2. SEXUAL REPRODUCTION IN FLOWERING PLANTS (সপুষ্পক উদ্ভিদত যৌন প্ৰজনন)

SEXUAL REPRODUCTION IN FLOWERING PLANTS | সপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন | ক্লাছ 12 জীৱবিদ্যা | যৌন প্ৰজনন | জীৱৰ প্ৰজনন | যৌন প্ৰজনন | Sexual Reproduction | Class 12 Biology Questions | Parts of Flowers | Fertilization

Introduction: ইয়াত দ্বাদশ শ্ৰেণীৰ জীৱবিজ্ঞানৰ দ্বিতীয় অধ্যায়ৰ পৰা কিছুমান গুৰুত্ব পূৰ্ণ প্ৰশ্ন আলোচনা কৰা হৈছে। সপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন প্ৰক্ৰিয়া অতি জটিল আৰু বিভিন্ন স্তৰৰ মাজেৰে সম্পন্ন হয়। ইয়াত প্ৰশ্নোত্তৰ সমূহ অতি সহজ ভাৱে উপস্থাপন কৰা হৈছে যাতে ছাত্ৰ ছাত্ৰী সকলে সহজে আয়ত্ব কৰিব পাৰে। আশাকৰোঁ ইয়াৰ দ্বাৰা ছাত্ৰ ছাত্ৰী সকল উপকৃত হব।

অতি চুমু প্ৰশ্নোত্তৰ

1. সপুষ্পক উদ্ভিদৰ প্ৰধান প্ৰজনন অংগ কি?
উত্তৰ: ফুল (Flower)।

2. ফুলৰ বিভিন্ন চক্ৰসমূহ বা অংশ বোৰ কি কি?
উত্তৰ: ফুলৰ চাৰিটা চক্ৰ আছে।
এইবোৰ হল –
১. বেটুপাত (Sepal)

২. দল বা পাহি (Petal)

৩. পুংস্তবক (Stamen)
৪. স্ত্ৰীস্তৱক (Pistil)।

3. পুংকেশৰৰ কাম কি?
উত্তৰ: পৰাগৰেণু অৰ্থাৎ পুং জনন কোষৰ সৃষ্টি কৰা।

4. স্ত্ৰীকেশৰৰ কাম কি?
উত্তৰ:স্ত্ৰীজনন কোষৰ সৃষ্টি কৰা।

5. পৰাগৰেণু (Pollen grain) কি?
উত্তৰ: পুংকেশৰৰ পৰাগথলীত থকা ক্ষুদ্ৰ ক্ষুদ্ৰ ৰেণুবোৰক পৰাগৰেণু বোলে।

6. টেপেটামৰ (Tapetum) কাম কি?
উত্তৰ: টেপেটামৰ কাম হল ই বিকশিত হৈ থকা ৰেনুজনন কোষক খাদ্য যোগান ধৰে।

7. নিষেচন ( Fertilization) কাক বোলে?
উত্তৰ: পুংজনন কোষ আৰু স্ত্ৰীজনন কোষৰ মিলনক নিষেচন বোলে।

8. পৰাগযোগ (Pollination) কাক বোলে?

উত্তৰ: পৰাগথলীৰ পৰা পৰাগৰেণু স্ত্ৰীকেশৰৰ গৰ্ভমুণ্ডলৈ স্থানান্তৰিত হোৱা প্ৰক্ৰিয়াক পৰাগযোগ বোলে।

9. পৰাগযোগ (Pollination) কেই প্ৰকাৰৰ আৰু কি কি?
উত্তৰ: পৰাগযোগ দুই প্ৰকাৰৰ
১. স্ব-পৰাগযোগ (Self Pollination) আৰু
২. ইতৰ পৰাগযোগ (Cross Pollination)।

10. স্ব-পৰাগযোগ (Self Pollination) কাক বোলে?
উত্তৰ: যেতিয়া একেপাহ ফুলৰ পুংকেশৰৰ পৰা পৰাগৰেণু সেই একেপাহ ফুলৰ স্ত্ৰীকেশৰৰ গৰ্ভমুণ্ডলৈ স্থানান্তৰিত হয়, তেতিয়া তাক স্ব-পৰাগযোগ বোলে।

11. ইতৰ পৰাগযোগ (Cross Pollination) কাক বোলে?
উত্তৰ: যেতিয়া কোনো এপাহ ফুলৰ পুংকেশৰ পৰা পৰাগৰেণু সেই একে গছৰ অন্য ফুল বা বেলেগ গছৰ বেলেগ ফুলৰ স্ত্ৰীকেশৰলৈ স্থানান্তৰিত হয়, তেতিয়া তাক ইতৰ পৰাগযোগ বোলে।

