1. উদ্ভিদৰ পৰিপুষ্টি (Nutrition in Plants)

প্ৰশ্নোত্তৰ

 

1. জীৱই খাদ্য কিয় গ্ৰহণ কৰা প্ৰয়োজন?

উত্তৰ: শৰীৰৰ বৃদ্ধি আৰু জৈৱিক ক্ৰিয়া সঠিকভাৱে চলি থাকিবলৈ শক্তিৰ প্ৰয়োজন। জীৱই এই শক্তি খাদ্যৰ পৰা আহৰণ কৰে। সেইকাৰণে জীৱই খাদ্য গ্ৰহণ কৰা প্ৰয়োজন।

2. পাৰ্থক্য লিখা। — পৰজীৱী আৰু মৃতজীৱী।

উত্তৰ: পৰজীৱী জীৱই অন্য জীৱৰ পৰা পুষ্টি আহৰণ কৰে। আনহাতে, মৃতজীৱী পুষ্টিত জীৱই মৃত বস্তুৰ পৰা পুষ্টি আহৰণ কৰে।

3. পাতত শ্বেতসাৰৰ (Starch) উপস্থিতি চাবলৈ তুমি কেনেদৰে পৰীক্ষা কৰিবা?

উত্তৰ: দুজোপা একে ধৰণৰ উদ্ভিদক টাবত ৰোৱা হ’ল। ইয়াৰে এডালক ৰ’দত আৰু আনডালক আন্ধাৰত ৭২ ঘণ্টাৰ বাবে ৰখা হ’ল। ৭২ ঘণ্টা পাছত দুয়োডাল উদ্ভিদৰ পৰা পাত আনি ভালদৰে ধুই তাৰ ওপৰত আয়ডিন দ্ৰৱ দুটোপালমান দিয়া হ’ল। আয়ডিনৰ দ্ৰৱই পাতত থকা শ্বেতসাৰৰ লগত বিক্ৰিয়া কৰি পাতৰ বৰণ নীলা বা ডাঠ নীলা কৰি পেলায়। সূৰ্যৰ পোহৰত থকা গছৰ পাতত এনে পৰিৱৰ্তন দেখা যায়। অৰ্থাৎ ইয়াত শ্বেতসাৰ আছে। আনহাতে, আন্ধাৰত থকা গছৰ পাতত শ্বেতসাৰ নাই বাবে কোনো পৰিবৰ্তন দেখা নাযায়।

4. সেউজীয়া উদ্ভিদৰ খাদ্য সংশ্লেষণ প্ৰক্ৰিয়াৰ এটি চুমু বৰ্ণনা দিয়া। অথবা, সালোক সংশ্লেষণ (Photosynthesis) প্ৰক্ৰিয়া বৰ্ণনা কৰা।

উত্তৰ: সেউজীয়া উদ্ভিদে খাদ্য প্ৰস্তুত কৰা প্ৰক্ৰিয়াক সালোক সংশ্লেষণ বোলে। এনেধৰণৰ উদ্ভিদৰ পাতত পত্ৰহৰিৎ (Chlorophyll) নামৰ ৰঞ্জক পদাৰ্থ থাকে। সেউজীয়া উদ্ভিদে পত্ৰহৰিৎ নামৰ ৰঞ্জক পদাৰ্থৰ সহায়ত সূৰ্যৰ পোহৰ শোষণ কৰে আৰু বায়ুমণ্ডলৰ পৰা গ্ৰহণ কৰা কাৰ্বন ডাই অক্সাইডৰ লগতে মাটিৰ পৰা আহৰণ কৰা পানীৰ লগত বিক্ৰিয়া কৰি শ্বেতসাৰ (Starch) জাতীয় খাদ্য প্ৰস্তুত কৰে। ই এক জটিল প্ৰক্ৰিয়া। তলত দিয়া সমীকৰণৰ দ্বাৰা ইয়াক প্ৰকাশ কৰিব পাৰি।

 

সূৰ্যৰ পোহৰ +পত্ৰহৰিৎ + কাৰ্বন ডাই অক্সাইড + পানী ———> শ্বেতসাৰ + অক্সিজেন ।

 

সালোকসংশ্লেষণৰ দ্বাৰা সৃষ্ট অক্সিজেন উদ্ভিদে পাতৰ দ্বাৰা বয়ুমণ্ডললৈ এৰি দিয়ে।

 

5. চিত্ৰৰ সহায়ত দেখুওৱা যে উদ্ভিদবোৰ খাদ্যৰ মূল উৎস।

উত্তৰ: একমাত্ৰ সেউজীয়া উদ্ভিদে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰে খাদ্য প্ৰস্তুত কৰিব পাৰে। জীৱজগতত থকা সকলো জীৱই জীয়াই থাকিবলৈ প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল।

উক্ত চিত্ৰৰ পৰা এইটো স্পষ্ট হ’ল যে সকলোবোৰ জীৱই খাদ্যৰ বাবে প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল

6. খালী ঠাই পূৰণ কৰা।

(ক) উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে বাবে ইহঁতক…………বোলে।

উত্তৰ: স্বপোষী।

(খ) উদ্ভিদৰ দ্বাৰা সংশ্লেষিত খাদ্যসমূহ ……….. হিচাপে সঞ্চিত হৈ থাকে।

উত্তৰ: শ্বেতসাৰ হিচাপে।

(গ) সালোকসংশ্লেষণত সৌৰশক্তিক আহৰণ কৰি ৰখা ৰঞ্জক পদাৰ্থক ……………বোলে।

উত্তৰ: ক্ল’ৰ’ফিল বা পত্ৰহৰিৎ।

(ঘ) সালোকসংশ্লেষণৰ সময়ত উদ্ভিদে ………. লয় আৰু ………… এৰি দিয়ে।

উত্তৰ: কাৰ্বন ডাই অক্সাইড, অক্সিজেন।

7. তলত দিয়াসমূহৰ নাম লিখা —

(ক) এবিধ পৰজীৱী উদ্ভিদ যাৰ  কাণ্ড হালধীয়া, মিহি, আৰু নলীকাসদৃশ।

উত্তৰ: অমৰলতা (cuscata)।

(খ) এবিধ উদ্ভিদ যি স্বপোষী আৰু পৰপোষী বা উভয়ধৰণে পৰিপুষ্টি গ্ৰহণ কৰে।

উত্তৰ: কলচী উদ্ভিদ (Pitcher plant)।

(গ) পাতত থকা যিটো ছিদ্ৰৰ সহায়ত উদ্ভিদে গেছ বিনিময় কৰে।

উত্তৰ: পত্ৰৰন্ধ্ৰ (Stomata)।

8. শুদ্ধ উত্তৰত চিন দিয়া —-

(ক) অমৰলতা

(i) স্বপোষী (ii) পৰজীৱী (iii) মৃতজীৱী (iv) পোষক

উত্তৰ: (ii) পৰজীৱী

(খ) এবিধ উদ্ভিদ যি পোক-পতংগক খাদ্য হিচাপে গ্ৰহণ কৰে —–

(i) অমৰলতা (ii) জৱাফুল (iii) কলচী উদ্ভিদ

(iv) গোলাপ ।

উত্তৰ: (i) অমৰলতা।

9. ১ নং স্তম্ভৰ লগত ২ নং স্তম্ভ মিলোৱা।

১নং স্তম্ভ             ২নং স্তম্ভ

পত্ৰহৰিৎ             বেক্টেৰিয়া

নাইট্ৰজেন           পৰপুষ্ট জীৱ

অমৰলতা           কলচী উদ্ভিদ

প্ৰাণী                   পাত

পোক-পতংগ      পৰজীৱী

 

উত্তৰ:

১ নং স্তম্ভ ২ নং স্তম্ভ
পত্ৰহৰিৎ পাত
নাইট্ৰজেন বেক্টেৰিয়া
 অমৰলতা পৰজীৱী
প্ৰাণী পৰপুষ্ট জীৱ
পোক-পতংগ কলচী উদ্ভিদ

 

10. শুদ্ধ বাক্যত (শু) আৰু অশুদ্ধ বাক্যত (অ) লিখা।

(i) সালোকসংশ্লেষণ প্ৰক্ৰিয়াত কাৰ্বন ডাই অক্সাইড নিৰ্গত হয়। (শু/অ)

উত্তৰ: অশুদ্ধ।

(ii) যিবোৰ উদ্ভিদে নিজে নিজে আহাৰ প্ৰস্তুত কৰে সেইবোৰক মৃতজীৱী বোলা হয়। (শু/অ)

উত্তৰ: অশুদ্ধ।

(iii) সালোকসংশ্লেষণ প্ৰটিন উৎপন্ন নহয়। (শু/অ)

উত্তৰ: শুদ্ধ।

(iv) সালোকসংশ্লেষণ প্ৰক্ৰিয়াত সৌৰশক্তি ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন হয়। (শু/অ)

উত্তৰ: শুদ্ধ।

11. তলত দিয়াবোৰৰ পৰা শুদ্ধটো বাছি উলিওৱা।

সালোকসংশ্লেষণৰ বাবে উদ্ভিদৰ কোনটো অংশই বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে?

(i) মূলৰোম (ii) পত্ৰৰন্ধ্ৰ (iii) পাতৰ সিৰা (iv) বৃতি

উত্তৰ: (ii) পত্ৰৰন্ধ্ৰ।

12. তলত দিয়াসমূহৰ শুদ্ধ উত্তৰ বাছি উলিওৱা।

উদ্ভিদে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড তলৰ কোনটো অংশৰ জৰিয়তে গ্ৰহণ কৰে?

(i) শিপা (ii) কাণ্ড (iii) ফুল (iv) পাত ।

উত্তৰ: (iv) পাত ।

 

 

Get HS and HSLC final year question paper in pdf.

X