3. HUMAN REPRODUCTION (মানৱ প্রজনন) | Class 12 Biology Important Questions and Answers

Human Reproduction | মানৱ প্রজনন | Spermatogenesis | Oogenesis | Formation of Gametes in Human | Structure of Sperm | Development of Embryo| Fertilization Mechanism | Pre Fertilization and Post Fertilization Events | স্ত্ৰী জনন তন্ত্ৰ (Female reproductive system) | ভ্ৰুণ আৰোপন বা ভ্ৰুণ প্ৰতিষ্ঠাপন (Implantation of embryo) | ৰজঃচক্ৰ বা ঋতুচক্ৰ (Menstrual cycle) 

অতি চুমু প্ৰশ্নোত্তৰ (1 – 2 নম্বৰ)

1. পুৰুষৰ প্ৰধান প্ৰজননকাৰী অংগৰ নাম কি?
উত্তৰ: শুক্ৰাশয় (Testis)।

2. স্ত্ৰী প্ৰাণীৰ প্ৰধান জনন অংগৰ নাম কি?

উত্তৰ: ডিম্বাশয় (Ovary)।

3. চাৰ্টলী (Sertoli) কোষ কি?

উত্তৰ: শুক্ৰাশয়ৰ ভিতৰত থকা শুক্ৰজনি নলীকাবোৰৰ (Seminiferous tubule) অন্তৰ্ভাগত দুই ধৰণৰ কোষ সজ্জিত হৈ থাকে। এবিধ হল প্ৰাথমিক বীজকোষ (Primordial germ cell) আৰু আনবিধ হল চাৰ্টলী কোষ।

অথবা,

শুক্ৰাশয়ৰ ভিতৰত থকা আৰু টেষ্ট’ষ্টেৰণ (Testosterone)

হৰমন নিঃসৰণকাৰী অন্তঃস্ৰাবী কোষসমূহক চাৰ্টলী কোষ বোলে।

4. চাৰ্টলী কোষৰ (Sertoli cells) কাম কি?

উত্তৰ: চাৰ্টলী কোষে বিকশিত হৈ থকা শুক্ৰকোষসমূহক পুষ্টিৰ যোগান ধৰে।

5. লেইডিগ (Leydig cell) কি? ইয়াৰ কাম কি?

উত্তৰ: শুক্ৰজনি নলীকাৰ অন্তৰ্ভাগত থকা কলাসমূহৰ মাজত কিছুমান হৰমন নিঃসৰণকৰী কোষ থাকে। এইবোৰক লেইডিগ কোষ বোলে। এই কোষবোৰে টেষ্ট’ষ্টেৰণ (Testosterone) নামৰ এবিধ হৰমন ক্ষৰণ কৰে। এই হৰমনে পুৰুষৰ গৌণ যৌন চৰিত্ৰসমূহৰ বিকাশ নিয়ন্ত্ৰণ কৰে।

6. এপিডিডাইমিছ (Epididymis) কি? ইয়াৰ কাম কি?

উত্তৰ: শুক্ৰাশয়ৰ অন্তৰ্ভাগত থকা শুক্ৰজনি নলীকাবোৰ লগ লাগি শুক্ৰাশয়ৰ পিছফালে এডাল মিহি পাক খোৱা নলী গঠন কৰে। ইয়াক এপিডডাইমিছ বোলে। ইয়াৰ কাম হল ই শুক্ৰকোষবোৰক অস্থায়ীভাৱে জমা কৰি ৰাখে আৰু পুষ্টিৰ যোগান ধৰে।

7. বীজকোষ (Germ cell) কি?

উত্তৰ: শুক্ৰাশয় আৰু ডিম্বাশয়ৰ ভিতৰত থকা যিবোৰ কোষৰ পৰা পুংজননকোষ (Sperm) আৰু স্ত্ৰীজননকোষ (Egg) ৰ সৃষ্টি হয় তাক বীজকোষ বোলে।

8. এক্ৰজম (Acrosome)  কি?

উত্তৰ: এক্ৰজম হল শুক্ৰকোষৰ মূৰ অংশত থকা গলগি সংঘবোৰ (Golgi Complex) লগ লাগি সৃষ্টি হোৱা টুপীসদৃশ অংশ।

9. শুক্ৰজৈৱ দ্ৰব্য (Seminal plasma) কি?

