Molecular Basis Of Inheritance (বংশগতিৰ আনৱিক আধাৰ): Class 12 Biology Important Questions

Introduction: Molecular Basis Of Inheritance

Molecular Basis Of Inheritance (Heredity) অধ্যায়টোৱে জীৱৰ মাজত জিনীয় তথ্য কেনেকৈ সংৰক্ষিত, সঞ্চাৰিত আৰু প্ৰকাশিত হয়, তাৰ মৌলিক নীতিসমূহৰ বিষয়ে আলোচনা কৰে। এই অধ্যায়ত ডি.এন.এৰ গঠন আৰু কাৰ্যকাৰিতা, আৰ.এন.এৰ ভূমিকা, আৰু প্ৰতিলিপিকৰণ, প্ৰতিৰূপণ আৰু অনুবাদৰ প্ৰক্ৰিয়াৰ বিষয়ে বৰ্ণনা কৰা হৈছে। Molecular Basis Of Inheritance অধ্যায়টোত ডি.এন.এক জিনীয় পদাৰ্থ হিচাপে প্ৰতিষ্ঠিত কৰা গুৰুত্বপূৰ্ণ পৰীক্ষা, জিনীয় সংকেতৰ ধাৰণা আৰু জিনৰ প্ৰকাশৰ নিয়ন্ত্ৰণৰ বিষয়েও আলোচনা কৰা হৈছে, যিয়ে উত্তৰাধিকাৰৰ আণৱিক ভিত্তি বুজিবলৈ এক শক্তিশালী ভিত্তি প্ৰদান কৰে।

Molecular Basis Of Inheritance: Important Questions

Molecular Basis of Inherirance

1. Short Questions: Molecular Basis Of Inheritance

1. নিউক্লিক এচিড (Nucleic acid) কি?

উত্তৰ: বংশগতি নিৰ্ণায়ক পদাৰ্থ DNA আৰু RNA ক নিউক্লিক এচিড (Nucleic acid) বোলে।

2. জিন (Gene) কি?

উত্তৰ: ডি এন এ (DNA) ৰ কাৰ্যকৰী অংশক জিন বোলে। অথবা, নিৰ্দিষ্ট কোনো বৈশিষ্ট্যৰ বাবে দায়ী DNA ৰ কাৰ্যকৰী অংশক জিন বোলে।

3. DNA ত থকা শৰ্কৰাৰ নাম কি?

উত্তৰ: ডি-অক্সিৰাইবজ শৰ্কৰা (Deoxyribose sugar)।

4. RNA ত থকা শৰ্কৰাৰ নাম কি?

উত্তৰ: ৰাইবজ শৰ্কৰা ( Ribose sugar)।

5. DNA অনুত থকা ৰাসায়নিক বান্ধনীসমূহ কি কি?

উত্তৰ: DNA ত থকা ৰাসায়নিক বান্ধনীসমূহ হ’ল-

১. N- গ্লাইকছাইডিক বান্ধনী (N-Glycosicic bond)

২. ফছফডায়েছটাৰ বান্ধনী ( Phosphodiester bond) আৰু

৩. হাইড্ৰ’জেন  বান্ধনী (Hydrogen bond)।

6. নিউক্লিয়ছাইড (Nucleoside) কি?

উত্তৰ: এটা নাইট্ৰ’জেনযুক্ত ক্ষাৰক (Nitrogenous base) আৰু এটা পঞ্চজ শৰ্কৰা (Pentose sugar) ঘনীভূত হৈ সৃষ্টি হোৱা যৌগক নিউক্লিয়ছাইড (Nucleoside) বোলে।

7. নিউক্লিয়টাইড (Nucleotide) কি?

উত্তৰ: এটা নাইট্ৰ’জেনযুক্ত ক্ষাৰক (Nitrogenous base) এটা পঞ্চজ শৰ্কৰা (Pentose sugar) আৰু এটা ফছফেট গ্ৰুপ (Phosphate group) ঘনীভৱন হোৱাৰ ফলত সৃষ্টি হোৱা যৌগক নিউক্লিয়টাইড (Nucleotide) বোলে।

8. ফছফডায়েছটাৰ বান্ধনী ( Phosphodiester bond) ক’ত পোৱা যায়?

