2. জীৱৰ বৰ্গীকৰণ (Biological Classification)

প্ৰশ্নোত্তৰ

1. সৰ্বপ্ৰথমে কোনে জীৱৰ বৰ্গীকৰণত গুৰুত্ব দিছিল?

উত্তৰ: এৰিষ্টটল। তেওঁ সৰল বাহ্যিক বৈশিষ্টৰ ওপৰত ভিত্তি কৰি উদ্ভিদবোৰক বৃক্ষ (Tree), গুল্মজাতীয় (Shrubs) আৰু শাকবন (Herbs) এইকেইটা ভাগত ভাগ কৰিছিল।

2. বৰ্গীকৰণৰ দুই ৰাজ্যৰ (Two kingdom system) উদ্ভাৱক কোন? এই ৰাজ্যসমূহ কি কি?

উত্তৰ: বৰ্গীকৰণৰ দুই ৰাজ্যৰ উদ্ভাৱক হ’ল কেৰ’লাছ লিনিয়াচ। ৰাজ্য দুবিধ হল প্লেণ্টি (Plantae) আৰু এনিমেলীয়া (Animalia)।

3. বৰ্গীকৰণৰ পঞ্চ ৰাজ্যৰ (Five kingdom system) ধাৰণা কোনে আগবঢ়াইছিল? এই ৰাজ্যসমূহ কি কি?

উত্তৰ: বৰ্গীকৰণৰ পঞ্চ ৰাজ্যৰ (Five kingdom system) ধাৰণা R. H. Whitaker, 1969 চনত আগবঢ়াইছিল।

এই ৰাজ্য সমূহ হল – মনেৰা (Monera), প্ৰটিষ্টা (Protista), ভেঁকুৰ (Fungi), উদ্ভিদ (Plantae) আৰু প্ৰাণী (Animalia)।

4. বেক্টেৰিয়াসমূহ কোন ৰাজ্যৰ অন্তৰ্গত?

উত্তৰ: মনেৰা (Monera) ৰাজ্যৰ।

5. বেক্টেৰিয়াসমূহ কেই প্ৰকাৰ আৰু কি কি?

উত্তৰ: বেক্টেৰিয়াসমূহ চাৰি প্ৰকাৰৰ। এইবোৰ হল কক্কাছ বা ঘূৰণীয়া (Coccus), দণ্ডাকাৰ বা বেছিলাছ (Bacillus), ক’মাকৃতি বা ভিব্ৰিয় (Vibrio) আৰু সৰ্পিল আকাৰ বা স্পাইৰিলাম (Spirillum)।

6. হেল’ফিলচ (Halophiles) কি?

উত্তৰ: অতি নিমখীয়া (salty) পৰিৱেশত বাস কৰা বেক্টেৰিয়া বোৰক হেল’ফিলচ বোলে।

7. প্লেংটন বা প্লৱক (Plankton) কাক বোলে?

উত্তৰ: পানীত ওপঙি থকা ক্ষুদ্ৰ ক্ষুদ্ৰ প্ৰাণী বা উদ্ভিদ বোৰক  প্লৱক বোলে। এইবোৰৰ নিজস্ব কোনো চলন ক্ষমতা নাই। পানীৰ সোঁতৰ দিশত চলাচল কৰে। এইবোৰ দুই প্ৰকাৰৰ ফাইটপ্লেংটন (Phytoplankton) আৰু জুপ্লেংটন (Zooplankton)।

8. ভেঁকুৰৰ পৰা সৃষ্টি কৰা এবিধ ঔষধৰ নাম লিখা।

উত্তৰ: এন্টিবায়োটক বা প্ৰতিজৈৱিক (Antibiotic)।

9. ভাইৰাছ (Virus) কি?

উত্তৰ: ভাইৰাছ হল এনে এবিধ অতি ক্ষুদ্ৰ বস্তু যি জীৱদেহৰ বাহিৰত নিৰ্জীৱ কিন্তু জীৱদেহৰ সংস্পৰ্শত আহিলে জীৱিত বস্তুৰ দৰে আচৰণ কৰে। সেইকাৰণে ভাইৰাছক জীৱ আৰু নিৰ্জীৱৰ মধ্যৱস্তা বোলে।

10. বেক্টেৰিয়াফাজ ভাইৰাছ বা ফাজ ভাইৰাছ (Bacteriophage) কাক বোলে?

