Principles of Inheritance and Variation (বংশগতিৰ তত্ত্ব আৰু প্রকাৰণ): Class 12 Biology Important Question

 

Introduction: Principles of Inheritance and Variation

(জীৱবিজ্ঞানৰ বিভিন্ন শাখা প্ৰশাখা সমূহৰ ভিতৰত বংশগতি বিদ্যা বা Genetics অন্যতম। বংশগতি বিদ্যা বুলিলে সাধাৰণতে পিতৃ মাতৃৰ পৰা চৰিত্ৰসমূহ কিদৰে সন্তানে লাভ তাক দলোধায়ন কৰা বুজায়। একেদৰে বংশগত লক্ষণসমূহ সন্তানৰ দেহলৈ সঞ্চালিত হোৱা প্ৰক্ৰিয়াক বংশগতি বা Heredity বোলে। এই অধ্যায়ত আমি বংশগতি বিদ্যাৰ, Heredity, জিন, মেণ্ডলৰ সূত্ৰসমূহ, বংশগত বেমাৰ ইত্যাদিৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ পৰা বহুতো প্ৰশ্ন AHSEC ৰ চুৰান্ত পৰীক্ষাত তথা NEET পৰীক্ষাত অহা দেখা যায়। আশা কৰোঁ তোমালোকে ইয়াৰ দ্বাৰা উপকৃত হবা।)

 

Some Important Questions with Answers: Principles of Inheritance and Variation

(Short Questions) অতি চমু প্ৰশ্নোত্তৰ

1. বংশগতি বিদ্যা বা জেনেটিক্স (Genetics) কি? 

উত্তৰ: জীৱবিজ্ঞানৰ যি শাখাত পিতৃ মাতৃৰ চৰিত্ৰসমূহ কিদৰে সতি- সন্ততিয়ে লাভ কৰে তাৰ বিষয়ে অধ্যয়ন কৰা হয় তাক Genetics বা বংশগতি বিদ্যা বোলে।

2. “Genetics” শব্দটো কোনে প্ৰথমতে ব্যৱহাৰ কৰে?

উত্তৰ: বেটিছন (Bateson) এ 1906 চনত।

3. বংশগতি বিদ্যাৰ জনক (Father of Genetics) কোন?

উত্তৰ: গ্ৰেগৰ জোহান মেণ্ডেল Gregor Johann Mendel)।

4. জিন (Gene) শব্দটো কোনে আগবঢ়াইছিল?

উত্তৰ: জোহানচনে (Johannsen)।

5. বংশগতি বা Heredity  কি?

উত্তৰ: প্ৰজননৰ দ্বাৰা পিতৃ মাতৃৰ চৰিত্ৰসমূহ সন্তানে পায়। এনেদৰে চৰিত্ৰসমূহ পিতৃ মাতৃৰ পৰা সন্তানৰ দেহলৈ সঞ্চাৰিত হোৱাকে বংশগতি বা Heridity বোলে।

6. জিন (Gene) কি?

উত্তৰ: জিন DNA ৰ অংশ যিবোৰে বিশেষ কোনো চৰিত্ৰ প্ৰকাশ কৰে। জিনক বংশগতিৰ বাহক বোলে।

7. এলিল বা যুগ্মকৰক (Allele or Allelomorph) কি?

উত্তৰ: সমৰূপী ক্ৰমজমৰ এক নিৰ্দিষ্ট বিন্দুত অৱস্থিত কোনো এক বিশেষ চাৰিত্ৰিক বৈশিষ্টৰ বাবে থকা কাৰক বা জিন দুটাৰ এটাক আনটোৰ এলিল বোলে।

8. সংকৰ (Hybrid) জীৱ কি?

উত্তৰ: দুটা পৃথক পৃথক কিন্তু একে চাৰিত্ৰিক বৈশিষ্টযুক্ত জীৱৰ মাজত  সংগম (Cross) ঘটাই পোৱা অপত্য জীৱক সংকৰ জীৱ বোলে।

9. এক সংকৰ পৰীক্ষা (Monohybrid cross) কি?

উত্তৰ: একে প্ৰজাতিৰ জীৱৰ এযোৰ মাত্ৰ বিপৰীতধৰ্মী চৰিত্ৰ বিচাৰ কৰি কৰা সংকৰণ পৰীক্ষাক এক সংকৰন পৰীক্ষা বোলে।

10. দ্বি- সংকৰ (Dihybrid cross) কি?

উত্তৰ: একে প্ৰজাতিৰ দুযোৰ বিপৰিধৰ্মী চৰিত্ৰ বিবেচনা কৰি যেতিয়া সংকৰণ পৰীক্ষা কৰা হয় তেতিয়া তাক দ্বি- সংকৰন পৰীক্ষা বোলে।

11.প্ৰভাৱী (Dominant) আৰু অপ্ৰভাৱী (Recessive) চৰিত্ৰ কাক বোলে?

