মেদবহুলতা (Overweight or Obesity)- কিদৰে অতি সহজে দেহৰ ওজন কমাব পাৰি? Top 10 FREE Tips to Control Obesity

মেদবহুলতা (Overweight or Obesity)- কিদৰে অতি সহজে দেহৰ ওজন কমাব পাৰি? Top 10 Free Tips to Control Obesity

মেদবহুলতা (Overweight):

মেদবহুলতা (Overweight) বিশ্বজুৰি এক গুৰুতৰ স্বাস্থ্য সমস্যা হিচাপে পৰিগণিত হৈছে। ডেকা, বুঢ়া, কেঁচুৱা, গাভৰু সকলোৱে আজিৰ যুগত মেদবহুলতা ভুগা দেখা যায়। বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) তথ্য অনুসৰি, ২০২২ চনত বিশ্বৰ প্ৰতি ৮ জনৰ ভিতৰত ১ জন মেদবহুলতাৰ সৈতে জীয়াই আছে। বিশেষকৈ, ১৯৯০ চনৰ পৰা ২০২২ চনলৈকে বিশ্বজুৰি মহিলাৰ মেদবহুলতাৰ হাৰ দুগুণতকৈও অধিক আৰু পুৰুষৰ প্ৰায় তিনিগুণ বৃদ্ধি পাইছে।

আমাৰ ভাৰতবৰ্ষতো মেদবহুলতা এক ভয়ানক সমস্যা হিচাপে দেখা দিছে। ভাৰতৰ পৰিসংখ্যা অনুসৰি, ২০২২ চনত ৫ বছৰৰ পৰা ১৯ বছৰ বয়সৰ প্ৰায় ১.২৫ কোটি শিশু মেদবহুলতাত ভুগি আছে, য’ত ৭৩ লাখ ল’ৰা আৰু ৫২ লাখ ছোৱালী অন্তৰ্ভুক্ত। ১৯৯০ চনত এই সংখ্যা মাত্ৰ ৪ লাখ আছিল, ইয়াৰ পৰা স্পষ্ট হয় যে মেদবহুলতাৰ হাৰ উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে।

অসমৰ ক্ষেত্ৰত, পঞ্চম ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ (NFHS-5) ২০২১ চনৰ তথ্য অনুসৰি, ৰাজ্যখনৰ ৮৬.১% সন্তান চিকিৎসালয়ত জন্মগ্ৰহণ কৰে, কিন্তু মাত্ৰ ৪৯.১% নৱজাতকে জন্মৰ এঘণ্টাৰ ভিতৰত স্তনপান লাভ কৰে। ইয়াৰ ফলত, শিশুৰ পুষ্টি আৰু স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে, যি মেদবহুলতাৰ সৈতে সম্পৰ্কিত। আমাৰ অসমতো মেদবহুলতা এক ভয়ানক সমস্যা হিচাপে দেখা দিছে।

মেদবহুলতা বিভিন্ন স্বাস্থ্য সমস্যাৰ সৃষ্টি কৰে, যেনে উচ্চ ৰক্তচাপ, কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি, টাইপ ২ ডায়েবেটিছ, হৃদৰোগ, আৰু কিছুমান কৰ্কট ৰোগৰ কাৰণ হ’ব পাৰে। গতিকে, স্বাস্থ্যকৰ আহাৰ, নিয়মিত ব্যায়াম, আৰু স্বাস্থ্যকৰ জীৱনশৈলী অনুসৰণ কৰি মেদবহুলতা নিয়ন্ত্ৰণ কৰাটো অত্যন্ত প্ৰয়োজনীয়।

 

মেদবহুলতা (Overweight) কি?

মেদবহুলতা হৈছে শৰীৰত অতিৰিক্ত মেদ জমা হোৱা অৱস্থা, যাৰ ফলত শৰীৰৰ ওজন স্বাস্থ্যকৰ সীমাতকৈ অধিক হৈ পৰে আৰু ইয়াৰ ফলত নানা ধৰণৰ শাৰীৰিক সমস্যাই দেখা দিয়ে। ই দীৰ্ঘকালীন স্বাস্থ্য সমস্যা সৃষ্টি কৰিব পাৰে, যেনে হৃদৰোগ, উচ্চ ৰক্তচাপ, হাৰ্ট এটেক, আৰু ডায়েবেটিছ।

মেদবহুলতাৰ কাৰণ:

1. অস্বাস্থ্যকৰ আহাৰ (Junk Food): অধিক কেল’ৰিৰ খাদ্য (জাংক ফুড, মিঠাই, তৈলাক্ত খাদ্য) গ্ৰহণ।