উত্তৰ: পৈণত শুক্ৰকোষসমূহ গতিশীললতা লাভৰ বাবে অতিৰিক্ত যৌন গ্ৰন্থি যেনে – প্ৰষ্টেট গ্ৰন্থি (Prostate gland), শুক্ৰধাৰ (Seminal vesicle), কাউপাৰৰ গ্ৰন্থি (Cowper gland) আৰু এপিডডাইমিছ (Epididymis) আদিৰ পৰা ক্ষৰণ হোৱা ৰসৰ লগত মিহলি হয়। ইয়াক শুক্ৰজৈৱ দ্ৰব্য বোলে।

10. ডিম্বকোষ নিঃসৰণ (Ovulation) বুলিলে কি বুজা?

উত্তৰ: পৈণত গ্রেফিয়ান থলী ফাটি ডিম্বকোষ ওলাই আহি ডিম্বনলীত প্ৰৱেশ কৰা প্ৰক্ৰিয়াক ডিম্বকোষ নিঃসৰণ বা অণ্ডপাত (Ovulation) বোলে।

11. কৰ্পাছ লুটিয়াম (Corpus luteum) কাক বোলে?

উত্তৰ: পৈণত গ্রেফিয়ান থলী ফাটি ডিম্বকোষ নিঃসৰণ হোৱাৰ পিছত বিদাৰিত গ্রেফিয়ান থলীক কৰ্পাছ লুটিয়াম বোলে।

12. ভাজন বা বিদলন (Cleavage) কি?

উত্তৰ: নিষেচনৰ পিছত সৃষ্টি হোৱা যোজনকোষটো মাইট’চিছ প্ৰক্ৰিয়াৰে দ্ৰুতগতিত বিভাজন হবলৈ আৰম্ভ কৰে। ইয়াকে ভাজন বা বিদলন (Cleavage) বোলে।

13. মৰুলা (Morula) কাক বোলে?

উত্তৰ: নিষেচনৰ পিছত সৃষ্টি হোৱা যোজনকোষটো মাইট’চিছ প্ৰক্ৰিয়াৰে দ্ৰুতগতিত বিভাজন হবলৈ আৰম্ভ কৰে। এনেধৰণৰ 8 ৰ পৰা 16 টা কোষযুক্ত যোজন কোষৰ অৱস্থাটোক মৰুলা বোলে।

14. ব্লাষ্টুলা গহ্বৰ বা ব্লাষ্ট’চিল (Blastocoel) কি?

উত্তৰ: মৰুলাৰ কোষসমূহ ধাৰাবাহিক আৰু দ্ৰুত বিভাজনৰ ফলত সংখ্যাত বৃদ্ধি পায় ফলত অভ্যন্তৰ ভাগত এটা গহ্বৰৰ সৃষ্টি হয়। ইয়াক ব্লাষ্টুলা গহ্বৰ বা ব্লাষ্ট’চিল বোলে।

15. ব্লাষ্ট’মিয়াৰ (Blastomere) কি?

উত্তৰ: ব্লাষ্টুলাত থকা কোষবোৰক ব্লাষ্ট’মিয়াৰ বোলে।

16. প্ৰসৱ (Parturition) কাক বোলে?

উত্তৰ: গৰ্ভাৱধি কাল (Gestation period) সম্পূৰ্ণ হোৱাৰ পিছত জৰায়ুৰ সংকোচনৰ ফলত ভ্ৰূণ বাহিৰলৈ ওলাই আহে। ইয়াক প্ৰসৱ (Parturition) বোলে।

17. দুগ্ধক্ষৰণ (Lactation) কাক বোলে?

উত্তৰ: সন্তান প্ৰসৱৰ পিছত দুগ্ধ গ্ৰন্থিৰ পৰা দুগ্ধ উৎপাদন আৰু নিঃসৰণ হ’বলৈ আৰম্ভ কৰে। ইয়াকে দুগ্ধক্ষৰণ বোলে।

18. ফেহোঁ বা কলষ্ট্ৰাম (Colostrum) কি?

