11. Biotechnology : principles and Processes (জীৱ প্ৰযুক্তিবিদ্যা : নীতি আৰু পদ্ধতি)

প্ৰশ্নোত্তৰ

 

1. জীৱ প্ৰযুক্তিবিদ্যা (Biotechnology) কাক বোলে?

উত্তৰ: জীৱবিজ্ঞানৰ তত্ত্বৰ (principles) ঔদ্যোগিক ব্যৱহাৰৰ যোগেদি মানৱ জাতিৰ কল্যাণৰ বাবে বিভিন্ন ধৰণৰ সামগ্ৰী প্ৰস্তুত কৰা পদ্ধতিক জীৱ প্ৰযুক্তিবিদ্যা (Biotechnology) বোলে।

2. ৰেষ্ট্ৰিকচন এণ্ডনিউক্লিয়েজ (Restriction endonucleas) কি? ইয়াৰ কাম কি?

উত্তৰ: ৰেষ্ট্ৰিকচন এণ্ডনিউক্লিয়েজ (Restriction endonucleas) হ’ল জিনীয় অভিযন্ত্ৰণত বহুল ভাৱে ব্যৱহাৰ কৰা এবিধ উৎসেচক।

ইয়াক DNA ৰ এক নিৰ্দিষ্ট অংশ কাটিবলৈ ব্যৱহাৰ কৰা হয়।

3. আণৱিক কেঁচি (Molecular scissors) কি?

উত্তৰ: ৰেষ্ট্ৰিকচন এণ্ডনিউক্লিয়েজ বা এক্স’নিউক্লিয়েছ (Restriction endonucleas or exonucleas) নামৰ উৎসেচকে DNA ৰ বিভিন্ন অংশ কটাত সহায় কৰে বাবে ইয়াক আণৱিক কেঁচি (Molecular scissors) বোলে।

4. DNA লাইগেছ কি? ইয়াৰ কাম কি?

উত্তৰ: DNA লাইগেছ হ’ল এক প্ৰকাৰৰ উৎসেচক যিয়ে DNA ৰ বিচ্ছিন্ন নিউক্লিয়টাইড ক্ৰম দুটা সংলগ্ন কৰিব পাৰে। আনুবংশিক অভিযন্ত্ৰণত ইয়াক ব্যৱহাৰ কৰা হয়।

5. ইলেক্ট্ৰ’ফৰেছিছ (Electrophoresis) কি? ইয়াৰ কাম কি? ই কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰ: ইলেক্ট্ৰ’ফৰেছিছ হ’ল এক পদ্ধতি য’ত বিদ্যুৎ সঞ্চালন শক্তি আৰু বিশেষ ধৰণৰ জেল (gel) ব্যৱহাৰ কৰি জৈৱ অণুসমূহ (DNA, RNA আৰু প্ৰটিন) পৃথক কৰা হয়।

ইয়াৰ কাম হ’ল – এই পদ্ধতিৰ দ্বাৰা DNA, RNA বা প্ৰটিনৰ টুকুৰাসমূহ পৃথক কৰা হয়।

ইলেক্ট্ৰ’ফৰেছিছত বাবঅহাৰ কৰা জেলৰ ওপৰত ভিত্তি কৰি ই তিনি প্ৰকাৰৰ –

(i) এগাৰজ জেল ইলেক্ট্ৰ’ফৰেছিছ (Agarose gel),

(ii) পলিএক্ৰিলেমাইড জেল ইলেক্ট্ৰ’ফৰেছিছ (Polyacrylamide gel) আৰু

(iii) ষ্টাৰ্চ জেল ইলেক্ট্ৰ’ফৰেছিছ (Starch gel)।

6.

 

 

 

 

 

 

 

 

Get HS and HSLC final year question paper in pdf.

X