2. অলস জীৱনশৈলী (Over Comfort): শাৰীৰিক ক্ৰিয়াকলাপৰ অভাৱ, যথেষ্ট ব্যায়াম নকৰা বা অধিক আৰাম প্ৰিয় স্বভাৱ।

3. আনুবংশিক কাৰণ ( Genetic Causes): পৰিয়ালৰ জিনৰ দ্বাৰা মেদবহুলতাৰ প্ৰৱণতা লাভ কৰিব পাৰে।

4. হৰমোনৰ অসন্তুলন (Hormonal Imbalance): থাইৰয়ড সমস্যা, ইনছুলিন আদি হৰ্মনৰ প্ৰভাৱত মেদবহুলতা দেখা দিব পাৰে

5. অতিপাত মানসিক চাপ (Mental Pressure): অধিক দুশ্চিন্তা থাকিলে শৰীৰে মেদ সঞ্চয় কৰিবলৈ ধৰে।

6. অধিক পানীয় (Alcohol) গ্ৰহণ: এইবোৰত চেনী আৰু কেল’ৰি অধিক পৰিমাণে থাকে। গতিকে এইবোৰে যকৃতৰ কাৰ্য ব্যাহত কৰে আৰু মেদবহুতাৰ সৃষ্টি কৰিব পাৰে।

7. অপ্রয়োজনীয় ঔষধৰ ব্যৱহাৰ (Heavy Usage of Drugs): কিছুমান ঔষধ (যেনে এন্টিডিপ্ৰেছেন্ট, ষ্টেৰ’ইড) লোৱা অৱস্থাত ওজন বাঢ়িব পাৰে।

8. পৰিশ্ৰমৰ অভাৱ (Lack of Labor): যান্ত্ৰিক যুগত মানুহে অতি কম পৰিমাণৰ পৰিশ্ৰম কৰে আৰু বেছিভাগ কামেই যন্ত্ৰৰ দ্বাৰা সমাধা কৰে। ইয়াৰ ফলত শৰীৰ অকামিলা হয় আৰু মেদবহুতাৰ দৰে সমস্যাই দেখা দিয়ে।

প্ৰতিকাৰৰ উপায় (Overweight or ObesityRemedial Measures):

1. সন্তুলিত আহাৰ: প্ৰচুৰ পৰিমাণে ফল, শাক-পাচলি, প্ৰ’টিন যুক্ত খাদ্য আৰু আঁহযুক্ত খাদ্য গ্ৰহণ কৰা।

2. নিয়মিত ব্যায়াম: প্ৰতি দিনা অন্ততঃ ৩০-৪৫ মিনিট পৰিশ্ৰম কৰিব, দৌৰিব যোগ ব্যায়াম কৰিব।

3. পানীৰ পৰিমাণ বৃদ্ধি: পৰ্যাপ্ত পৰিমাণে পানী পান কৰক, ই বিপাক প্ৰক্ৰিয়া তীব্ৰ কৰে।

4. চেনী আৰু তৈল যুক্ত খাদ্যৰ পৰিমাণ কমোৱা: অধিক শৰ্কৰা বা প্ৰচুৰ তৈল যুক্ত খাদ্য গ্ৰহণ নকৰিব।

5. পৰ্যাপ্ত টোপনি: প্ৰতি নিশা ৭-৮ ঘণ্টা টোপনি লোৱাটো অত্যন্ত প্ৰয়োজনীয়।

6. মানসিক চাপ কমোৱা: ধ্যান, যোগ আৰু বিশ্ৰাম গ্ৰহণৰ জৰিয়তে মানসিক চাপ নিয়ন্ত্ৰণ কৰা।

7. ডক্তৰৰ পৰামৰ্শ লোৱা: যদি হৰমন জনিত সমস্যা বা অন্য স্বাস্থ্য সমস্যা থাকে, তেতিয়া ডাক্তৰৰ পৰামৰ্শ লোৱাটো উচিত।

যদি আপুনি মেদবহুলতাৰ সমস্যাত ভুগি আছে, তেন্তে ধৈৰ্য ধৰি স্বাস্থ্যকৰ জীৱনশৈলীৰ অভ্যাস গঢ়ি তোলা উত্তম।

 

মেদবহুলতাৰ প্ৰভাৱ (Effects of Overweight or Obesity):

মেদবহুলতাৰ বহুতো নেতিবাচক প্ৰভাৱ আছে, যিয়ে শৰীৰৰ বিভিন্ন অংগ-প্ৰত্যংগৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে। এইবোৰ সাধাৰণতে শাৰীৰিক, মানসিক আৰু সামাজিক তিনিটা ক্ষেত্ৰতে দেখা যায়।

1. শাৰীৰিক প্ৰভাৱ (Physical Effects):

