EVOLUTION OF LIFE ( জীৱৰ বিৱৰ্তন)|কোৱাচাৰভেট (Coacervate)|সমবৃত্তি অংগ (Analogous organ)|সমসংস্থ অংগ (Homologous organ)|Darwinins|Lamarckism|De Vris Mutation Theory|Modern Synthethic theory,Evolution, Chemical Evolution,Organic Evolution|Millar’s Experiment,লুপ্তপ্ৰায় অংগ (Vestigeal organ),জীৱন্ত জীৱাশ্ম (Living fossil),Fossils,Evidences of Evolution,Adaptive Radiation,Recapitulatory Theory,Natural Selection,Variation,EVOLUTION OF LIFE ( জীৱৰ বিৱৰ্তন) | Theories Of Organic Evolution-Lamarckism, Darwinism, Mutation Theory, Modern Synthetic Theory
Evolution Of Life:
(বিৱৰ্তন বুলিলে সাধাৰণতে সৰল জীৱৰ পৰা জটিল জীৱৰ উৎপত্তি হোৱাটো বুজায়। অৰ্থাৎ বিৱৰ্তন এটা একমুখী প্ৰক্ৰিয়া যাৰ দ্বাৰা সৰল জীৱই বিৱৰ্তিত হৈ নতুন নতুন জীৱ প্ৰজাতিৰ সৃষ্টি কৰে। বিৱৰ্তন এদিন বা দুদিনত সংগঠিত নহয়। ইয়াৰ বাবে লাখ লাখ বা কোটি কোটি বছৰৰ প্ৰয়োজন। বিৱৰ্তন প্ৰক্ৰিয়াৰ সপক্ষে বহুতো বিজ্ঞানীয়ে বিভিন্ন সময়ত বহুতো মতবাদ আগবঢ়াই আহিছে। ইয়াৰ ভিতৰত লেমৰ্ক, ডাৰউইন, দ্য ভ্ৰিছ আদি বিজ্ঞানীসকলৰ উল্লেখনীয়। এই অধ্যায়ত বিৱৰ্তনৰ ফলত কিদৰে জীৱ কোষৰ সৃষ্টি হৈছিল তাৰ লগতে বিৱৰ্তনৰ লগত সম্পৰ্কীয় মতবাদ সমূহ অধ্যয়ন কৰিব পাৰিবা।)
চমু প্ৰশ্নোত্তৰ-
1. আদিম পৃথিৱীত (Primitive atmosphere) কি কি গেছ আছিল?
উত্তৰ: আদিম পৃথিৱীত আজিৰ দৰে নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড আদি গেছ নাছিল। তাৰ পৰিৱৰ্তে মিথেন (methane), এম’নিয়া (ammonia), হাইড্ৰ’জেন (hydrogen), আৰু জলীয় বাষ্প (water vapour) আদি গেছ আছিল।
2. কোৱাচাৰভেট (coacervate) কি? ইয়াৰ বৈশিষ্ট্য লিখা।
উত্তৰ: আদিম পৃথিৱীত থকা মিথেন (methane), এম’নিয়া (ammonia), হাইড্ৰ’জেন (hydrogen), আৰু জলীয় বাষ্প (water vapour) আদি গেছৰ মাজত বিক্ৰিয়া ঘটি কিছুমান জটিল যৌগ যেনে – শৰ্কৰা, গ্লিচাৰিন, এমিন’ এচিড, পিউৰিন আদিৰ সৃষ্টি হৈছিল। এইবোৰে সাগৰীয় পানীত বিক্ৰিয়া কৰি বহুশৰ্কৰা, স্নেহদ্ৰব্য, প্ৰটিন আৰু নিউক্লিক এচিড জাতীয় দ্ৰব্যৰ সৃষ্টি কৰে। কালক্ৰমত এইবোৰ যৌগ লগলাগি কোষ সদৃশ কিছুমান কলয়ডিয় যৌগৰ সৃষ্টি কৰে। এইবোৰক কোৱাচাৰভেট (coacervate) বোলে।
