10. Microbes in Human Welfare (মানৱ কল্যাণত জীৱাণুৰ ভূমিকা)

Microbes in Human Welfare| Micro Organisms and their Advantages| Role of Micro Organisms in commercial industries| HS 2nd Year Chapter 10 | NCERT Solutions| Assamese Medium|

Microbes in Human Welfare (মানৱ কল্যানত অনুজীৱ): অণুজীৱই মানুহক বিভিন্ন ধৰণে সহায় কৰে। অণুজীৱই যেনেকৈ মানুহৰ বেমাৰৰ সৃষ্টি কৰে ঠিক তেনেদৰে কিছুমান উপকাৰী অণুজীৱই মানুহক বিভিন্ন ক্ষেত্ৰত সহায় কৰে। অণুজীৱই আমাক দৈনন্দিন জীৱনত বিভিন্ন প্ৰকাৰে সহায় কৰে। এই পাঠ টোত ছাত্ৰ ছাত্ৰী সকলে কিদৰে অণুজীৱই আমাক দৈনন্দিন জীৱনত কল্যাণ সাধন কৰে তাৰ বিষয়ে অধ্যয়ন কৰিবা।

উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত আহিবলগীয়া কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ ইয়াত আলোচনা কৰা হৈছে। আশা কৰোঁ ছাত্ৰ ছাত্ৰী সকলৰ ইয়াৰ দ্বাৰা উপকৃত হ’ব।

প্ৰশ্নোত্তৰ (Question answers)

 

1. গাখীৰক দৈ (Curd) লৈ ৰূপান্তৰিত কৰা জীৱাণুৰ নাম কি?

উত্তৰ: লেক্ট’বেচিলাছ বুলগাৰিকাছ (Lactobacillus bulgaricus)।

2. সুৰা উৎপাদনত ব্যৱহাৰ কৰা এবিধ উপকাৰী অণুজীৱৰ নাম লিখা।

উত্তৰ: ইষ্ট (Yeast) নামৰ ভেঁকুৰ।

3. তাড়ী (Toddy) কি?

উত্তৰ: তাড়ী (Toddy) হ’ল ভাৰতৰ বিভিন্ন অঞ্চলত প্ৰচলিত এবিধ পৰম্পৰাগত পানীয় আৰু ইয়াক তাল বা খেজুৰ গছৰ পৰা ক্ষৰণ হোৱা ৰসৰ পৰা কিন্বন প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা হয়।

4. কিন্বন (Fermentation) কাক বোলে?

উত্তৰ: বিশেষ কিছুমান ভৌতিক আৰু ৰাসায়নিক পৰিৱেশত বিশেষ জীৱাণু কিছুমানে নিঃসৰণ কৰা উৎসেচকৰ দ্বাৰা জৈৱিক পদাৰ্থৰ ৰাসায়নিক পৰিৱৰ্তন ঘটোৱাই বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰাকে কিন্বন বোলে।

5. প্ৰতিজৈৱিক (Antibiotic) কি?

উত্তৰ: প্ৰতিজৈৱিকবিলাক হ’ল একধৰণৰ ৰসাইনিক দ্ৰব্য যিবোৰ কিছুমান অণুজীৱই সিহঁতৰ দেহৰ পৰা নিঃসৰণ কৰে আৰু সেইবোৰে আন কিছুমান অণুজীৱৰ (ৰোগ সৃষ্টিকাৰী) বৃদ্ধি ৰোধ কৰিব পাৰে বা মাৰি পেলায়।

6. প্ৰথম আৱিষ্কৃত প্ৰতিজৈৱিক (Antibiotic) কি?

উত্তৰ: পেনিচিলিন (Penicilin) আৰু ইয়াক আলেকজেণ্ডাৰ ফ্লেমিং নামৰ বিজ্ঞানীজনে প্ৰথমে আৱিষ্কাৰ কৰে

7. পেনিচিলিন (Penicilin) কিহৰ পৰা প্ৰস্তুত কৰা হয়?

উত্তৰ: Penicillium notatum নামৰ ভেঁকুৰৰ পৰা প্ৰস্তুত কৰা হয়।

8. ইথানলৰ (Ethanol) বাণিজ্যিক উৎপাদনৰ বাবে ব্যৱহাৰ কৰা ইষ্টৰ প্ৰজাতিবিধৰ নাম কি?

উত্তৰ: চেক্কাৰ’মাইছিছ চেৰিভিছি (Saccharomyces cerivisiae)

9. অপমাৰ্জক (detergent) প্ৰস্তুতকৰণ ব্যৱহাৰ কৰা উৎসেচকবিধ কি?