12. ডিম্বক (Ovule) কাক বোলে?
উত্তৰ: গৰ্ভাশয়ৰ ভিতৰত অমৰাৰ লগত যুক্ত হৈ থকা সৰু সৰু গুটিবোৰক ডিম্বক বোলে।

13. এগামস্পাৰ্মী (Agamospermy) কাক বোলে?
উত্তৰ: গৰ্ভধান নোহোৱাকৈ ভ্ৰুণ (Embryo) সৃষ্টি হোৱা প্ৰক্ৰিয়াক এগামস্পাৰ্মী বোলে।

14. পৰ্থেনোকাৰ্পি (Parthenocarpy) কি?
উত্তৰ: গৰ্ভধান নোহোৱাকৈ গৰ্ভাশয়ৰ পৰা ফলৰ সৃষ্টি হোৱাকে পৰ্থেনোকাৰ্পি (parthenocarpy) বোলে। এনেদৰে সৃষ্টি হোৱা ফলক বীজহীন ফল বোলে।

15. আপেলক কিয় অপ্ৰকৃত (False fruit) ফল বোলে?
উত্তৰ: আপেলৰ ক্ষেত্ৰত পুষ্পাক্ষই ফল গঠনত ভাগ লয় বাবে অপেলক অপ্ৰকৃত ফল বোলে।

16. প্ৰকৃত ফল (True fruit) কাক বোলে?

উত্তৰ: গৰ্ভধানৰ পাছত গৰ্ভাশয়ৰ পৰা সৃষ্টি হোৱা ফলক প্ৰকৃত ফল বোলে। উদাহৰণ – আম, সুমুঠিৰা, লাউ ইত্যাদি।

17. গুচ্ছিত ফল (Aggregate fruits) কাক বোলে? উদাহৰণ দিয়া।
উত্তৰ: যিবোৰ ফল মুক্ত বহু গৰ্ভপত্ৰযুক্ত গৰ্ভাশয়ৰ পৰা সৃষ্টি হয় তেনেবোৰ ফলক গুচ্ছিত ফল বোলে। উদাহৰণ: চম্পা, গোলাপ, পদুম ইত্যাদি।

18. যৌগিক ফল কাক বোলে? উদাহৰণ দিয়া ।
উত্তৰ: যেতিয়া পুষ্পবিন্যাসৰ আটাইকেইটা ফুলৰ পৰা একেলগে বহুতো ফল এনেদৰে সৃষ্টি হয় যাতে দেশত এটা ফল যেন লগে, তেতিয়া তাক যৌগিক ফল (Compound fruits) বোলে। উদাহৰণ – কঁঠাল, মাটিকঁঠাল ইত্যাদি।

19. সৰল ফল (Simple fruit) কাক বোলে? উদাহৰণ দিয়া
উত্তৰ: ফুলৰ একমাত্ৰ গৰ্ভাশয় যেতিয়া ফললৈ ৰূপান্তৰিত হৈ, তেতিয়া তাক সৰল ফল বোলে।
উদাহৰণ: সৰিয়হ, মাহ, উৰহী,ধান ইত্যাদি।

 20. এপোমিক্সিছ ( Apomixis) কি?
উত্তৰ: কিছুমান ঘাঁহজাতীয় উদ্ভিদৰ ক্ষেত্ৰত গৰ্ভধান নোহোৱাকৈ বীজ (Seed) উৎপন্ন হয়। ইয়াক এপোমিক্সিছ বোলে।

21.বহুভ্ৰুনতা ( Polyembryo) কি?
উত্তৰ: বিভিন্ন কাৰণত যেতিয়া ডিম্বকত একাধিক ভ্ৰূণৰ সৃষ্টি হয় তাক বহুভ্ৰুণতা বোলে।

22. পুংকেশৰৰ (Stamen) গঠন বৰ্ণনা কৰা।
উত্তৰ: পুংকেশৰ দুটা অংশৰ দ্বাৰা গঠিত –
(ক) পুংদণ্ড (Filament) আৰু
(খ) পৰাগধানী (Anther)
প্ৰতিটো পৰাগধানীত চাৰিটা থলী থাকে যাক পৰাগথলী বা পৰাগকোষ ( Pollen sac) বোলে। পৰাগথলীৰ ভিতৰত পৰাগৰেণু থাকে।

23. স্ত্ৰীকেশৰৰ গঠন বৰ্ণনা কৰা।
উত্তৰ: প্ৰতিটো স্ত্ৰীকেশৰৰ তিনিটা অংশ থাকে – গৰ্ভমুণ্ড (Stigma), গৰ্ভদণ্ড (Style) আৰু গৰ্ভাশয় (Ovary)। গৰ্ভাশয়ৰ ভিতৰত ডিম্বক থাকে।

 24. পুংৰেণুৰ সৃষ্টি আৰু বিকাশ প্ৰক্ৰিয়া বৰ্ণনা কৰা। (Describe the origin and development process of male spore.)