কোৱাচাৰভেট (coacervate) বোৰৰ বৈশিষ্ট্য হ’ল –
১. কোৱাচাৰভেট সমূহ (coacervate) আকাৰত বৃদ্ধি হব পাৰিছিল।
২. কোৱাচাৰভেট সমূহ (coacervate) নিজে নিজে বংশবৃদ্ধি কৰিব পাৰিছিল।
এনেবোৰ কাৰণত কোৱাচাৰভেট সমূহক (coacervate) প্ৰথম জীৱিত কোষ বুলি বিবেচনা কৰা হয়।
3. সমসংস্থ অংগ (Homologous organ) কাক বোলে? উদাহৰণ দিয়া।
উত্তৰ: যিবোৰ অংগৰ উৎপত্তি আৰু গঠন একে কিন্তু কম বেলেগ বেলেগ তেনেবোৰ অংগক সমসংস্থ অংগ বোলে। উদাহৰণস্বৰূপে, চৰাইৰ ডেউকা, ঘোঁৰা, ভেকুলী আদিৰ আগ ঠেং, তিনি মাছৰ ফান, মানুহৰ হাত আদি।
4. সমবৃত্তি অংগ (Analogous organ) কাক বোলে? উদাহৰণ দিয়া।
উত্তৰ: যিবোৰ অংগ গঠন আৰু উৎপত্তিৰ ফালৰ পৰা পৃথক কিন্তু কম একে তেনেবোৰ অংগক সমবৃত্তি অংগ বোলে। উদাহৰণ, পখিলাৰ পাখি, চৰাই আৰু বাদুলীৰ ডেউকা।
5. লুপ্তপ্ৰায় অংগ (Vestigeal organ) কাক বোলে? উদাহৰণ দিয়া।
উত্তৰ: জীৱদেহৰ এনে কিছুমান অংগ আছে যিবোৰৰ কোনো কাম নথকা বাবে লাহে লাহে আকাৰত সৰু হৈ লুপ্ত হবলৈ আৰম্ভ কৰিছে, অথচ অন্য প্ৰাণীৰ ক্ষেত্ৰত কাৰ্য্যক্ষম। এনেবোৰ অংগক লুপ্তপ্ৰায় অংগ বোলে। উদাহৰণ, মানুহৰ কানৰ পেশী, চকুৰ তৃতীয় বাদু , নেজ গঠনকাৰী কশেৰুকা, এপেণ্ডিক্স ইত্যাদি।
6. জীৱাশ্ম (Fossil) কাক বোলে? ইয়াৰ গুৰুত্ব কি?
উত্তৰ: ভূ-পৃষ্টৰ পাললিক শিলাস্তৰত (Sedimentary rock) বছৰ বছৰ ধৰি আৱদ্ধ হৈ থকা প্ৰাণী বা উদ্ভিদৰ দেহ, দেহৰ কোনো অংশ বিশেষ বা ছাপ আদিক জীৱাশ্ম বোলে।
জীৱাশ্ম বোৰ অধ্যয়ন কৰি বিৱৰ্তনৰ বিষয়ে বহু তথ্য জানিব পাৰি। ইয়াৰ উপৰিও শিলাস্তৰৰ বয়স নিৰ্ধাৰণৰ ক্ষেত্ৰত জীৱাশ্মই সহায় কৰে।
7. পুনৰাবৃত্তি মতবাদ (Theory of recapitulation) কি?
উত্তৰ: Ernst Haeckel নামৰ বিজ্ঞানীয়ে পুনৰাবৃত্তি মতবাদ উদ্ভাৱন কৰিছিল। এই মতবাদ মতে কোনো এটি জীৱৰ ভ্ৰুণ অৱস্থাৰ পৰা যি পৰিৱৰ্তনৰ যোগেদি পূৰ্ণাংগ অৱস্থা পায় তাক জীৱটোৰ ব্যক্তি বৃত্তান্ত (Ontogeny) বোলে। আকৌ, কোনো এটা জাতিয়ে সৃষ্টিৰ আদিৰে পৰা যি লানি পৰিৱৰ্তনৰ মাজেদি বিকাশ হৈ বৰ্তমানৰ অৱস্থা পাইছে তাক সেই জাতিটোৰ জাতি বৃত্তান্ত (Phylogeny) বোলে। পুনৰাবৃত্তি মতবাদ মতে কোনো এটি জীৱৰ ব্যক্তি বৃত্তান্তই তাৰ জাতি বৃত্তান্তৰ সংক্ষিপ্ত পুনৰাবৃত্তি কৰে।
8. জীৱন্ত জীৱাশ্ম (Living fossil) কাক বোলে?
