য জীৱবোৰ বিভিন্ন চৰিত্ৰ যুক্ত হয়। ইয়াৰ কাৰণ হল এই প্ৰক্ৰিয়াত পিতৃ আৰু মাতৃ দুয়োটা জৰিত থাকে ।

(v) বিৱৰ্তন (Evolution) প্ৰক্ৰিয়াত যৌন প্ৰজননে বিশেষ ভূমিকা পালন কৰে। কাৰণ ইয়াৰ ফলত সৃষ্টি হোৱা জীৱ সমূহত প্রকৰণ (Variation) দেখা যায়।

22. উদ্ভিদৰ ক্ষেত্ৰত কৃত্ৰিম অংগজ প্ৰজননৰ বিভিন্ন পদ্ধতি সমূহ কি কি চুমুকৈ আলোচনা কৰা।

উত্তৰ: উদ্ভিদৰ কৃত্ৰিম প্ৰজননৰ বিভিন্ন পদ্ধতিসমূহ হ’ল-

(i) কলম (Cutting): কিছুমান উদ্ভিদৰ পূৰঠ কাণ্ড বা ডালৰ চাৰিওফালে কাটি মাটিত পুতি থলে শিপাৰ সৃষ্টি হয়। ইয়াক কলম কৰা বোলে। এই প্ৰক্ৰিয়াৰ দ্বাৰা গোলাপ, তগৰ, জবা আদিৰ কাণ্ডৰ পৰা শিপাৰ সৃষ্টি কৰিব পাৰি।

(ii) জোৰা কলম (Grafting): কোনো এজোপা উদ্ভিদৰ সৰু ডাল কাটি সেই একেজোপা উদ্ভিদ বা অন্য এজোপা উদ্ভিদৰ ডাল বা কাণ্ডৰ লগত খাপ খোৱাকৈ সংলগ্ন কৰি বান্ধি থলে কিছুদিন পিছত সিহঁত মিহলি হৈ যায়। ইয়াক জোৰা কলম বোলে। যিটো ডাল জোৰা দিয়া হয় তাক কলম আৰু যিটো ডালত জোৰা দিয়া হয় তাক পোষক বোলে।

(iii) জাপা কলম (Layering): কিছুমান উদ্ভিদৰ দীঘলীয়া ডালৰ চাৰিওফালে কাটি মাটিৰ তলত জাপি তাত পানী দিলে কিছুদিন পিছত শিপা ওলায়। ইয়াক বেলেগ ঠাইত ৰূলে তাৰপৰা নতুন উদ্ভিদ সৃষ্টি হয়।

(iv) শাখা কলম Gootee): এই পদ্ধতিত কোনো গছৰ এজোপা ডালৰ চাৰিওফালে বাকলি এৰুৱাই তাত মাটি বা গুৱৰেৰে বান্ধি তাত কিছুদিন পানী দিলে তাৰ পৰা শিপা ওলায়। ইয়াক কাটি নি বেলেগ ঠাইত ৰুলে নতুন উদ্ভিদ সৃষ্টি হয়।এই ক্ষেত্ৰত কিছুমান কৃত্ৰিম হৰমন (অক্সিন) ব্যৱহাৰ কৰিলে সুফল পোৱা যায়। এই প্ৰক্ৰিয়াৰ দ্বাৰা লিচু, নেমু আদিৰ কলম কৰিব পাৰি।

23. অযৌন প্ৰজননৰ সুবিধা আৰু অসুবিধা সমূহ কি কি?

উত্তৰ:

সুবিধাসমূহ হ’ল

(i) ই অতি সৰল প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াত উদ্ভিদৰ ডাল, পাত, কাণ্ড বা শিপা আদিৰ পৰা নতুন উদ্ভিদ সৃষ্টি কৰিব পাৰি।

(ii) অযৌন প্ৰজনন প্ৰক্ৰিয়াত কেৱল মাতৃ প্ৰাণী জড়িত থাকে

(iii) অযৌন প্ৰজনন প্ৰক্ৰিয়াত কম সময়ত প্ৰচুৰ পৰিমাণে উদ্ভিদৰ সৃষ্টি কৰিব পাৰি।

(iv) এডাল গছৰ পৰা কম সময়ত বহুতো গছৰ সৃষ্টি কৰিব পাৰি।

অসুবিধা:

(i) এই প্ৰক্ৰিয়াত সৃষ্টি হোৱা উদ্ভিদ হুবহু মাতৃ জীৱৰ দৰে হয়। অৰ্থাৎ অপত্য জীৱবোৰত নতুন চৰিত্ৰৰ সমাহাৰ নঘটে।

(ii) নতুনকৈ সৃষ্টি হোৱা উদ্ভিদ সমূহত কোনো ধৰণৰ প্রকাৰণ (Variation) দেখা নাযায়।

(iii) অযৌন প্ৰজননে বিৱৰ্তন প্ৰক্ৰিয়াত কোনো ধৰণৰ সহায় নকৰে।

Previous Year Question Paper

HSLC Final Previous Year Question Paper PDFFree Download
HS Final Previous Year Question Paper PDFFree Download