উত্তৰ: অপমাৰ্জক (detergent) প্ৰস্তুতকৰণত  লাইপেজ ( Lipase) নামৰ উৎসেচক ব্যৱহাৰ কৰা হয় আৰু ই কাপোৰ ধোৱা সময়ত তেলতেলিয়া দাগবোৰ গুচোৱাত সহায় কৰে।

10. ষ্ট্ৰেপ্ত’কাইনেছ (Streptokinase) কি? ইয়াৰ ব্যৱহাৰ লিখা।

উত্তৰ: ষ্ট্ৰেপ্ত’কাইনেছ (Streptokinase) হ’ল ষ্ট্ৰেপ্ত’কক্কাছ (Streptococcus) বেক্টেৰিয়াৰ পৰা প্ৰস্তুত কৰা এবিধ উৎসেচক। ইয়াক মাইওকৰ্ডিয়াল ইনফ্ৰেকচন ( Myocardial infraction) ৰোগৰ দ্বাৰা আক্ৰান্ত হৃদৰোগীৰ বন্ধ হোৱা ৰক্তবাহী নলী খোলাৰ বাবে ক্লট বাষ্টাৰ (clot buster) হিচাপে ব্যৱহাৰ কৰা হয়।

11.চাইক্লা’স্পৰিণ -এ (Cyclosporin-A) কি? ইয়াক কিদৰে প্ৰস্তুত কৰা হয়?

উত্তৰ: চাইক্লা’স্পৰিণ -এ (Cyclosporin-A) হ’ল এক ধৰণৰ জৈৱ অণু যিয়ে অংগ প্ৰতিস্থাপন (Organ transplantation) কৰা ৰোগীৰ শৰীৰত ইমিউনোছাপ্ৰেছিভ কাৰক (immunosuppressive agent) হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াক ট্ৰাইক’ডাৰমা পলিস্প’ৰাম (Trichoderma polysporum) নামৰ এবিধ ভেঁকুৰৰ পৰা তৈয়াৰ কৰা হয়।

12. পুতিজল (Sewage) কি? পুতিজল কিদৰে আমাৰ বাবে অপকাৰী?

উত্তৰ: চহৰ বা নগৰৰ পৰা দৈনিক বৃহৎ পৰিমাণৰ আৱৰ্জনা যুক্ত পানীৰ সৃষ্টি হয়। এই পানীত বিভিন্ন ধৰণৰ লেতেৰা বস্তুৰ লগতে মানুহৰ বিষ্ঠা বা মল আদি থাকে। পৌৰ এলেকৰ এনে ধৰণৰ আৱৰ্জনাময় পানীক পুতিজল(Sewage) বোলে।

পুতিজলত বিভিন্ন ধৰণৰ অনুজীৱ আৰু প্ৰদূষণকাৰী পদাৰ্থ থাকে। এইবোৰ নলাৰে গৈ নদী বা জলাশয়ত পৰে ফলত তাত থকা জৈৱ বৈচিত্ৰৰ বিস্তৰ ক্ষতি হয়। তদুপৰি অধিক মাত্ৰাৰ পুতিজলে কৃত্ৰিম বানৰ সৃষ্টি কৰে। ইয়াৰ ফলত বিভিন্ন বেমাৰ আজাৰ হোৱাৰ সম্ভাৱনা আছে।

13. পুতিজল উপচাৰণ (sewage treatment) পদ্ধতিৰ বিষয়ে আলোচনা কৰা

উত্তৰ: পুতিজল উপচৰণ দুই ধৰণে কৰা হয়।

১. প্ৰাথমিক উপচাৰন (Primary treatment): এই প্ৰক্ৰিয়াত প্ৰথমতে বাছি বাছি ডাঙৰ জাবৰ সমূহ আঁতৰাই পেলোৱা হয় আৰু পুতিজলৰ সৰু ডাঙৰ কণাবোৰ পৰিশ্ৰুত (filtration) কৰি অৱক্ষেপন (Sedimentation) প্ৰক্ৰিয়াৰ দ্বাৰা পৃথক কৰা হয়।পৃথকীকৰণ কেইবাটাও স্তৰত কৰা হয়, প্ৰথমে পানীত ভাঁহি থকা অৱৰ্জনাবোৰ আনুক্ৰমিক পৰিশ্ৰাৱন (Sequential filtration) পদ্ধতিৰে আঁতৰোৱা হয়। পিছত গ্ৰিট (grit) বা স্থুলকণা বালি আৰু সৰু সৰু শিলগুটিবোৰৰ পৃথকীকৰণ অৱক্ষেপন পদ্ধতিৰে সম্পন্ন কৰা হয়। প্ৰাথমিক আৱৰ্জনা (primary sludge) বা থেপথেপিয়া বোকাময় আৱৰ্জনা বোৰৰ পৃথক হোৱা গোটা আৱৰ্জনা সমূহ আৰু পৃষ্টপ্লৱ (supernatant) খিনিক একেলগে এফ্লুয়েনণ্ট (effluent) বোলে।