উত্তৰ: কিছুমান প্ৰাণী আৰু উদ্ভিদ বিৱৰ্তনৰ গতিপথত কোনো এটা স্তৰৰ পিছত বিৱৰ্তন নোহোৱাকৈ একেদৰে ৰৈ আছে। এনে জীৱক জীৱন্ত জীৱাশ্ম (Living fossil) বোলে। উদাহৰণ – পেৰিপেটাছ, প্লাটিপাছ।
9. লব্ধ গুণৰ বংশানুগতি (Inheritance of acquired characters) তত্ত্ব কোনে আগবঢ়াইছিল? ইয়াৰ মূল কথা কি?
উত্তৰ: লব্ধ গুণৰ বংশানুগতি (Inheritance of acquired characters) তত্ত্ব লেমাৰ্ক নামৰ বিজ্ঞানীয়ে আগবঢ়াইছিল। এই মতবাদ মতে আৰ্জিত গুণসমূহ (Acquired characters) জীৱদেহত সঞ্চিত হয় আৰু বংশগতি সূত্ৰে সন্তানৰ দেহলৈ গতি কৰে। পিছত এইয়া ভুল বুলি প্ৰমাণিত হৈছিল।
10. “Origin of Species” গ্ৰন্থৰ ৰচক কোন?
উত্তৰ: Charles Darwin।
11. Darwin এ পৰিৱেশত কি কি সংগ্ৰামৰ কথা উল্লেখ কৰিছিল?
উত্তৰ: Darwin ৰ মতে সংগ্ৰাম তিনি প্ৰকাৰৰ –
(i) অন্ত:প্ৰজাতিক সংগ্ৰাম
(ii) আন্ত:প্ৰজাতিক সংগ্ৰাম
(iii) পৰিৱেশৰ সৈতে সংগ্ৰাম।
12. প্ৰাকৃতিক নিৰ্বাচন (Natural Selection) মতবাদৰ স্ৰষ্টা কোন?
উত্তৰ: Charles Darwin।
13. জীৱৰ ৰাসায়নিক উৎপত্তিৰ সপক্ষে মিলাৰে কৰা পৰীক্ষাটো বৰ্ণনা কৰা।
উত্তৰ: জীৱৰ উৎপত্তি সম্বন্ধে বিজ্ঞানী ষ্টেনলী এল. মিলাৰ (Stanley L. Miller) আৰু হাৰল্ড ইউৰীয়ে (Harold C. Urey) 1953 চনত এটা পৰীক্ষা কৰিছিল, যাক মিলাৰ-ইউৰী পৰীক্ষা বোলা হয়। এই পৰীক্ষাই জীৱৰ ৰাসায়নিক উৎপত্তিতত্ব (Chemical Evolution Theory)ৰ প্ৰমাণ আগবঢ়াইছিল। তলত পৰীক্ষাটোৰ বিৱৰণ দিয়া হ’ল-
মিলাৰ আৰু ইউৰীয়ে প্ৰমাণ কৰিব বিচাৰিছিল যে প্ৰাচীন পৃথিৱীৰ পৰিবেশত সাধাৰণ ৰাসায়নিক পদাৰ্থৰ পৰা জৈৱিক অণু (organic molecules) সৃষ্টি হৈছিল।তেওঁলোকে প্ৰাচীন পৃথিৱীৰ বায়ুমণ্ডলক প্ৰতিনিধিত্ব কৰিবলৈ মিথেন (CH₄), এমোনিয়া (NH₃), হাইড্ৰজেন (H₂), আৰু পানীৰ বাষ্পৰ (H₂O) মিশ্ৰণ ব্যৱহাৰ কৰিছিল। চিত্ৰত দেখুওৱাৰ দৰে এটা বন্ধ বৃত্তাকাৰ কাঁচৰ ফ্লাক্সৰ ব্যৱস্থা কৰা হৈছিল। ইয়াৰে এটা ফ্লাস্কত পানী উতলাই ৰখা হয় আৰু আনটো ফ্লাস্কত মিথেন, এমনিয়া আৰু হাইড্ৰজেন গেছ ৰখা হয়। তাত বৈদ্যুতিক তাঁৰৰ সহায়ত স্ফুলিংগৰ (Spark) ব্যৱস্থা কৰা হয়। এটা সংঘনকৰ দ্বাৰা গেছৰ মিশ্ৰণটো আৱৰ্তন কৰাৰ ব্যৱস্থা কৰা হয়। ইয়াক এক সপ্তাহ চলিবলৈ দিয়া হয়। এক সপ্তাহৰ পিছত, মিলাৰে এটা বাদামী-বগা দ্ৰৱণ লাভ কৰিছিল।এই দ্ৰৱণত এমিন’ এছিড (যেনেঃ গ্লাইচিন, এলানিন) আদি জৈৱিক অণু আৱিষ্কৃত হৈছিল।