উত্তৰ: সন্তান প্ৰসৱৰ পিছত দুগ্ধ গ্ৰন্থিৰ পৰা দুগ্ধ উৎপাদন আৰু নিঃসৰণ হবলৈ আৰম্ভ কৰে। ইয়াকে দুগ্ধক্ষৰণ বোলে। দুগ্ধ ক্ষৰণৰ প্ৰথম কেইদিনমানত সৃষ্টি হোৱা দুগ্ধক ফেহোঁ বা কলষ্ট্ৰাম বোলে।

19. অক্সিট’চিন (Oxytocin) হৰ্মনৰ কাম কি?

উত্তৰ: গৰ্ভৱতী মাতৃৰ ক্ষেত্ৰত সন্তান প্ৰসৱৰ সময়ত অক্সিট’চিন হৰ্মনে জৰায়ু পেশীৰ সংকোচনৰ দ্বাৰা ভ্ৰুণ বা সন্তান প্ৰসৱত সহায় কৰে।

20. চিত্ৰ সহকাৰে পুংজনন তন্ত্ৰটো (Male reproductive system) বৰ্ণনা কৰা।

উত্তৰ: মানুহৰ পুংজনন তন্ত্ৰটো এযোৰ শুক্ৰাশয় (Testis), এপিডিডাইমিছ (Epididymis), শুক্ৰবাহী নলী (Vas deferens), শুক্ৰক্ষেপক নলী (Ejaculatory duct), মূত্ৰনলী (Urethra) আৰু শিশ্ন (Penis) আদিৰ দ্বাৰা গঠিত।

পুৰুষ মানুহৰ দেহত এযোৰ শুক্ৰাশয় থাকে। শুক্ৰাশয় হ’ল পুৰুষৰ প্ৰধান প্ৰজননকাৰী অংগ আৰু ইয়াৰ কাম হ’ল শুক্ৰকোষৰ সৃষ্টি কৰা। শুক্ৰাশয় অভ্যন্তৰ ভাগত অসংখ্য শুক্ৰজনি নলীকা বা ছেমিনিফেৰাছ নলীকা থাকে। এই নলীকাবোৰ লগ লাগি শুক্ৰাশয় জলিকা আৰু বহিৰ্মুখী শুক্ৰ নলীকা গঠন কৰে। এই নলীকাবোৰ লগ লাগি পাক খোৱা এপিডিডাইমিছ নলিকা গঠন কৰে। ইয়াৰ কাম হ’ল শুক্ৰকোষসমূহক অস্থায়ীভাৱে জমা কৰি ৰখা আৰু পুষ্টি প্ৰধান কৰা। এপিডিডাইমিছৰ পশ্চাৎ ফালে থকা অতি মিহি আৰু পোন নলীডালক শুক্ৰবাহী নলী বোলে। আনহাতে, শুক্ৰবাহী নলী আৰু শুক্ৰধাৰ নলী লগ লাগি শুক্ৰক্ষেপক নলী গঠন কৰে। ইয়াৰ কাম হ’ল শুক্ৰকোষ পৰিবহণ কৰা। মূত্ৰথলীৰ পৰা ওলোৱা মূত্ৰনলী আৰু শুক্ৰক্ষেপক নলী লগ লাগি মূত্ৰজনন নলী (Urinogenital duct) গঠন কৰে। মূত্ৰজনন নলীৰ শেষত থকা পেশীয় আৱৰণেৰে আবৃত নল সদৃশ অংগক শিশ্ন বোলে। শিশ্নৰ অগ্ৰভাগ ভাঁজ খোৱা ছালৰ দ্বাৰা গঠিত আৰু অতি সংবেদনশীল।

 

21. মানুহৰ স্ত্ৰী জনন তন্ত্ৰ (Female reproductive system) বৰ্ণনা কৰা।

উত্তৰ: মানুহৰ স্ত্ৰী জনন তন্ত্ৰটো এযোৰ ডিম্বাশয় (Ovary), এযোৰ ডিম্ববাহী নলী (Fellopian tube),  জৰায়ু (Uterus) আৰু যোনী (Vagina) ৰ দ্বাৰা গঠিত।