উত্তৰ: দুটা বেলেগ বেলেগ বৈশিষ্ট্যযুক্ত জীৱৰ মাজত সংকৰণ ঘটালে প্ৰথম অপত্য জনুত (First filial generation or F1) কেৱল এটা মাত্ৰ বৈশিষ্ট্যহে প্ৰকাশ পায়। ইয়াক প্ৰভাৱী চৰিত্ৰ বোলে। আনটো বৈশিষ্ট্য অপ্ৰকাশিত হৈ থাকে। ইয়াক অপ্ৰভাৱী চৰিত্ৰ বোলে।

12. ব্যক্তৰূপ আৰু  জিনীয়ৰূপ (Genotype and Phenotype) কি?

উত্তৰ: জীৱৰ নিৰ্দিষ্ট জিনৰ দ্বাৰা নিয়ন্ত্ৰিত বৈশিষ্ট্যৰ বাহ্যিক প্ৰকাশক প্ৰকাশক ব্যক্তৰূপ বোলে।

আনহাতে, জিনীয়ৰূপ হ’ল ব্যক্তৰূপৰ বাবে দায়ী জিনীয় সংগঠন।

13. মেণ্ডেলে কৰা এক সংকৰণ (Monohybrid Cross) পৰীক্ষাত প্ৰথম অপত্য জনুত জিনীয়ৰূপ আৰু ব্যক্তৰূপৰ অনুপাত কি?

উত্তৰ: জিনীয়ৰূপৰ অনুপাত হ’ল- 1:2:1 আৰু ব্যক্তৰূপৰ অনুপাত হ’ল- 3:1।

14. মেণ্ডেলৰ দ্বি-সংকৰণ (Dihybrid cross) পৰীক্ষাত দ্বিতীয় অপত্য জনুত ব্যক্তৰূপৰ অনুপাত কিমান?

উত্তৰ: মেণ্ডেলৰ দ্বি-সংকৰণ (Dihybrid cross) পৰীক্ষাত দ্বিতীয় অপত্য জনুত ব্যক্তৰূপৰ অনুপাত হ’ল – 9:3:3:1 ।

15. মেণ্ডলে কি কি কাৰণত মটৰমাহ (pea plants) গছ বাছি লৈছিল?

উত্তৰ : কাৰণসমূহ হল –

(i) মটৰমাহৰ জীৱনকাল চুটি ফলত কম সময়ত ফলাফল সমূহ পাব পাৰি।

(ii) এইবোৰ একবৰ্ষজীৱী আৰু কম ঠাইত ইয়াৰ খেতি কৰিব পাৰি।

(iii) ফুলবোৰ উভয়লিংগী বাবে স্ব-পৰাগযোগত বাধাৰ সৃষ্টি নহয়।

(iv) বিভিন্ন প্ৰকাৰৰ মটৰ মাহৰ চৰিত্ৰসমূহৰ পাৰ্থক্য সহজতে চিনাক্ত কৰিব পাৰি।

16. সহলগ্নতা (Linkage) কাক বোলে?

উত্তৰ: একে ক্ৰ’ম’জমত থকা বিভিন্ন জিনসমূহ একেলগে এটা জনুৰ পৰা আন এটা জনুলৈ বংশগতি সূত্ৰে যোৱা বা যাব বিচৰা পৰিঘটনাক সহলগ্নতা (Linkage) বোলে।

17. ক্ৰছিং অভাৰ বা জিন বিনিময় (Crossing over) কাক বোলে?

উত্তৰ: জননকোষ গঠনৰ সময়ত মিঅ’চিছ বিভাজনৰ পেকেটিন দশাত সমৰূপী ক্ৰ’ম’জমৰ অভগ্নী ক্ৰমেটিডৰ মাজত জিনিয় পদাৰ্থৰ সাল সলনি হোৱাকে জিন বিনিময় বোলে।

18. উৎপৰিৱৰ্তন (Mutation) কাক বোলে?

উত্তৰ: বংশগতি দ্ৰব্য (DNA) বা জিনত হঠাৎ হোৱা পৰিবৰ্তনক উৎপৰিৱৰ্তন বোলে। উৎপৰিৱৰ্তনৰ ফলত ব্যক্তৰূপৰ পৰিৱৰ্তন হয়।

19. উৎপৰিৱৰ্তন (Mutation) কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰ: উৎপৰিৱৰ্তন (Mutation) সাধাৰণতে দুই প্ৰকাৰৰ –

(i) বিন্দু উৎপৰিৱৰ্তন (point mutation) : যেতিয়া

উৎপৰিৱৰ্তন (Mutation) আণৱিক স্তৰত সংগঠিত হয় (যেনে DNA গঠনৰ সময়ত নাইট্ৰজেন যুক্ত ক্ষাৰকৰ ত্ৰুটি) তেতিয়া তাক বিন্দু উৎপৰিৱৰ্তন বোলে।

(ii) ক্ৰ’ম’জমীয় উৎপৰিৱৰ্তন (chromosomal mutation): উৎপৰিৱৰ্তন যেতিয়া ক্ৰ’ম’জমীয় স্তৰত সংগঠিত হয় তেতিয়া তাক ক্ৰ’ম’জমীয় উৎপৰিৱৰ্তন বোলে। যেনে – অপসাৰণ বা deletion (DNA ৰ কোনো অংশ নাইকিয়া হয়), সন্নিবিষ্টকৰণ বা insertion (ক্ৰ’ম’জমত নতুন DNA অংশ সংযোজিত হয়), দ্বিগুণীকৰণ বা duplication (বংশগতি দ্ৰব্যৰ কোনো অংশৰ পৰা হুবহু একে অংশৰ সৃষ্টি হয়)।

20. লিংগ জড়িত(sex linked Gene) জিনবিলাক কি কি?