উত্তৰ: DNA অণু এটাত ওচৰা উচৰিকৈ থকা দুটা নিউক্লীয়টাইডৰ মাজত থাকে।

9. হাইড্ৰজেন বান্ধনী (Hidrogen bond) ক’ত পোৱা যায়?

উত্তৰ: DNA অণুত থকা শৃংখল দুটাৰ মাজত অৰ্থাৎ নাইট্ৰ’জেনযুক্ত ক্ষাৰকৰ মাজত থাকে।

10. DNA ৰ দ্বি- সৰ্পিল আকৃতিৰ গঠন (Double helical structure of DNA) কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ: 1953 খ্ৰীষ্টাব্দত J.D. Watson আৰু F. H.C. Crick নামৰ বিজ্ঞানী দুজনে।

11. DNA ৰ ক্ৰিয়া (Function) বৰ্ণনা কৰা।

উত্তৰ: DNA ৰ কাম হ’ল-

১. DNA বংশগতিৰ বাহক। বংশগত গুণসমূহ পিতৃ মাতৃৰ পৰা সন্তানৰ দেহলৈ কঢ়িয়াই লৈ যায়।

২. DNA ই RNA ৰ সংশ্লেষণত ভূমিকা পালন কৰে।

৩. DNA প্ৰটিন সংশ্লেষণত (Protein synthesis) ভূমিকা পালন কৰে

৪. বিভিন্ন ধৰণৰ উৎসেচক (Enzymes), হৰ’মন (Hormones) আদিৰ সংশ্লেষণৰ DNA অনুৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে

৫. DNA অণুৱে প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে সকলো ধৰণৰ জৈৱিক ক্ৰিয়া নিয়ন্ত্ৰণ কৰে।

12. RNA ৰ সম্পূৰ্ণ নাম কি?

উত্তৰ: ৰিব’নিউক্লিক এচিড Ribonucleic Acid)।

13. DNA ৰ সম্পূৰ্ণ নাম কি?

উত্তৰ: ডি-অক্সিৰিব’নিউক্লিক এচিড (Deoxyribo nucleic acid)।

14. RNA ৰ ক্ৰিয়া উল্লেখ কৰা।

উত্তৰ: RNA ৰ ক্ৰিয়াসমূহ হ’ল-

১. RNA ই প্ৰটিন সংশ্লেষণত (Protein synthesis) ভূমিকা পালন কৰে।

২. RNA কিছুমান ভাইৰাছৰ বংশগতি নিৰ্ণায়ক পদাৰ্থ(Genetic material)।

৩. rRNA ই ৰাইব’জমৰ গঠনত ভাগ লয়।

৪. tRNA সমূহে প্ৰটিন সংশ্লেষণৰ সময়ত এমিন’ এচিড পৰিবহণ কৰে।

15. নিউক্লিয়ইড (Nucleoid) কাক বোলে?

উত্তৰ: প্রকোষকেন্দ্ৰীয় কোষত (Prokaryotic cell) DNA (ঋণাত্মক আধানযুক্ত) অণুখিনি ধনাত্মক আধানযুক্ত প্ৰটিনৰ লগত লগ লাগি থাকে। DNA আৰু প্ৰটিনৰ এনে ধৰণৰ সংগঠনক নিউক্লিয়ইড (Nucleoid) বোলে।

16. হিষ্ট’ন (Histone) কি?

উত্তৰ: হিষ্ট’ন (Histone) হ’ল কোষকেন্দ্ৰৰ ভিতৰত থকা এক প্ৰকাৰৰ প্ৰটিন।

17. নিউক্লিয়’ছাইড (Nucleoside) কাক বোলে?

উত্তৰ: সংকোষকেন্দ্ৰীয় কোষত (Eukaryotic cell) DNA অণু হিষ্ট’ন অষ্টাংশক (Histone octomer) নামৰ প্ৰটিনৰ চাৰিওফালে মেৰিয়াই এক সংগঠনৰ সৃষ্টি কৰে। ইয়াক নিউক্লিয়’ছাইড (Nucleoside) বোলে।

18. হিষ্ট’ন অষ্টাংশক (Histone octomer) কি?