স্ত্ৰী মানুহৰ ডিম্বাশয়ত ডিম্বকোষ সৃষ্টি হয়। ডিম্বাশয়ত থকা প্ৰাথমিক ডিম্বমাতৃকোষ (Primary oocyte) বিভিন্ন হৰমন ক্ৰিয়াৰ ফলত গ্ৰেফিয়ান থলীলৈ ৰূপান্তৰিত হয়। ইয়াৰ ভিতৰত থকা ডিম্বকোষ (egg) উপযুক্ত সময়ত বাহিৰলৈ ওলাই আহে। ইয়াক ডিম্বক্ষৰণ (Ovulation) বোলে। এনেদৰে ক্ষৰিত হোৱা ডিম্বকোষটো আহি ডিম্ববাহী নলীত অৱস্থান কৰে। জৰায়ুটো হ’ল ত্ৰিভূজ আকৃতিৰ অংগ। ইয়াত তিনিটা কোষীয় তৰপ থাকে। এইবোৰৰ হ’ল – একেবাৰে ভিতৰত এণ্ডমেট্ৰিয়াম (Endometrium), মাজত মায়’মেট্ৰিয়াম Mayometrium) আৰু একেবাৰে বাহিৰত পেৰিমেট্ৰিয়াম (Perimetrium)। স্ত্ৰী মানুহৰ যোনী জৰায়ুৰ গ্ৰীবা অংশৰ পৰা ওলোৱা নলী সদৃশ অংশ। ইয়াৰ যোগেদি সঙ্গমৰ সময়ত পুংজনন অংগডাল স্ত্ৰীজনন অংগৰ ভিতৰত প্ৰৱেশ কৰে।

 

22. দুগ্ধ গ্ৰন্থি (Mammary gland) কি? ইয়াৰ কাম কি?

উত্তৰ: স্ত্ৰী ব্যক্তিৰ দেহত থকা দুগ্ধ নিঃসৰণকাৰী গ্ৰন্থিক দুগ্ধ গ্ৰন্থি বোলে। ইয়াক স্তন বুলিও কোৱা হয়। ই গ্ৰন্থিকলা আৰু চৰ্বীৰে গঠিত। গ্ৰন্থিকলাবোৰ বিভিন্ন খণ্ডত বিভক্ত আৰু ইহঁতক স্তন-খণ্ড (Mammary lobe) বোলে। এইবোৰৰ এলভিওলি (Alveoli) নামৰ কোষেৰে গঠিত। এই কোষবোৰে দুগ্ধ ক্ষৰণ কৰে।

 

23. পুংজনন কোষ উৎপত্তি (Spermatogenesis) প্ৰক্ৰিয়া বৰ্ণনা কৰা।

উত্তৰ: পুৰুষ প্ৰাণীৰ শুক্ৰাশয়ত থকা ছেমিনিফেৰাছ নলীকাৰ ভিতৰত শুক্ৰকোষৰ উৎপত্তি আৰু বিকাশ হয়। শুক্ৰকোষৰ উৎপত্তি প্ৰক্ৰিয়াটো দুটা ভাগত ভগাব পাৰি।

(i) শুক্ৰাণু বা স্পাৰমেটিডৰ গঠন (Formation of spermatids) আৰু

(ii) শুক্ৰাণুৰ পূৰ্ণতাপ্ৰাপ্তকৰণ বা স্পাৰমিওজেনেছিছ (Speemiogenesis)।

 

(i) শুক্ৰাণু বা স্পাৰমেটিডৰ গঠন (Formation of spermatids): ইয়াক আকৌ কেইবাটাও স্তৰত ভগাব পাৰি যেনে – গুণন স্তৰ (Multiplication phase), বৰ্ধন স্তৰ (Growth phase) আৰু পূৰ্ণতাপ্ৰাপ্ত স্তৰ (Maturation phase)। গুণন স্তৰত প্ৰাথমিক বীজকোষ সমূহ বাৰম্বাৰ মাইট’চিছ প্ৰক্ৰিয়াৰে বিভাজিত হয় আৰু স্পাৰ্মেট’গণিয়াৰ (Spermatogonia) সৃষ্টি কৰে। বৰ্ধন স্তৰত কিছুমান

