
Table of Contents
পুতিজলৰ সংজ্ঞা (Definition):
পুতিজল (Sewage) কাক বোলে ?
– নগৰ-চহৰত থকা ঘৰ, কাৰখানা, বজাৰ আদিৰ পৰা নিৰ্গত হোৱা বৰ্জিত পদাৰ্থ, মানুহৰ মল-মূত্ৰ আৰু আৱৰ্জনা মিহলি হৈ থকা দূষিত পানী নলা-নৰ্দমাত জমা হয়। এই পানী অৱশেষত গৈ নদী বা পুখুৰীত মিলিত হয়। ইয়াক পুতিজল (Sewage) বোলে।
পুতিজলৰ বিষয়ে চমু বিৱৰণ:
ইয়াৰ বৈশিষ্ট্য
(i) এই পানীত গেলা-পচা বস্তু, জাবৰ-জোথৰ, পোক-পৰুৱা আৰু মানুহ তথা জীৱ-জন্তুৰ মল-মূত্ৰ আদি মিহলি হৈ থাকে বাবে ই অত্যন্ত দূষিত।
(ii) পুতিজলত অসংখ্য জীৱাণু থাকে, যাৰ ভিতৰত বহুতেই মানুহৰ বিভিন্ন বেমাৰৰ বীজাণু হ’ব পাৰে।
(iii) নলা-নৰ্দমাৰ মাজেৰে গৈ এই পানী শেষত নদী, পুখুৰী বা হ্ৰদত জমা হয়গৈ আৰু প্ৰাকৃতিক পানীৰ উৎস দূষিত কৰে।
(iv) অৱশ্যে, বিজ্ঞানসন্মতভাৱে কিছুমান উপকাৰী জীৱাণু ব্যৱহাৰ কৰি এই পানী পৰিষ্কাৰ বা শোধন কৰিব পাৰি।
(v) এই শোধন প্ৰক্ৰিয়া সাধাৰণতে কেইবাটাও স্তৰত সম্পন্ন কৰি পানী বিশুদ্ধ কৰা হয়।
জীৱাণু ব্যৱহাৰ কৰি পুতিজল পৰিষ্কাৰ কৰা পদ্ধতি (Use of microbes for sewage treatment):
জীৱাণু ব্যৱহাৰ কৰি পুতিজল পৰিষ্কাৰ কৰা প্ৰক্ৰিয়াটো সাধাৰণতে ‘জৈৱিক বিকাৰণ’ (Biological Treatment) বুলি কোৱা হয়। এই প্ৰক্ৰিয়াটো তলত উল্লেখ কৰা ধৰণে বৰ্ণনা কৰিব পাৰি:
১. প্ৰাথমিক বিকাৰণ (Primary Treatment):
এই স্তৰত প্ৰথমতে সৰু-ডাঙৰ জাবৰ সমূহ বাছি বাছি আঁতৰাই পেলোৱা হয় আৰু বোকা বা পচি যোৱা বস্তুবোৰ তলত জমা হ’বলৈ দিয়া হয় (অৱক্ষেপণ)। এই জমা হোৱা অৱক্ষেপ বা গেদক ‘প্ৰাথমিক গেদ’ (Primary Sludge) বোলে। ওপৰত থকা পানীখিনি দ্বিতীয় পৰ্যায়ৰ বাবে লৈ যোৱা হয়।
২. দ্বিতীয় পৰ্যায়ৰ বিকাৰণ বা জৈৱিক বিকাৰণ (Secondary Treatment):
সবাত জীৱাণুৰ ক্ৰিয়া: প্ৰাথমিক পৰ্যায়ৰ পৰা অহা পানীখিনি এটা ডাঙৰ পকী পুখুৰীত ৰখা হয় আৰু তাত যন্ত্ৰৰ সহায়ত অনবৰতে বায়ু (অক্সিজেন) যোগান ধৰা হয়। ইয়াৰ ফলত তাত ‘সবাত’ (Aerobic) জীৱাণুবোৰৰ বৃদ্ধি ঘটে।
জৈৱিক পদাৰ্থৰ পচন: এই সবাত জীৱাণুবোৰে পানীত থকা জৈৱিক পদাৰ্থবোৰ পচন ঘটায় আৰু তাৰ পৰা খাদ্য গ্ৰহণ কৰে। ইয়াৰ ফলত পানীৰ প্ৰদূষণৰ মাত্ৰা বা ‘জৈৱিক অক্সিজেন চাহিদা’ (BOD – Biological Oxygen Demand) কমি যায়। BOD মানে হ’ল – এক লিটাৰ অপৰিষ্কাৰ পানীত থকা জৈৱিক বস্তুৰ পচন ঘটাবলৈ যিমানখিনি অক্সিজেন জীৱাণু সমূহে গ্ৰহণ কৰে, সেই অক্সিজেনৰ পৰিমাণক জৈৱিক অক্সিজেন চাহিদা বা BOD বোলে।
৩. সক্ৰিয় গেদ (Activated Sludge):
BOD কমি যোৱাৰ পাছত পানীখিনি আন এটা পুখুৰীলৈ নিয়া হয় য’ত গেদবোৰ তলত জমা হয়। এই গেদত অসংখ্য জীৱাণু থাকে বাবে ই্য়াক ‘সক্ৰিয় গেদ’ (Activated Sludge) বোলা হয়।
এই সক্ৰিয় গেদৰ কিছু অংশ পুনৰ আৰম্ভণিলৈ পঠোৱা হয় যাতে তাত জীৱাণুৰ বংশবৃদ্ধি দ্ৰুত হয়।
৪. অবাত পচন (Anaerobic Digestion):
বাকী থকা গেদখিনি এটা ডাঙৰ টেংকত বা পুখুৰীত ‘অবাত জীৱাণু’ৰ (Anaerobic microbes) সহায়ত পচন ঘটোৱা হয়। এই জীৱাণুবোৰে অক্সিজেন নোহোৱাকৈ গেদবোৰ পচাই পেলায়।