মেদবহুলতা বহুতো জটিল স্বাস্থ্য সমস্যাৰ বাবে দায়ী। ইয়াৰ ফলত সৃষ্টি হোৱা সমস্যাসমূহ হলঃ

হৃদযন্ত্র আৰু ৰক্তনলী (Cardiovascular System)

উচ্চ ৰক্তচাপ (Hypertension)

হৃদৰোগ আৰু হৃদযন্ত্ৰঘাত (Heart Attack)

ষ্ট্ৰ’ক (Stroke)

কোলেষ্ট্ৰ’ল বাঢ়ি যোৱা (High Cholesterol)

এনড’ক্রাইন (হৰমোন) সমস্যা

টাইপ ২ ডায়েবেটিছ (Diabetes)

হৰমনজনিত অসামঞ্জস্যতা (Hormonal Imbalance)

মহিলাসকলৰ ক্ষেত্ৰত PCOS (Polycystic Ovary Syndrome)

হাড় আৰু সংযোগী উত্তৰক (Bones & Joints)

গাঁঠিৰ বিষ (Joint Pain)

অৰ্থ’ৰাইটিছ (Arthritis)

হাড় ক্ষয় (Osteoporosis)

শ্বাস-প্ৰশ্বাসত সমস্যা (Respiratory Issues)

ঘোঁৰনি (Sleep Apnea)

হাঁপানিৰ সমস্যা বৃদ্ধি (Asthma)

পাচনতন্ত্র (Digestive Issues)

মেদযুক্ত যকৃত (Fatty Liver)

গেছ, আৰু পাচন সমস্যা

গলব্লাডাৰৰ পাথৰ (Gallstones)

কৰ্কট ৰোগৰ প্ৰৱণতা বৃদ্ধি (Increased Cancer Risk)

স্তন আৰু মূত্রাশয় কৰ্কট

ক’ল’ন আৰু কিডনী কৰ্কট

 

2. মানসিক আৰু অনুভূতিগত প্ৰভাৱ (Mental & Emotional Effects)

মেদবহুলতা কেৱল শাৰীৰিক সমস্যা নহয়, ই মানসিক সমস্যাও সৃষ্টি কৰে।

আত্মবিশ্বাস হ্ৰাস (Low Self-Esteem) – বাহ্যিক ৰূপ লৈ চিন্তা কৰি নিজকে অবমূল্যায়ন কৰা।

উদ্বেগ (Anxiety) আৰু বিষাদ (Depression) – আনৰ মন্তব্য, মানসিক চাপ, আৰু দুশ্চিন্তাৰ ফলত মানসিক অশান্তি দেখা দিয়ে।

খাদ্যজনিত ব্যাধি (Eating Disorders) – অধিক খাদ্য গ্ৰহণ বা খাদ্য ত্যাগ কৰাৰ প্ৰৱণতা।

টোপনি সমস্যা (Sleep Disorders) – মেদবহুলতাৰ ফলত নিদ্ৰাহীনতা বৃদ্ধি পায়।

 

3. সামাজিক আৰু ব্যক্তিগত জীৱনৰ প্ৰভাৱ (Social & Personal Effects)

সামাজিক অপমান (Social Stigma) – বহুতো সমাজত মেদবহুল লোকক নিন্দা বা ব্যঙ্গ কৰা হয়।

কৰ্মজীৱনত বাধা (Career Challenges) – চাকৰি বা কোনো ক্ষেত্ৰত সুযোগ লাভত সমস্যা হয়।

সন্তান জন্মদানত সমস্যা (Fertility Issues) – মহিলাসকলৰ ক্ষেত্ৰত সন্তানধাৰণত অসুবিধা হয়।

অলসতা আৰু শাৰীৰিক অক্ষমতা – দৈনন্দিন কাম-কাজত ভাগৰি পৰা আদি।

 

উপসংহাৰ (Conclusion):

মেদবহুলতা কেৱল এক সৌন্দৰ্য বা বাহ্যিক সমস্যাই নহয়, ই এক গুৰুতৰ স্বাস্থ্য সমস্যা। শাৰীৰিক, মানসিক আৰু সামাজিক জীৱন সকলো ক্ষেত্ৰতে ইয়াৰ বেয়া প্ৰভাৱ দেখা যায়। কিন্তু স্বাস্থ্যকৰ আহাৰ, নিয়মিত ব্যায়াম, আৰু শৃংখলাবদ্ধ জীৱনশৈলীৰ জৰিয়তে মেদবহুলতা নিয়ন্ত্ৰণ কৰিব পাৰি।

“আপোনাৰ স্বাস্থ্য আপোনাৰ হাতত !”