উত্তৰ: হিষ্ট’ন প্ৰটিন আঠোটা উপ- এককৰ দ্বাৰা গঠিত। ইয়াক হিষ্ট’ন অষ্টাংশক (Histone octomer) বোলে।

19. ইউক্ৰমেটিন (Euchromatin) কি?

উত্তৰ: কোষকেন্দ্ৰত থকা ক্ৰমেটিনৰ কিছুমান অংশ ৰঞ্জকৰ দ্বাৰা পাতলকৈ অভিৰঞ্জিত হয়। এইবোৰক ইউক্ৰমেটিন (Euchromatin) বোলে।

20. হেটাৰ’ক্ৰমেটিন (Heterochromatin) কি?

উত্তৰ: কোষকেন্দ্ৰত থকা ক্ৰমেটিনৰ কিছুমান অংশ ৰঞ্জকৰ দ্বাৰা ডাঠকৈ অভিৰঞ্জিত হয়। এইবোৰক হেটাৰ’ক্ৰমেটিন (Heterochromatin) বোলে।

21. গ্ৰিফিতে (Griffith) পৰীক্ষাৰ বাবে কি কি ব্যৱহাৰ কৰিছিল ?

উত্তৰ: Streptococcus pneumoniae নামৰ বেক্টেৰিয়া, এন্দুৰ আদি ব্যৱহাৰ কৰিছিল।

22. DNA অনুকৃত্যায়ন (DNA replication) কি?

উত্তৰ: DNA অণু এটাই হুবহু তাৰ প্ৰতিলিপি সৃষ্টি কৰা প্ৰক্ৰিয়াক অনুকৃত্যায়ন বোলে।

2. Medium Questions: Molecular Basis Of Inheritance:

23. DNA অনুকৃত্যায়ন (DNA replication) ৰ অৰ্দ্ধৰক্ষণশীল মতবাত (semiconservative hypothesis) বুলিলে কি বুজা?

উত্তৰ: DNA অনুকৃত্যায়ন (DNA replication) ৰ সময়ত DNA ত থকা সূত্ৰ দুডাল মেল খায় আৰু  এডালকৈ সূত্ৰ নতুনকৈ সংশ্লেষিত হয় আৰু আনটো সূত্ৰ সংৰক্ষণ হৈ থাকে। ইয়াকে DNA অনুকৃত্যায়ন (DNA replication) ৰ অৰ্দ্ধৰক্ষণশীল মতবাত (semiconservative hypothesis) বোলে।

24. DNA লাইগেছ (DNA Ligase) কি?

উত্তৰ: DNA লাইগেছ হ’ল এক প্ৰকাৰৰ উৎসেচক। আৰু ই DNA ৰ কোনো অংশ জোৰা লগোৱাৰ বাবে ব্যৱহাৰ হয়।

25. DNA পলিমাৰেইছ (DNA polymerase) কি?

উত্তৰ: DNA পলিমাৰেইছ (DNA polymerase) হ’ল একপ্ৰকাৰৰ উৎসেচক। DNA অনুকৃত্যায়নৰ সময়ত নতুন DNA সূত্ৰ সংশ্লেষণত DNA পলিমাৰেইছ (DNA polymerase) উৎসেচকে সহায় কৰে।

26. হেলিকেজ (Helicase) কি? ইয়াৰ কাম কি?

উত্তৰ: হেলিকেজ হল একপ্ৰকাৰৰ উৎসেচক যিয়ে DNA অনুকৃত্যায়ন (DNA replication) ৰ সময়ত DNA সূত্ৰ দুডালৰ মাজত থকা হাইড্ৰ’জেন বান্ধনী ভাঙি দিয়ে ফলত সূত্ৰ দুডাল উন্মুক্ত হৈ পৰে।

27. টপ’আইছ’মাৰেছ (Topoisomerase) কি?

উত্তৰ: টপ’আইছ’মাৰেছ (Topoisomerase) হ’ল একপ্ৰকাৰৰ উৎসেচক আৰু ই DNA অনুকৃত্যায়ন (DNA replication) ৰ সময়ত DNA সূত্ৰ কাটি দিয়ে ফলত DNA সূত্ৰ দুডাল উন্মুক্ত হৈ খোল খায়।

28. প্ৰতিলিপি শাখা (Replication fork) কি?

