9. STRATEGIES FOR ENHANCEMENT IN FOOD PRODUCTION (খাদ্য উৎপাদন বৃদ্ধিৰ কৌশলসমূহ)

প্ৰশ্নোত্তৰ (1-3 নম্বৰ)

 

1. পশুপালন (Animal husbandry) বুলিলে কি বুজা?

উত্তৰ: বিভিন্ন ধৰণৰ দ্ৰব্য বা সামগ্ৰীৰ যেনে মাংস, কণী, গাখীৰ, চৰ্ম আদি আহৰণৰ বাবে বাণিজ্যিক ভিত্তিত জীৱ-জন্তু পোহ-পালন কৰাকে পশুপালন বোলে। এই বৃত্তিত ব্যৱহৃত হোৱা পশুবোৰ হ’ল – গৰু, মহ, ছাগলী, ভেড়া, গাহৰি, গাধ আদি। আজিকালি  মৎস্য পালন বা হাঁহ-কুকুৰা পালনকো এই বৃত্তিত সামৰি লোৱা হয়।

2. দুগ্ধপাম পৰিচালনা (Dairy farm management) কি? ইয়াৰ বাবে কি কী ব্যৱস্থা গ্ৰহণ কৰিব লাগে?

উত্তৰ: দুগ্ধ উৎপাদনৰ বাবে বাণিজ্যিক ভিত্তিত গৰু, মহ বা ছাগলী পালন কৰা দুগ্ধপাম পৰিচালনা বোলে। ইয়াৰ বাবে তলত দিয়া ব্যৱস্থাবোৰ ল’ব লাগে –

১. উপযুক্ত বাসস্থানৰ ব্যৱস্থা কৰিব লাগে

২. পোহনীয়া জীৱ-জন্তুবৰ নিৰুগী অথবা ৰোগ প্ৰতিৰোধী জাতৰ হ’ব লাগে।

৩. উপযুক্ত আৰু পুষ্টিকৰ খাদ্যৰ ব্যৱস্থা কৰিব লাগে।

৪. বেমাৰৰ পৰা ৰক্ষা কৰিবলৈ উপযুক্ত ব্যৱস্থা কৰিব লাগে।

৫. পৰিষ্কাৰ পৰিচ্ছনতাৰ ওপৰত গুৰুত্ব দিব লাগে।

৬. মাজে মাজে পশু চিকিৎসকৰ দ্বাৰা জন্তুবোৰৰ স্বাস্থ্য পৰীক্ষা কৰিব লগে।

3. হাঁহ-কুকুৰা পৰিচালনা (Poultry farm management) কি? ইয়াৰ বাবে কি কি বিষয়ৰ উপৰত গুৰুত্ব দিব লাগে?

উত্তৰ: মাংস আৰু কণীৰ বাবে উন্নত জাতৰ হাঁহ কুকুৰা বাণিজ্যিক ভিত্তিত পালন কৰা হাঁহ-কুকুৰা পৰিচালনা (Poultry farm management) বোলে।

ইয়াৰ বাবে তলত দিয়া বিষয়বোৰৰ ওপৰত গুৰুত্ব দিব লাগে-

১. নিৰোগী আৰু উন্নত জাত বাছনি কৰিব লাগে।

২. উপযুক্ত খাদ্য আৰু বাসস্থানৰ ব্যৱস্থা কৰিব লাগে।

৩. নিয়মিত ভাৱে স্বাস্থ্য পৰীক্ষা কৰিব লাগে।

 

4. পশু-প্ৰজনন (Animal breeding) ৰ মুখ্য উদ্দেশ্য কি?

উত্তৰ: ইয়াৰ উদ্দেশ্য হ’ল-

১. উন্নত মানৰ পশুধন সৃষ্টি কৰা।

২. পশুধনৰ পৰা উৎপাদন বৃদ্ধি কৰা।

5. অন্তঃপ্ৰজনন (inbreeding) আৰু বহিঃপ্ৰজনন (outbreeding) কি?

উত্তৰ: একে জাতৰ মতা আৰু মাইকী জীৱৰ মাজত হোৱা প্ৰজননক অন্তঃপ্ৰজনন (inbreeding) বোলে।

আনহাতে, দুটা ভিন্ন জাতৰ মতা আৰু মাইকী জীৱৰ মাজত কৰা কৃত্ৰিম প্ৰজননক বহিঃপ্ৰজনন (outbreeding) বোলে।

6. অন্তঃপ্ৰজনন (inbreeding) প্ৰক্ৰিয়াত বংশগতিৰ চৰিত্ৰসমূহ অটুট ৰাখিবলৈ কি কী কৰা হয়?

