1. MATTER IN OUR SURROUNDINGS (আমাৰ চাৰিওকাষৰ বস্তুবোৰ)

অতি চুমু প্ৰশ্নোত্তৰ (Very short questions and answers)

1. পদাৰ্থ (Matter) কি?

উত্তৰ: বিশ্বব্ৰহ্মাণ্ডৰ সকলোবোৰ উপাদান বা বস্তু যাৰ দ্বাৰা গঠিত তাক বিজ্ঞানীসকলে পদাৰ্থ বুলি অভিহিত কৰিছে। যেনে – বায়ু, পানী, আকাশৰ মেঘ,  গছ, তৰা, শিলগুটি ইত্যাদিবোৰ হ’ল পদাৰ্থ।

2. ভৰৰ (Mass) SI একক কি?

উত্তৰ: কিলোগ্ৰাম (Kg)।

3. তলৰ কোনবোৰ পদাৰ্থ?                                       চকী, বায়ু, প্ৰেম, গোন্ধ, ঘৃণা, বাদাম, চিন্তা, ঠাণ্ডা, ঠাণ্ডা পানীয়, সুগন্ধি দ্ৰব্যৰ সুবাস।

উত্তৰ: পদাৰ্থ: চকী, বায়ু, বাদাম, ঠাণ্ডা পানীয় ।

4. তলৰ পৰ্যবেক্ষণটোৰ কাৰণ দৰ্শোৱা।                     “উত্তপ্ত অৱস্থাত থকা বস্তুৰ গোন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায়। কিন্তু ঠাণ্ডা বস্তুৰ গোন্ধ পাবলৈ ওচৰলৈ যাব লাগে।”

উত্তৰ: পদাৰ্থ কণিকাবোৰ অনবৰতে গতি কৰি থাকে, ইয়াক পদাৰ্থ কণিকাৰ গতিশক্তি (Kinetic energy) বোলে। উষ্ণতা বৃদ্ধিৰ লগে লগে পদাৰ্থ কণিকাৰ গতিশক্তি বৃদ্ধি পায় বাবে পদাৰ্থ কণিকাসমূহ বহুদূৰলৈকে বিস্তৃত হৈ পৰা। কিন্তু ঠাণ্ডা বস্তুৰ কনিকাসমূহ বেছি দুৰ অতিক্ৰম নকৰে বাবে ইয়াৰ গোন্ধ পোৱা নাযায়।

5. এজন ডুবাৰুয়ে সাতুৰাৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে। পদাৰ্থৰ কি ধৰ্মৰ ভিত্তিত এইটো সম্ভৱ?

উত্তৰ: পানীৰ অণুবোৰৰ মাজত থকা আন্তঃআনৱিক বল কম বাবে ই সম্ভৱ।

6. পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্য বিলাক কি কি?

উত্তৰ: পদাৰ্থ কণিকাবোৰৰ বৈশিষ্ট্যবোৰ হ’ল-

১. পদাৰ্থ কণিকাসমূহৰ মাজত ব্যৱধান আছে।

২. পদাৰ্থ কণিকাসমূহ গতিশীল।

৩. পদাৰ্থ কণিকাসমূহৰ মাজত আকৰ্ষণ বল আছে।

7. পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ পৰিমাণকে ঘনত্ব (Density) বোলে। (ঘনত্ব = ভৰ/আয়তন)। তলৰ পদাৰ্থবোৰ ঘনত্বৰ উৰ্দ্ধক্ৰমত সজোৱা – বায়ু, চিমনিৰ পৰা ওলোৱা ধোঁৱা, মৌ, পানী, চকমাটি, কপাহ আৰু লো।

উত্তৰ: তলত উৰ্দ্ধক্ৰমত সজোৱা হ’ল –

বায়ু < চিমনিৰ পৰা ওলোৱা ধোঁৱা < কপাহ < পানী < মৌ < চকমাটি < লো।

8. (a) পদাৰ্থৰ বিভিন্ন অৱস্থাৰ বৈশিষ্ট্যবোৰৰ পাৰ্থক্য দেখুৱাই এখন তালিকা কৰা।

(b) তলৰ বিষয় বিলাকৰ ওপৰত মন্তব্য দিয়া –

দৃঢ়তা (rigidity), সংকোচনশীলতা (compressibility), প্ৰবাহীতা (fluidity), আকাৰ (shape), গতিশক্তি (kinetic energy) আৰু ঘনত্ব (density)।

উত্তৰ: (a)

(b)

 


Get HS and HSLC final year question paper in pdf.

X