উত্তৰ: যিবোৰ ভাইৰাছে বেক্টেৰিয়া আক্ৰমণ কৰে আৰু আৰু ধ্বংস কৰে তেনেবোৰ ভাইৰাছক বেক্টেৰিয়াফাজ ভাইৰাছ বোলে।

11. ভাইৰয়ড্ (Viroid) কাক বোলে?

উত্তৰ: এইবোৰ হ’ল  ভাইৰাছতকৈ ক্ষুদ্ৰ প্ৰ’টিন আৱৰণবিহীন নিন্ম আনৱিক ভৰ সম্পন্ন ৰোগ সৃষ্টিকাৰী পদাৰ্থ।

12. লাইকেন (Lichen) কাক বোলে?

উত্তৰ: লাইকেন হ’ল শেলাই আৰু ভেঁকুৰৰ এক সহজীৱী সংগঠন। ইয়াৰে শেলাই সপুষ্ট আৰু ভেঁকুৰ পৰপুষ্ট। শেলাইবিধে ভেঁকুৰৰ বাবে খাদ্য প্ৰস্তুত কৰে বিনিময়ত ভেঁকুৰে শেলাইক আশ্ৰয় প্ৰদান কৰে আৰু দৰকাৰী পানী আৰু খনিজ লৱণ যোগান ধৰে।

13. কেপছিড (Capsid) কাক বোলে?

উত্তৰ: ভাইৰাছৰ বাহিৰৰ প্ৰটিন আৱৰণক কেপচিড বোলে।

14. দুটা RNA যুক্ত ভাইৰাছৰ নাম লিখা।

উত্তৰ: HIV ভাইৰাছ আৰু TMV (Tobacco Mosaic Virus) ভাইৰাছ।

15. মাইক’ৰাইজা (Micorrhiza) কাক বোলে?

উত্তৰ: উচ্চখাপৰ উদ্ভিদৰ শিপা আৰু ভেঁকুৰৰ সহজীৱীতাক মাইক’ৰাইজা বোলে।

16. ভেঁকুৰৰ কোষবেৰ কিহেৰে গঠিত?

উত্তৰ: কাইটিন (Chitin) আৰু পলিচেকেৰাইড।

 

দীঘল প্ৰশ্নোত্তৰ:

1. মনেৰা ৰাজ্যৰ (Monera Kingdom) জীৱসমূহৰ বৈশিষ্ট্যবোৰ লিখা।

উত্তৰ: বৈশিষ্ট্যবোৰ হ’ল-

(i) এই ৰাজ্যৰ জীৱবোৰ অতি সৰল।

(ii) জীৱসমূহ স্বপুষ্ট অথবা পৰপুষ্ট।

(iii) কিছুমান মৃত বস্তুৰ পৰা খাদ্য আহৰণ কৰে।

(iv) কিছুমান বেক্টেৰিয়াৰ দেহত ফ্লেজেলা থাকে।

(v) বেক্টেৰিয়াবোৰ প্ৰকোষকেন্দ্ৰীয়।

(vi) বেক্টেৰিয়াবোৰ সাধাৰণতে দ্বি-বিভাজন পদ্ধতিৰে বংশবৃদ্ধি কৰে।

2. প্ৰটিষ্টা ৰাজ্যৰ অন্তৰ্গত জীৱবোৰৰ বৈশিষ্ট্য লিখা।

উত্তৰ: (i) এইবোৰ এককোষী আৰু সংকোষকেন্দ্ৰীয়।

(ii) এইবোৰ সাধাৰণতে জলজ, লোৱনাক্ত বা অলৱণ পানীত বসবাস কৰে।

(iii) কিছুমান প্ৰটিষ্টাৰ দেহত ফ্লেজেলা থাকে।

(iii) ডিন’ফ্লেজেলেটবোৰ সাধাৰণতে সালোকসংশ্লেষণকাৰী।

(iv) বংশবিস্তাৰ দ্বি-বিভাজন বা ৰেণুৰ দ্বাৰা হয়।

(v) উদাহৰণ ডায়েটম, এমিবা, শ্লেষ্ম ভেঁকুৰ, প্লাজমডিয়াম ইত্যাদি।

3. ভেঁকুৰ ৰাজ্যৰ অন্তৰ্গত জীৱবোৰৰ বৈশিষ্ট্য লিখা।

উত্তৰ: ভেঁকুৰ ৰাজ্যৰ অন্তৰ্গত জীৱবোৰৰ বৈশিষ্ট্য হল

(i) এইবোৰ মৃত বস্তুৰ পৰা খাদ্য আহৰণ কৰে বাবে মৃতজীৱী।

(ii) এইবোৰ পৰপুষ্ট কাৰণ অন্য জীৱিত বস্তুৰ ওপৰত খাদ্যৰ বাবে নিৰ্ভৰ কৰে।

(iii) এইবোৰে বিভিন্ন পদ্ধতিৰে প্ৰজনন কৰে যেনে খণ্ডিতকৰণ, দ্বি-বিভাজন, মুকুলুদ্গম, ৰেণু ইত্যাদি।

(iv) ভেঁকুৰবোৰ সাধাৰণতে জলজ, সেমেকা ঠাই, ৰ’দ নপৰা স্থানত বসবাস কৰে।

(v) এইবোৰ এককোষী বা বহুকোষী।

4. বেক্টেৰিয়াৰ অৰ্থনৈতিক গুৰুত্ব (Economic importance) বৰ্ণনা কৰা।

উত্তৰ: বেক্টেৰিয়া মনেৰা ৰাজ্যৰ অন্তৰ্গত প্ৰকোষকেন্দ্ৰীয় জীৱ। বেক্টেৰিয়াই মানুহৰ বেমাৰ সৃষ্টি কৰে যদিও বিভিন্ন দিশত ই মানুহক সহায় কৰে। মৃতজীৱী বেক্টেৰিয়াবোৰে মৃত বস্তুৰ পৰা পুষ্টি আহৰণ কৰে আৰু সেইবোৰক পচাই মাটিৰ লগত মিহলাই মাটি সাৰুৱা কৰে। কিছুমান বেক্টেৰিয়াই গাখীৰক দৈত পৰিণত কৰে। মিথানোজেন বেক্টেৰিয়াই গৰু ছাগলীৰ অন্ত্ৰত বাস কৰে আৰু এই জন্তুবৰৰ গোবৰৰ পৰা মিথেন গেছ প্ৰস্তুত কৰে। ৰাইজবিয়াম নামৰ সহজীৱী বেক্টেৰিয়াসমূহে মাহ জাতীয় উদ্ভিদৰ শিপাত বাস কৰে আৰু মাটিত নাইট্ৰজেনৰ পৰিমাণ বৃদ্ধি কৰে। কিছুমান চায়ান’বেক্টেৰিয়াই হেটেৰ’চিষ্ট নামৰ কোষৰ সহায়ত বায়ুমণ্ডলৰ গেছীয় নাইট্ৰজেন স্থিতি কৰি মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে। উদাহৰণস্বৰূপে নষ্টক (nostoc) আৰু এনাবিনা।

5. ভেঁকুৰৰ অৰ্থনৈতিক গুৰুত্ব (Economic importance) বৰ্ণনা কৰা।

উত্তৰ: ভেঁকুৰসমূহক ভেঁকুৰ ৰাজ্যৰ অন্তৰ্ভুক্ত কৰা হৈছে। এইবোৰে মানুহ বা আন জীৱ জন্তুৰ বেমাৰ সৃষ্টি কৰে যদিও কিছুমান উপকাৰী ভেঁকুৰ আছে যিবোৰে মানুহৰ কল্যাণ সাধন কৰে। ভেঁকুৰৰ পৰা বিভিন্ন ধৰণৰ প্ৰতিজৈৱিক (antibiotic) প্ৰস্তুত কৰা হয়। এনে এবিধ প্ৰতিজৈৱিক হ’ল পেনিচিলিন। কিছুমান ভেঁকুৰ বাণিজ্যিক ভিত্তিত পাওৰুটি প্ৰস্তুতকৰণত ব্যৱহাৰ কৰা হয়। কিছুমান ভেঁকুৰ যেনে মৰেলচ (Morels) আৰু বাফলছ (Buffles) আদিক খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়। বিভিন্ন ধৰণৰ বৈজ্ঞানিক পৰীক্ষা নিৰীক্ষাৰ বাবে ভেঁকুৰ ব্যৱহাৰ কৰা হয়।

6.

 

 

 

Get HS and HSLC final year question paper in pdf.

X