উত্তৰ: অন্তঃপ্ৰজনন (inbreeding) অতি কমেও ৪-৬ পুৰুষৰ (generation) বাবে কৰা হয়। এই পদ্ধতিত চাৰিত্ৰিক বৈশিষ্ট্য অটুট ৰখাৰ বাবে তলত দিয়া ব্যৱস্থাসমূহ গ্ৰহণ কৰা হয়।

১. উন্নত জাতৰ মতা আৰু মাইকী নিৰ্বাচন কৰি সিহঁতৰ মাজত প্ৰজনন।

২. অপত্য জনুসমূহত সৃষ্টি হোৱা জীৱৰ পৰা উৎকৃষ্ট চাৰিত্ৰিক বৈশিষ্ট্যৰ মতা আৰু মাইকী নিৰ্বাচন কৰি সিহঁতৰ মাজত পুনৰ প্ৰজনন ঘটোৱা।

7. অন্তঃপ্ৰজনন (inbreeding) পদ্ধতিৰ উপকাৰিতা কি?

উত্তৰ: অন্তঃপ্ৰজনন (inbreeding) ৰ উপকাৰিতা হ’ল-

১. অন্তঃপ্ৰজনন (inbreeding) পদ্ধতিত উৎকৃষ্ট প্ৰজনক প্ৰাণী বাছি লব পাৰি আৰু অপ্ৰয়োজনীয় পৰাহত চৰিত্ৰ বিশিষ্ট অপত্য প্ৰাণীসমূহক বাদ দিয়া হয়।

২. এই পদ্ধতিত অপ্ৰয়োজনীয় চৰিত্ৰ বিশিষ্ট জীৱ সমূহৰ পৰা উৎকৃষ্ট মানৰ প্রজনক জীৱ বাচি উলিয়াব পাৰি।

৩. এই পদ্ধতিৰ জৰিয়তে উৎকৃষ্ট মানৰ জিনযুক্ত প্ৰাণী নিৰ্বাচন কৰি অলাগতিয়াল চৰিত্ৰসমূহ বাদ দিব পাৰি।

৪. অন্তঃপ্ৰজনন অৱনমনৰ পৰা হাত সাৰিবলৈ আনুবংশিক সম্পৰ্ক নথকা উন্নত জাতৰ প্ৰাণীৰ লগত নিৰ্বাচিত প্ৰাণীৰ সংগম ঘটোৱা হয়।

8. অন্তঃপ্ৰজনন অৱনমন (Inbreeding depression) কাক বোলে?

উত্তৰ: কেতিয়াবা কেতিয়াবা অত্যধিক অন্তঃপ্ৰজনন কৰাৰ ফলত অপত্যজনুৰ জীৱসমূহৰ প্ৰজনন ক্ষমতা লোপ পায়। এই অৱস্থাক অন্তঃপ্ৰজনন অৱনমন (Inbreeding depression) বোলে।

9. বহিঃপ্ৰজনন বা আউটব্ৰিডিং (Outbreeding) কাক বোলে? ইয়াৰ বিভিন্ন পদ্ধতিসমূহ কি কি?

উত্তৰ: আনুবংশিকভাৱে একে জাতৰ নোহোৱা দুটা উৎকৃষ্ট প্ৰজনক প্ৰাণীৰ মাজত সংগম ঘটাই নতুন জীৱৰ উৎপাদন কৰা প্ৰক্ৰিয়াক বহিঃপ্ৰজনন বা আউটব্ৰিডিং (Outbreeding) বোলে।

ই কেইবা প্ৰকাৰৰ হ’ব পাৰে –

(i) বহিঃসংকৰণ (Outcrossing): এই পদ্ধতিত  পৃথক মূলৰ কিন্তু একে জাতৰ জীৱৰ মাজত 4-6 পুৰুষ পৰ্য্যন্তলৈকে অপত্যজীৱ সৃষ্টি কৰিব দিয়া হয়। ইয়াক বহিঃসংকৰণ বোলে।

(ii) বৰ্ণসংকৰণ (Crossbreeding): উৎকৃষ্ট জাতৰ মতা আৰু অন্য উৎকৃষ্ট জাতৰ মাইকী প্ৰাণীৰ লগত 4-6 জনু পৰ্যন্ত প্ৰজনন হ’বলৈ দিয়া হয়।

(iii) আন্তঃপ্ৰজাতিক সংকৰণ (Cross breeding): দুটা পৃথক প্ৰজাতিৰ জন্তুৰ মাজত প্ৰজনন ঘটাই পৈত্ৰিক জনুতকৈ উন্নত চৰিত্ৰ বিশিষ্ট সংকৰ জীৱ উৎপাদন কৰা হয়। ইয়াকে আন্তঃপ্ৰজাতিক সংকৰণ বোলে। উদাহৰণ – ঘোঁৰা আৰু গাধৰ মাজত প্ৰজনন ঘটাই খচ্চৰ (mule) নামৰ জীৱৰ সৃষ্টি কৰা হৈছে।

10. নিয়ন্ত্ৰিত প্ৰজনন (Controlled breeding) পদ্ধতিৰ সুবিধাসমূহ কি কি?