উত্তৰ: পুংৰেনুৰ সৃষ্টি পুংকেশৰত থকা পৰাগথলীত হয়। আৰম্ভণিতে পুংদণ্ডৰ অগ্ৰভাগত থকা পৰাগকোষ সমজাতীয় কোষৰ সমষ্টি হিচাপে থাকে। শেষত পৰাগকোষৰ বিকাশ হৈ চাৰিটা কোঠালী বা খলপাৰ সৃষ্টি কৰে। প্ৰতিটো কোঠালীৰ পৰা এটাকৈ মুঠ চাৰিটা কোষৰ আকাৰ বৃদ্ধি পায় আৰু এনে কোষক প্ৰপ্ৰসূতক ( Archesporium) বোলে। এনেদৰে মুঠ চাৰিটা চুকত চাৰিটা প্ৰপ্ৰসূতক কোষ উৎপন্ন হয়। এই কোষ পথালিকৈ বিভাজিত হৈ দুভাগ হৈ বহিঃস্ত্বকীয় কোষ ( Outer primary cell) আৰু ৰেণুজনন কোষ (Sporogenous) উৎপন্ন হয়। বহিঃস্ত্বকীয় কোষসমূহ কেবাবাৰো বিভাজন হয়  আৰু কেবাটাও স্তৰৰ সৃষ্টি কৰে। একেবাৰে ভিতৰৰ স্তৰটোক টেপেটাম (Tapetum) বোলে। ভিতৰৰ ফালে থকা ৰেণুজননসমূহ দুগুণ ক্ৰমজম (2n)  বিশিষ্ট। এইবোৰ লঘুকৰণ বিভাজনৰ দ্বাৰা বিভাজিত হৈ এগুন ক্ৰমজমবিশিষ্ট (n) হৈ পৰে। এইবোৰৰ পৰা অসংখ্য ৰেণু উৎপন্ন কৰে। এইবোৰক পৰাগৰেণু (Pollen grain) বোলে। প্ৰতিটো ৰেনোজনন কোষৰ পৰা egin4 ক্ৰমজম বিশিষ্ট চাৰিটা পৰাগৰেণু উৎপন্ন হয়।

পৰাগৰেণুৰ সৃষ্টি আৰু বিকাশ প্ৰক্ৰিয়া

 

25. পুংৰেণুৰ গঠন বৰ্ণনা কৰা। (Describe the structure of male spore.)

উত্তৰ: পুংৰেণুসমূহ দেখাত প্ৰায় ঘূৰণীয়া। বাহিৰৰ ফালে থকা আৱৰণক Exine বা কাঁইটীয়া বেৰ আৰু ভিতৰৰ ফালে থকা আৱৰণক Intine বা পাতল মসৃণ বেৰ বোলে। বাহিৰৰ বেৰত কিছুমান ৰন্ধ্ৰ থাকে যাক অংকুৰণ ৰন্ধ্ৰ (Germ pore) বোলে। প্ৰতিটো পৰাগৰেনুত দুটাকৈ কোষকেন্দ্ৰ থাকে এটা হল নলীক কোষকেন্দ্ৰ (Tube nucleus) আৰু আনটোক জননক্ষম কোষকেন্দ্ৰ (Generative nucleus)। এই জননক্ষম কোষকেন্দ্ৰৰ পৰা বিভাজন ঘটি দুটা পুংজনন কোষৰ (Male gametes) সৃষ্টি হয়।

26. চিত্ৰসহকাৰে স্ত্ৰীৰেণুৰ সৃষ্টি আৰু বিকাশ প্ৰক্ৰিয়া বৰ্ণনা কৰা। ( Describe the origin and development of female spore with suitable diagram.)