উত্তৰ: লিংগ ক্ৰমজমত থকা দৈহিক লক্ষণ নিৰূপণ জিনসমূহক লিংগ জড়িত (sex linked Gene) বোলে। X ক্ৰম’জমত থকা লিংগ জড়িত জিন বোৰক X- সংলগ্ন জিন বোলে আৰু Y ক্ৰমজমত থকা লিংগ জড়িত জিনবোৰক Y- সংলগ্ন জিন বা হ’লানড্ৰিক জিন (Holandric gene) বোলে।

21. হিম’ফিলিয়া (Haemoohilia) কি? ইয়াৰ লক্ষণ কি?

উত্তৰ: হিম’ফিলিয়া হ’ল – লিংগ ক্ৰমজমত থকা পৰাহত জিনৰ প্ৰভাৱত হোৱা বংশগত ৰোগ। এই ৰোগত আক্ৰান্ত মানুহৰ শৰীৰৰ কোনো অংশ কাটিলে তেজ ওলোৱা বন্ধ নহয় অৰ্থাৎ ৰক্ত চেকুৰা মৰা (Blood Clotting) গুণ  নোহোৱা হয়।

22. হিম’ফিলিয়া (Haemoohilia) ৰোগৰ কাৰণ কি?

উত্তৰ: হিম’ফিলিয়া (Haemoohilia) ৰোগৰ কাৰণ হ’ল X ক্ৰম’জমত থকা ‘h’ নামৰ অপ্ৰভৱী জিন। ই Y ক্ৰম’জমত নাথাকে। ইয়াৰ প্ৰভাৱী জিন হল ‘H’ আৰু ই তেজ গোট কৰাত সহায় কৰে।

23. ফিনাইলকিট’নুৰিয় (Phenylketonuria) ৰ বিষয়ে টোকা লিখা।

উত্তৰ: ফিনাইলকিট’নুৰিয় হ’ল দৈহিক ক্ৰমজমত থকা অপ্রভাৱী জিনৰ প্ৰভাৱত হোৱা বংশগত ৰোগ। ইয়াৰ ফলত ৰোগীৰ শৰীৰত ফিনাইলএলানিন হাইড্ৰ’ক্সিলেছ নামৰ উৎসেচকৰ অনুপস্থিতিত ফিনাইল এলানিন প্ৰচুৰ পৰিমাণে পোৱা যায়। ইয়াৰ ফলত ৰোগী মানসিক মন্থৰতাত ভোগে আৰু ৰোগীৰ শৰীৰ দুৰ্বল আৰু পাতল বৰণীয়া হয়।

24. কাঁচি-কোষ ৰক্তহীনতা (Sickel cell anaemia) কি? ইয়াৰ কাৰণ কি?

উত্তৰ: কাঁচি-কোষ ৰক্তহীনতা হ’ল মানুহৰ দৈহিক ক্ৰ’ম’জমত থকা পৰাহত জিনৰ দ্বাৰা সঞ্চৰিত হোৱা এবিধ বংশগত ৰোগ। ইয়াৰ ফলত লোহিত ৰক্তকণিকাৰ (RBC) আকাৰ দীঘল আৰু ধেনুভিৰীয়া হৈ কাঁচি এখনৰ আকৃতি ধাৰণ কৰে ফলত অক্সিজেন পৰিবহণ ক্ষমতা হ্ৰাস পায়।

এই ৰোগৰ কাৰণ হ’ল হিম’গ্লবিনৰ বিটা গ্লবিনৰ পেপটাইড শিকলিৰ ষষ্ঠ এমিন এচিড গ্লুটামিক এচিডৰ পৰিবৰ্তে ভেলাইন নামৰ এমিন এচিড সংযোজিত হয়।

25. ননডিছজাংকচন (Non-dis-junction) কাক বোলে?

উত্তৰ: মিঅ’ছিচ প্ৰক্ৰিয়াৰ দ্বাৰা জননকোষ গঠনৰ সময়ত সমৰূপী ক্ৰমজমৰ সঠিক অন্তৰণ নোহোৱা প্ৰক্ৰিয়াক ননডিছজাংকচন (Non-dis-junction) বোলে।

26. ট্ৰাইছ’মি-২১ বা ডাউনৰ লক্ষণ (Down’s syndrome) কি? ইয়াৰ কাৰণ কি? ইয়াৰ লক্ষণসমূহ লিখা।

উত্তৰ: ট্ৰাইছ’মি-২১ হ’ল দৈহিক ক্ৰমজমৰ সাংখ্যিক পৰিবৰ্তনৰ বাবে হোৱা বংশগত ৰোগ। ইয়াৰ কাৰণ হ’ল মহিলাৰ ডিম্বাণুজনন প্ৰক্ৰিয়াৰ সময়ত ২১ নং ক্ৰমজমৰ ননডিছজাংকচন (Non-dis-junction)। ইয়াৰ ফলত আক্ৰান্ত ব্যক্তিৰ দেহত ২১ তম ক্ৰমজম তিনিডাল হৈ পৰে। ফলত ক্ৰমজমৰ সংখ্যা 46 ৰ পৰিৱৰ্তে 47 হয়। এই ৰোগ প্ৰথমে লেংডন ডাউন (Langdon Down) নামৰ বৈজ্ঞানিক এজনে আৱিষ্কাৰ কৰিছিল।

