4. REPRODUCTIVE HEALTH ( জনন স্বাস্থ্য )

অতি চুমু প্ৰশ্নোত্তৰ

1. ভাৰতত কিমান চনত ৰাষ্ট্ৰীয় জন্ম নিয়ন্ত্ৰণ আঁচনি গ্ৰহণ কৰা হৈছিল?

উত্তৰ: 1957 চনত।

2. চহেলী (Saheli) কি?

উত্তৰ: চহেলী হল এবিধ গৰ্ভনিৰোধক সামগ্ৰী। Central Drug Research Institute নামৰ গৱেষণাগাৰত ইয়াক প্ৰস্তুত কৰা হৈছিল।

3. ইণ্ট্ৰা ইউটেৰাইন ডিভাইচবোৰ (Intrauterine device or IUD) কি?

উত্তৰ: IUD হ’ল স্ত্ৰী লোকে ব্যৱহাৰ কৰা এবিধ অতি ফলদায়ক গৰ্ভনিৰোধক সামগ্ৰী।

4. এটা নন মেডিকেটেড IUD ৰ উদাহৰণ দিয়া।

উত্তৰ: লিপৰ লুপ (Lippes loop)।

5. কপাৰ নিঃসৰণকাৰী IUD ৰ উদাহৰণ দিয়া।

উত্তৰ: CuT, Cu-7 আৰু Multiload 375 ।

6. হৰ্মন নিঃসৰণকাৰী IUD ৰ উদাহৰণ দিয়া

উত্তৰ: Progestasert আৰু LNG 20 ।

7. পুৰুষ বন্ধ্যাকৰণ বা ভেছেক্টমী (Vesectomy) কি?

উত্তৰ: পুৰুষ বন্ধ্যাকৰণ মানে হ’ল পুৰুষৰ শুক্ৰ কঢ়িয়াই নিয়া শুক্ৰবাহী নলীডালৰ সামান্য অংশ কাটি দুই কটা মূৰ বান্ধি দিয়া হয়।

8. মহিলা বন্ধ্যাকৰণ বা টিওবেক্টমী (Tubectomy) কি?

উত্তৰ: টিওবেক্টমী পদ্ধতিত মহিলাৰ ডিম্ববাহী নলীৰ ক্ষুদ্ৰ অংশ কাটি দুই মূৰ বান্ধি দিয়া হয় যাতে শুক্ৰকোষ আৰু ডিম্বকোষৰ মিলন হব নোৱাৰে।

9. MTP কি? ইয়াৰ সম্পূৰ্ণ নাম কি?

উত্তৰ: MTP হ’ল গৰ্ভকাল সম্পূৰ্ণ হোৱাৰ আগতে আইনৰ দ্বাৰা অনুমোদিত আৰু ইচ্ছাকৃতভাবে কৰা গৰ্ভপাতক বুজায়। ইয়াৰ সম্পূৰ্ণ নাম হ’ল- Medical Termination of Pregnancy।

10. MTP ৰ বাবে উপযুক্ত সময় কি?

উত্তৰ: গৰ্ভধাৰণৰ প্ৰথম ত্ৰৈমসিক অৰ্থাৎ 12 সপ্তাহৰ ভিতৰত অতি ফলদায়ক হয়।

11. STD কি ? ইয়াৰ সম্পূৰ্ণ নাম কি ?

উত্তৰ: যৌন সংস্পৰ্শৰ দ্বাৰা বিয়পা ৰোগক STD বোলে। STD মানে হ’ল- Sexually Transmitted Disease। যৌন ৰোগক RTI বা Reproductive Tract Infection বোলে।

12. বিভিন্ন প্ৰকাৰৰ যৌন ৰোগৰ (STD) নাম উল্লেখ কৰা।

উত্তৰ: এইডছ (AIDS), চিফিলিছ (Syphilis), গনৰিয়া ( Gonorrhoea), ক্লেমাইডিয়াচিছ  (Chlamidiasis), জেনাইটেল হাৰপিছ (Genital Herpes) ইত্যাদি।

 

চুমু প্ৰশ্নোত্তৰ (২-৩ নম্বৰ)

13. যৌনৰোগৰ (STD) লক্ষণসমূহ লিখা।

উত্তৰ: যৌনৰোগৰ (STD) লক্ষণসমূহ হ’ল –

১. জননাংগত খজুৱতি হোৱা।

২. যৌন অংগৰ পৰা দেহৰস বা পূঁজ ক্ষৰণ হোৱা।

৩. আক্ৰান্ত অংগত বিষ অনুভৱ হয়।

৪. আক্ৰান্ত স্থান ফুলি উঠা।

14. অনুৰ্বৰতা বা জনন অক্ষমতা (Infertility) কি? অনুৰ্বৰতাৰ কাৰণসমূহ লিখা।

উত্তৰ: প্ৰাপ্তবয়স্ক পুৰুষ বা মহিলাই সন্তান জন্ম দিব নোৱাৰা অৱস্থাক অনুৰ্বৰতা বোলে। ইয়াৰ প্ৰধান কাৰণসমূহ হল – দৈহিক, জন্মগত, ৰোগ, ঔষধ (Medicine), প্ৰতিৰক্ষণ (Immunological) আৰু মানসিক সম্বন্ধীয়।

15. অনুৰ্বৰতা বা জনন অক্ষমতা (Infertility) ৰ চিকিৎসাসমূহ কি কি?

উত্তৰ: অনুৰ্বৰতা বা জনন অক্ষমতা ৰোগত পুৰুষ বা মহিলা দুয়ো আক্ৰান্ত হব পাৰে। অনুৰ্বৰ দম্পত্তিয়ে বিশেষ কিছুমান স্বাস্থ্য যতন গোট (Specialised health care unit) যেনে অনুৰবৰতা ক্লিনিক আদিৰ সহায় লব পাৰে। তদুপৰি আজিকালি সহায়কাৰী জনন প্ৰযুক্তি (Assisted Reproductive Technology বা ART) ৰ সহায় লোৱা হয়। এই পদ্ধতিসমূহ হ’ল- কৃত্ৰিম নিষিক্তকৰণ ( in-vitro fertilisation) আৰু টেষ্ট টিউব বেবী (Test Tube Baby) পদ্ধতি।

16. টেষ্ট টিউব বেবী পদ্ধতি (Test Tube Baby Method) কি বৰ্ণনা কৰা

উত্তৰ: অনুৰ্বৰতা (Infertility) ৰ সমস্যাৰ পৰা মুক্তি পাবলৈ এই পদ্ধতি ব্যৱহাৰ কৰা হয়। এই পদ্ধতিত দাতা মহিলা (Donar female) আৰু দাতা পুৰুষৰ (Donar male) pora ক্ৰমে ডিম্বানু (Egg) আৰু শুক্ৰানু (Sperm) আহৰণ কৰি উপযুক্ত মাধ্যমত পৰীক্ষাগাৰত নিষেচন ঘটাই যোজন কোষ (Zygote) সৃষ্টি কৰা হয়। এতিয়া যোজন কোষটো ভ্ৰুণ স্থানান্তৰ (embryo transfer বা ET) প্ৰক্ৰিয়াৰ দ্বাৰা স্ত্ৰীৰ গৰ্ভত স্থাপন কৰা হয়। এনে ভ্ৰুণ 4 টা ব্লাষ্টমিয়াৰ (Blastomere) যুক্ত হলে স্ত্ৰীৰ ফেলপিয়ান নলীত ( Fallopian tube) স্থাপন কৰা হয়। ইয়াক যোজন কোষৰ অন্তঃফেলোপিয়ান স্থানান্তৰণ (Zygote intra-fallopian transfer or ZIFT) বা ZIFT বোলে। আনহাতে, ভ্ৰুণ বৃদ্ধি 4 টা ব্লাষ্টমিয়াৰতকৈ অধিক হলে আন্তঃজৰায়ু স্থানান্তৰণ ( Intra uterine transfer বা IUT) প্ৰক্ৰিয়াৰে জৰায়ুৰ ভিতৰত সংস্থাপন কৰা হয়।

17. জননকোষৰ অন্তঃফেলোপিয়ান স্থানান্তৰণ (Gamete intra- fallopian transfer) বা GIFT কি?

