3. উদ্ভিদ ৰাজ্য (Plant Kingdom)

প্ৰশ্নোত্তৰ:

1. শেলাই (Algae) কি?

উত্তৰ: শেলাই হল পত্ৰহৰিত যুক্ত সৰল সমকায় যাৰ প্ৰকৃত শিপা, কাণ্ড আৰু পাত নাই।

2. বিভিন্ন প্ৰকাৰৰ শেলাইৰ নাম লিখা।

উত্তৰ: বিভিন্ন প্ৰকাৰৰ শেলাই হল – সেউজীয়া শেলাই (Green algae), বাদামী শেলাই (Brown algae) আৰু ৰঙা শেলাই (Red algae)।

3. সেউজীয়া শেলাইৰ ৰঞ্জক পদাৰ্থৰ নাম লিখা

উত্তৰ: ক্লৰ’ফিল a আৰু ক্লৰ’ফিল b।

4. সেউজীয়া শেলাইৰ দেহত থকা সঞ্চিত অংগৰ নাম কি?

উত্তৰ: পাইৰেনয়ড (Pyrenoid)।

5. বাদামী শেলাইৰ ৰঞ্জক পদাৰ্থৰ নাম কি?

উত্তৰ: ক্লৰ’ফিল a, ক্লৰ’ফিল c, কেৰটিনয়ড আৰু জেন্থফিল।

6. বাদামী শেলাইৰ সঞ্চিত খাদ্য কি?

উত্তৰ: লেমিনেৰিন (Laminarin) আৰু মেনিটল (Mannitol) নামৰ কাৰ্বহাইড্ৰেট।

7. ৰঙা শেলাইৰ ৰঞ্জক পদাৰ্থৰ নাম কি?

উত্তৰ: আৰ – ফাইক’ইৰিথ্ৰিন (r-Phycoerithrin)।

8. ৰঙা শেলাইৰ সঞ্চিত খাদ্য কি?

উত্তৰ: ফ্লৰিডিয়ান শ্বেতসাৰ।

9. মহাকাশচাৰী (Astranaut) সকলে ব্যৱহাৰ কৰা শেলাইবিধ কি?

উত্তৰ: ক্ল’ৰেলা (Chlorella)।

10. বেছি পৰিমাণে প্ৰটিন পোৱা শেলাই দুবিধৰ নাম লিখা।

উত্তৰ: ক্ল’ৰেলা আৰু স্পাইৰুলিনা।

11. কেৰাজিন (Carrageen) কি?

উত্তৰ: কেৰাজিন হল মুগা শেলাইৰ পৰা তৈয়াৰ কৰা বহুশৰ্কৰা।

12. মছবৰ্গক (Bryophytes) কিয় উদ্ভিদ ৰাজ্যৰ উভচৰ (Amphibia) বোলে?

উত্তৰ: মছবৰ্গক কিয় উদ্ভিদ ৰাজ্যৰ উভচৰ (Amphibia) বোলে কাৰণ এই উদ্ভিদসমূহে মাটিত বসবাস কৰে যদিও যৌন প্ৰজননৰ বাবে পানীৰ ওপৰত নিৰ্ভৰশীল।

 

দীঘল প্ৰশ্নোত্তৰ

1. শেলাইৰ প্ৰজনন পদ্ধতি বৰ্ণনা কৰা।

উত্তৰ: শেলাই হল পত্রহৰিত যুক্ত সৰল সমকয়। এইবোৰ নিৰ্মল বা লুণীয়া পানীত বাস কৰে। তদুপৰি সেমেকা শিল, কাঠ, মাটি আদিতো বসবাস কৰে। শেলাইৰ প্ৰজনন পদ্ধতি অংগজ (vegetative), অযৌন (asexual) বা যৌন (sexual) হ’ব পাৰে।

অংগজ প্ৰজননত সুত্ৰাকাৰ শেলাইৰ দেহটো খণ্ড খণ্ড হয় আৰু প্ৰতিটো খণ্ডৰ পৰা নতুন শেলাই হয়। অযৌন প্ৰজননৰ বাবে শেলাইয়ে বিভিন্ন ধৰণৰ ৰেণু উৎপন্ন পৰে যেনে চলৰেণু (zoospore)। এইবোৰ ফ্লেজেলাযুক্ত আৰু এইবোৰ অংকুৰণ হৈ নতুন শেলাই হয়। যৌন প্ৰজনন দুটা জননকোষৰ মিলনৰ ফলত হয়। ই সমজননকক্ষীয় (isogamous) বা অসমজননকোষীয় (anisogamous) বা উগেমাছ (oogamous) হব পাৰে।

2. মছবৰ্গৰ (Bryophytes) অৰ্থনৈতিক গুৰুত্ব বৰ্ণনা কৰা।

উত্তৰ: মছৰ অৰ্থনৈতিক গুৰুত্ব সামান্য। মছ জাতীয় উদ্ভিদক তৃণভোজী প্ৰাণীয়ে খাদ্য হিচাপে গ্ৰহণ কৰে। মছ আৰু লাইকেন বোৰ শিলৰ ওপৰত বাস কৰে। এইবোৰক বাস্তব্যবিদ্যাৰ অধ্যয়নত ব্যৱহাৰ কৰা হয়।এইবোৰ মাটিৰ উপৰত কাৰ্পেটৰ দৰে আৱৰি থাকে বাবে বৰষুণৰ পানীয়ে পোনে পোনে মাটি ক্ষয় কৰিব নোৱাৰে।

3. শেলাইৰ অৰ্থনৈতিক গুৰুত্ব বৰ্ণনা কৰা।

উত্তৰ: শেলাইৰ অৰ্থনৈতিক গুৰুত্ব তলত বৰ্ণনা কৰা হল

(i) শেলাইক জলজ জীৱই খাদ্য হিচাপে গ্ৰহণ কৰে। প্ৰাথমিক উৎপাদক হিচাপে শেলাইয়ে প্ৰচুৰ পৰিমাণে শক্তি উৎপাদন কৰে। খাদ্য হিচাপে ব্যৱহৃত শেলাইবোৰ হল প্ৰফাইৰা (Proohyra), লেমিনেৰিয়া (Laminaria), ছাৰগাছাম (Sargassum) ইত্যাদি।

(ii) সালোকসংশ্লেষণৰ দ্বাৰা পৃথিৱীত সংস্থাপিত মুঠ কাৰ্বন ডাই অক্সইডৰ আধা ভাগ শেলাইৰ দ্বাৰা হয়।

(iii) এইবোৰে দ্ৰৱীভূত অক্সিেনৰ পৰিমাণ বৃদ্ধি কৰে।

(iv) কেৰাজিন হল ৰঙা শেলাইৰ পৰা পোৱা এবিধ বহুশৰ্কৰা।

(v) ক্লৰেলা নামৰ শেলাই মহাকাশচাৰী অক্সিজেনৰ বাবে ব্যৱহাৰ কৰে।

(vi) শেলাই জলজ খাদ্য শৃংখলৰ মূল ভিত্তি।

(vii) শেলাইক জীৱ জন্তু বা মানুহে খাদ্য হিচাপে গ্ৰহণ কৰে।

4.

 

 

 

 

 

Get HS and HSLC final year question paper in pdf.

X