এই প্ৰক্ৰিয়াত মিথেনৰ দৰে গেছ নিৰ্গত হয়, যাক ‘জৈৱিক গেছ’ (Biogas) বোলে আৰু ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়।
৫. পানীৰ নিৰ্গমন:
এই গোটেই প্ৰক্ৰিয়াৰ অন্তত পৰিষ্কাৰ হোৱা পানীখিনি নদী বা আন জলাশয়ত এৰি দিয়া হয়।
পুতিজল পৰিষ্কাৰৰ সুবিধাসমূহ (Advantages of Sewage Treatment) –
১. পানী প্ৰদূষণ ৰোধ: এই প্ৰক্ৰিয়াৰ দ্বাৰা দূষিত পানী শোধন কৰি নদী, হ্ৰদত, বিল বা পুখুৰীত পেলোৱা হয়। ফলত প্ৰাকৃতিক পানীৰ উৎসসমূহ প্ৰদূষিত নহয় আৰু পৰিৱেশ সুৰক্ষিত থাকে।
২. জৈৱিক গেছ বা ইন্ধন উৎপাদন: পুতিজলৰ পৰা ওলোৱা গেদ (Sludge) অবাত জীৱাণুৰ দ্বাৰা পচন ঘটোৱাৰ ফলত মিথেন গেছ বা ‘জৈৱিক গেছ’ (Biogas) উৎপন্ন হয়। এই গেছ ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পাৰি।
৩. ৰোগৰ সংক্ৰমণ হ্ৰাস: পুতিজলত থকা মানুহৰ মল-মূত্ৰ আৰু ৰোগৰ বীজাণুবোৰ এই শোধন প্ৰক্ৰিয়াত ধ্বংস বা নিষ্ক্ৰিয় কৰা হয়, যাৰ ফলত বেমাৰ বিয়পোৱাৰ আশংকা বহু পৰিমাণে কমি যায়।
৪. জলজ পৰিৱেশৰ সুৰক্ষা: শোধন প্ৰক্ৰিয়াত পানীৰ ‘জৈৱিক অক্সিজেন চাহিদা’ (BOD) হ্ৰাস কৰা হয়। ইয়াৰ ফলত এই পানী নদী বা পুখুৰীত পেলালে তাত থকা মাছ আৰু অন্যান্য জলজ জীৱৰ ক্ষতি নহয়।
৫. নদী সংৰক্ষণ আঁচনিৰ সহায়ক: গংগা একশ্বন প্লেন (Ganga Action Plan) আৰু যমুনা একশ্বন প্লেনৰ (Yamuna Action Plan) দৰে চৰকাৰী আঁচনিসমূহ সফল কৰাত এই শোধন প্ৰক্ৰিয়াই গুৰুত্বপূৰ্ণ ভূমিকা লয়।
Class 10 (HSLC) General Science (Free MCQs)
| CHAPTERS | অধ্যায় | LINKS |
| Chemical Reactions and Equation | ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ | Click Here |
| Acids, Bases and Salts | এছিড, ক্ষাৰক আৰু লৱণ | Click Here |
| Metals and Non Metals | ধাতু আৰু অধাতু | Click Here |
| Carbon and Its Compounds | কাৰ্বন আৰু তাৰ যৌগ | Click Here |
| Periodic Classification of Elements | মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন | Click Here |
| Life Processes | জীৱন প্ৰক্ৰিয়া | Click Here |
| Control And Coordination | নিয়ন্ত্ৰণ আৰু সমন্বয় | Click Here |
| How Do Organisms Reproduce? | জীৱই কেনেকৈ বংশবিস্তাৰ কৰে? | Click Here |
| Heredity and Evolution | বংশগতি আৰু ক্ৰমবিকাশ | Click Here |
| Reflection and Refraction | পোহৰ – প্ৰতিফলন আৰু প্ৰতিসৰণ | Click Here |
| The Human Eye and the Colorful World | মানৱ চকু আৰু বাৰেবৰণীয়া পৃথিৱী) | Click Here |
| Electricity | বিদ্যুৎ | Click Here |
| Magnetic Effects of Electric Current | বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় প্ৰভাৱ | Click Here |
| Sources of Energy | শক্তিৰ উৎসমূহ | Click Here |
| Our Environment | আমাৰ পৰিবেশ | Click Here |
| Management of Natural Resources | প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা | Click Here |