২. গৌণ উপচাৰণ বা গৌণ ব্যৱস্থাপনা (Secondary treatment): প্ৰাথমিক বৰ্জনীয় পদৰ্থখিনিক এক বায়ুমিশ্ৰিত টেংকলৈ যাবলৈ দিয়া হয়। ইয়াত অণুজীৱৰ দ্ৰুত বৃদ্ধি হয় আৰু এফ্লুয়েনণ্ট (effluent) পৃষ্ঠভাগত বেক্টেৰিয়া আৰু ভেঁকুৰৰ দ্ৰুত ডাঠ চামনি জাতীয় এক গঠনৰ সৃষ্টি হয় যাক ফ্ল’কচ (Flocs) বোলে। ইয়াৰ ফলত  এফ্লুয়েনণ্ট (effluent) খিনিৰ জৈৱ অক্সিজেন চাহিদা (BOD) বহু পৰিমাণে হ্ৰাস পায়। এনেদৰে BOD হ্ৰাস হোৱাৰ পিছত এফ্লুয়েনণ্ট (effluent) খিনিক এটা আধাৰ টেংকলৈ পঠিয়াই দিয়া হয় য’ত ফ্ল’কচ (Flocs) ৰ অৱক্ষেপন ঘটে। অৱক্ষেপন পিছত সৃষ্টি হোৱা গেদক সক্ৰিয় শ্লাজ (activated sludge) বোলে। শ্লাজখিনিক আন এটা পাম্পলৈ পঠিয়াই দিয়া হয় য’ত অবাত বেক্টেৰিয়াই শ্লাজৰ বেক্টেৰিয়া আৰু ভেঁকুৰৰ পাচন কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত মিথেন, হাইড্ৰ’জেন ছালফাইড, আৰু কাৰ্বন ডাই অক্সাইড আদি জৈৱ গেছৰ সৃষ্টি কৰে। এই গেছবোৰ দহন হয় বাবে এইবোৰক শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰা হয়।

13. BOD বা জৈৱিক অক্সিজেন চাহিদা কি?

উত্তৰ: এক লিটাৰ পানীত থকা জৈৱিক পদাৰ্থ খিনি বেক্টেৰিয়াই জাৰণ কৰোত প্ৰয়োজন হোৱা অক্সিজেনৰ পৰিমাণক BOD বোলে। যিমানে BOD বেছি সিমানে পানী প্ৰদূষিত বেছি হোৱা বুজায়।

14. কিন্বন প্ৰক্ৰিয়াত উৎপন্ন হোৱা গেছবিধৰ নাম কি?

উত্তৰ: কাৰ্বন ডাই অক্সাইড (Co 2)।

15. মিথেন বেক্টেৰিয়া (Methanogens or Methanogenbacterium) কি?

উত্তৰ: বায়ুশূন্য পৰিৱেশত কিছুমান বেক্টেৰিয়াই জৈৱ যৌগৰ অপঘটন কৰি মিথেন (methane), হাইড্ৰ’জেন আৰু কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন কৰে। এনেবোৰ বেক্টেৰিয়াক মিথেন বেক্টেৰিয়া (Methanogens or Methanogenbacterium) বোলে।

16. জীৱ-সাৰ (Biofertilizer) কি?