ইয়াৰ লক্ষণসমূহ হ’ল – আক্ৰান্ত ব্যক্তিৰ দৈহিক বিকাশ বাধাগ্ৰস্থ হয়, চকুৰ উপৰ বাদু ওলোমা হয়, আঙুলিৰ মূৰ আৰু হাতৰ তলুৱাৰ ৰেখাসমূহ অস্বাভাৱিক হয়। ৰোগী মানসিকভাৱে দুৰ্বল হয় আৰু মূৰ সৰু, বহল জিভা আদি লক্ষণসমূহ দেখা যায়।

27. ক্লিনেফেল্টাৰৰ লক্ষণ (Klinefelter’s syndrome) কি? ইয়াৰ ফলত কি কি দৈহিক পৰিৱৰ্তনে দেখা দিয়ে?

উত্তৰ: ক্লিনেফেল্টাৰৰ লক্ষণ হ’ল- লিংগ ক্ৰমজমৰ সাংখ্যিক পৰিৱৰ্তনৰ ফলত হোৱা বংশগত ৰোগ।

আক্ৰান্ত ব্যক্তিৰ যৌন ক্ৰমজম স্বাভাবিক XY- ৰ পৰিৱৰ্তে XXY হয়। ফলত ক্ৰমজমৰ সংখ্যা 47 (44+ XXY) হয়।

আক্ৰান্ত পুৰুষৰ জনন অংগৰ বৰ্ধন নহয়, শৰীৰৰ নোম কমকৈ থাকে, স্তন গঠন হয় আৰু মানসিকভাৱ বাধাগ্ৰস্ত হয়।

28. টাৰ্ণাৰৰ লক্ষণ (Turner’s syndrome) কি? ইয়াৰ লক্ষণসমূহ কি কি?

উত্তৰ: টাৰ্ণাৰৰ লক্ষণ (Turner’s syndrome) হ’ল

লিংগ ক্ৰমজমৰ সাংখ্যিক পৰিৱৰ্তনৰ ফলত হোৱা বংশগত ৰোগ। মহিলাৰ ক্ষেত্ৰত এটা মাত্ৰ X ক্ৰমজম থাকিলে (XO) এই লক্ষণে দেখা দিয়ে। এনে ৰোগীৰ দেহত ক্ৰমজমৰ সংখ্যা 46 ৰ পৰিৱৰ্তে 45 (44+XO) হয়।

ইয়াৰ ফলত মহিলাৰ গাত কিছু পৰিমাণে পুৰুষৰ লক্ষণ দেখা যায়। যেনে – শৰীৰত নোম হয়, কান্ধ বহল আৰু নিতম্ব ঠেক হয়, স্তন গঠন নহয়, ডিম্বাশয়ৰ বৰ্ধন নহয় ফলত সন্তান জন্ম দিব নোৱাৰে।

29. “সহলগ্নতা প্ৰকৃতিৰ কাম্য নহয়।” কথাষাৰৰ যুক্তিযুক্ততা বিচাৰ কৰা।

উত্তৰ: সহলগ্নতা প্ৰকৃতিৰ কাম্য নহয়। কাৰণ, যেতিয়া ক্ৰমজম এটাত থকা সকলোবোৰ জিন সংলগ্ন অৱস্থাত এটা জনুৰ পৰা অন্য এটা

জনুলৈ স্থানান্তৰিত হ’লে জীৱ সমূহৰ মাজত কোনো বিভিন্নতা নাথাকিব। অৰ্থাৎ অপত্য জীৱ সমূহ পৈতৃক জীৱৰ দৰে একে চৰিত্ৰ বিশিষ্ট হ’ব। ইয়াৰ ফলস্বৰূপে, ক্ৰমবিকাশ সম্ভৱপৰ নহ’ব। কিন্তু প্ৰকৃতিত জিন সহলগ্নতা অতি বিৰল। পাৰংগতি (Crossing over) নামৰ প্ৰক্ৰিয়াৰ দ্বাৰা সহলগ্নতা ভংগ হয় আৰু জিনৰ সমাহাৰ ঘটে।

30. সহলগ্নতাৰ (Linkage) বৈশিষ্ট্যসমূহ কি কি লিখা।

উত্তৰ: সহলগ্নতাৰ (Linkage) বৈশিষ্ট্যসমূহ হ’ল –

(i) জিনসমূহ ক্ৰমজমত ৰৈখিকভাৱে সজ্জিত হৈ থাকে।

(ii) সহলগ্নতা জিনসমূহ একেলগে এটা জনুৰ পৰা আন এটা জনুলৈ

সঞ্চাৰিত হয়।

(iii) সংলগ্ন জিনসমূহ একেলগে থকাৰ প্ৰবণতাক সহলগ্নতা বোলে।

(iv) সহলগ্নতাই বিৱৰ্তন প্ৰক্ৰিয়া বাধাগ্ৰস্থ কৰে।

31. পাৰংগতি (crossing over) কাক বোলে? ইয়াৰ গুৰুত্ব বৰ্ণনা কৰা।

উত্তৰ: সমসংস্থ ক্ৰমজমৰ (homologous chromosome) অভগ্নী ক্ৰমেটিডৰ (non-sister chromatids) মাজত জিনীয় পদাৰ্থৰ সাল সলনি হোৱাকে পাৰংগতি বোলে।

