2. প্ৰাণীৰ পৰিপুষ্টি (Nutrition in Animals)

অনুশীলনী

 

1. খালী ঠাই পূৰ কৰা।

(ক) মানুহৰ পাচনৰ প্ৰধান স্তৰবোৰ হ’ল ————–,————-,————-,————– আৰু ——————-।

উত্তৰ: খাদ্য গ্ৰহণ, পাচন, শোষণ, আত্মীয়কৰণ বা পৰিমিশ্ৰণ আৰু মলত্যাগ বা বৰ্জন।

(খ) মানুহৰ দেহত থকা আটাইতকৈ ডাঙৰ গ্ৰন্থিটো হল———–

উত্তৰ: লিভাৰ বা যকৃৎ (Liver)

(গ) পাকস্থলীয়ে হাইড্ৰ’ক্লৰিক এছিড আৰু ————- ৰস উলিয়ায় যিয়ে খাদ্যৰ ওপৰত ক্ৰিয়া কৰে।

উত্তৰ: পাচক ৰস (Digestibe juice)।

(ঘ) ক্ষুদ্রান্তৰ ভিতৰৰ বেৰখনত বহুতো আঙুলিৰ নিচিনা প্ৰৱৰ্ধ থাকে যাক ————— বোলে।

উত্তৰ: ভিলাই।

(ঙ) এমিবাৰ খাদ্য —————– ত হজম হয়।

উত্তৰ: খাদ্য ৰিক্তিকা (Food vacuole)।

 

2। যদি বাক্য সঁচা হয় “শু” চিন দিবা আৰু মিছা হলে “অ” চিন দিবা।

(ক) শ্বেতসাৰৰ পাচন পাকস্থলীত আৰম্ভ হয়।

(শু/অ)

উত্তৰ: অশুদ্ধ।

(খ) জিভাই লালটিৰ লগত খাদ্য মিহলোৱাত সহায় কৰে। (শু/অ)

উত্তৰ: শুদ্ধ।

(গ) পিত্তাশয়ে অস্থায়ীভাৱে পিত্তৰস জমা কৰে।

(শু/অ)

উত্তৰ: শুদ্ধ।

(ঘ) ৰুমন্থকে গিলি খোৱা ঘাঁহবোৰ মুখলৈ উলিয়াই আনি কিছু সময়ৰ বাবে চোবাই থাকে। (শু/অ)

উত্তৰ: শুদ্ধ।

 

3. নিন্মলিখিত শুদ্ধ উত্তৰত “✓” চিন দিয়া।

(ক) স্নেহ পদাৰ্থ সম্পূৰ্ণভাৱে হজম হয়।

(i) পাকস্থলীত (ii) মুখত (iii) ক্ষুদ্রান্তত (iv) বৃহদন্ত্ৰত

উত্তৰ: (iii) ক্ষুদ্রান্তত ।

(খ) পাচন নোহোৱা আহাৰৰপৰা পানী প্ৰধানকৈ শোষণ হয় –

(i) পাকস্থলীত (ii) খাদ্য নলীত (iii) ক্ষুদ্রান্তত

(iv) বৃহদন্ত্রত

উত্তৰ: (iv) বৃহদন্ত্রত ।

 

4. স্তম্ভ ১ত দিয়া বিষয়বোৰ স্তম্ভ ২ৰ লগত মিলোৱা:

 

খাদ্যৰ উপাদান          পাচনৰ ফলাফল

কাৰ্ব’হাইড্ৰেট              ফেটি এছিড আৰু গ্লিচাৰল

প্ৰটিন                         চেনি

স্নেহ পদাৰ্থ                 এমিন’ এছিড

 

উত্তৰ:

খাদ্যৰ উপাদান     পাচনৰ ফলাফল
কাৰ্ব’হাইড্ৰেট   চেনি
প্ৰটিন  এমিন’ এছিড
স্নেহ পদাৰ্থ ফেটি এছিড আৰু গ্লিচাৰল

 

 

5. ভিলাই কি ? সেইবোৰৰ অৱস্থিতি আৰু কাৰ্য কি?

উত্তৰ: ক্ষুদ্ৰান্তৰ বেৰৰ ভিতৰ অংশত অসংখ্য আঙুলি সদৃশ প্রৱৰ্ধ পোৱা যায়। এইবোৰক ভিলাই (Villi) বোলে।

ভিলাইবোৰ ক্ষুদ্ৰান্তৰ বেৰৰ অভ্যন্তৰ ভাগত পোৱা যায়।

ভিলাইবোৰৰ কাৰ্য হ’ল এইবোৰে পাচিত হোৱা খাদ্যৰ সৰল অণুসমূহ শোষণ কৰে।

6. পিত্তৰস ক’ত উৎপন্ন হয় ? খাদ্যৰ কোনটো উপাদানক ই হজম কৰায় ?

উত্তৰ: পিত্তৰস (Bile) যকৃতত উৎপন্ন হয় আৰু পিত্তাশয় বা পিত্তথলীত জমা হৈ থাকে।

ই খাদ্যৰ চৰ্বী বা স্নেহ পদাৰ্থ (Fats) হজম কৰাত সহায় কৰে ।

7. ৰোমন্থক প্ৰাণীয়ে হজম কৰিব পৰা কিন্তু মানুহে হজম কৰিব নোৱাৰা কাৰ্ব’হাইড্ৰেটৰ নাম লিখা। ইয়াৰ কাৰণ কি লিখা।

উত্তৰ: ৰোমন্থক প্ৰাণীয়ে হজম কৰিব পৰা কিন্তু মানুহে হজম কৰিব নোৱাৰা কাৰ্ব’হাইড্ৰেটৰ নাম হ’ল

ছেলুল’জ (Cellulose)।

ইয়াৰ কাৰণ হ’ল ৰোমন্থক প্ৰাণীৰ ক্ষুদ্ৰান্ত আৰু বৃহদন্ত্ৰৰ মাজত অন্ধান্ত্ৰ বা ছিকাম (Caecum) নামৰ এটা ডাঙৰ মোনা সদৃশ অংগ থাকে। ইয়াত থকা বেক্টেৰিয়াবোৰে ছেলুল’জ পাচন কৰিব পাৰে।

কিন্তু মানুহৰ দেহত এনে বেক্টেৰিয়া নাথাকে বাবে ছেলুল’জ পাচন কৰিব নোৱাৰে।

8. আমি কিয় গ্লুক’জৰ পৰা ততালিকে শক্তি পাওঁ ?

উত্তৰ: গ্লুক’জ হ’ল কাৰ্ব’হাইড্ৰেটৰ সৰল ৰূপ। গ্লুক’জ ততালিকে ক্ষুদ্ৰান্তত থকা ভিলাইবোৰৰ দ্বাৰা শোষণ হয় আৰু কোষত প্ৰৱেশ কৰে। গ্লুক’জ অণুসমূহ কোষত অক্সিজেনৰ উপস্থিতিত জাৰণ ঘটি শক্তি উৎপন্ন কৰে। সেয়েহে গ্লুক’জৰ পৰা আমি ততালিকে শক্তি পাওঁ।

9. তলত দিয়াবোৰ খাদ্যনলীৰ কোনটো অংশৰ লগত জড়িত –

(ক)


Get HS and HSLC final year question paper in pdf.

X