14. জৈৱ বিৱৰ্তনৰ সাক্ষ্য সমূহ (Evidences of Organic Evolution) কি কি বৰ্ণনা কৰা।
উত্তৰ: জৈৱ বিৱৰ্তনৰ সাক্ষ্য সমূহ-
1. জীৱাশ্মৰ সাক্ষ্য (Fossil Evidence):
জীৱাশ্মই অতীতত বিদ্যমান জীৱসমূহৰ গঠন আৰু ৰূপৰ বিষয়ে জানিবলৈ সহায় কৰে। জীৱাশ্মৰ স্তৰৰ অনুক্ৰম (stratigraphy) অনুসৰি দেখা যায় যে সৰল জীৱবোৰ আটাইতকৈ পুৰণা আৰু জটিল জীৱসমূহ আধুনিক। উদাহৰণ: ট্ৰাইল’বাইট (Trilobite) আৰু ডাইন’ছৰৰ জীৱাশ্ম।
2. শাৰীৰিক গঠনৰ মিল (Homologous Structures):
একেই মূল গঠনৰ পৰা উদ্ভৱ হোৱা অঙ্গ বা অংগসমূহক সমসদৃশ গঠন (homologous structures) বোলা হয়। ই প্ৰমাণ দিয়ে যে ভিন্ন প্ৰজাতিৰ জীৱবোৰে এটা সাধাৰণ পুৰ্বপুৰুষক অংশীদাৰী কৰি আহিছে। উদাহৰণ: চৰাইৰ ডেউকা, বাদুলীৰ ডেউকা, তিমিৰ ফান, মানুহৰ হাত আদি।
3. জিনৰ প্ৰমাণ (Genetic Evidence):
জীৱবিজ্ঞানৰ ক্ষেত্ৰত, জিন আৰু ডিএনএৰ গঠন আৰু সম্পৰ্কৰ অধ্যয়ন কৰোঁতে স্পষ্ট হয় যে, একে ধৰণৰ প্ৰাণীসমূহৰ জিনৰ গঠন একে থাকে, অৰ্থাৎ সিহঁত একে উৎপত্তিৰ পৰা বিবর্তিত হৈছে। উদাহৰণৰূপে, মাণৱ আৰু বানৰ জিনৰ গঠন প্ৰায় একে। এইসকল সাদৃশ্যৰ পৰা স্পষ্ট হয় যে সিহঁতৰ ভিতৰত এক প্ৰকাৰৰ পৰিৱর্তনৰ পৰিসৰ আছে।
4. ভ্ৰুণবিদ্যা সম্বন্ধীয় সাক্ষ্য (Embryological Evidence):
ভ্ৰূণৰ বিকাশৰ সময়ত বিভিন্ন প্ৰজাতিৰ শাৰীৰিক গঠন আৰু বিকাশৰ ক্ষেত্ৰত সাদৃশ্য থাকে। এই সাদৃশ্যই প্ৰমাণ কৰে যে, বিভিন্ন প্ৰজাতি একে প্ৰাচীন পূৰ্বপুৰুষৰ পৰা উৎপন্ন হৈছে। উদাহৰণস্বৰূপে, মাণৱ আৰু মাছৰ ভ্ৰূণৰ আৰম্ভণিতে সাদৃশ্য দেখা যায়, যাৰ পৰা আভাস পোৱা যায় যে, সিহঁতৰ অভ্যন্তৰীণ বিকাশ একে পৰিসৰ পৰা হৈছে।
নিজে উত্তৰ লিখা
13. জীৱাশ্মৰ বয়স কিদৰে নিৰ্ণয় কৰা হয়?
14. দ্যা ভ্ৰিছৰ উৎপৰিবর্তন মতবাদ ব্যাখ্যা কৰা।
15. আধুনিক সংশ্লেষিত তত্ত্ব ব্যাখ্যা কৰা।
EVOLUTION OF LIFE ( জীৱৰ বিৱৰ্তন) | Theories Of Organic Evolution-Lamarckism, Darwinism, Mutation Theory, Modern Synthetic Theory