পাৰংগতিৰ গুৰুত্ব:

(i) পাৰংগতিৰ ফলত ক্ৰমজমত নতুন জিনৰ সংযোজন ঘটে। ইয়াৰ ফলস্বৰূপে জিনীয় ভিন্নতা (Genetic variability) বৃদ্ধি পায়। জিনীয় ভিন্নতাই ক্ৰমবিকাশত অৰিহণা যোগায়।

(ii) জীৱৰ দেহত জিনীয় ভিন্নতা বৃদ্ধি পায় বাবে বংশগত চৰিত্ৰৰ পাৰ্থক্যই দেখা দিয়ে। এনে চৰিত্ৰগত পাৰ্থক্য বংশানুক্ৰমে সঞ্চিত হৈ নতুন প্ৰজাতিৰ সৃষ্টি কৰে।

(iii) কোনো এক ক্ৰমজমৰ জিনবোৰৰ মাজত পাৰংগতিৰ হাৰ নিৰ্ণয় কৰি জিনৰ মানচিত্ৰ প্ৰস্তুত কৰিব পাৰি।

 

32. পাৰ্থক্য লিখা: Principles of Inheritance and Variation

(i) সমযুতক (Homogenous) আৰু বিষমযুতক (Heterogenous)

উত্তৰ:

সমযুতক (Homogenous)বিষমযুতক (Heterogenous)
1. নিৰ্দিষ্ট চৰিত্ৰৰ বাবে থকা এলিল দুটা একে। যেনে – সমযুতক ওখ (TT) বা সমযুতক চাপৰ (tt)।1. নিৰ্দিষ্ট চৰিত্ৰৰ বাবে থকা এলিল দুটা বেলেগ বেলেগ। যেনে – বিষমযুতক ওখ (Tt)।
2. এনে জীৱৰ ব্যক্তৰূপ আৰু জিনীয়ৰূপ একে হয়।2. জীৱৰ ব্যক্তৰূপ আৰু জিনীয়ৰূপ বেলেগ বেলেগ হয়।
3. একে ধৰণৰ জননকোষ উৎপন্ন কৰে। যেনে – T বা t, R বা r ।3. দুই ধৰণৰ জননকোষ উৎপন্ন কৰে। যেনে – T আৰু t, R আৰু r ।

 

(ii) প্ৰভাৱী (Dominant) আৰু অপ্ৰভাৱী (Recessive)

    প্ৰভাৱী (Dominant)   অপ্ৰভাৱী (Recessive)
1. জীৱৰ দেহত প্ৰকাশিত হোৱা লক্ষণক প্ৰভাৱী লক্ষণ বোলে।1. আনহাতে, জীৱৰ অপ্ৰকাশিত  লক্ষণক অপ্ৰভাৱী লক্ষণ বোলে।
2. সমযুতক আৰু বিষমযুতক দুয়োটা অৱস্থাতে প্ৰকাশিত হয়। যেনে – বিশুদ্ধ ওখ (TT), বিষমযুতক ওখ (Tt)।2. কেৱল সমযুতক অৱস্থাত প্ৰকাশিত হয়। যেনে – সমযুতক চাপৰ (tt)।

 

(iii) জিনীয়ৰূপ বা জনুৰূপ (Genotype) আৰু ব্যক্তৰূপ (Phenotype)।

        জিনীয়ৰূপ          ব্যক্তৰূপ
1. কোনো চাৰিত্ৰিক বৈশিষ্ট্যৰ বাবে থকা জিনৰ সমষ্টিক জিনীয়ৰূপ বোলে।1. কোনো জীৱৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ বাহ্যিক প্ৰকাশক ব্যক্ত ৰূপ বোলে।
2. অপ্ৰভাৱী জিন প্ৰভাৱ জিনৰ দ্বাৰা দমন হৈ থাকে।2. প্ৰভাৱী কাৰকৰ দ্বাৰা নিয়ন্ত্ৰিত হয়।
3. বেলেগ বেলেগ জিনীয়ৰূপ যুক্ত জীৱৰ ব্যক্তৰূপ একে হ’ব পাৰে। যেনে – ওখ (TT) বা  (Tt)।3. ব্যক্তৰূপ একে হ’লেও জিনীয়ৰূপ বেলেগ বেলেগ হ’ব পাৰে।
4. ইয়াক চকুৰে দেখা নাযায়।4. ইয়াক চকুৰে দেখা যায়।

 