উত্তৰ: ৰাসায়নিক সাৰ আৰু জৈৱিক সাৰৰ বিকল্প হিচাপে আজি কালি বছা বছা (selected) কিছুমান জীৱাণুৰ ব্যৱহাৰ কৰা। এই জীৱাণুবোৰক জীৱ-সাৰ বোলে।

17. জীৱ-সাৰৰ (Biofertilizer) শ্ৰেণীবিভাজন কৰা।

উত্তৰ: জীৱ-সাৰৰ উদ্দেশ্য হ’ল মাটিত নাইট্ৰজেনৰ পৰিমাণ বৃদ্ধি কৰা। জীৱ-সাৰক পাঁচটা শ্ৰেণীত ভগাব পাৰি। এইবোৰ হ’ল-

১. বেক্টেৰিয়া সাৰ (Bacterial fertilizer): এইবোৰ মুক্তজীৱী বা সহজীৱী বেক্টেৰিয়া হব পাৰে। মুক্তজীৱী বেক্টেৰিয়া মাটিত মুক্তভাৱে বাস কৰে আৰু বায়ুমণ্ডলৰ পৰা নাইট্ৰজেন শোষণ কৰে। এই নাইট্ৰজেন কোষৰ ভিতৰত প্ৰটিনলৈ ৰূপান্তৰিত হয় আৰু বেক্টেৰিয়াৰ মৃত্যুৰ পাছত নাইট্ৰজেন মাটিৰ লগত মিহলি হয়। আনহাতে, সহজীৱী বেক্টেৰিয়াবোৰ যেনে ৰাইজ’বিয়াম (Rhizobium) মাহজাতীয় উদ্ভিদৰ শিপাত বাস কৰে আৰু তাত টেমুনা সৃষ্টি কৰে। ইয়াত নাইট্ৰজেন স্তিতিকৰণ কৰে আৰু শস্য চপোৱাৰ পিচত তেমুনা সমূহ গেলি পচি মাটিৰ লগত মিহলি হয় আৰু মাটিৰ উৰ্বৰতা বৃদ্ধি পায়।

২. শৈৱাল সাৰ (Algal Fertilizer): এইবাৰো দুই প্ৰকাৰৰ যেনে মুক্তজীৱী আৰু সহজীৱী শেলাই। নষ্টক (Nostoc), এনাবিনা (Anabaena) গোষ্ঠীৰ শেলাই কিছুমান মাটি বা পানীত মুক্ত ভাৱে বাস কৰে আৰু পানী বা মাটিৰ পৰা নাইট্ৰজেন শোষণ নকৰি পোনে পোনে বতাহৰ পৰা শোষণ কৰে। এনে নাইট্ৰজেন জৈৱিক ক্ৰিয়াত ব্যৱহাৰ হয় আৰু শেলাইৰ মৃত্যুৰ পাছত পানী বা মাটিত মিহলি হয়।

একেদৰে, এ’জলা (Azolla) নামৰ একধৰণৰ ঢেঁকীয়া গছে শেলাইৰ লগত সহজীৱী হিচাপে বাস কৰে আৰু নাইট্ৰজেন শোষণ কৰাই নিজৰ দেহত সঞ্চয় কৰে। এনেবোৰ জীৱ মৃত্যুৰ পাছত ইয়াৰ দেহ পানী বা মাটিত মিহলি হয় আৰু উৰ্বৰতা বৃদ্ধি পায়।

৩. ফছফেট দ্ৰৱিতকাৰী অনুজীৱ: মাটিত থকা ফছফেট উদ্ভিদে সহজে শোষণ কৰিব নোৱাৰে কাৰণ ই দ্ৰৱিত অৱস্থাত নাথাকে। কিছুমান বিশেষ অনুজীৱ যেনে Pseudomonas, Bacillus, Aspergillus, Penicillium আদিয়ে এচিড ক্ৰিয়াৰ দ্বাৰা ফচফেট দ্ৰৱিত কৰে ফলত উদ্ভিদে শোষণ কৰাত সুবিধা হয়।

৪. মাইক’ৰহাইজা (Mycorrhiza): উদ্ভিদৰ শিপাই কিছুমান বিশেষ শ্ৰেণীৰ ভেঁকুৰ বসবাস কৰে। ভেঁকুৰ আৰু উদ্ভিদৰ শিপাৰ এনে ধৰণৰ সহজীৱীতাক মাইকৰহাইজা বোলে। ইয়াত দুয়োটা জীৱই লাভৱান হয়। ই দুই প্ৰকাৰৰ বহিঃ মাইকৰহাইযা এইবোৰ উদ্ভিদৰ শিপাৰ বাহিৰত অৱস্থিত কৰে আৰু অন্তঃ মইকৰহাইজা এইবোৰে শিপাৰ ভিতৰত প্ৰৱেশ কৰে আৰু সঞ্চয় পুটিকা (Vesicle) আৰু শোষক অংগ (Arbuscle) সৃষ্টি কৰে। সেইবাবে এইবোৰক Vesicular Arbuscular Mycorrhiza বা VAM বোলে।

 

 

Get HS and HSLC final year question paper in pdf.

X