1. Diversity in the living world ( জীৱজগতৰ বৈচিত্ৰতা )

  1. চুমু প্ৰশ্নোত্তৰ (১-২ নম্বৰ)

1. জীৱৰ বৈশিষ্ট্যসমূহ কি কি লিখা।

উত্তৰ: জীৱৰ বৈশিষ্ট্যসমূহ হ’ল –

১. সকলো জীৱৰ বৃদ্ধি আৰু বিকাশ (growth and development) হয়।

২. জীৱই প্ৰজনন (reproduction) কৰিব পাৰে

৩. সকলো জীৱই কোষেৰে (cell) গঠিত।

৪. জীৱৰ দেহত ৰেচন (excretion), শ্বসন (respiration), পৰিবহণ (transportation), বিপাক (metabolism) আদি জীৱন প্ৰক্ৰিয়াসমূহ অনবৰতে চলি থাকে।

2. নামকৰন (Nomenclature) কি?

উত্তৰ: নতুনকৈ চিনাক্তকৰণৰ পিছত প্ৰতিটো জীৱৰে এটা বিজ্ঞানসন্মত আৰু উমৈহতীয়া (scientific and unique) নাম দিয়া হয় যাৰ দ্বাৰা সকলোৱে জীৱনটোক চিনাক্ত কৰিব পাৰে। ইয়াকে নামকৰণ বোলে।

3. চিনাক্তকৰণ (Identification) কাক বোলে?

উত্তৰ: বিশেষ বৈশিষ্ট্যৰ সহায়ত কোনো নিৰ্দিষ্ট জীৱক শুদ্ধভাৱে বৰ্ণনা কৰি অন্যান্য জীৱৰ পৰা পৃথক কৰা পদ্ধতিক চিনাক্তকৰণ (Identification) বোলে।

4. ICBN কি ?

উত্তৰ: উদ্ভিদসমূহৰ নামকৰণৰ বাবে কিছুমান নীতি নিয়ম ধাৰ্য্য কৰা হৈছে যিবোৰ উদ্ভিতবিজ্ঞানৰ নামকৰণৰ নিয়মাৱলী বা ICBN ত উল্লেখ আছে।

5. ICBN ৰ সম্পূৰ্ণ নাম লিখা।

উত্তৰ: International Code of Botanical Nomenclature ।

6. ICZN কি ?

উত্তৰ: প্ৰাণীসমূহৰ নামকৰণৰ বাবে কিছুমান নীতি নিয়ম ধাৰ্য্য কৰা হৈছে যিবোৰ প্ৰাণীবিজ্ঞানৰ নামকৰণৰ নিয়মাৱলী বা ICZN ত উল্লেখ আছে।

7. ICZN ৰ সম্পূৰ্ণ নাম কি?

উত্তৰ: International Code of Zoological Nomenclature ।

8. দ্বিপদ নামকৰন (Binomial Nomenclature) কি?

উত্তৰ: প্ৰতিটো জীৱৰ নামকৰনত দুটা পদৰ ব্যৱহাৰ কৰা হয়, ইয়াৰে এটা হ’ল গণ (genus) আৰু আনটো প্ৰজাতি ( species)। এনেদৰে দুটা পদৰ সমন্বয়ত গঠিত নামকৰনক দ্বিপদ নামকৰন (Binomial Nomenclature) বোলে।

9. সৰ্বপ্ৰথমে দ্বিপদ নামকৰন (Binomial Nomenclature) পদ্ধতি কোনে প্ৰচলন কৰিছিল?

উত্তৰ: কেৰ’লাছ লিনিয়াছ (Carolus Linnaeus)।

10. বৰ্গীকৰণ (Classification) কাক বোলে?

উত্তৰ: চিনাক্তকৰণ আৰু নামকৰণৰ পিছত জীৱসমূহৰ পাৰস্পৰিক সম্বন্ধৰ কথা বিবেচনা কৰি নিৰ্দিষ্ট কোনো নীতি মানি জীৱসমূহক গোষ্ঠীভুক্ত কৰা বা কোনো গোষ্ঠীৰ জীৱক ক্ষুদ্ৰতম গোষ্ঠীত অন্তৰ্ভুক্ত কৰাকে বৰ্গীকৰণ বোলে।

11. টেক্সন (taxon, বহুবচনত টেক্সা অৰ texa) কাক বোলে? উদাহৰণ দিয়া।

উত্তৰ: জীৱসমূহৰ বৰ্গীকৰণত ব্যৱহাৰ কৰা প্ৰতিটো গোটক একো একোটা টেক্সন বোলে। উদাহৰণ – স্তন্যপায়ী, ঘেঁহু, ধান, উদ্ভিদ, প্ৰাণী।

12. চিষ্টেমা নেচাৰি (Systema Naturae) গ্ৰন্থৰ ৰচক কোন?