উত্তৰ: GIFT হ’ল জনন অক্ষমতা দূৰ কৰিবলৈ ব্যৱহাৰ কৰা এক প্ৰকাৰৰ সহায়কাৰী জনন প্ৰযুক্তি (ART)। এই ক্ষেত্ৰত দাতা মহিলাৰ পৰা ডিম্বানু সংগ্ৰহ কৰি আন এগৰাকী জননক্ষম মহিলাৰ ফেল’পিয়ান নলীৰ স্থাপন কৰা হয়।

18. আন্তঃকোষপ্রৰসীয় শুক্ৰনু ইনজেকচন (Inra-cytoplasmic sperm injection) বা ICSI কি?

উত্তৰ: ই হ’ল কৃত্ৰিম ভাৱে ভ্ৰুণ সৃষ্টি কৰা এক প্ৰকাৰৰ সহায়কাৰী জনন প্ৰযুক্তি (ART)। এই পদ্ধতিত কৃত্ৰিম শুক্ৰনিক্ষেপন পদ্ধতিৰে শুক্ৰানু মহিলাৰ যোনী (Vagina) পথেৰে জৰায়ুত নিক্ষেপ কৰা হয় আৰু নিষেচন ঘটোৱা হয়।

19. এমনিওচেণ্টেচিছ (Amniocentasis) কাক বোলে?

উত্তৰ: গৰ্ভাশয়ৰ এমনিওটিক ৰসত থকা কোষসমূহৰ ক্ৰমজম অধ্যয়ন কৰি ভ্ৰূণৰ লিংগ নিৰ্ধাৰণ কৰা পদ্ধতিক এমনিওচেণ্টেচিছ (Amniocentasis) বোলে। ই আইনৰ দ্বাৰা নিষিদ্ধ।

20. AIDS ৰ সম্পূৰ্ণ নাম কি?

উত্তৰ: Acquired Immuno Deficiency Syndrome.

21. আদৰ্শ গৰ্ভনিৰোধক সামগ্ৰীৰ কি কি গুণ থাকিব লাগে?

উত্তৰ: আদৰ্শ গৰ্ভনিৰোধক সামগ্ৰীৰ তলত দিয়া গুণসমূহ থাকিব লাগে –

(i) ই ব্যৱহাৰকৰ্তাৰ বাবে হিতৈষী (user-friendly) হ’ব লাগে।

(ii) ই সহজ লভ্য (easily available) হ’ব লাগিব।

(iii) ই ফলদায়ক (effective) হ’ব লাগিব।

(iv) ই পাৰ্শ্বক্ৰিয়া বিহীন বা নূন্যতম পাৰ্শ্বক্ৰিয়া যুক্ত হ’ব লাগিব।

22. AIDS কি? ইয়াৰ লক্ষণবোৰ কি কি?

উত্তৰ: AIDS হ’ল একপ্ৰকাৰৰ যৌন ৰোগ (STD)। ই হিউমেন ইমিউন’ডেফিচিয়েনচি ভাইৰাছৰ (HIV virus) দ্বাৰা হয়।

ইয়াৰ লক্ষণবোৰ হ’ল – শৰীৰ দুৰ্বল হয় আৰু দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পায়। তদুপৰি আক্ৰান্ত ব্যক্তিৰ মাজে মাজে জ্বৰ, কাঁহ, আৰু বিষ আদি উপসৰ্গই দেখা দিয়ে। ইয়াৰ উপৰিও দেহৰ ওজন হ্ৰাস পায়, স্মৃতি শক্তি লোপ পায়, ছালৰ বেমাৰ আদি লক্ষণে দেখা দিয়ে।

 

 

 

 

Get HS and HSLC final year question paper in pdf.

X