স্পাৰ্মেট’গণিয়া পুষ্টি আহৰণ কৰি বৃদ্ধি হয় আৰু প্ৰাথমিক শুক্ৰমাতৃকোষ (2n) (Primary spermatocyte) লৈ ৰূপান্তৰিত হয়। পূৰ্ণতাপ্ৰাপ্তস্তৰত প্ৰাথমিক শুক্ৰমাতৃকোষ (2n) (Primary spermatocyte) সমূহ মাইট’ছিছ বিভাজনৰ দ্বাৰা যথাক্ৰমে গৌণ শুক্ৰমাতৃকোষ (n) (Secondary spermatocyte) আৰু স্পাৰমেটিডলৈ (n) ৰূপান্তৰিত হয়। এই স্তৰৰ শেষত প্ৰতিটো শুক্ৰমাতৃ কোষৰ পৰা চাৰিটা স্পাৰমেটিডৰ সৃষ্টি হয়।

(ii) শুক্ৰাণুৰ পূৰ্ণতাপ্ৰাপ্তকৰণ বা স্পাৰমিওজেনেছিছ (Speemiogenesis): এই স্তৰত স্পাৰমেটিডবোৰ বিকশিত হৈ পৈণত শুক্ৰকোষ (Sperm) লৈ পৰিণত হয়। স্পাৰমেটিডত থকা গলগি সংঘবোৰ লগ লাগি এক্ৰ’জম (Acrosome) কণাৰ সৃষ্টি কৰে। তদুপৰি ইয়াত থকা মাইট’কণ্ড্ৰিয়াবোৰ মধ্যংশত গোট খায় আৰু এডাল দীঘল নেজ গঠন হয় যিয়ে শুক্ৰকোষৰ চলনত সহায় কৰে। এনেদৰে সৃষ্টি হোৱা শুক্ৰকোষক পৈণত শুক্ৰাণু (Sperm) বোলে।

 

24. ডিম্বানুজনন প্ৰক্ৰিয়া বা ডিম্বকোষৰ উৎপত্তি (Oogenesis) প্ৰক্ৰিয়া বৰ্ণনা কৰা।

উত্তৰ: ডিম্বকোষৰ উৎপত্তি স্ত্ৰী জননাংগ বা ডিম্বাশয়ৰ ভিতৰত হয়। ইয়াত থকা বীজকোষৰ (2n) পৰা ডিম্বকোষৰ উৎপত্তি হয়। ইয়াক তলত দিয়া স্তৰ সমূহত ভাগ কৰিব পাৰি

(i) গুণন স্তৰ (Multiplication phase)

(ii) বৰ্ধন স্তৰ (Growth phase) আৰু

(iii) পূৰ্ণতাপ্ৰাপ্ত স্তৰ (Maturation phase)

গুণন স্তৰত ডিম্বাশয়ৰ ভিতৰত থকা বীজকোষ

মাইট’ছিছ প্ৰক্ৰিয়াৰে বিভাজিত হৈ বহুতো অণ্ডজনি কোষ বা উগনিয়াৰ (Oogonia) সৃষ্টি কৰে। এই কোষসমূহ বাৰে বাৰে বিভাজিত হৈ ডিম্ব মাতৃকোষ বা উচাইট (Oocyte) সৃষ্টি কৰে। ভ্ৰুণ অৱস্থাৰ পৰাই স্ত্ৰী ব্যক্তিৰ ডিম্বাশয়ত বহুতো ডিম্ব মাতৃকোষ সৃষ্টি হয়। এইবোৰৰ পৰা ভৱিষ্যতে প্ৰতি মাহত এটাকৈ কোষ ডিম্বকোষলৈ পৰিণত হয়। এই কোষটোক প্ৰাথমিক ডিম্ব মাতৃকোষ বা উচাইট (2n) (Primary oocyte) বোলে।

বৰ্ধন স্তৰত এই প্ৰাথমিক ডিম্ব মাতৃকোষৰ বৃদ্ধি আৰু বিকাশ হয়। তদুপৰি এই স্তৰত কুহুম (Yolk) গঠন হয় বাবে কোষটো আকাৰত ডাঙৰ হয়।