উত্তৰ: আৰম্ভণিতে ডিম্বকত থকা নিউচেলাছৰ মাজভাগত থকা কোনো এটা কোষ তুলনামূলভাৱে অন্য কোষসমূহতকৈ ডাঙৰ হয়। এইটোকেই স্ত্ৰীজননকোষৰ প্ৰপ্রসূতক কোষ (Archesporial cell) বোলে। এই কোষটো পথালিকৈ বিভাজিত হৈ বহিঃস্ত্বক আৰু স্ত্ৰীৰেণুমাতৃকোষ গঠন কৰে। লঘুকৰন বিভাজন (Meiosis)ৰ দ্বাৰা কোষসমূহ বিভাজিত হয় আৰু এগুণ ক্ৰমজম (n) বিশিষ্ট হৈ পৰে।  এনেদৰে উৎপন্ন হোৱা চাৰিটা কোষৰ পৰা ওপৰৰ ফালে থকা তিনিটা কোষ নষ্ট হৈ যায় আৰু বাকী থকা কোষটোৰ পৰা স্ত্ৰীৰেণুমাতৃকোষৰ সৃষ্টি হয়। ইয়াৰ পৰা অৱশেষত ভ্ৰুণস্থলীৰ ( Embryo sac) সৃষ্টি কৰে।

 

27. সপুষ্পক উদ্ভিদত জননকোষ গঠন প্ৰক্ৰিয়া বৰ্ণনা কৰা। ( Describe the process of gametogenesis in flowering plants.)

উত্তৰ: সপুষ্পক উদ্ভিদৰ জনন কোষ গঠন প্ৰক্ৰিয়া তলত বৰ্ণনা কৰা হ’ল –

১. পুংজনন কোষৰ গঠন: পুংৰেণু গঠনৰ সময়ত সৃষ্টি হোৱা জননক্ষম কোষকেন্দ্ৰ আৰু নলীকা কোষকেন্দ্ৰৰ মাজত এখন বেৰৰ সৃষ্টি হয় আৰু সিহঁত পৃথক হৈ পৰে। বিভিন্ন বাহকৰ দ্বাৰা পৰাগৰেণু স্ত্ৰীকেশৰৰ গৰ্ভমুণ্ডত পৰে আৰু ইয়াতেই

বিকাশ আৰম্ভ হয়। পৰাগৰেণু অংকুৰণৰ সময়ত বহিস্তকত থকা ৰন্ধ্ৰইদি অন্তস্তকটো কোষপ্ৰৰসৰ সৈতে নলী আকাৰে ওলাই আহে। ইয়াক পৰাগনলী বোলে। পৰাগনলীয়েদি জননক্ষম কোষকেন্দ্ৰটো নলীকা কোষকেন্দ্ৰৰ পিছে পিছে আগবাঢ়ি আহে। নলীকাৰ কোষকেন্দ্ৰ গৰ্ভাশয়ৰ ওচৰ পোৱাৰ আগতেই জননক্ষম কোষকেন্দ্ৰটো দুটা ভাগত ভাগ হয়। এই দুটাই পুংজনন কোষকেন্দ্ৰ হিচাপে কাম কৰে। নলীকা কোষকেন্দ্ৰটো পিছত নষ্ট হৈ যায়।

এই প্ৰক্ৰিয়াক পুংজননকোষৰ গঠন (Male gametogenesis) বোলে।

 

২. স্ত্ৰীজনন কোষৰ বিকাশ: স্ত্ৰীজনন কোষৰ বিকাশ ডিম্বকৰ ভিতৰত হয়। প্ৰতিটো ডিম্বকত থকা এগুণ ক্ৰমজমযুক্ত (n) কোষকেন্দ্ৰটো দুটা ভাগত ভাগ হয় আৰু ইয়াৰে এটা ডিম্বকমূলৰ ফালে আৰু আনটো ডিম্বকৰন্ধ্ৰৰ ফালে গতি কৰে। এই কোষকেন্দ্ৰ (n) দুটা পুনৰ দৈহিক বিভাজনৰ দ্বাৰা দুবাৰ বিভাজিত হৈ দুয়ো ফালে চাৰিটাকৈ মুঠ আঠটা এগুণ ক্ৰমজমযুক্ত কোষকেন্দ্ৰৰ (n) সৃষ্টি কৰে। এতিয়া দুয়ো মেৰুৰ পৰা এটাকৈ কোষকেন্দ্ৰ ভ্ৰুণস্থলীৰ মধ্যভাগলৈ গুচি আহে আৰু সিহঁত লগ লাগি দুগুণ ক্ৰমজমযুক্ত (2n) নিশ্চিত কোষকেন্দ্ৰ বা গৌণ কোষকেন্দ্ৰ (Definitive nucleus) সৃষ্টি কৰে। ডিম্বকৰন্ধ্ৰৰ ফালে ৰৈ যোৱা বাকী তিনিটা কোষকেন্দ্ৰৰ এটাই স্ত্ৰীজনন কোষকেন্দ্ৰ (egg or ovum) হিচাপে কাম কৰে আৰু বাকী দুটাই সহকাৰী কোষ (synergids) হিচাপে কাম কৰে। আনহাতে, ডিম্বকমূলৰ ফালে থকা কোষকেন্দ্ৰ তিনিটাক একেলগে প্ৰতিপাদ কোষসমষ্টি ( antipodal cells) বোলে। এই কোষসমূহৰ বিশেষ কাম নথকা বাবে পিছত নষ্ট হৈ যায়।