উত্তৰ: কেৰ’লাছ লিনিয়াচ।

13. হায়াৰাৰ্কি (heirarchy) কি?

উত্তৰ: বৰ্গীকৰণ প্ৰক্ৰিয়াত বিভিন্ন ধৰণৰ টেক্সন (taxon) বোৰ উচ্চস্তৰ (ৰাজ্য) ৰ পৰা নিন্ম স্তৰ (প্ৰজাতি) লৈ সজোৱা থাকে। বিভিন্ন স্তৰৰ গোটৰ পৰ্যায়সহ বৰ্গীকৰণৰ প্ৰণালীবদ্ধ কাঠামো (frameeork) ক হায়াৰাৰ্কি (heirarchy) বোলে।

14. বৰ্গীকৰণত ব্যৱহাৰ কৰা টেক্সন (taxon) সমূহ কি কি?

উত্তৰ: টেক্সন (taxon) সমূহ হ’ল – ৰাজ্য (Kingdom), পৰ্ব (Phylum) বা বিভাগ (Division), শ্ৰেণী (Class), বৰ্গ (Order), গোত্ৰ (Family), গণ (Genus) আৰু প্ৰজাতি (Species)।

15. বৰ্গীকৰণৰ ক্ষুদ্ৰতম একক কি?

উত্তৰ: প্ৰজাতি (Species)।

16. প্ৰজাতি কাক বোলে? প্ৰজাতিৰ বৈশিষ্ট্য লিখা।

উত্তৰ: পাৰস্পৰিক সাদৃশ্যযুক্ত জীৱগোষ্ঠীক প্ৰজাতি বোলে। প্ৰজাতিৰ বৈশিষ্ট্যবোৰ হ’ল-

১. একে প্ৰজাতিৰ জীৱসমূহৰ মাজত সাদৃশ্য আছে।

২. একে প্ৰজাতিৰ জীৱসমূহৰ মাজত অন্তঃপ্ৰজনন (Intrabreeding) হ’ব পাৰে।

17. বৰ্গীকৰণৰ আটাইতকৈ ডাঙৰ গোটটো কি?

উত্তৰ: ৰাজ্য (Kingdom)।

18. কেইটামান বিখ্যাত বটানিকেল গাৰ্ডেন (Botanical garden)ৰ নাম লিখা।

উত্তৰ: কিউ বটানিকেল গাৰ্ডেন ( ইংলেণ্ড), ইণ্ডিয়ান বটানিকেল গাৰ্ডেন ( হাওৰা), নেচনেল বটানিকেল ৰিচাৰ্ছ ইনষ্টটিউট (National Botanical Research Institute, Locknow) ইত্যাদি।

19. বৰ্গীকৰণৰ কী বা সঁচাৰ কাঠী (Taxonomic key) কাক বোলে?

উত্তৰ: সাদৃশ্য বা বৈসাদৃশ্যৰ ওপৰত ভিত্তি কৰি উদ্ভিদ আৰু প্ৰাণীৰ চিনাক্তকৰণত ব্যৱহাৰ কৰা বৰ্গীকৰণৰ আহিলাক “কী”( key) বোলে। এইবোৰৰ মূল ভিত্তি হ’ল এযোৰ বিপৰীতমুখী বৈশিষ্ট্য যাক কাপলেট (couplet) বোলে। দুটা বিপৰীত পছন্দৰ যিকোনো এটা বাছনি কৰোতে এই কী বিলাকে সহায় কৰে। ফলস্বৰূপে এটা বৈশিষ্ট গৃহীত হয় আৰু আনটো নাকচ হয়। কী এটাৰ প্ৰতিটো উক্তিক লীড (lead) বোলে।

প্ৰশ্নোত্তৰ (৩-৫ নম্বৰ)

20. দ্বিপদ নামকৰণ (Binomial nomenclature) কোনে সৰ্বপ্ৰথমে প্ৰচলন কৰিছিল? ইয়াৰ নিয়মসমূহ লিখা।

উত্তৰ: দ্বিপদ নামকৰণ (Binomial nomenclature) সৰ্বপ্ৰথমে কেৰলাছ লিনিয়াছ নামৰ বৈজ্ঞানিক এজনে প্ৰচলন কৰিছিল।

ইয়াৰ নিয়মসমূহ হ’ল-

(i) জীৱৰ বৈজ্ঞানিক নামসমূহ সাধাৰণতে লেটিন ভাষাত বা লেটিনৰূপী শব্দৰে লিখা হ’ব লাগিব। বৈজ্ঞানিক নাম ছপা আখৰত বেকাকৈ (italics) লিখিব লাগে।