পূৰ্ণতাপ্ৰাপ্ত স্তৰত প্ৰাথমিক ডিম্ব মাতৃকোষৰ মিঅ’ছিছ বিভাজন ঘটে আৰু এগুণ ক্ৰমজমযুক্ত দুটা অসমান কোষৰ সৃষ্টি কৰে। ইয়াৰে ডাঙৰ কোষটোক গৌণ ডিম্ব মাতৃকোষৰ (Secondary oocyte) আৰু সৰু কোষটোক প্ৰথম মেৰুকায় (First polar body) বোলে। গৌণ ডিম্ব মাতৃকোষ দ্বিতীয় মিঅ’ছিছ বিভাজনৰ দ্বাৰা আকৌ এগুণ ক্ৰমজমযুক্ত দুটা অসমান কোষৰ সৃষ্টি কৰে। ইয়াৰে ডাঙৰ কোষটোক উটিড (Ootid)  বোলে আৰু সৰু কোষটোক দ্বিতীয় মেৰুকায় কোষ (Second polar body) বোলে। প্ৰথম মেৰুকায় কোষটো পুনৰ বিভাজিত হৈ আৰু দুটা এগুণ ক্ৰমজমযুক্ত দ্বিতীয় মেৰুকায় কোষৰ সৃষ্টি কৰে। এনেদৰে দ্বিতীয় মিঅ’ছিছৰ অন্তত তিনিটা মেৰুকায় কোষৰ লগতে এটা উটিড অৰ্থাৎ চাৰিটা এগুণ ক্ৰমজমযুক্ত কোষৰ সৃষ্টি হয়। ইয়াৰে  মেৰুকায় কোষসমূহ নষ্ট হৈ যায় আৰু উটিডটো ডিম্বাণু (Ovum or egg) লৈ ৰূপান্তৰিত হয়।

 

25. মানুহৰ শুক্ৰাণুৰ গঠন বৰ্ণনা কৰা।

উত্তৰ: পৈণত শুক্ৰাণু তলত দিয়া অংশৰে গঠিত।

যেনে – মূৰ (Head), গ্ৰীবা (Neck), মধ্যাংশ (Middle part) আৰু নেজ (Tail)।

শুক্ৰাণুৰ আটাইতকৈ ডাঙৰ আৰু বহল অংশক মূৰ বোলে। ইয়াত এক্র’জম থলী আৰু কোষকেন্দ্ৰ থাকে। কোষকেন্দ্ৰত DNA আৰু হিষ্টন প্ৰটিন থাকে। আনহাতে, এক্ৰজমত থলীত থকা উৎসেচকে ডিম্বকোষৰ আৱৰণ ভেদ কৰাত সহায় কৰে।

মূৰ অংশৰ ঠিক পিছৰ সংকীৰ্ণ অংশক গ্ৰীবা বোলে। ইয়াত সমীপৱৰ্তী চেণ্ট্ৰিওল আৰু দূৰৱৰ্তী চেণ্ট্ৰিওল থাকে

গ্ৰীবাৰ পিছতে থকা অংশক মধ্যাংশ বোলে। ইয়াত মাইট’কণ্ড্ৰিয়াসমূহ গোট খায় আৰু মাইট’কণ্ড্ৰিয়া সৰ্পিল (Mitochondria spiral) গঠন কৰে। মাইট’কণ্ড্ৰিয়াই শুক্ৰাণুৰ চলনৰ বাবে শক্তি যোগান ধৰে।

মধ্যাংশৰ ঠিক পিছতে থকা দীঘল অংশক নেজ বোলে। নেজৰ গঠন ফ্লেজেলাৰ গঠনৰ সৈতে একে। নেজে শুক্ৰাণুৰ চলনত সহায় কৰে।

 

26. ৰজঃচক্ৰ বা ঋতুচক্ৰ (Menstrual cycle) কাক বোলে? ৰজঃচক্ৰ বৰ্ণনা কৰা।

উত্তৰ: মানুহ, বান্দৰ, গৰিলা আদি প্ৰাইমেট গ্ৰুপৰ স্ত্ৰী দেহত চলি থকা প্ৰজনন চক্ৰটোক ৰজঃচক্ৰ বোলে।