 

28. স্ব-পৰাগযোগৰ কৌশল সমূহ (Contrivances) লিখা।

উত্তৰ: যেতিয়া একেপাহ ফুলৰ পুংকেশৰৰ পৰা পৰাগৰেণুসমূহ সেই একেপাহ ফুলৰ স্ত্ৰীকেশৰৰ গৰ্ভমুণ্ডলৈ স্থানান্তৰিত হয় তেতিয়া তাক স্ব-পৰাগযোগ বোলে। স্ব-পৰাগযোগৰ কৌশল সমূহ হ’ল –

১. অণুন্মীলন (Cleistogamy): কণাশিমলু, বালচাম আদি ফুল উভয়লিংগী যদিও কেতিয়াও মেল নাখায়। গতিকে এইবোৰ ফুলত স্ব-পৰাগযোগ বাঞ্ছনীয়।

২. সমপৰিণতি (Homogamy): কিছুমান উভয়লিংগী ফুলত পুংকেশৰ আৰু স্ত্ৰীকেশৰ একে সময়তে পূৰঠ হয়। তদুপৰি এনেবোৰ ফুলত পুংকেশৰ হালি আহি স্ত্ৰীকেশৰৰ ওচৰ পায়। এনেবোৰ ফুলত স্ব-পৰাগযোগ সহজতে হয়। যেনে – গধূলি গোপাল ফুল।

 

29. ইতৰ পৰাগযোগৰ কৌশল সমূহ লিখা।

উত্তৰ: বেলেগ বেলেগ ফুলৰ মাজত পৰাগযোগ হ’লে তাক ইতৰ পৰাগযোগ বোলে। ইয়াৰ কৌশল সমূহ হ’ল –

১. একলিংগতা (Unisexuality): যিবোৰ ফুল একলিংগী তেনেবোৰ ফুলত ইতৰ পৰাগযোগৰ বাহিৰে অন্য কোনো বিকল্প নাই। যেনে – লাউ, মাঁকৈ, অমিতা আদি ফুল।

২. স্ব-বন্দ্যাত্ব (Self-stertility): এনেবোৰ ফুল উভয়লিংগী যদিও স্ব-পৰাগযোগৰ দ্বাৰা গৰ্ভধান নহয়। গতিকে ইতৰ পৰাগযোগৰ দ্বাৰা এনেবোৰ ফুলে বংশবিস্তাৰ কৰে। যেনে – চাহ গছৰ ফুল।

৩. অসম গৰ্ভদণ্ডী: এনেবোৰ ফুলৰ পুংকেশৰ আৰু স্ত্ৰীকেশৰ বেলেগ বেলেগ দৈৰ্ঘ্যৰ হয়। ইয়াৰ ফলত

স্ব-পৰাগযোগ নহয়। গতিকে এনেবোৰ ফুলত বেলেগ ফুলৰ পৰা পৰাগৰেণু আহি পৰাগযোগ সম্পন্ন কৰে।যেনে – প্ৰিমৰোজ ফুল।

৪. অসম পৰিণতি (Dichogemy): কিছুমান ফুলত পুংকেশৰ আৰু স্ত্ৰীকেশৰ একে সময়তে পূৰঠ নহয়। এনেবোৰ ফুলত ইতৰ পৰাগযোগ হয়। যেনে – ভেণ্ডী, নাৰ্জী, কপাহ ফুল।

এইবোৰৰ উপৰিও কিছুমান ফুলৰ পুংকেশৰ আৰু স্ত্ৰীকেশৰ ভাঁজ লাগি এটা আনটোৰ পৰা আঁতৰি আহে। অৰ্থাৎ সিহঁতৰ মাজত দূৰত্ব বাঢ়ি যায়। এনেবোৰ ফুলত ইতৰ পৰাগযোগ হয়। যেনে – আকন ফুল।

 

30. পতংগ পৰাগণ (Entomoohily) কি? পতংগৰ দ্বাৰা পৰাগযোগ হোৱা ফুলৰ বৈশিষ্টসমূহ কি কি?