উত্তৰ: DNA অনুকৃত্যায়ন (DNA replication) ৰ সময়ত টপ’আইছ’মাৰেছ (Topoisomerase) উৎসেচকে DNA সূত্ৰ এডাল কাটি দিয়াৰ ফলত DNA ৰ দুয়োডাল সূত্ৰৰ মাজত বান্ধনী চাপ কমি যায় আৰু সূত্ৰ দুডাল কিছু মেল খায়। DNA অণুৰ এই অৱস্থাক প্ৰতিলিপি শাখা বোলে।

29. ছাপ শৃংখল বা সূত্ৰ (Templete strand) কি?

উত্তৰ: DNA অনুকৃত্যায়ন (DNA replication) ৰ সময়ত DNA সূত্ৰ দুডাল মেল খায় আৰু প্ৰতিটো সূত্ৰৰ ওপৰত নিৰ্ভৰ কৰি নতুন সূত্ৰৰ সংশ্লেষণ হয়। এনেদৰে যি দুডাল সূত্ৰৰ ওপৰত নিৰ্ভৰ কৰি নতুন সূত্ৰৰ সৃষ্টি হয় সেই সূত্ৰ দুডালক ছাপ শৃংখল বোলে।

30. RNA প্ৰাইমাৰ (RNA primer) কি?

উত্তৰ: RNA প্ৰাইমাৰ হ’ল ৰাইব’নিউক্লিয়’টাইডৰ (ATP, GTP, TTP, CTP) কিছুমান সৰু সৰু টুকুৰা। এইবোৰে DNA অনুকৃত্যায়ন (DNA replication) ৰ সময়ত নতুনকৈ DNA সূত্ৰ সংশ্লেষণ প্ৰক্ৰিয়াত সহায় কৰে।

31. DNA পলিমাৰেছ (DNA Polymerase) কি?

উত্তৰ: DNA পলিমাৰেছ (DNA Polymerase) হ’ল DNA অনুকৃত্যায়ন (DNA replication) ৰ সময়ত নতুনকৈ DNA শৃংখল সংশ্লেষণ হোৱাত সহায় কৰা একপ্ৰকাৰৰ উৎসেচক।

32. অগ্ৰণী সূত্ৰ (Leading strand) কি?

উত্তৰ: DNA অনুকৃত্যায়ন (DNA replication) ৰ সময়ত যিটো সূত্ৰৰ ওপৰত ভিত্তি কৰি DNA পলিমাৰেছ (DNA Polymerase) উৎসেচকে নিৰৱছিন্নভাৱে বহুনিউক্লিয়টাইডসমূহ সংযোজন কৰিব যায় তাক অগ্ৰণী সূত্ৰ বোলে।

33. লেগিং সূত্ৰ (Lagging strand) কি?

উত্তৰ: DNA অনুকৃত্যায়ন (DNA replication) ৰ সময়ত এডাল সূত্ৰ নিৰৱছিন্নভাৱে সংশ্লেষণ হয়। কিন্তু অন্য সূত্ৰডাল DNA পলিমাৰেছ (DNA Polymerase) উৎসেচকে সৃষ্টি কৰা কিছুমান চুটি চুটি টুকুৰাৰ সংলগ্নকৰণৰ দ্বাৰা সৃষ্টি হয়। এই সূত্ৰডালক লেগিং সূত্ৰ বোলে।

34. ওকাযাকি টুকুৰা (Okazaki fragment) কি?

উত্তৰ: DNA অনুকৃত্যায়ন (DNA replication) ৰ সময়ত লেগিং সূত্ৰডালত DNA পলিমাৰেছ উৎসেচকে কিছুমান সৰু সৰু DNA টুকুৰাৰ সৃষ্টি কৰে। এইবোৰক ওকাযাকি টুকুৰা (Okazaki fragment) বোলে। DNA লাইগেছে এই টুকুৰাসমূহক জোৰা লগায় আৰু নতুন DNA সূত্ৰৰ সৃষ্টি কৰে।

35. জিনীয় সংকেত (Genetic code) কি?