Latest Posts:

  • Assam HS Result 2026: AHSEC Class 12 Result Date, Direct Link, and How to Check Online
    Result Link Below Assam HS Result 2026: AHSEC Class 12 Result Date, Direct Link, and How to Check Online (অসম উচ্চতৰ মাধ্যমিক ফলাফল ২০২৬: AHSEC দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণাৰ তাৰিখ আৰু পোনপটীয়া লিংক) The Assam State School Education Board (ASSEB), formerly known as AHSEC, is preparing to announce the Assam HS Result 2026. Following the…
  • পুতিজল (Sewage) কি? জীৱাণু ব্যৱহাৰ কৰি পুতিজল পৰিষ্কাৰ (Sewage Treatment) কৰা পদ্ধতিৰ বিষয়ে আলোচনা কৰা। Class 12 Biology
    পুতিজলৰ সংজ্ঞা (Definition): পুতিজল (Sewage) কাক বোলে ?– নগৰ-চহৰত থকা ঘৰ, কাৰখানা, বজাৰ আদিৰ পৰা নিৰ্গত হোৱা বৰ্জিত পদাৰ্থ, মানুহৰ মল-মূত্ৰ আৰু আৱৰ্জনা মিহলি হৈ থকা দূষিত পানী নলা-নৰ্দমাত জমা হয়। এই পানী অৱশেষত গৈ নদী বা পুখুৰীত মিলিত হয়। ইয়াক পুতিজল (Sewage) বোলে। পুতিজলৰ বিষয়ে চমু বিৱৰণ: ইয়াৰ বৈশিষ্ট্য(i) এই পানীত গেলা-পচা বস্তু, জাবৰ-জোথৰ,…
  • General Science (সাধাৰণ বিজ্ঞান) Class 10: Important MCQs with Answers From All Chapters Both in English And Assamese
    সাধাৰণ বিজ্ঞান (General Science) – দশম শ্ৰেণী SEBA/HSLC সাধাৰণ বিজ্ঞান হৈছে SEBA (Board of Secondary Education, Assam) দশম শ্ৰেণীৰ HSLC পৰীক্ষাৰ এক মুখ্য বিষয়। এই বিষয়টোৱে ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান আৰু ভৌতিক বিজ্ঞানৰ মৌলিক ধাৰণাসমূহ সামৰি লৈছে, যিয়ে ছাত্ৰ-ছাত্ৰীসকলক পৰিৱেশ, জীৱন প্ৰক্ৰিয়া আৰু প্ৰাকৃতিক নিয়মসমূহৰ বিজ্ঞানসন্মত বুজাবুজি প্ৰদান কৰে। NCERT ভিত্তিক এই পাঠ্যক্ৰমত মুঠ 16…
  • The Human Eye and the Colorful World (মানৱ চকু আৰু ৰঙীন জগত): High Scoring 20 MCQs for HSLC Exam
    The Human Eye and the Colourful World (মানৱ চকু আৰু ৰঙীন জগত): এই অধ্যায়ত আমি মানৱ চকুৰ গঠন, কাৰ্য্য, দৃষ্টিৰ ত্ৰুটি আৰু সংশোধন, পোহৰৰ বিচ্ছুৰণ (dispersion), বায়ুমণ্ডলীয় প্ৰতিফলন (atmospheric refraction), পোহৰৰ বিচ্ছুৰণ (scattering) আৰু প্ৰাকৃতিক ঘটনা যেনে ধুমুহাৰ ঝলকনি, সূৰ্য্যৰ ৰঙা ৰং, আকাশৰ নীলা ৰং আদিৰ বিষয়ে আলোচনা কৰা হয়। এইবোৰ NCERT/SEBA দশম শ্ৰেণীৰ বিজ্ঞান…
  • Life Processes (জীৱন প্ৰক্ৰিয়া): Class 10 Science- Important 20 MCQs
    Life Processes (জীৱন প্ৰক্ৰিয়া): জীৱন প্ৰক্ৰিয়া (Life Processes) জীৱন প্ৰক্ৰিয়া (Life Processes) হৈছে সকলো জীৱৰ দেহত অনবৰতে চলি থকা অতি প্ৰয়োজনীয় কাৰ্য্যসমূহ, যিয়ে জীৱটোক জীয়াই ৰাখে আৰু বৃদ্ধি, চলন আৰু প্ৰজননত সহায় কৰে। এই প্ৰক্ৰিয়াসমূহৰ ভিতৰত মুখ্য হৈছে পৰিপুষ্টি (Nutrition), শ্বসন (Respiration), পৰিবহন (Transportation), ৰেচন (Excretion) আদি। এইবোৰৰ জৰিয়তে জীৱই পৰিৱেশৰ পৰা পুষ্টি আৰু অক্সিজেন…