উত্তৰ: পতংগৰ দ্বাৰা পৰাগযোগ হোৱা প্ৰক্ৰিয়াক পতংগ পৰাগণ বোলে। এনেবোৰ ফুলক পতংগ পৰাগী ফুল বোলে।

পতংগ পৰাগী ফুলৰ বৈশিষ্ট্যসমূহ –

(i) এনেবোৰ ফুলৰ পৰাগৰেণুসমূহ মধুৰ আৰু সুমিষ্ট।

(ii) ফুলবোৰৰ পৰাগৰেণুসমূহ আঠাযুক্ত হয় যাতে পতংগৰ ভৰিত লাগি ধৰিব পাৰে।

(iii) ফুলবোৰ ডাঙৰ আৰু আকৰ্ষণীয় হয়।

(iv) ফুলবোৰ ৰঙীন আৰু উজ্জ্বল হয় যাতে পতংগ আকৰ্ষিত হয়।

(v) ফুলবোৰ সুগন্ধি যুক্ত হয়।

(vi) পতংগপৰাগী ফুলত পৰাগৰেণু কমকৈ উৎপন্ন হয়।

উদাহৰণ – মদাৰ (Erythrina), পলাশ (Butea) আদি।

 

31. বায়ুপৰাগী ফুলৰ (Anemophilous flowers) বৈশিষ্ট্যবোৰ লিখা।

উত্তৰ: বায়ুৰ দ্বাৰা পৰাগযোগ সম্পন্ন হলে তাক বায়ুপৰাগন বোলে। এনেবোৰ ফুলক বায়ুপৰাগী ফুল বোলে। এইবোৰৰ বৈশিষ্ট্যসমূহ হ’ল –

(i) এনেবোৰ ফুলৰ পৰাগৰেণুসমূহ সৰু আৰু পাতল হয় যাতে বতাহত উৰিব পাৰে।

(ii) ফুলবোৰ অনুজ্বল আৰু বিভিন্ন ধৰণৰ হয়।

(iii) প্ৰচুৰ পৰিমাণে পৰাগৰেণু উৎপন্ন হয় যাতে পৰিবহণৰ সময়ত অপচয় ৰোধ কৰিব পাৰি।

(iv) পৰাগৰেণু অপচয়ৰ পৰিমাণ বেছি।

(v) ফুলত মৌ (nectar) নাথাকে।

(vi) ফুলবোৰ গোন্ধহীন হয়।

(vii) পুংদণ্ড দীঘল হোৱা বাবে দলমণ্ডলৰ বাহিৰলৈ ওলাই পৰে।

উদাহৰণ – কুঁহিয়াৰ, মাকৈ, ধান আদি।

 

32. জলপৰাগী ফুলৰ (Hydrophilous flowers) বৈশিষ্ট্যসমূহ কি কি?

উত্তৰ: পানীৰ দ্বাৰা পৰাগযোগ সম্পন্ন হলে তাক জলপৰাগন (Hydrophily) বোলে। এনেবোৰ ফুলক জলপৰাগী ফুল বোলে।

বৈশিষ্ট্যসমূহ হ’ল –

(i) এনেবোৰ ফুলৰ পৰাগৰেণুসমূহ গধূৰ হয় কাৰণ পৰাগযোগ পানীৰ তলত হয়।

(ii) ফুলবোৰ অনুজ্জ্বল আৰু আকাৰত সৰু হয়।

(iii) ফুলবোৰৰ বৃতি, দলমণ্ডল, পৰাগৰেণু আদি মম জাতীয় পদাৰ্থৰে আবৃত থাকে যাতে পানীত নিতিতে।

(iv) গৰ্ভমুণ্ড এঠাযুক্ত কিন্তু পানীত নিতিতে।

উদাহৰণ – ভেলিছনেৰিয়, হাইড্ৰিলা।

 