(iv) সহলগ্নতা (Linkage) আৰু পাৰংগতি (Crossing over)।

সহলগ্নতাপাৰংগতি
1. ক্ৰ’ম’জমত জিন সমূহ একেলগে থাকিব বিচৰা প্ৰৱণতাক সহলগ্নতা বোলে।1. বেলেগ বেলেগ ক্ৰমজমৰ মাজত জিনীয় পদাৰ্থৰ বিনিময় হোৱাকে পাৰংগতি বোলে।
2. বিৱৰ্তনত অৰিহণা নাই।2. বিৱৰ্তনত অৰিহণা যোগায়।
3. জীৱসমূহৰ মাজত চৰিত্ৰগত পাৰ্থক্যৰ সৃষ্টি নকৰে।3. জীৱসমূহৰ মাজত চৰিত্ৰগত পাৰ্থক্যৰ সৃষ্টি কৰে।
4. এই পৰিঘটনা প্ৰকৃতিত বিৰল।4. এই পৰিঘটনা সদায় দেখা যায়।

 

Long Questions (দীঘল প্ৰশ্নোত্তৰ): Principles of Inheritance and Variation

33. মেণ্ডেলৰ প্ৰথম সূত্ৰ উদাহৰণ সহকাৰে বৰ্ণনা কৰা।

অথবা,

মেণ্ডেলে মটৰমাহ গছৰ ওপৰত কৰা এক সংকৰণ পৰীক্ষা বৰ্ণনা কৰা।

অথবা,

প্ৰভাৱী আৰু অপ্ৰভাৱী সূত্ৰটো বৰ্ণনা কৰা।

অথবা,

মেণ্ডেলৰ এক সংকৰণ (Monohybrid cross) পৰীক্ষাত ব্যক্তৰূপ আৰু জনুৰূপৰ অনুপাত নিৰ্ণয় কৰা।

উত্তৰ: মেণ্ডেলৰ প্ৰথম সূত্ৰ বা প্ৰভাৱী আৰু অপ্ৰভাৱী সূত্ৰ:

যেতিয়া দুটা বিপৰীত চৰিত্ৰযুক্ত (যেনে – ওখ আৰু চাপৰ) দুটা জীৱৰ মাজত সংকৰণ (cross) ঘটোৱা হয় তেন্তে প্ৰথম অপত্য জনুত (F1) কেৱল এটা লক্ষণহে প্ৰকাশ পায়। আনটো লক্ষণ সুপ্ত অৱস্থাত বা অপ্ৰকাশিত হৈ থাকে। ইয়াৰে প্ৰকাশ পোৱা লক্ষণটোক প্ৰভাৱী (Dominant) আৰু প্ৰকাশ নোপোৱা লক্ষণটোক অপ্ৰভাৱী বা পৰাহত লক্ষণ (Recessive) বোলে।

Principles of Inheritance and Variation
মটৰমাহ গছৰ ওপৰত কৰা এক সংকৰণ পৰীক্ষা

 

মেণ্ডেলৰ এক সংকৰণ পৰীক্ষা: মেণ্ডেলে পৰীক্ষাৰ বাবে মটৰমাহ গছ (pea plants)বাছি লৈছিল। এযোৰ বিশুদ্ধ ওখ (TT) আৰু এযোৰ বিশুদ্ধ চাপৰ (tt) গছৰ মাজত সংকৰণ ঘটোৱাৰ ফলত অপত্য জনুত (F1) আটাইবোৰ গছ ওখ চৰিত্ৰ বিশিষ্ট (Tt) হৈছিল। ওখ লক্ষণটোক প্ৰভাৱী লক্ষণ বোলে। প্ৰথম অপত্য জনুৰ গছবোৰক

স্ব-পৰাগযোগ হ’বলৈ দিয়াত দ্বিতীয় অপত্য জনুত (F2) ওখ আৰু চাপৰ দুয়ো ধৰণৰ গছেই দেখা দেখা পোৱা যায়।  দ্বিতীয় অপত্য জনুত (F2) সৃষ্টি হোৱা গছবোৰ ব্যক্তৰূপৰ আৰু জনুৰূপৰ অনুপাত ক্ৰমে 3:1 আৰু 1:2:1 হয়।

 

34. মেণ্ডেলৰ দ্বিতীয় সূত্ৰটো বৰ্ণনা কৰা।

অথবা,

মেণ্ডেলৰ পৃথকীকৰণ সূত্ৰটো (Law of segregation) বৰ্ণনা কৰা।

অথবা,

জনন কোষৰ বিশুদ্ধতাৰ সূত্ৰ (Law of purity of gamete) টো বৰ্ণনা কৰা।

 

উত্তৰ: দ্বিতীয় সূত্ৰ বা পৃথকীকৰণ সূত্ৰ: এই সূত্ৰমতে, সংকৰণ পৰীক্ষাৰ দ্বাৰা সৃষ্ট প্ৰথম অপত্য জনুৰ (F1) জীৱসমূহৰ দেহত কোনো বিশেষ চৰিত্ৰৰ বাবে থকা কাৰকযোৰ একত্ৰিত হৈ থাকিলেও সিহঁত কেতিয়াও মিশ্ৰিত হৈ নাযায়, আৰু জননকোষ গঠনৰ সময়ত সিহঁত পৰস্পৰে পৃথক হৈ পৰে।