নাৰীৰ প্ৰথম ৰজঃচক্ৰ আৰম্ভ হয় যৌৱনপ্ৰাপ্তিৰ পৰা আৰু এইটো ঋতুস্ৰাৱক ৰজঃআগমন (Menarche) বোলে। ৰজঃচক্ৰৰ প্ৰথম দশাটোক ৰজঃদশা বোলে। ই 3 ৰ পৰা 5 দিনলৈ চলে। ডিম্বকোষ অনিষেচিত হৈ থাকিলে জৰায়ুৰ এণ্ডমেট্ৰিয়াম আৱৰণৰ সৈতে অনিষেচিত ডিম্বকোষ

যোনীপথেৰে বাহিৰলৈ ওলাই আহে।

ৰজঃচক্ৰৰ দ্বিতীয় দশা হ’ল ফলিকুলাৰ দশা। এই স্তৰত ডিম্বাশয়ত থকা প্ৰাথমিক ফলিকুলবোৰ পৈণত হৈ গ্ৰেফীয়ান ফলিকুললৈ ৰূপান্তৰিত হয়। ইতিমধ্যে জৰায়ুৰ ভাঙি যোৱা এণ্ডমেট্ৰিয়াম আৱৰণখন পুনৰ্গঠন হবলৈ আৰম্ভ কৰে। পিটুইটাৰী

গ্ৰন্থিৰ পৰা FSH (থলী উদ্দীপক হ’ৰ’মন) আৰু LH (লুটেইনাইজিং হৰমন) হৰমনৰ ক্ষৰণ বৃদ্ধি পাবলৈ ধৰে। এনে অৱস্থাত গ্ৰেফীয়ান থলীৰ পৰা ইষ্ট্ৰ’জেন হৰমন নিঃসৰন হয়। LH হৰমনৰ প্ৰভাৱত গ্ৰেফীয়ান থলীৰ পৰা ডিম্বকোষ নিহঃৰণ হয় ইয়াকে ডিম্বপাত বা অণ্ডপাত (Ovulation) বোলে।

ৰজঃচক্ৰৰ তৃতীয় দশা হ’ল পীত দশা (Luteal phase)। এই দশাত ডিম্ব নিঃসৰণৰ পিছত ৰৈ যোৱা বিদৰিত গ্ৰেফীয়ান থলী কৰ্পাছ লুটিয়াম বা পীতপিণ্ড (Corpus luteum) লৈ ৰূপান্তৰিত হয়। ইয়াৰ পৰা প্ৰজেষ্টেৰন হৰমন (Progesterone hormone) ক্ষৰণ হয়। এই হৰমনৰ প্ৰভাৱত জৰায়ুৰ এণ্ডমেট্ৰিয়াম আৱৰণ পুনৰ গঠন হয়। ডিম্বাণু নিষিক্ত নহ’লে পুনৰ প্ৰথম দশাৰ পুনৰাবৃত্তি ঘটে। কিন্তু ডিম্বাণু নিষিক্ত হ’লে ৰজঃচক্ৰ বন্ধ হয় আৰু গৰ্ভাৱস্থা আৰম্ভ হয়।

 

27. নিষেচন (Fertilization) কি? নিষেচন প্ৰক্ৰিয়া বৰ্ণনা কৰা।

উত্তৰ: পুংজনন কোষ (শুক্ৰানু) আৰু স্ত্ৰীজনন কোষ (ডিম্বানু)ৰ মিলনক নিষেচন বোলে।

নিষেচন প্ৰক্ৰিয়াৰ আৰম্ভণিতে শুক্ৰানু আৰু ডিম্বানু পৰস্পৰৰ সংস্পৰ্শলৈ অহাটো প্ৰয়োজনীয়।

শুক্ৰানু এক বিশেষ মাধ্যমৰ সহায়ত ডিম্বানুৰ কাষ চাপে। শুক্ৰানু প্ৰথমতে ডিম্বানুৰ বাহিৰৰ কোষীয় আৱৰণ ক’ৰ’ণা ৰেডিয়াটা (Corona radiata) অৱৰণখন ভেদ কৰে আৰু দ্বিতীয় আৱৰণ য’না পেলুচিডা (Zona pellucida) আৱৰণৰ সংস্পৰ্শলৈ আহে। ফলস্বৰূপে য’না পেলুচিডা আৱৰণখনৰ এক বিশেষ পৰিৱৰ্তন সাধন হয় যাতে এটাতকৈ অধিক শুক্ৰানু ডিম্বানুৰ লগত মিলিত হ’ব নোৱাৰে। ডিম্বানুৰ