33. ডিম্বক (Ovule) কাক বোলে? ইয়াৰ গঠন বৰ্ণনা কৰা।

উত্তৰ: গৰ্ভাশয়ৰ ভিতৰত অমৰাৰ লগত যুক্ত হৈ থকা সৰু সৰু গুটিবোৰক ডিম্বক বোলে।

ডিম্বকৰ গঠন: নিষেচনৰ পিছত ডিম্বক বীজলৈ ৰূপান্তৰিত হয়। ডিম্বক এডাল ঠাৰিৰ দ্বাৰা অমৰাৰ লগত সংলগ্ন হৈ থাকে ইয়াক ডিম্বকনাড়ী বোলে। ডিম্বকনাড়ীডাল ডিম্বকনাভীৰ দ্বাৰা ডিম্বকৰ সৈতে সংযুক্ত হৈ থাকে। ডিম্বকৰ মূল অংশ ভ্ৰুণপোষক আগুৰি থকা অংশক ডিম্বকত্বক বোলে। ডিম্বকৰ গুৰিৰ ফালে থকা বহল অংশক ডিম্বকমূল আৰু বিপৰীত ফালে থকা ৰন্ধ্ৰটোক ডিম্বকৰন্ধ্ৰ বোলে। ভ্ৰুণপোষকৰ ভিতৰফালে থকা ডিম্বাকৃতিৰ অংশক ভ্ৰুণস্থলী (Embryo sac) বোলে। এই ভ্ৰুণস্থলীৰ ভিতৰত স্ত্ৰীজননকোষ বা ডিম্বাণু থাকে।

 

34. দ্বি-গৰ্ভধান বা দ্বি-নিষেচন (Double fertilization) কি? চিত্ৰৰ সহায়ত দ্বি-গৰ্ভধান প্ৰক্ৰিয়া বৰ্ণনা কৰা।

উত্তৰ: সপুষ্পক উদ্ভিদৰ ক্ষেত্ৰত, এগুণ ক্ৰমজম (n) বিশিষ্ট পুংজননকোষ আৰু এগুণ ক্ৰমজম (n) বিশিষ্ট স্ত্ৰীজননকোষৰ মাজত মিলনৰ ফলত দুগুণ ক্ৰমজম (n) বিশিষ্ট ভ্ৰূণৰ সৃষ্টি হয়। আনহাতে, আনটো পুংজননকোষ (n) নিশ্চিত কোষকেন্দ্ৰৰ (2n) লগত মিলিত হৈ তিনিগুণ ক্ৰমজম বিশিষ্ট ভ্ৰুণপোষক কোষকেন্দ্ৰৰ (3n) সৃষ্টি কৰে। এনেদৰে দুবাৰ নিষেচন হোৱাকে দ্বি-গৰ্ভধান বা দ্বি-নিষেচন বোলে।

পৰাগৰেণু স্ত্ৰীকেশৰৰ গৰ্ভমুণ্ডত পৰাৰ লগে লগে পৰাগৰেণুৰ পৰা এডাল নলী ওলাই আৰু গৰ্ভাশয়ৰ ফালে গতি কৰে। ইয়াক পৰাগনলী বোলে। পৰাগনলীৰ ভিতৰত দুটা পুংজননকোষ (n) সৃষ্টি হয়। পৰাগনলী গৰ্ভাশয়ৰ ওচৰ পোৱাৰ লগে লগে ডিম্বকৰন্ধ্ৰইদি গৰ্ভাশয়ৰ ভিতৰত থকা ভ্ৰুণস্থলীত প্ৰৱেশ কৰে। ভ্ৰুণস্থলীৰ ভিতৰত এটা স্ত্ৰীজননকোষ (n), দুটা সহকাৰী কোষ, এটা নিশ্চিত কোষকেন্দ্ৰ (3n) আৰু তিনিটা প্রতিপাদ কোষসমষ্টি থাকে।

পৰাগনলীত থকা পুংজনন কোষ দুটাৰ এটাই স্ত্ৰী জনন কোষৰ লগত মিলিত হয় আৰু নিষেচন ঘটায়। আনহাতে, আনটো পুংজননকোষ (n) নিশ্চিত কোষকেন্দ্ৰৰ (2n) লগত মিলিত হৈ তিনিগুণ ক্ৰমজম বিশিষ্ট ভ্ৰুণপোষক কোষকেন্দ্ৰৰ (3n) সৃষ্টি কৰে। এনেদৰে দুবাৰ নিষেচন হোৱাকে দ্বি-গৰ্ভধান বা দ্বি-নিষেচন বোলে।

নিষেচনৰ পিছত ভ্ৰূণৰ সৃষ্টি হয় আৰু ভ্ৰূণৰ বৃদ্ধি আৰু বিকাশ হবলৈ আৰম্ভ কৰে।

 

35. দ্বি-বীজপত্ৰী উদ্ভিদৰ (Dicotyledons) ভ্ৰুণৰ বিকাশ প্ৰক্ৰিয়া চিত্ৰ সহকাৰে  বৰ্ণনা কৰা।