উত্তৰ: DNA বা RNA ত থকা নিউক্লিয়টাইডৰ যিবোৰ ক্ৰমে প্ৰটিন সংশ্লেষণৰ সময়ত এমিন’ এচিডৰ ক্ৰম (amino acid sequence) নিৰ্ধাৰণ কৰে সেইবোৰক জিনীয় সংকেত (Genetic code) বোলে।

36. উৎপৰিবৰ্তন বা মিউটেচন (Mutation) কাক বোলে?

উত্তৰ: জিন বা DNA ত হঠাৎ হোৱা পৰিৱৰ্তনক উৎপৰিবৰ্তন বা মিউটেচন (Mutation) বোলে।

37. প্ৰটিন সংশ্লেষণ (protein synthesis) কাক বোলে?

উত্তৰ: যি প্ৰক্ৰিয়াৰ সহায়ত DNA ত থকা সংকেত অনুসৰি এমিন’ এচিড সমূহ লগ লাগি বহুপেপ্তাইড (polypeptide) শৃংখলৰ সৃষ্টি হয় তাক protein সংশ্লেষণ বোলে। ই দুটা স্তৰত সম্পন্ন হয়।

38. লিপ্যন্তৰ (Transcription) কাক বোলে?

উত্তৰ: DNA ৰ পৰা mRNA সৃষ্টি হোৱা প্ৰক্ৰিয়াক লিপ্যন্তৰ বোলে।

39. অনুবাদ (Translation) কাক বোলে?

উত্তৰ: mRNA ৰ সংকেত অনুসৰি এমিন এচিড লগ লাগি প্ৰটিন শৃংখল সৃষ্টি হোৱা প্ৰক্ৰিয়াক অনুবাদ বোলে।

40. লিপ্যন্তৰ একক (Transcription unit) কাক বোলে?

উত্তৰ: জিন এটাত তিনিটা অংশ থাকে – প্রচলক (promoter), গঠনাত্মক অংশ (structural part) আৰু সমাপ্তকাৰী অংশ (terminator)। ইঁহতক একেলগে লিপ্যন্তৰ একক বোলে।

41. স্প্লাইচিং (splicing) কাক বোলে?

উত্তৰ: সংকোষকেন্দ্ৰীয় লিপ্যন্তৰৰ পাছত সৃষ্টি হোৱা RNA অনুত দুই ধৰণৰ জিন থাকে – ইকজন (exon) আৰু ইনট্ৰণ (intron)। ইয়াৰে ইকজন সমূহে প্ৰটিনৰ বাবে সংকেত বহন কৰে। কিন্তু ইনট্ৰণ বোৰে কোনো সংকেত বহন নকৰে। এক বিশেষ প্ৰক্ৰিয়াৰ দ্বাৰা ইনট্ৰণ বোৰ আঁতৰাই পেলোৱা হয়। ইয়াক স্প্লাইচিং বোলে।

42. অচ্ছাদন (capping) কাক বোলে?

উত্তৰ: সংকোষকেন্দ্ৰীয় লিপ্যন্তৰৰ পাছত সৃষ্টি হোৱা RNA অনুৰ 5′ প্ৰান্তত এটা মিথাইল গুৱানিন ট্ৰাইফছফেট নিউক্লীয়টাইড সংলগ্ন হয়। ইয়াক অচ্ছাদন বোলে।

Question Paper

HSLC Previous Year Question Papers in PDF FormatDownload PDF
HS Previous Year Question Papers in PDF FormatDownload PDF

 