স্বচ্ছ আৱৰণৰ সংস্পৰ্শলৈ অহাৰ পিছত শুক্ৰাণুৰ মূৰত থকা এক্রজম নামৰ অংশই নিঃসৰণ কৰা পদাৰ্থই ডিম্বাণুৰ আৱৰণ ভেদ কৰি শুক্ৰাণুক ভিতৰলৈ সোমাই যোৱাত সহায় কৰে। ইয়াৰ পিছতে

শুক্ৰাণু আৰু ডিম্বাণুৰ এগুণ ক্ৰমজমযুক্ত (n) কোষকেন্দ্ৰ মিলিত হৈ দ্বিগুণ ক্ৰমজমযুক্ত যোজন কোষৰ (2n) সৃষ্টি কৰে। ইয়াকে নিষেচন বোলে।

 

28. ভ্ৰুণ আৰোপন বা ভ্ৰুণ প্ৰতিষ্ঠাপন (Implantation of embryo) কিদৰে হয় বৰ্ণনা কৰা।

অথবা,

অমৰা (Placenta) কিদৰে গঠন হয় বৰ্ণনা কৰা।

 

উত্তৰ: নিষেচনৰ ফলত সৃষ্টি হোৱা যোজন কোষটো মাইট’ছিছ বিভাজনৰ দ্বাৰা মৰুলালৈ ৰূপান্তৰিত হয়। মৰুলা লাহে লাহে জৰায়ুৰ পিনে গতি কৰে আৰু ব্লাষ্ট’চিষ্টলৈ (Blastocyst) পৰিণত হয়। ব্লাষ্ট’চিষ্টৰ বাহিৰৰ কোষীয় তৰপক ট্ৰ’ফ’ব্লাষ্ট (Trophoblast) আৰু ভিতৰৰ কোষসমষ্টিক আভ্যন্তৰীণ কোষ সমষ্টি (Inner cell mass) বোলে।

ট্ৰ’ফ’ব্লাষ্ট তৰপৰ পৰা ওলোৱা আঙুলি সদৃশ প্ৰৱর্ধ বোৰ জৰায়ুৰ এণ্ড’মেট্ৰিয়ামৰ লগত সংলগ্ন হয়। এনেদৰে মাতৃদেহ আৰু বিকশিত ভ্ৰূণৰ মাজত এক সংযোগ সৃষ্টি হয়। ইয়াক অমৰা বোলে। এনেদৰে অমৰাৰ যোগেদি ভ্ৰুণ জৰায়ুৰ লগত সংলগ্ন হোৱাকে ভ্ৰুণ আৰোপন বোলে।

 

অতিৰিক্ত প্ৰশ্নোত্তৰ

 

29. অমৰাৰ কাৰ্য কি লিখা।

উত্তৰ: অমৰাৰ জৰিয়তে মাতৃদেহৰ পৰা ভ্ৰুণলৈ পুষ্টি আৰু অক্সিজেন যোগান ধৰে। তদুপৰি ভ্ৰুণৰ দেহত সৃষ্টি হোৱা কাৰ্বন-ডাই-অক্সাইড আৰু ৰেচন বা বৰ্জিত পদাৰ্থসমূহ অমৰাৰ দ্বাৰা বাহিৰলৈ উলিয়াই দিয়ে। অমৰাই বিভিন্ন ধৰণৰ হৰমন নিঃসৰণ কৰে। এইবোৰৰ হ’ল হিমেন কৰিয়নিক গনাড’ট্ৰপিন (hCG), হিউমেন প্লেচেণ্টেল লেক্ট’জেন (hPL), এষ্ট্ৰ’জেন, প্ৰজেষ্টেৰণ। এইবোৰৰ হৰমনে ভ্ৰূণৰ বৃদ্ধি আৰু বিকাশত সহায় কৰাৰ লগতে গৰ্ভাৱস্থা স্বাভাৱকভাৱে চলি থকাত সহায় কৰে।

 

Get HS and HSLC final year question paper in pdf.

X