HSLC Final Previous Year Question Paper PDFFree Download
HS Final Previous Year Question Paper PDFFree Download

Latest Posts

  • Assam HS Result 2026: AHSEC Class 12 Result Date, Direct Link, and How to Check Online
    Result Link Below Assam HS Result 2026: AHSEC Class 12 Result Date, Direct Link, and How to Check Online (অসম উচ্চতৰ মাধ্যমিক ফলাফল ২০২৬: AHSEC দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণাৰ তাৰিখ আৰু পোনপটীয়া লিংক) The Assam State School Education Board (ASSEB), formerly known as AHSEC, is preparing to announce the Assam HS Result 2026. Following the…
  • পুতিজল (Sewage) কি? জীৱাণু ব্যৱহাৰ কৰি পুতিজল পৰিষ্কাৰ (Sewage Treatment) কৰা পদ্ধতিৰ বিষয়ে আলোচনা কৰা। Class 12 Biology
    পুতিজলৰ সংজ্ঞা (Definition): পুতিজল (Sewage) কাক বোলে ?– নগৰ-চহৰত থকা ঘৰ, কাৰখানা, বজাৰ আদিৰ পৰা নিৰ্গত হোৱা বৰ্জিত পদাৰ্থ, মানুহৰ মল-মূত্ৰ আৰু আৱৰ্জনা মিহলি হৈ থকা দূষিত পানী নলা-নৰ্দমাত জমা হয়। এই পানী অৱশেষত গৈ নদী বা পুখুৰীত মিলিত হয়। ইয়াক পুতিজল (Sewage) বোলে। পুতিজলৰ বিষয়ে চমু বিৱৰণ: ইয়াৰ বৈশিষ্ট্য(i) এই পানীত গেলা-পচা বস্তু, জাবৰ-জোথৰ,…
  • General Science (সাধাৰণ বিজ্ঞান) Class 10: Important MCQs with Answers From All Chapters Both in English And Assamese
    সাধাৰণ বিজ্ঞান (General Science) – দশম শ্ৰেণী SEBA/HSLC সাধাৰণ বিজ্ঞান হৈছে SEBA (Board of Secondary Education, Assam) দশম শ্ৰেণীৰ HSLC পৰীক্ষাৰ এক মুখ্য বিষয়। এই বিষয়টোৱে ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান আৰু ভৌতিক বিজ্ঞানৰ মৌলিক ধাৰণাসমূহ সামৰি লৈছে, যিয়ে ছাত্ৰ-ছাত্ৰীসকলক পৰিৱেশ, জীৱন প্ৰক্ৰিয়া আৰু প্ৰাকৃতিক নিয়মসমূহৰ বিজ্ঞানসন্মত বুজাবুজি প্ৰদান কৰে। NCERT ভিত্তিক এই পাঠ্যক্ৰমত মুঠ 16…
  • The Human Eye and the Colorful World (মানৱ চকু আৰু ৰঙীন জগত): High Scoring 20 MCQs for HSLC Exam
    The Human Eye and the Colourful World (মানৱ চকু আৰু ৰঙীন জগত): এই অধ্যায়ত আমি মানৱ চকুৰ গঠন, কাৰ্য্য, দৃষ্টিৰ ত্ৰুটি আৰু সংশোধন, পোহৰৰ বিচ্ছুৰণ (dispersion), বায়ুমণ্ডলীয় প্ৰতিফলন (atmospheric refraction), পোহৰৰ বিচ্ছুৰণ (scattering) আৰু প্ৰাকৃতিক ঘটনা যেনে ধুমুহাৰ ঝলকনি, সূৰ্য্যৰ ৰঙা ৰং, আকাশৰ নীলা ৰং আদিৰ বিষয়ে আলোচনা কৰা হয়। এইবোৰ NCERT/SEBA দশম শ্ৰেণীৰ বিজ্ঞান…
  • Life Processes (জীৱন প্ৰক্ৰিয়া): Class 10 Science- Important 20 MCQs
    Life Processes (জীৱন প্ৰক্ৰিয়া): জীৱন প্ৰক্ৰিয়া (Life Processes) জীৱন প্ৰক্ৰিয়া (Life Processes) হৈছে সকলো জীৱৰ দেহত অনবৰতে চলি থকা অতি প্ৰয়োজনীয় কাৰ্য্যসমূহ, যিয়ে জীৱটোক জীয়াই ৰাখে আৰু বৃদ্ধি, চলন আৰু প্ৰজননত সহায় কৰে। এই প্ৰক্ৰিয়াসমূহৰ ভিতৰত মুখ্য হৈছে পৰিপুষ্টি (Nutrition), শ্বসন (Respiration), পৰিবহন (Transportation), ৰেচন (Excretion) আদি। এইবোৰৰ জৰিয়তে জীৱই পৰিৱেশৰ পৰা পুষ্টি আৰু অক্সিজেন…