Latest Posts

  • Assam HS Result 2026: AHSEC Class 12 Result Date, Direct Link, and How to Check Online
    Result Link Below Assam HS Result 2026: AHSEC Class 12 Result Date, Direct Link, and How to Check Online (অসম উচ্চতৰ মাধ্যমিক ফলাফল ২০২৬: AHSEC দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণাৰ তাৰিখ আৰু পোনপটীয়া লিংক) The Assam State School Education Board (ASSEB), formerly known as AHSEC, is preparing to announce the Assam HS Result 2026. Following the…
  • পুতিজল (Sewage) কি? জীৱাণু ব্যৱহাৰ কৰি পুতিজল পৰিষ্কাৰ (Sewage Treatment) কৰা পদ্ধতিৰ বিষয়ে আলোচনা কৰা। Class 12 Biology
    পুতিজলৰ সংজ্ঞা (Definition): পুতিজল (Sewage) কাক বোলে ?– নগৰ-চহৰত থকা ঘৰ, কাৰখানা, বজাৰ আদিৰ পৰা নিৰ্গত হোৱা বৰ্জিত পদাৰ্থ, মানুহৰ মল-মূত্ৰ আৰু আৱৰ্জনা মিহলি হৈ থকা দূষিত পানী নলা-নৰ্দমাত জমা হয়। এই পানী অৱশেষত গৈ নদী বা পুখুৰীত মিলিত হয়। ইয়াক পুতিজল (Sewage) বোলে। পুতিজলৰ বিষয়ে চমু বিৱৰণ: ইয়াৰ বৈশিষ্ট্য(i) এই পানীত গেলা-পচা বস্তু, জাবৰ-জোথৰ,…
  • General Science (সাধাৰণ বিজ্ঞান) Class 10: Important MCQs with Answers From All Chapters Both in English And Assamese
    সাধাৰণ বিজ্ঞান (General Science) – দশম শ্ৰেণী SEBA/HSLC সাধাৰণ বিজ্ঞান হৈছে SEBA (Board of Secondary Education, Assam) দশম শ্ৰেণীৰ HSLC পৰীক্ষাৰ এক মুখ্য বিষয়। এই বিষয়টোৱে ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান আৰু ভৌতিক বিজ্ঞানৰ মৌলিক ধাৰণাসমূহ সামৰি লৈছে, যিয়ে ছাত্ৰ-ছাত্ৰীসকলক পৰিৱেশ, জীৱন প্ৰক্ৰিয়া আৰু প্ৰাকৃতিক নিয়মসমূহৰ বিজ্ঞানসন্মত বুজাবুজি প্ৰদান কৰে। NCERT ভিত্তিক এই পাঠ্যক্ৰমত মুঠ 16…
  • The Human Eye and the Colorful World (মানৱ চকু আৰু ৰঙীন জগত): High Scoring 20 MCQs for HSLC Exam
    The Human Eye and the Colourful World (মানৱ চকু আৰু ৰঙীন জগত): এই অধ্যায়ত আমি মানৱ চকুৰ গঠন, কাৰ্য্য, দৃষ্টিৰ ত্ৰুটি আৰু সংশোধন, পোহৰৰ বিচ্ছুৰণ (dispersion), বায়ুমণ্ডলীয় প্ৰতিফলন (atmospheric refraction), পোহৰৰ বিচ্ছুৰণ (scattering) আৰু প্ৰাকৃতিক ঘটনা যেনে ধুমুহাৰ ঝলকনি, সূৰ্য্যৰ ৰঙা ৰং, আকাশৰ নীলা ৰং আদিৰ বিষয়ে আলোচনা কৰা হয়। এইবোৰ NCERT/SEBA দশম শ্ৰেণীৰ বিজ্ঞান…
  • Life Processes (জীৱন প্ৰক্ৰিয়া): Class 10 Science- Important 20 MCQs
    Life Processes (জীৱন প্ৰক্ৰিয়া): জীৱন প্ৰক্ৰিয়া (Life Processes) জীৱন প্ৰক্ৰিয়া (Life Processes) হৈছে সকলো জীৱৰ দেহত অনবৰতে চলি থকা অতি প্ৰয়োজনীয় কাৰ্য্যসমূহ, যিয়ে জীৱটোক জীয়াই ৰাখে আৰু বৃদ্ধি, চলন আৰু প্ৰজননত সহায় কৰে। এই প্ৰক্ৰিয়াসমূহৰ ভিতৰত মুখ্য হৈছে পৰিপুষ্টি (Nutrition), শ্বসন (Respiration), পৰিবহন (Transportation), ৰেচন (Excretion) আদি। এইবোৰৰ জৰিয়তে জীৱই পৰিৱেশৰ পৰা পুষ্টি আৰু অক্সিজেন…

Categories