উত্তৰ: দ্বি-বীজপত্ৰী উদ্ভিদ ক্ষেত্ৰত গৰ্ভধানৰ পিছত ভ্ৰূণাণুটো পথালিকৈ বিভক্ত হয় আৰু দুটা কোষত পৰিণত হয়। ডিম্বকমূলৰ ফালে থকা কোষটোক শীৰ্ষকোষ (Terminal cell) আৰু ডিম্বকৰন্ধ্ৰৰ ফালে থকা কোষটোক ভূমিকোষ (Basal cell) বোলে। ভূমিকোষটো পথালিকৈ বিভক্ত হয় কিছুমান কোষৰ সৃষ্টি কৰে আৰু এইবোৰক ভ্ৰুণধৰ বোলে। ভ্ৰুণধৰৰ মূৰত থকা যিটো কোষ ডিম্বকৰন্ধ্ৰৰ ফালে থাকে তাক হাইপ’ফাইছিছ বোলে। ইয়াৰ পৰা ভাবীমূলৰ (Radicle) সৃষ্টি হয়। আনহাতে, শীৰ্ষকোষটো বিভিন্ন ধৰণে বিভক্ত হৈ আঠোটা কোষ সৃষ্টি কৰে আৰু এই কোষবোৰক ভ্ৰুণকোষ (Embryonal mass) বোলে। ইয়াৰ পৰাই অধিকাণ্ড, অৱকাণ্ড আৰু বীজপত্ৰ সৃষ্টি হয়।

 

36. একবীজপত্ৰী উদ্ভিদৰ (Monocotyledons) ভ্ৰূণৰ বিকাশ বৰ্ণনা কৰা।

উত্তৰ: একবীজপত্ৰী উদ্ভিদৰ ক্ষেত্ৰত গৰ্ভধানৰ পিছত ভ্ৰূণাণুটো বিভক্ত হয় দুটা কোষৰ সৃষ্টি কৰে। ইয়াৰে এটা হ’ল ভূমিকোষ (Basal cell) আৰু আনটো হ’ল শীৰ্ষকোষ (Terminal cell)। ভূমিকোষটো বিভাজিত হৈ ভ্ৰুণধৰৰ সৃষ্টি কৰে। আনহাতে, শীৰ্ষকোষটো কেইবাবাৰো বিভাজিত হৈ কিছুমান কোষৰ সমষ্টি সৃষ্টি কৰে। এই কোষবোৰৰ পৰা বীজপত্ৰ সৃষ্টি কৰে। তলত চিত্ৰৰ সহায়ত একবীজপত্ৰী উদ্ভিদৰ ভ্ৰূণৰ বিকাশ প্ৰক্ৰিয়া বৰ্ণনা কৰা হ’ল।

 

 

37. একবীজপত্ৰী উদ্ভিদৰ ভ্ৰূণৰ বিকাশ আৰু দ্বি-বীজপত্ৰী উদ্ভিদৰ ভ্ৰূণৰ বিকাশৰ মাজত পাৰ্থক্য লিখা।

উত্তৰ:

      একবীজপত্ৰী উদ্ভিদৰ ভ্ৰূণৰ বিকাশ দ্বি-বীজপত্ৰী উদ্ভিদৰ  ভ্ৰূণৰ বিকাশৰ
1. বীজপত্ৰ দুটা পাৰ্শ্বীয়ভাৱে সৃষ্টি হয়। 1. বীজপত্ৰ প্ৰান্তীয় ভাৱে সৃষ্টি হয়।
2. ভাবীকাণ্ড প্ৰান্তীয় ভাৱে সৃষ্টি হয়। 2. ভাবীকাণ্ড পাৰ্শ্বীয়ভাৱে সৃষ্টি হয়।
3. ভ্ৰুণধৰ ডিম্বকৰন্ধ্ৰৰ ফালে থাকে কিন্তু ভ্ৰূণপোষ  ডিম্বকমূলৰ ফালে থাকে। 3. ভ্ৰুণধৰ ডিম্বকমূলৰ ফালে থাকে কিন্তু ভ্ৰূণপোষ

ডিম্বকৰন্ধ্ৰৰ ফালে থাকে।

 

 

You Tube Video Links:

1. ফুলৰ বিভিন্ন চক্ৰ সমূহ: https://youtu.be/hGV62eAxcek

2. পৰাগৰেণু বিকাশৰ বিভিন্ন স্তৰসমূহ: https://youtu.be/Hz3gJp5vEhU


Get HS and HSLC final year question paper in pdf.

X