উদাহৰণস্বৰূপে, এক সংকৰণ পৰীক্ষাত বিশুদ্ধ ওখ (TT) আৰু বিশুদ্ধ চাপৰ (tt) গছৰ মাজত সংকৰণ ঘটালে প্ৰথম অপত্য জনুত (F1) কেৱল ওখ (Tt) চৰিত্ৰ প্ৰকাশ পায় আৰু চাপৰ লক্ষণ অপ্ৰকাশিত হৈ থাকে। প্ৰথম অপত্য জনুৰ (F1) জীৱৰ দেশত যদিও এটা লক্ষণ প্ৰকাশ পায়, কিন্তু দুয়োটা কাৰকেই (T আৰু t) থাকে। পৰৱৰ্তী সময়ত জননকোষ গঠনৰ সময়ত সিহঁত পৰস্পৰে পৃথক হৈ পৰে। সেইবাবে, মেণ্ডেলৰ দ্বিতীয় সূত্ৰক জনন কোষৰ বিশুদ্ধতাৰ সূত্ৰ (Law of purity of gamete) বোলে।

 

35. অসম্পূৰ্ণ প্ৰভাৱিতা (Incomplete dominance) কি? উদাহৰণসহ বৰ্ণনা কৰা।

উত্তৰ: কিছুমান সংকৰণ পৰীক্ষাত সৃষ্টি হোৱা অপত্য সংকৰ জীৱসমূহত পিতৃ জনুৰ (P) পিতৃ বা মাতৃ যিকোনো এটাৰ চৰিত্ৰ প্ৰকাশ পোৱাৰ পৰিৱৰ্তে উভয়ৰ মধ্যৱৰ্তী আন এক চৰিত্ৰ প্ৰকাশ পায়। এনে পৰিঘটনাক অসম্পূৰ্ণ প্ৰভাৱিতা বোলে।

উদাহৰণস্বৰূপে, স্নেপড্ৰেগন বা গধূলিগোপাল (Snapdragon) গছৰ ফুলৰ কথা উল্লেখ কৰিব পাৰি।

ৰঙা ফুলৰ গছ (RR) আৰু বগা ফুলৰ গছ (rr) ৰ মাজত সংকৰণ ঘটালে প্ৰথম অপত্য জনুত (F1) ৰঙা বা বগা ফুলযুক্ত গছৰ পৰিৱৰ্তে গোলাপী (Rr) ফুলযুক্ত গছৰ সৃষ্টি হয়। অৰ্থাৎ উভয়ৰে মধ্যৱৰ্তী লক্ষণ দেখা যায়। F1 জনুৰ গছবোৰৰ মাজত স্ব-পৰাগযোগৰ ফলত F2 (দ্বিতীয় অপত্য জনু) জনুত ৰঙা, গোলাপী আৰু বগা ফুলৰ গছ সমূহৰ ব্যক্তৰূপৰ অনুপাত মেণ্ডেলৰ 3:1 ৰ পৰিৱৰ্তে  1:2:1 হয়। অৰ্থাৎ এই ক্ষেত্ৰত ব্যক্তৰূপ আৰু জিনীয় ৰূপৰ অনুপাত একে হয়।

অসম্পূৰ্ণ প্ৰভাৱিতা (Incomplete dominance)
অসম্পূৰ্ণ প্ৰভাৱিতা (Incomplete dominance)

 

36. সহ-প্ৰভাৱিতা (Co-dominance) কি? উদাহৰণ সহকাৰে বৰ্ণনা কৰা।

উত্তৰ: যেতিয়া কোনো সংকৰণ পৰীক্ষাত সৃষ্ট অপত্য জীৱ সমূহত পিতৃ আৰু মাতৃ উভয়ৰে লক্ষণ একেলগে প্ৰকাশিত হয় তাক সহ-প্ৰভাৱিতা বোলে।

উদাহৰণস্বৰূপে, বিভিন্ন জন্তুৰ ক্ষেত্ৰত (গৰু বা মহ) সহ-প্ৰভাৱিতাৰ উদাহৰণ পোৱা যায়। বগা নোমযুক্ত গৰু (WW) আৰু ৰঙচুৱা নোমযুক্ত গৰুৰ (ww) মাজত সংকৰণ ঘটালে প্ৰথম অপত্য জনুত (F1) সৃষ্টি হোৱা গৰুৰ নোমসমূহ মুগা বৰণীয়া হয় (Rr) অৰ্থাৎ বগা বা ৰঙা দুয়োটা লক্ষণেই স্পষ্ট ভাৱে প্ৰকাশ কৰিব নোৱাৰে। দ্বিতীয় অপত্য জনুত (F2) সৃষ্টি হোৱা বগা, মুগা আৰু ৰঙা গৰুৰ অনুপাত 1:2:1 হয়। অৰ্থাৎ এই ক্ষেত্ৰত ব্যক্তৰূপ আৰু জিনীয় ৰূপৰ অনুপাত একে হয়।

সহ-প্ৰভাৱিতা (Co-dominance)
সহ-প্ৰভাৱিতা (Co-dominance)

Home Work:

37. উদাহৰণসহকাৰে মেণ্ডেলৰ তৃতীয় সূত্ৰ (Third Law of Mendel) বৰ্ণনা কৰা।

অথবা,

উদাহৰণসহকাৰে মেণ্ডেলৰ স্বতন্ত্ৰ বিন্যাস সূত্ৰ (Law of I assortment) বৰ্ণনা কৰা।

অথবা,

মেণ্ডেলৰ দ্বি সংকৰণ পৰীক্ষাটো উদাহৰণসহকাৰে বৰ্ণনা কৰা।

অথবা,

মেণ্ডেলৰ দ্বি সংকৰণ পৰীক্ষাৰ দ্বিতীয় অপত্য জনত (F2) ব্যক্তৰূপ আৰু জিনীয়ৰূপৰ অনুপাত নিৰ্ণয় কৰা।

