7. EVOLUTION OF LIFE ( জীৱৰ বিৱৰ্তন)

চুমু প্ৰশ্নোত্তৰ

1. আদিম পৃথিৱীত (Primitive atmosphere) কি কি গেছ আছিল?

উত্তৰ: আদিম পৃথিৱীত আজিৰ দৰে নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড আদি গেছ নাছিল। তাৰ পৰিৱৰ্তে মিথেন (methane), এম’নিয়া (ammonia), হাইড্ৰ’জেন (hydrogen), আৰু জলীয় বাষ্প (water vapour) আদি গেছ আছিল।

2. কোৱাচাৰভেট (coacervate) কি? ইয়াৰ বৈশিষ্ট্য লিখা।

উত্তৰ: আদিম পৃথিৱীত থকা মিথেন (methane), এম’নিয়া (ammonia), হাইড্ৰ’জেন (hydrogen), আৰু জলীয় বাষ্প (water vapour) আদি গেছৰ মাজত বিক্ৰিয়া ঘটি কিছুমান জটিল যৌগ যেনে – শৰ্কৰা, গ্লিচাৰিন, এমিন’ এচিড, পিউৰিন আদিৰ সৃষ্টি হৈছিল। এইবোৰে সাগৰীয় পানীত বিক্ৰিয়া কৰি বহুশৰ্কৰা, স্নেহদ্ৰব্য, প্ৰটিন আৰু নিউক্লিক এচিড জাতীয় দ্ৰব্যৰ সৃষ্টি কৰে। কালক্ৰমত এইবোৰ যৌগ লগলাগি কোষ সদৃশ কিছুমান কলয়ডিয় যৌগৰ সৃষ্টি কৰে। এইবোৰক কোৱাচাৰভেট (coacervate) বোলে।

কোৱাচাৰভেট (coacervate) বোৰৰ বৈশিষ্ট্য হ’ল –

১. কোৱাচাৰভেট সমূহ (coacervate) আকাৰত বৃদ্ধি হব পাৰিছিল।

২. কোৱাচাৰভেট সমূহ (coacervate) নিজে নিজে বংশবৃদ্ধি কৰিব পাৰিছিল।

এনেবোৰ কাৰণত কোৱাচাৰভেট সমূহক (coacervate) প্ৰথম জীৱিত কোষ বুলি বিবেচনা কৰা হয়।

3.

 


Get HS and HSLC final year question paper in pdf.

X