উত্তৰ: এই পদ্ধতিত কৃত্ৰিমভাৱে শুক্ৰকোষ (sperm) সংগ্ৰহ কৰি মাইকী প্ৰাণীৰ জনন নলীত প্ৰক্ষেপ কৰা হয়। ইয়াৰ সুবিধাসমূহ হ’ল –

(i) অতি শীতলীকৰণ প্ৰক্ৰিয়াৰ দ্বাৰা জননকোষ প্ৰয়োজন সাপেক্ষে সংগ্ৰহ কৰিব পাৰি।

(ii) মতা পশুৰ পৰা সংগ্ৰহ কৰা বীৰ্যৰ দ্বাৰা একাধিক মাইকী পশুৰ শৰীৰত কৃত্ৰিমভাৱে নিষেচন ঘটাব পাৰি।

(iii) মতা পশুৰ পৰা সংগ্ৰহ কৰা বীৰ্য অতি শীতলীকৰণ প্ৰক্ৰিয়াৰ সহায়ত বহু দূৰলৈ স্থানান্তৰিত কৰিব পাৰি।

11. বহুডিম্বক্ষৰণ ভ্ৰুণ সংস্থাপন প্ৰযুক্তি (Multiple ovulation embryo transfer, MOET) কি?

উত্তৰ: MOET এক প্ৰকাৰৰ নিয়ন্ত্ৰিত পদ্ধতি যাৰ দ্বাৰা মাইকী গৰুৰ দেহত FSH (থলী উদ্দীপক হৰমন) সুমুৱাই দি একাধিক ডিম্ব উৎপাদন কৰা হয়।

এই পদ্ধতিৰ দ্বাৰা বহু ডিম্ব উৎপাদন কৰিব পাৰি।

12. মৌ পালন (Bee keeping) কি? ইয়াৰ বাবে ব্যৱহাৰ কৰা মৌ প্ৰজাতিটোৰ বৈজ্ঞানিক নাম লিখা।

উত্তৰ: মৌ (Honey) আৰু ইয়াৰ পৰা উৎপদিত সামগ্ৰীৰ লাভাৰ্থে বাণিজ্যিক ভিত্তিত মৌ পোহপাল কৰাকে মৌ পালন বা এপিকালচাৰ (Apiculture) বোলে।

আমাৰ ভাৰতত বহুল ভাৱে ব্যৱহাৰ কৰা মৌ প্ৰজাতিটো হ’ল – Apis indica (এপিছ ইণ্ডিকা)।

13. মৌ পালনৰ মূল কাৰণ কি? ইয়াৰ বাবে কি কি সুবিধাৰ প্ৰয়োজন?

উত্তৰ: মৌ পালনৰ মূল কাৰণ হ’ল – মৌ আহৰণ, মৌ মম (Bee wax) আহৰণ। মৌ এবিধ ঔষধী গুণসম্পন্ন পুষ্টিকৰ খাদ্য। মৌ মমৰ পৰা বিভিন্ন প্ৰসাধন সামগ্ৰী (Cosmetics) প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয়।

ইয়াৰ বাবে তলত দিয়া কথাবোৰত গুৰুত্ব দিব লাগে।

(i) মৌ মাখিৰ স্বভাৱ আৰু বাসস্থান সম্পৰ্কে জ্ঞান থাকিব লাহে।

(ii) মৌ পালনৰ বাবে উপযুক্ত স্থান নিৰ্বাচন কৰা।

(iii) সময়ে সময়ে মৌ মাখিৰ স্বাস্থ্য পৰীক্ষা কৰা।

(iv) পৰিবৰ্তিত পৰিস্থিতিত মৌ বাঁহৰ তদাৰক কৰা।

(v) সময়মতে মৌ আহৰণ কৰা।

14. মৎস্য পালন (Pisciculture) কি?

উত্তৰ: বাণিজ্যিক ভিত্তিত মাছ পোহ পাল কৰাকে মৎস্য পালন বোলে। এই পদ্ধতিৰে ৰৌ, বৰালি, কমন কাৰ্প, ইলিছ, বাটা আদি মাছ পালন কৰা হয়

15.

 

 

 

 

 

 

 

Get HS and HSLC final year question paper in pdf.

X