 

 

Question Paper

HSLC Previous Year Question Papers in PDF FormatDownload PDF
HS Previous Year Question Papers in PDF FormatDownload PDF

Latest Posts:

  • Assam HS Result 2026: AHSEC Class 12 Result Date, Direct Link, and How to Check Online
    Result Link Below Assam HS Result 2026: AHSEC Class 12 Result Date, Direct Link, and How to Check Online (অসম উচ্চতৰ মাধ্যমিক ফলাফল ২০২৬: AHSEC দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণাৰ তাৰিখ আৰু পোনপটীয়া লিংক) The Assam State School Education Board (ASSEB), formerly known as AHSEC, is preparing to announce the Assam HS Result 2026. Following the…
  • পুতিজল (Sewage) কি? জীৱাণু ব্যৱহাৰ কৰি পুতিজল পৰিষ্কাৰ (Sewage Treatment) কৰা পদ্ধতিৰ বিষয়ে আলোচনা কৰা। Class 12 Biology
    পুতিজলৰ সংজ্ঞা (Definition): পুতিজল (Sewage) কাক বোলে ?– নগৰ-চহৰত থকা ঘৰ, কাৰখানা, বজাৰ আদিৰ পৰা নিৰ্গত হোৱা বৰ্জিত পদাৰ্থ, মানুহৰ মল-মূত্ৰ আৰু আৱৰ্জনা মিহলি হৈ থকা দূষিত পানী নলা-নৰ্দমাত জমা হয়। এই পানী অৱশেষত গৈ নদী বা পুখুৰীত মিলিত হয়। ইয়াক পুতিজল (Sewage) বোলে। পুতিজলৰ বিষয়ে চমু বিৱৰণ: ইয়াৰ বৈশিষ্ট্য(i) এই পানীত গেলা-পচা বস্তু, জাবৰ-জোথৰ,…
  • General Science (সাধাৰণ বিজ্ঞান) Class 10: Important MCQs with Answers From All Chapters Both in English And Assamese
    সাধাৰণ বিজ্ঞান (General Science) – দশম শ্ৰেণী SEBA/HSLC সাধাৰণ বিজ্ঞান হৈছে SEBA (Board of Secondary Education, Assam) দশম শ্ৰেণীৰ HSLC পৰীক্ষাৰ এক মুখ্য বিষয়। এই বিষয়টোৱে ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান আৰু ভৌতিক বিজ্ঞানৰ মৌলিক ধাৰণাসমূহ সামৰি লৈছে, যিয়ে ছাত্ৰ-ছাত্ৰীসকলক পৰিৱেশ, জীৱন প্ৰক্ৰিয়া আৰু প্ৰাকৃতিক নিয়মসমূহৰ বিজ্ঞানসন্মত বুজাবুজি প্ৰদান কৰে। NCERT ভিত্তিক এই পাঠ্যক্ৰমত মুঠ 16…
  • The Human Eye and the Colorful World (মানৱ চকু আৰু ৰঙীন জগত): High Scoring 20 MCQs for HSLC Exam
    The Human Eye and the Colourful World (মানৱ চকু আৰু ৰঙীন জগত): এই অধ্যায়ত আমি মানৱ চকুৰ গঠন, কাৰ্য্য, দৃষ্টিৰ ত্ৰুটি আৰু সংশোধন, পোহৰৰ বিচ্ছুৰণ (dispersion), বায়ুমণ্ডলীয় প্ৰতিফলন (atmospheric refraction), পোহৰৰ বিচ্ছুৰণ (scattering) আৰু প্ৰাকৃতিক ঘটনা যেনে ধুমুহাৰ ঝলকনি, সূৰ্য্যৰ ৰঙা ৰং, আকাশৰ নীলা ৰং আদিৰ বিষয়ে আলোচনা কৰা হয়। এইবোৰ NCERT/SEBA দশম শ্ৰেণীৰ বিজ্ঞান…
  • Life Processes (জীৱন প্ৰক্ৰিয়া): Class 10 Science- Important 20 MCQs
    Life Processes (জীৱন প্ৰক্ৰিয়া): জীৱন প্ৰক্ৰিয়া (Life Processes) জীৱন প্ৰক্ৰিয়া (Life Processes) হৈছে সকলো জীৱৰ দেহত অনবৰতে চলি থকা অতি প্ৰয়োজনীয় কাৰ্য্যসমূহ, যিয়ে জীৱটোক জীয়াই ৰাখে আৰু বৃদ্ধি, চলন আৰু প্ৰজননত সহায় কৰে। এই প্ৰক্ৰিয়াসমূহৰ ভিতৰত মুখ্য হৈছে পৰিপুষ্টি (Nutrition), শ্বসন (Respiration), পৰিবহন (Transportation), ৰেচন (Excretion) আদি। এইবোৰৰ জৰিয়তে জীৱই পৰিৱেশৰ পৰা পুষ্টি আৰু অক্সিজেন…

Categories: