2. এচিড, ক্ষাৰক আৰু লৱণ (ACIDS, BASES AND SALTS)

পাঠভিত্তিক প্ৰশ্নোত্তৰ

 

1. তোমাক তিনিটা পৰীক্ষানল দিয়া হৈছে। সিহঁতৰ এটা বাতিত পানী আৰু আন দুটাত ক্ৰমে এছিড দ্ৰৱ আৰু ক্ষাৰকীয় দ্ৰৱ আছে। যদি তোমাক কেৱল ৰঙা লিটমাছ কাগজ দিয়া হয় , তেন্তে প্ৰতিটো পৰীক্ষানলত থকা দ্ৰৱটো কিদৰে চিনাক্ত কৰিবা?

উত্তৰ: ৰঙা লিটমাছ কাগজখন তিনিওটা দ্ৰৱত ডুবাই দিয়া হ’ল। যিটো দ্ৰৱই ৰঙা লিটমাছৰ কাগজ নীলা কৰিব সেইটোৱেই হ’ল ক্ষাৰক দ্ৰৱ। বাকী দুটা দ্ৰৱত লিটমাছ কাগজৰ কোনো পৰিৱৰ্তন নহয়।

2. দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয় কিয়?

উত্তৰ: দৈ বা টেঙা খাদ্যত থকা এছিডে পিতল বা তামৰ লগত বিক্ৰিয়া কৰি বিষাক্ত ধাতৱ লৱণ আৰু হাইড্ৰ’জেন গেছ উৎপন্ন কৰে। ফলত খাদ্য বিষাক্ত হৈ পৰে। তদুপৰি এছিডে ধাতুৰ লগত বিক্ৰিয়া কৰি পাত্ৰটো ক্ষয় কৰে

3. এছিডে ধাতুৰ লগত বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নিৰ্গত হয়? এটা উদাহৰণৰ সৈতে বুজাই লিখা। এই গেছটিৰ উপস্থিতি কিদৰে পৰীক্ষা কৰিবা?

উত্তৰ: এছিডে ধাতুৰ লগত বিক্ৰিয়া কৰিলে সাধাৰণতে হাইড্ৰ’জেন গেছ ( H₂) উৎপন্ন কৰে।

Zn + H₂SO₄ →ZnSO₄ + H₂

উদাহৰণস্বৰূপে, যিংকে (Zn) লঘূ ছালফিউৰিক এছিডৰ লগত বিক্ৰিয়া কৰি যিংক ছালফেট আৰু হাইড্ৰজেন গেছ সৃষ্টি কৰে।

গেছৰ উপস্থিতি পৰীক্ষা: এই পৰীক্ষাৰ বাবে লঘূ ছালফিউৰিক এছিড (5 ml) এটা পৰীক্ষা নলত লৈ তাত কেইটামান যিংকৰ টুকুৰা যোগ কৰা হ’ল। এনেদৰে উৎপন্ন হোৱা গেছখিনি চাবোন পানীৰে মাজেৰে পাৰ হব দিয়া হ’ল। হাইড্ৰজেন গেছে চাবোন পানীত বুদ বুদ সৃষ্টি কৰি ওপৰলৈ গতি কৰিব। এতিয়া জ্বলি থকা মমবাতি গেছপূৰ্ণ বুদ বুদৰ ওচৰলৈ অনাৰ ফলত বুদ বুদসমূহ ফট ফট শব্দ কৰি জ্বলিছে। গতিকে এনেদৰে উদ্ভৱ হোৱা গেছটো হাইড্ৰজেন গেছ।

4. এটা ধাতৱ যৌগ A লঘু হাইড্ৰ’ক্ল’ৰিক এছিডৰ লগত বিক্ৰিয়া কৰি বুৰবুৰণিৰ সৃষ্টি কৰে। উৎপন্ন হোৱা গেছটোৱে এডাল জ্বলি থকা ম’ম নুমুৱায়। বিক্ৰিয়াটো উৎপন্ন হোৱা এটা যৌগ কেলছিয়াম ক্ল’ৰাইড হ’লে বিক্ৰিয়াটোৰ বাবে সন্তলিত সমীকৰণটো লিখা।

উত্তৰ: এই বিক্ৰিয়াত CO₂ গেছ উৎপন্ন হয় যিয়ে জ্বলি থকা মমবাতি নুমুৱায়।

সন্তলিত সমীকৰণটো হ’ব –

Ca(OH)₃ (s) + 2HCl (aq) → CaCl₂ (aq) + H₂O(l) + CO₂ (g)

 

প্ৰশ্নাৱলী

 

5. জলীয় দ্ৰৱত HCl, HNO₃ ইত্যাদিয়ে কিয় আম্লিক ধৰ্ম দেখুৱায় কিন্তু এলক’হল আৰু গ্লু’কজৰ দৰে যৌগৰ দ্ৰৱই আম্লিক ধৰ্ম নেদেখুৱাই?

উত্তৰ: জলীয় দ্ৰৱত HCl, HNO₃ ইত্যাদিয়ে H⁺ আয়ন ত্যাগ কৰে।

HCI + H₂O→H₃O⁺ +CI⁻

কিন্তু এই হাইড্ৰজেন আয়ন ( H⁺) পানীৰ লগত লগ লাগি  হাইড্ৰ’নিয়াম আয়ন (H₃O⁺) উৎপন্ন কৰে।

H⁺ + H₂O →H₃O⁺

ইয়াৰ ফলত ইহঁতে এছিড ধৰ্ম প্ৰদৰ্শন কৰে।

কিন্তু এলক’হল আৰু গ্লু’কজৰ দৰে যৌগই জলীয় দ্ৰৱত H⁺ বা H₃O⁺ আদি আয়ন সৃষ্টি কৰিব নোৱাৰে বাবে এইবোৰে আম্লিক ধৰ্ম দেখুৱাব নোৱাৰে।

6. এছিড এটাৰ জলীয় দ্ৰৱই কিয় বিদ্যুৎ পৰিবহণ কৰে?

উত্তৰ: জলীয় দ্ৰৱত এচিড এটাই আয়নৰ সৃষ্টি কৰিব পাৰে। সেই কাৰণে এছিড এটাৰ জলীয় দ্ৰৱই বিদ্যুৎ পৰিবহণ কৰে।

7.

 

 

 

 


Get HS and HSLC final year question paper in pdf.

X