(ii) বৈজ্ঞানিক নামৰ প্ৰথমটো শব্দ বা পদ হ’ল গণ (genus) আৰু দ্বিতীয় শব্দ বা পদটো হ’ল প্ৰজাতি (species)।

(iii) বৈজ্ঞানিক নাম যেতিয়া হাতেৰে লিখা হয় তেতিয়া গণ আৰু প্ৰজাতি দুয়োটা শব্দৰ তলতে একোডালকৈ আঁচ টানিব লাগে।

(iv) গণ বুজোৱা শব্দৰ প্ৰথম আখৰটো ইংৰাজী ডাঙৰ আখৰ (Capital letter) আৰু প্ৰজাতি বুজোৱা শব্দটোৰ প্ৰথম আখৰটো সৰু আখৰ (small letter) হ’ব লাগে। উদাহৰণস্বৰূপে আমৰ বৈজ্ঞানিক নাম Mangifera indica .

 

21. বৰ্গীকৰণৰ আহিলাসমূহ (Taxonomical Aids) কি কি লিখা।

উত্তৰ: বৰ্গীকৰণৰ আহিলাসমূহ হ’ল-

(i) হাৰ্বেৰিয়াম বা পাদপালয় (Herbarium): উদ্ভিদৰ নমুনাসমূহ সংগ্ৰহিত কৰি সেইবোৰক শুকুৱাই, চাপ প্ৰয়োগৰ দ্বাৰা চেপেটা কৰি বিশেষ ডাঠ কাগজ এখিলাত এঠা লগাই সেইবোৰ ভবিষ্যতৰ বাবে সংৰক্ষণ কৰা ভঁৰাল বা ঘৰক হাৰ্বেৰিয়াম বোলে। ইয়াত উদ্ভিদৰ নাম, বৈজ্ঞানিক নাম, শ্ৰেণীবিভাজন আদি লিপিবদ্ধ থাকে। ই বৰ্গীকৰণ অধ্যয়নৰ বাবে এক সুবিধাজনক ঠাই।

(ii) উদ্ভিদ উদ্যান (Botanical Garden): ইয়াত বিভিন্ন প্ৰজাতিৰ উদ্ভিদ সংগ্ৰহ কৰি জীৱিত অৱস্থাত ৰখা হয়। ইয়াত থকা উদ্ভিদ গছত নাম, বৈজ্ঞানিক নাম, শ্ৰেণীবিভাজন আদিৰ ফলক লগা থাকে। যেনে কিউ উদ্ভিদ উদ্যান, ইণ্ডিয়ান উদ্ভিদ উদ্যান ইত্যাদি।

(iii) সংগ্ৰহালয় (Museum): ইয়াত বিভিন্ন ধৰণৰ প্ৰাণীৰ নমুনাসমূহ সংৰক্ষণ কৰা হয়। নমুণাসমূহ শুকাই বিশেষ পাত্ৰত ৰখা হয়। পাত্ৰবোৰত প্ৰাণীৰ নাম, বৈজ্ঞানিক নাম আদি লিখা থাকে। নমুনাসমূহ পৰিৰক্ষক দ্ৰৱত (Preservative solution) ৰখা হয় যাতে নষ্ট নহয়।

(iv) চিৰিয়াখানা (Zoological Park): চিৰিয়াখানা এক বিশেষ ঠাই য’ত বন্যপ্ৰাণীসমূহক সুৰক্ষিত কৰি ৰখা হয়। ইয়াত জীৱ জন্তু সমূহক প্ৰাকৃতিক পৰিৱশত ৰখা হয়। ইয়াত বিভিন্ন ধৰণৰ প্ৰাণী আৰু উদ্ভিদ প্ৰজাতিসমূহ পোৱা যায়।

(v) কী (Key): সাদৃশ্য বা বৈসাদৃশ্যৰ ওপৰত ভিত্তি কৰি উদ্ভিদ আৰু প্ৰাণীৰ চিনাক্তকৰণত ব্যৱহাৰ কৰা বৰ্গীকৰণৰ আহিলাক “কী”( key) বোলে। এইবোৰৰ মূল ভিত্তি হ’ল এযোৰ বিপৰীতমুখী বৈশিষ্ট্য যাক কাপলেট (couplet) বোলে। দুটা বিপৰীত পছন্দৰ যিকোনো এটা বাছনি কৰোতে এই কী বিলাকে সহায় কৰে। ফলস্বৰূপে এটা বৈশিষ্ট গৃহীত হয় আৰু আনটো নাকচ হয়। কী এটাৰ প্ৰতিটো উক্তিক লীড (lead) বোলে।

22.

 

 

Get HS and HSLC final year question paper in pdf.

X